ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w20 মাৰ্চ পৃষ্ঠা ৩০
  • আপুনি জানেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি জানেনে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • মিল থকা বিষয়
  • জল-প্লাৱনৰপৰা মিচৰ দেশৰপৰা মুক্তিলৈকে
    বাইবেলৰ কাহিনী
  • মিচৰত যাকোবৰ পৰিয়ালৰ প্ৰৱেশ
    বাইবেলৰ কাহিনী
  • এজন দুষ্ট ৰজাৰ শাসন
    বাইবেলৰ কাহিনী
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
w20 মাৰ্চ পৃষ্ঠা ৩০
মিচৰ দেশলৈ যোৱাৰ ৰাস্তাত যোচেফে মিদিয়নীয়া বণিকবোৰৰ লগত খোজ কাঢ়ি গৈ আছে।

আপুনি জানেনে?

ইস্ৰায়েলীসকলে মিচৰ দেশত দাসত্ব হৈ আছিল বুলি বাইবেলৰ বাহিৰে আন কʼৰবাত প্ৰমাণ আছেনে?

বাইবেলে উল্লেখ কৰিছে যে মিদিয়নীয়াবিলাকে যোচেফক মিচৰ দেশলৈ লৈ যোৱাৰ পাছত, কুলপিতৃ যাকোব আৰু তেওঁৰ পৰিয়ালে মিলি কনান দেশৰপৰা মিচৰ দেশলৈ গৈ তাতে বাস কৰিবলৈ লয়। তেওঁলোকে মিচৰ দেশৰ এখন গোচন নামৰ ঠাইত বাস কৰিবলৈ ধৰে আৰু সেই ঠাইখন নীল নদীৰ ওচৰে-পাঁজৰে আছিল। (আদি. ৪৭:১, ৬) ইয়াৰ পাছত যেতিয়া ইস্ৰায়েলীসকল “বাঢ়ি বাঢ়ি অতিশয় বলৱন্ত হল,” তেতিয়া মিচৰ দেশৰ লোকসকলে ইস্ৰায়েলীসকলক ভয় কৰিবলৈ ধৰিলে। সেইবাবে, তেওঁলোকে ইস্ৰায়েলীসকলক দাসত্বৰ কাম কৰালে।—যাত্ৰা. ১:৭-১৪.

বাইবেলৰ সমালোচনা কৰা কিছুমান লোকে এই বিৱৰণক ঠাট্টা কৰি কৈছিল যে এই সকলো এক কাল্পনিক কাহিনী। কিন্তু প্ৰাচীন সময়ত মিচৰ দেশত ছামীa জাতিৰ লোক সঁচাকৈ আছিল আৰু তেওঁলোকে দাসত্ব কৰিছিল বুলি এতিয়াও প্ৰমাণ আছে।

এটা প্ৰমাণ উত্তৰ মিচৰত পোৱা গৈছে। অনুসন্ধানকাৰীয়ে সেই এলেকাত অনুসন্ধান কৰোঁতে, প্ৰাচীন সময়ৰ বহুতো এলেকাত ধ্বংসাৱশেষ বিচাৰি পালে। ডা. জʼন বিমছনৰ তথ্যৰ মতে উত্তৰ মিচৰত ছামী লোকসকলে ২০ তকৈ বেছি এলেকাত বাস কৰাৰ প্ৰমাণ পোৱা গৈছে। ইয়াৰ উপৰিও, মিচৰৰ প্ৰাচীন ধ্বংসাৱশেষৰ বিষয়ে অধ্যনয় কৰা পণ্ডিত জেমছ কে. হʼফমিয়ৰে কৈছিল যে “খ্ৰীষ্টপূৰ্ব ১৮০০ পৰা ১৫৪০ সময়ছোৱাত পশ্চিম এচিয়াৰ [যʼত যাকোব আৰু তেওঁৰ পৰিয়ালে বাস কৰিছিল] বেছিভাগ ছামী লোকবিলাকে মিচৰ দেশত আহি তাতে বাস কৰিছিল।” সেই সময়ছোৱাৰ বিষয়ে এই পণ্ডিতজনে কৈছে, “অনুমান কৰা হৈছে যে তেওঁলোক অব্ৰাহাম, ইচহাক আৰু যাকোবৰ সময়ছোৱা আছিল, যাৰ বিষয়ে আদিপুস্তক কিতাপত উল্লেখ কৰা হৈছে। এয়া সেই সময়ছোৱাত আছিল, যেতিয়া তেওঁলোকে খোৱা-বোৱাৰ বস্তু বিচাৰি আৰু মেৰবোৰক চৰাবলৈ ঠাই বিচাৰি মিচৰলৈ আহিছিল।”

দক্ষিণ মিচৰতো কিছুমান প্ৰমাণ পোৱা গৈছে। খ্ৰীষ্টপূৰ্ব প্ৰায় ২,০০০-ৰপৰা খ্ৰীষ্টপূৰ্ব ১,৬০০ মাজৰ এখন হস্তলিপি পোৱা গৈছে আৰু তাত কিছুমান দাসৰ নাম লিখা আছিল। এই সকলো দাসে দক্ষিণ মিচৰৰ এটা ঘৰত কাম কৰিছিল। ইয়াৰ ভিতৰত ৪০ জনতকৈ বেছি দাসৰ নামৰপৰা বুজিব পাৰি যে তেওঁলোক ছামী জাতিৰ লোক আছিল। তেওঁলোক খোৱা-বোৱা ৰান্ধিছিল, কাপোৰ বৈছিল আৰু দিন হাজিৰা কৰিছিল। পণ্ডিত জেমছ কে. হʼফমিয়ৰে এইদৰে কৈছিল, “দক্ষিণ মিচৰৰ থীবেদ চহৰৰ এখন ঘৰত ৪০ জনতকৈ বেছি ছামীৰ লোকে কাম কৰিছিল। ইয়াৰপৰা আমি অনুমান কৰিব পাৰোঁ যে গোটেই মিচৰ দেশত কিছুমান ছামী জাতিৰ লোকে দাসত্ব হৈ আছিল। বিশেষকৈ নীল নদীৰ দ্বীপৰ আশে-পাশে থকা এলেকাত তেওঁলোকৰ সংখ্যা হয়তো বহুত আছিল।”

অনুসন্ধানকাৰী ডেবিড ৰʼলে লিখিছিল যে ইয়াৰে ভিতৰৰ কিছুমান দাসৰ নাম “বাইবেলত উল্লেখ কৰা নামৰ লগত সম্পূৰ্ণ মিল আছিল।” উদাহৰণস্বৰূপে, ওপৰত উল্লেখ কৰা হস্তলিপিত ইচাখৰ, আচেৰ আৰু চিফ্ৰাৰ নামৰ লগত মিল থকা কিছুমান নাম লিখা আছে। (যাত্ৰা. ১:৩, ৪, ১৫) ৰʼলৰ মতে, “ইয়ে প্ৰমাণ কৰে যে সেইসময়ত ইস্ৰায়েলীসকলে মিচৰ দেশত দাসত্ব হৈ আছিল।”

ডা. বিমছনে এইদৰে কৈছিল, “পুৰাতত্বৰপৰা এই কথাৰ স্পষ্টৰূপে প্ৰমাণ পোৱা যায় যে ইস্ৰায়েলীসকলে মিচৰ দেশত দাসত্ব হৈ আছিল আৰু পাছত তাৰপৰা ওলাই আহিছিল বুলি বাইবেলত যি লিখা আছে, সেয়া একেবাৰে সঠিক হয়।”

a ছামী জাতিৰ লোকসকল নোহৰ পুত্ৰ হেমৰ বংশৰ আছিল। তেওঁৰ বংশত হয়তো এলম, অচূৰীয়া, প্ৰাচীনৰ কলদীয়া, ইব্ৰী, অৰামীয়া আৰু আৰবীয়া বহুতো জাতি জড়িত আছিল।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক