ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt পৃষ্ঠা ৫৯৯-৬০৩
  • ক৩ আমি বাইবেলখন কেনেকৈ পালোঁ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ক৩ আমি বাইবেলখন কেনেকৈ পালোঁ
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰৰ বাক্যৰ নকল প্ৰস্তুত কৰা লোকসকলে ইয়াক সুৰক্ষিত কৰি ৰাখিলে
  • অনুবাদ কৰিবলৈ কোনখন হিব্ৰু আৰু গ্ৰীক পাঠ ব্যৱহাৰ কৰা উচিত?
  • বাইবেলৰ বাৰ্তাত সাল-সলনি কৰা হৈছেনে?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
ক৩ আমি বাইবেলখন কেনেকৈ পালোঁ

ক৩

আমি বাইবেলখন কেনেকৈ পালোঁ

বাইবেল ঈশ্বৰৰ ফালৰ পৰা হয় আৰু তেৱেঁই ইয়াক লিখালে আৰু আজিলৈকে সুৰক্ষিত কৰি ৰাখিছে। তেওঁ বাইবেলত এই কথা লিখাইছে:

“যিহোৱাৰ বাক্য সদায় কাললৈকে থাকে।”—১ পিতৰ ১:২৫.

এই পদটো একেবাৰে সঁচা। যদিও বৰ্তমান সময়ত হিব্ৰু, অৰামী আৰু গ্ৰীক শাস্ত্ৰৰa আৰম্ভণিৰ কোনো হস্তলিপি নাই, তথাপি আমি সম্পূৰ্ণ ভৰসা ৰাখিব পাৰোঁ যে আজি আমাৰ ওচৰত যি বাইবেল আছে, তাত সেই কথাবোৰেই লিখা আছে, যি আৰম্ভণিত ঈশ্বৰে নিজৰ প্ৰেৰণাৰে লিখাইছিল।

ঈশ্বৰৰ বাক্যৰ নকল প্ৰস্তুত কৰা লোকসকলে ইয়াক সুৰক্ষিত কৰি ৰাখিলে

আহক প্ৰথমে হিব্ৰু শাস্ত্ৰৰ বিষয়ে চাওঁ। ইয়াত আজিও সেই একেই বাৰ্তা পোৱা যায়, যি আৰম্ভণিত লিখা হৈছিল। ইয়াৰ এটা কাৰণ হৈছে যে প্ৰাচীন সময়ত শাস্ত্ৰৰ নকল প্ৰস্তুত কৰিবলৈ ঈশ্বৰে এটা নিয়ম স্থাপন কৰিছিল।b উদাহৰণস্বৰূপে, যিহোৱাই ইস্ৰায়েলৰ সকলো ৰজাক নিজৰ কাৰণে নিয়মৰ কিতাপৰ এটা নকল তৈয়াৰ কৰিবলৈ আদেশ দিছিল। (দ্বিতীয় বিবৰণ ১৭:১৮) ইয়াৰ উপৰিও, নিয়মৰ কিতাপ ভালদৰে ৰখা আৰু লোকসকলক শিকোৱাৰ দায়িত্ব ঈশ্বৰে লেবীসকলক দিছিল। (দ্বিতীয় বিবৰণ ৩১:২৬; নহিমিয়া ৮:৭) যিহূদীসকলক বাবিলত বন্দী কৰি লৈ যোৱাৰ পাছত নকল প্ৰস্তুত কৰা বা নিয়ম শিকোৱা লোকসকলৰ এটা সমূহ হʼল (যিসকলক চুফেৰিম বুলি কোৱা হয়), যিসকলে শাস্ত্ৰৰ নকল প্ৰস্তুত কৰিছিল। (ইজ্ৰা ৭:৬, ফুটনোট) সময় পাৰ হোৱাৰ লগে লগে সেই নিয়ম শিকোৱা লোকসকলে হিব্ৰু শাস্ত্ৰৰ ৩৯ খন কিতাপৰ বহুতো নকল প্ৰস্তুত কৰিলে।

বহু শতিকালৈকে নিয়ম শিকোৱা লোকসকলে বহুত সাৱধানেৰে এই কিতাপবোৰৰ নকল প্ৰস্তুত কৰিছিল। তাৰ পাছত মধ্য যুগত (প্ৰায় ৫০০-১৫০০ খ্ৰীষ্টাব্দত) যিহূদী নিয়ম শিকোৱা লোকসকলৰ আৰু এটা সমূহে এই পৰম্পৰাক বজাই ৰাখিছিল, যিসকলক মাচʼৰা নিয়ম শিকোৱা লোক বুলি কোৱা হৈছিল। হিব্ৰু শাস্ত্ৰৰ যি হস্তলিপিবোৰ আজি উপলব্ধ আছে, সেইবোৰৰ ভিতৰত আটাইতকৈ পুৰণি হস্তলিপিবোৰক লেনিনগ্ৰাড কʼডেক্স বুলি কোৱা হয়। গোটেই হিব্ৰু শাস্ত্ৰৰ এই হস্তলিপিবোৰক মাচʼৰা নিয়ম শিকোৱা লোকসকলে প্ৰস্তুত কৰিছিল আৰু এইবোৰ ১০০৮/১০০৯ খ্ৰীষ্টাব্দৰ হয়। কিন্তু ১৯৫০ চনৰ ওচৰৰ বছৰবোৰত মৃত সাগৰৰ ওচৰত কিছুমান নুৰা পোৱা গʼল, যʼত বাইবেলৰ প্ৰায় ২২০ টা হস্তলিপি আৰু তাৰ কিছুমান টুকুৰা আছিল। এই হস্তলিপিবোৰ লেনিনগ্ৰাড কʼডেক্সৰ পৰা ১,০০০ বছৰতকৈ বেছি পুৰণি হয়। যেতিয়া মৃত সাগৰৰ ওচৰত পোৱা নুৰাবোৰ লেনিনগ্ৰাড কʼডেক্সৰ লগত তুলনা কৰা হʼল, তেতিয়া এটা গুৰুত্বপূৰ্ণ কথা গʼম পোৱা গʼল। সেয়া হৈছে মৃত সাগৰৰ ওচৰত পোৱা নুৰাবোৰ আৰু লেনিনগ্ৰাড কʼডেক্সৰ শব্দবোৰৰ মাজত যদিও অলপ পাৰ্থক্য আছে, তথাপিও দুয়োটাই একেই তথ্য দিয়ে।

খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ ২৭ খন কিতাপৰ বিষয়েনো কি? এই কিতাপবোৰ যীচু খ্ৰীষ্টৰ কিছুমান পাঁচনি আৰু আৰম্ভণিৰ কিছুমান শিষ্যসকলে লিখিছিল। যিহূদী নিয়ম শিকোৱা লোকসকলৰ দৰে আৰম্ভণিৰ খ্ৰীষ্টানসকলেও এই কিতাপবোৰৰ নকল প্ৰস্তুত কৰিছিল। (কলচীয়া ৪:১৬) ৰোমান সম্ৰাট ডিঅʼক্লেটিয়ান আৰু আন লোকসকলে আৰম্ভণিৰ খ্ৰীষ্টানসকলৰ সকলো হস্তলিপি নষ্ট কৰিবলৈ চেষ্টা কৰিছিল, তথাপিও হাজাৰ হাজাৰ হস্তলিপি আৰু তাৰ টুকুৰাবোৰ আজিও উপলব্ধ আছে।

খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰ আন ভাষাবোৰতো অনুবাদ কৰা হৈছিল। আৰম্ভণিত যি প্ৰাচীন ভাষাবোৰত বাইবেল অনুবাদ কৰা হৈছিল, সেইবোৰৰ ভিতৰত কিছুমান হৈছে, আৰ্মেনীয়, কপ্টিক, ইথিঅʼপিক, জৰ্জিয়, লেটিন আৰু চিৰিয়াক।

অনুবাদ কৰিবলৈ কোনখন হিব্ৰু আৰু গ্ৰীক পাঠ ব্যৱহাৰ কৰা উচিত?

বাইবেলৰ পুৰণি হস্তলিপিবোৰৰ যি নকল প্ৰস্তুত কৰা হৈছিল, সেইবোৰত এনেধৰণৰ শব্দ ব্যৱহাৰ কৰা হোৱা নাই। তেনেহʼলে আমি কেনেকৈ জানিব পাৰোঁ যে আৰম্ভণিত যেতিয়া বাইবেলৰ কিতাপ লিখা হৈছিল, তেতিয়া তাত কি তথ্য আছিল?

এই প্ৰশ্নৰ উত্তৰ জানিবলৈ এটা উদাহৰণলৈ মন কৰক। এজন শিক্ষকে অমুক কিতাপৰ এটা অধ্যায় আক্ষৰিকভাৱে লিখিবলৈ ১০০ জন বিদ্যাৰ্থীক কয়। পাছলৈ যদি সেই কিতাপখন হেৰাই যায়, তেতিয়াও সেই ১০০ জন বিদ্যাৰ্থীয়ে যি নকল প্ৰস্তুত কৰিছে, সেইবোৰ তুলনা কৰি জানিব পৰা যাব যে কিতাপৰ সেই অধ্যায়ত প্ৰকৃততে কি লিখা আছিল। বিদ্যাৰ্থীসকলে নকল প্ৰস্তুত কৰাৰ সময়ত কিবা নহয় কিবা ভুল কৰিব, কিন্তু সকলো বিদ্যাৰ্থীয়ে নিশ্চয় একেধৰণৰ ভুল নকৰিব। ঠিক সেইদৰে, বাইবেলৰ কিতাপবোৰৰ যি হাজাৰ হাজাৰ হস্তলিপি আৰু তাৰ টুকুৰা আজি উপলব্ধ আছে, সেইবোৰ তুলনা কৰিলে বিদ্বানসকলে জানিব পাৰিব যে সেই নকলবোৰ প্ৰস্তুত কৰাৰ সময়ত কি কি ভুল হৈছিল আৰু মূল পাঠত প্ৰকৃততে কি লিখা আছিল।

“আমি নিশ্চিতভাৱে কʼব পাৰোঁ যে এনে কোনো প্ৰাচীন কিতাপ নাই, যি কোনো সাল-সলনি নকৰাকৈ আমি পাইছোঁ”

মূল পাঠৰ বাইবেলত যি তথ্য দিয়া হৈছিল, আজিও আমি ঠিক সেই তথ্যই পাইছোঁ বুলি বিশ্বাস কৰিব পাৰোঁ নে? হিব্ৰু শাস্ত্ৰৰ পাঠৰ বিষয়ে বিদ্বান বিলিয়ম এইচ. গ্ৰীনে কʼলে, “আমি নিশ্চিতভাৱে কʼব পাৰোঁ যে এনে কোনো প্ৰাচীন কিতাপ নাই, যি কোনো সাল-সলনি নকৰাকৈ আমি পাইছোঁ।” খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰ, যাক প্ৰায়েই নতুন নিয়ম বুলি কোৱা হয়, তাৰ বিষয়ে বাইবেলৰ বিদ্বান এফ. এফ. ব্ৰুছে এইদৰে কৈছে, “প্ৰাচীন সময়ৰ বিখ্যাত লেখকসকলৰ এনে বহুতো ৰচনা আছে, যিবোৰৰ সত্যতাৰ ওপৰত প্ৰশ্ন তোলাৰ বিষয়ে কোনেও সপোনতো ভাবিব নোৱাৰে, কিন্তু সেই ৰচনাবোৰৰ তুলনাত আমাৰ নতুন নিয়ম বহুগুণে সত্য বুলি যথেষ্ট প্ৰমাণ আছে।” তেওঁ এয়াও কʼলে, “নতুন নিয়মৰ কিতাপবোৰ ধৰ্মীয় কিতাপ নোহোৱা হʼলে কোনেও তাৰ সত্যতাৰ ওপৰত প্ৰশ্ন নুতুলিলেহেঁতেন।”

মৃত সাগৰৰ ওচৰত পোৱা নুৰাত হিব্ৰু পাঠ

মৃত সাগৰৰ ওচৰত পোৱা নুৰাত যিচয়াৰ ৪০ অধ্যায় (খ্ৰীষ্টপূৰ্ব ১২৫-১০০)

যেতিয়া এই নুৰাবোৰক প্ৰায় ১,০০০ বছৰ পুৰণি হিব্ৰু হস্তলিপিৰ লগত তুলনা কৰা হৈছিল, তেতিয়া সেইবোৰৰ মাজত খুব কম পাৰ্থক্য পোৱা গʼল আৰু সেয়া বেছিভাগ কেৱল বানানতহে আছিল

এলীপʼ কʼডেক্সত হিব্ৰু পাঠ

এলীপʼ কʼডেক্সত যিচয়াৰ ৪০ অধ্যায়। এয়া প্ৰায় ৯৩০ খ্ৰীষ্টাব্দৰ এখন বিখ্যাত হিব্ৰু হস্তলিপি হয়, যাক মাচʼৰা নিয়ম শিকোৱা লোকে প্ৰস্তুত কৰিছিল

