ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৫৬
  • ইস্ৰায়েলৰ প্ৰথম ৰজা—চৌল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ইস্ৰায়েলৰ প্ৰথম ৰজা—চৌল
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • ইস্ৰায়েলৰ প্ৰথম ৰজা
    বাইবেলৰ পৰা শিকোঁ আহা
  • প্ৰথম চমূৱেল কিতাপৰ আলোকপাত
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যীচুৱে চৌলক বাছনি কৰিলে
    বাইবেলৰ পৰা শিকোঁ আহা
  • দায়ূদ আৰু চৌল
    বাইবেলৰ পৰা শিকোঁ আহা
আৰু চাওক
বাইবেলৰ কাহিনী
my কাহিনী ৫৬
ভাববাদী চমূৱেলে অভিষেক কৰাৰ বাবে ব্যৱহাৰ কৰা তেল চলৰ মূৰত ঢালিছ

কাহিনী ৫৬

ইস্ৰায়েলৰ প্ৰথম ৰজা—চৌল

ছবিখনলৈ লক্ষ্য কৰাচোন। ভাববাদী চমূৱেলে কেনেকৈ এজন ব্যক্তিৰ মূৰত তেল ঢালিছে। কোনো ব্যক্তিৰ মূৰত এনেকৈ তেল ঢলাৰ অৰ্থ হৈছে, তেওঁক ৰজা হিচাপে নিৰ্ব্বাচন কৰা। চৌলৰ মূৰত তেল ঢালিবলৈ যিহোৱা ঈশ্বৰে চমূৱেলক কৈছিল। এই তেল এক বিশেষ সুগন্ধিযুক্ত তেল হয়।

চৌলে এনে এক পদৰ বাবে নিজকে যোগ্য বুলি ভবা নাছিল। তেওঁ চমূৱেলক কʼলে: ‘ইস্ৰায়েলৰ সকলোতকৈ সৰু ফৈদ বিন্যামীনৰ মানুহ মই নহওঁনে? তেনেহʼলে মই ৰজা হʼম বুলি আপুনি কিয় কৈছে?’ চৌল এজন নম্ৰ স্বভাৱৰ ব্যক্তি আছিল। সেইবাবে যিহোৱাই চৌলক পছন্দ কৰিছিল আৰু তেওঁক ৰজা হিচাপে নিৰ্ব্বাচন কৰিছিল।

চৌল কোনো দুখীয়া পৰিয়ালৰ নাছিল। তেওঁ এক ধনী পৰিয়ালৰ লোক আৰু দেখিবলৈ বৰ সুন্দৰ। ইস্ৰায়েলত থকা আন সকলো লোকতকৈ তেওঁ এফুটমান ওখ আছিল। তেওঁ বেগেৰে দৌৰিব পাৰিছিল আৰু শাৰীৰিকভাৱে বলৱান আছিল। যিহোৱাই চৌলক ৰজা হিচাপে নিৰ্ব্বাচন কৰাৰ বাবে ইস্ৰায়েলীসকলে আনন্দতে জয়ধ্বনি কৰিছিল: “ৰজা চিৰজীৱী হওক।”

ইস্ৰায়েলৰ চাৰিওফালে থকা শত্ৰুবিলাক এতিয়াও শক্তিশালী আছিল। তেওঁলোকে ইস্ৰায়েলী লোকসকলক সদায় অত্যাচাৰ কৰিছিল। চৌল ৰজা হোৱাৰ অলপ সময়ৰ পাছতে, অম্মোনীয়াবিলাকে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল। চৌলে তেওঁলোকক বাধা দিবলৈ এক বিশাল সৈন্যবাহিনী গোটালে। অম্মোনীয়াবিলাকৰ লগত হোৱা এই যুদ্ধত চৌলে জয়লাভ কৰিলে। এনে এজন ৰজা পোৱাৰ বাবে লোকসকলে আনন্দিত হʼল।

সময় পাৰ হোৱাৰ লগে লগে চৌলে বহুতো যুদ্ধত জয়লাভ কৰিলে। যোনাথন নামেৰে চৌলৰ এজন পুত্ৰ আছিল আৰু তেওঁ বৰ সাহসী আছিল। বহুতো যুদ্ধত জয়লাভ কৰিবলৈ যোনাথনে ইস্ৰায়েলীসকলক সহায় কৰিছিল। পলেষ্টীয়াবিলাক ইস্ৰায়েলীসকলৰ শত্ৰু আছিল। এবাৰ পলেষ্টীয়াবিলাকে এক বিশাল সৈন্যবাহিনী লৈ ইস্ৰায়েলীসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল।

যুদ্ধ আৰম্ভ হোৱাৰ আগতে ভাববাদী চমূৱেলে যিহোৱালৈ বলিদান কৰিব আৰু তাৰ বাবে ৰজা চৌলক তেওঁ অপেক্ষা কৰিবলৈ কৈছিল। কিন্তু চমূৱেলৰ আহিবলৈ পলম হʼল। পলেষ্টীয়াবিলাকে যুদ্ধ আৰম্ভ কৰিব বুলি চৌলে ভয় খালে আৰু তেওঁ নিজেই সেই বলিদান দিলে। কিছুসময়ৰ পাছত চমূৱেল তাত উপস্থিত হয়। চৌলে যিহোৱাৰ আজ্ঞা উলংঘন কৰাৰ বাবে চমূৱেলে তেওঁক কʼলে: ‘ঈশ্বৰ যিহোৱাই ইস্ৰায়েলৰ ওপৰত আন এজন ব্যক্তিক ৰজা পাতিব।’

চৌলে পুনৰাই ঈশ্বৰৰ আজ্ঞা উলংঘন কৰাৰ বাবে চমূৱেলে কʼলে: ‘বলিদানতকৈ আজ্ঞা-পালন উত্তম আৰু মেৰৰ তেলতকৈ বাক্যলৈ কাণ দিয়া উত্তম। কিয়নো তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, এই নিমিত্তে তেৱোঁ তোমাক অগ্ৰাহ্য কৰি ৰজা পদৰপৰা গুচাব।’

এই কাহিনীৰপৰা আমি এক ভাল শিক্ষা শিকিবলৈ পাওঁ। আমি সদায় যিহোৱাৰ আজ্ঞা পালন কৰাটো প্ৰয়োজন। ইয়াৰ উপৰিও আমি মনত ৰখা উচিত যে চৌলৰ দৰে এজন ভাল মানুহেও বেয়া কাম কৰিব পাৰে। আমি কেতিয়াও এজন বেয়া মানুহ হিচাপে পৰিচিত হʼব নিবিচাৰোঁ, নহয়নে বাৰু?

১ চমূৱেল ৯-ৰপৰা ১১ অধ্যায়; ১৩:৫-১৪; ১৪:৪৭-৫২; ১৫:১-৩৫; ২ চমূৱেল ১:২৩.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক