কাহিনী ৪৭
ইস্ৰায়েলৰ মাজত এজন চোৰ
মানুহজনে নিজৰ তম্বুৰ তলত কি পুতিছে তালৈ লক্ষ্য কৰাচোন। এটা ধুনীয়া চোলা, এচটা সোণ আৰু কেইটামান ৰূপৰ মুদ্ৰা। এই বস্তুবোৰ তেওঁ যিৰীহো নগৰৰপৰা লৈ আনিছে। তোমালোকৰ মনত আছেনে যে যিৰীহো নগৰৰ বস্তুবোৰক কি কৰাৰ প্ৰয়োজন আছিল?
যিৰীহো নগৰৰ বস্তুবোৰ ধ্বংস কৰিবলৈ ঈশ্বৰে আদেশ দিছিল। কিন্তু সোণ, ৰূপ আৰু মূল্যৱান বস্তুবোৰ হʼলে যিহোৱাৰ ভঁৰালত জমা কৰাৰ প্ৰয়োজন আছিল। এই লোকসকলে ঈশ্বৰে দিয়া আদেশলৈ কাণসাৰ নিদিলে। তেওঁলোকে ঈশ্বৰৰ বস্তুবোৰ চুৰ কৰিলে। মানুহজনৰ নাম হৈছে আখান আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে এই কাৰ্য্যত তেওঁক সহযোগ কৰিলে। ইয়াৰ পাছত কি হʼল, আহাঁ আমি তালৈ ধ্যান দিওঁ।
এই ঘটনাৰ পাছত, যিহোচূৱাই কিছুমান লোকক অয় নামৰ নগৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পঠালে। কিন্তু যুদ্ধত ইস্ৰায়েলীসকলৰ পৰাজয় হয়। যুদ্ধত কিছুমান লোকৰ মৃত্যু হʼল আৰু কিছুমান তাৰপৰা পলাল। ইয়াৰ বাবে যিহোচূৱাৰ বৰ বেজাৰ লাগিল। তেওঁ মাটিত মূৰ দোঁৱাই যিহোৱালৈ প্ৰাৰ্থনা কৰিলে: ‘হে প্ৰভু যিহোৱা, তুমি আমাক কিয় ত্যাগ কৰিলা?’
যিহোৱাই উত্তৰ দিলে: ‘উঠা। ইস্ৰায়েলে পাপ কৰিলে। যি বস্তুবোৰ ধ্বংস কৰা বা যিহোৱাৰ ভঁৰালত ৰখাৰ প্ৰয়োজন আছিল, সেই বস্তুবোৰৰপৰা তেওঁলোকে চুৰ কৰিলে। তেওঁলোকে এটা সুন্দৰ চোলা চুৰ কৰি লুকুৱাই ৰাখিলে। তোমালোকে সেই বৰ্জিত বস্তু আৰু যি লোকসকলে এইবোৰ চুৰ কৰিলে, তেওঁলোকক তোমালোকৰ মাজৰপৰা দূৰ নকৰালৈকে মই তোমালোকক আশীৰ্ব্বাদ নকৰিম।’ সেই চোৰ কোন হয়, তাক যিহোচূৱাক জনাব বুলি যিহোৱাই কʼলে।
ঈশ্বৰৰ আজ্ঞা অনুসৰি যিহোচূৱাই সকলো লোকক একগোট কৰিলে। তেওঁলোকৰ ভিতৰত আখান নামৰ মানুহজন যে চোৰ হয়, তাক যিহোৱাই যিহোচূৱাক জনালে। তেতিয়া আখানে কʼলে: ‘সঁচাকৈ মই পাপ কৰিলো। এটা ধুনীয়া চোলা, এচটা সোণ আৰু কেইটামান ৰূপৰ মুদ্ৰা দেখি লোভতে মই সেইবোৰ লʼলো। চোৱা, সেইবোৰ মোৰ তম্বুৰ ভিতৰত পোতা আছে।’
আখানৰ তম্বুৰপৰা সেই বস্তুবোৰ যিহোচূৱাৰ ওচৰলৈ অনা হʼল। যিহোচূৱাই আখানক কʼলে: ‘তুমি আমাক কিয় বিপদত পেলালা? আজি যিহোৱাই তোমাকো বিপদত পেলাব।’ তেতিয়া ইস্ৰায়েলৰ লোকসকলে আখান আৰু তাৰ পৰিয়ালৰ লোকসকলক শিল দলিয়াই বধ কৰিলে। এই ঘটনাৰপৰা আমি কি শিকোঁ বাৰু? আমি কেতিয়াও আনৰ বস্তু লোৱা উচিত নহয়।
ইয়াৰ পাছত ইস্ৰায়েলীসকলে আকৌ অয় নামৰ নগৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গʼল। এইবাৰ যিহোৱাই তেওঁৰ লোকসকলক সহায় কৰিলে আৰু ইস্ৰায়েলীসকলে এই যুদ্ধত জয়ী হʼল।
যিহোচূৱা ৭:১-২৬; ৮:১-২৯.