হিব্ৰু পাঠ: ইংৰাজীত হিব্ৰু শাস্ত্ৰৰ নতুন জগত অনুবাদ (১৯৫৩-১৯৬০) প্ৰস্তুত কৰিবলৈ ৰুডল্ফ কিটলৰ বিব্লিয়া হেব্ৰাইকা পাঠ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পাছৰ বছৰবোৰত হিব্ৰু পাঠৰ নতুন সংস্কৰণ প্ৰস্তুত কৰা হʼল, যাক বিব্লিয়া হেব্ৰাইকা ষ্টুটগাৰ্টনচিয়া আৰু বিব্লিয়া হেব্ৰাইকা কিণ্টা বুলি কোৱা হয়। ইয়াত সেই তথ্যবোৰ জড়িত কৰা হʼল, যিবোৰ মৃত সাগৰৰ ওচৰত পোৱা নুৰা আৰু প্ৰাচীন হস্তলিপিবোৰ অধ্যয়ন কৰি পোৱা গৈছিল। এই সংস্কৰণবোৰত লেলিনগ্ৰাড কʼডেক্সক মূল পাঠত দিয়া হʼল। লগতে ইয়াৰ ফুটনোটত আন হস্তলিপিবোৰত পোৱা তথ্যবোৰ দিয়া হʼল, যেনে চমৰীয়া পঞ্চগ্ৰন্থ, মৃত সাগৰৰ ওচৰত পোৱা নুৰা, গ্ৰীক চেপ্টুআজেণ্ট, অৰামী টাৰগম, লেটিন ৱলগেট, চিৰিয়াক পেশ্বিটা। ইংৰাজীত নতুন জগত অনুবাদত নতুন সংস্কৰণ প্ৰস্তুত কৰাৰ সময়ত বিব্লিয়া হেব্ৰাইকা ষ্টুটগাৰ্টনচিয়া আৰু বিব্লিয়া হেব্ৰাইকা কিণ্টাৰ সহায় লোৱা হৈছিল।

গ্ৰীক পাঠ: ১৯ শতিকাৰ শেষত বিদ্বান বি. এফ. ৱেষ্টকʼট আৰু এফ. জে. এ. হʼৰ্টে সেই সময়ত উপলব্ধ থকা বাইবেলৰ হস্তলিপি আৰু তাৰ টুকুৰাবোৰ তুলনা কৰি গ্ৰীক শাস্ত্ৰৰ এটা মূল পাঠ প্ৰস্তুত কৰে। তেওঁলোকৰ মতে এই পাঠ মূল হস্তলিপিবোৰৰ লগত প্ৰায়েই মিল খায়। ১৯৫০ চনৰ ওচৰৰ বছৰবোৰত ‘নতুন জগত অনুবাদ বাইবেল সমিতিয়ে’ ৱেষ্টকʼট আৰু হʼৰ্টৰ এই মূল পাঠৰ আধাৰত গ্ৰীক শাস্ত্ৰৰ এটা অনুবাদ প্ৰস্তুত কৰিছিল। লগতে সমিতিয়ে কিছুমান পুৰণি পাপাইৰাছৰো সহায় লৈছিল। এই পাপাইৰাছ হস্তিলিপিবোৰ হয়তো দ্বিতীয় আৰু তৃতীয় শতিকাৰ খ্ৰীষ্টাব্দৰ হয়। ইয়াৰ পাছৰ বছৰবোৰত আৰু বহুতো পাপাইৰাছ হস্তলিপিও পোৱা গʼল। ইয়াৰ উপৰিও, নেচলে আৰু আলাণ্ড আৰু ‘ইউনাইটেড বাইবেল চছাইটি’য়েও নিজৰ মূল পাঠ প্ৰস্তুত কৰিলে, যʼত বিদ্বানসকলৰ অনুসন্ধানত পোৱা সকলোতকৈ শেহতীয়া তথ্য দিয়া হৈছে। এই অনুসন্ধানৰ কিছুমান তথ্য নতুন জগত অনুবাদৰ নতুন ইংৰাজী সংস্কৰণত জড়িত কৰা হৈছে।

এই সকলো মূল পাঠ চালে স্পষ্ট হয় যে খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰৰ পুৰণি অনুবাদত (যেনে, কিং জেমছ ভাৰচন) দিয়া কিছুমান পদ আচলতে ঈশ্বৰৰ প্ৰেৰণাৰে লিখা শাস্ত্ৰত কেতিয়াও নাছিল। কিন্তু পাছত নিয়ম শিকোৱা লোকসকলে নকল প্ৰস্তুত কৰাৰ সময়ত সেইবোৰ নিজৰ ফালৰ পৰা জড়িত কৰি দিছিল। বৰ্তমান সময়ত বহুতো বাইবেলত এই পদবোৰৰ অনুবাদ কৰা হোৱা নাই, কিন্তু বাকী পদবোৰৰ সংখ্যা সেই ক্ৰমৰ অনুসৰি ৰখা হৈছে, যি ১৬ শতিকাত ৰখা হৈছিল। সেই পদবোৰ হৈছে মথি ১৭:২১; ১৮:১১; ২৩:১৪; মাৰ্ক ৭:১৬; ৯:​৪৪, ৪৬; ১১:২৬; ১৫:২৮; লূক ১৭:৩৬; ২৩:১৭; যোহন ৫:৪; পাঁচনিৰ কৰ্ম্ম ৮:৩৭; ১৫:৩৪; ২৪:৭; ২৮:২৯ আৰু ৰোমীয়া ১৬:২৪. এই বাইবেলত এই পদবোৰ আঁতৰাই দিয়া হৈছে আৰু সেই ঠাইত ফুটনোট দিয়া হৈছে।

এয়া সঁচা যে মাৰ্ক ১৬ অধ্যায়ত (পদ ৯-২০) দিয়া দীঘল আৰু চুটি সমাপ্তি আৰু যোহন ৭:৫৩–৮:১১ পদবোৰ মূল হস্তলিপিত নাছিল। সেইবাবে, নিজৰ ফালৰ পৰা লিখা পদবোৰ এই বাইবেলত অনুবাদ কৰা হোৱা নাই।

বেছিভাগ বিদ্বানৰ মতে কিছুমান পদবোৰ অমুক উপায়েৰে লিখা উচিত যাতে সেয়া মূল পাঠৰ লগত সম্পূৰ্ণৰূপে মিল খায়। সেইবাবে, এই বাইবেলত সেই পদবোৰ মূল পাঠৰ অনুসৰি শুধৰণি কৰা হৈছে। উদাহৰণস্বৰূপে, কিছুমান হস্তলিপিৰ অনুসৰি মথি ৭:১৩ পদটো এইদৰে লিখা উচিত: “ঠেক দুৱাৰেদি সোমোৱা, কিয়নো যি দুৱাৰে আৰু যি বাটে সৰ্বনাশলৈ নিয়ে, সেই দুৱাৰ বহল, বাটো সহজ আৰু সেই ফালেদি সোমোৱা লোকসকলৰ সংখ্যাও বহুত।” ইংৰাজী নতুন জগত অনুবাদত আগৰ সংস্কৰণত “যি দুৱাৰে” শব্দটো জড়িত কৰা হোৱা নাছিল, কিন্তু নতুন সংস্কৰণত এয়া জড়িত কৰা হʼল। এইদৰে আৰু বহুতো শুধৰণি কৰা হʼল, কিন্তু এই শুধৰণি সৰু-সুৰা শব্দক লৈহে আছিল আৰু ইয়াৰ পৰা ঈশ্বৰৰ বাক্যৰ মুখ্য বাৰ্তা সলনি নহয়।

পাপাইৰাছ হস্তিলিপি

প্ৰায় ২০০ খ্ৰীষ্টাব্দৰ এখন পাপাইৰাছ হস্তিলিপি, যʼত ২ কৰিন্থীয়া ৪:১৩–৫:৪ লিখা আছে

a আগৰ অনুচ্ছেদবোৰত ইয়াক হিব্ৰু শাস্ত্ৰ বুলিহে কোৱা হৈছে।

b হস্তলিপিবোৰৰ নকল তৈয়াৰ কৰাৰ এটা কাৰণ আছিল যে আৰম্ভণিৰ হস্তলিপিবোৰ এনে বস্তুৰে তৈয়াৰ কৰা হৈছিল, যি সহজে নষ্ট হৈ গৈছিল।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক