ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৬২
  • দায়ূদৰ পৰিয়ালত সমস্যা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দায়ূদৰ পৰিয়ালত সমস্যা
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • ৰজা দায়ূদৰ পাপ
    বাইবেলৰ পৰা শিকোঁ আহা
  • জীৱনত পৰিৱৰ্তনশীল অৱস্থাৰ সম্মুখীন হোৱাৰ সময়ত ঈশ্বৰৰ পবিত্ৰ আত্মাত ভাৰসা ৰাখক
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • দ্বিতীয় চমূৱেল কিতাপৰ আলোকপাত
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
বাইবেলৰ কাহিনী
my কাহিনী ৬২
ভৱিষ্যতবক্তা নাথনে ৰজা দায়ূদক উদশ্য কৰি কিবা কৈছ

কাহিনী ৬২

দায়ূদৰ পৰিয়ালত সমস্যা

দায়ূদে যিৰূচালেমত শাসন আৰম্ভ কৰাৰ পাছত, যিহোৱা ঈশ্বৰে তেওঁক শত্ৰুবিলাকৰ বিৰুদ্ধে হোৱা যুদ্ধবোৰত জয়লাভ কৰিবলৈ সহায় কৰিছিল। তোমালোকৰ নিশ্চয় মনত আছে যে যিহোৱাই গোটেই কনান দেশখন ইস্ৰায়েলীসকলক দিম বুলি প্ৰতিজ্ঞা কৰিছিল। যিহোৱাৰ সহায়ত ইস্ৰায়েলীসকলে কনান দেশখন দখল কৰিবলৈ সমৰ্থ হয়।

দায়ূদ এজন ভাল শাসক হয় আৰু যিহোৱা ঈশ্বৰক তেওঁ বৰ ভাল পায়। যিৰূচালেম নগৰ অধিকাৰ কৰাৰ পাছত, তেওঁ যিহোৱাৰ নিয়ম-চন্দুকটো তালৈ লৈ আনিছিল। এই নিয়ম-চন্দুকটোৰ বাবে দায়ূদে এটা গৃহ বনাবলৈ ইচ্ছা কৰিছিল।

বহুবছৰৰ পাছত দায়ূদে এক বৰ ডাঙৰ ভুল কাম কৰিলে। আনৰ বস্তু লোৱাটো যে কেতিয়াও উচিত নহয়, তাৰ বিষয়ে দায়ূদে ভালদৰে জানে। কিন্তু দায়ূদে তাকে কৰিলে। এদিনাখন দায়ূদে সন্ধ্যা সময়ত ৰাজগৃহৰ ছাদত ঘূৰি ফুৰিছিল। হঠাতে তেওঁ এগৰাকী তিৰোতাক দেখা পালে। তাই দেখিবলৈ বৰ ধুনীয়া। তাইৰ নাম হৈছে বৎ-চেবা। তাইৰ গিৰিয়েকৰ নাম হৈছে ঊৰিয়া আৰু তেওঁ দায়ূদৰ সৈন্যবাহিনীত কাম কৰে।

বৎ-চেবাৰ সুন্দৰতাত দায়ূদ ভুল গʼল। দায়ূদে তাইক ৰাজগৃহলৈ লৈ অনালে। বৎ-চেবাৰ গিৰিয়েক কিন্তু ঘৰত নাই। তেওঁ যুদ্ধ কৰিবলৈ গৈছে। দায়ূদে তাইৰ লগত শয়ন কৰিলে আৰু তাই গৰ্ভৱতী হʼল। বৎ-চেবাই গৰ্ভৱতী হোৱাৰ খবৰ শুনি দায়ূদ বৰ চিন্তিত হʼল। যুদ্ধত যাতে বৎ-চেবাৰ গিৰিয়েক ঊৰিয়াৰ মৃত্যু হয়, তাৰ বাবে দায়ূদে ব্যৱস্থা কৰিলে। ঊৰিয়াক শত্ৰু সেনাৰ সন্মুখত ৰাখিবলৈ দায়ূদে সেনাপতি যোৱাবক খবৰ দি পঠালে। যুদ্ধত ঊৰিয়াৰ মৃত্যু হʼল আৰু পাছত দায়ূদে বৎ-চেবাক বিয়া কৰিলে।

দায়ূদৰ এই কাৰ্য্যত যিহোৱাৰ বৰ খং উঠিল। সেইবাবে তেওঁ ভাববাদী নাথনক দায়ূদৰ ওচৰলৈ পঠিয়ালে। ছবিখনত নাথনে দায়ূদৰ লগত কথা পাতি থকা দেখিছানে? নিজৰ ভুলৰ বাবে দায়ূদে অনুতাপ কৰিলে আৰু সেইবাবে যিহোৱাই তেওঁক মৃত্যুদণ্ডৰপৰা ৰেহাই দিলে। কিন্তু যিহোৱাই দায়ূদক কʼলে: ‘তুমি এই বেয়া কাম কৰাৰ বাবে তোমাৰ পৰিয়ালৰ মাজত সমস্যা হʼব।’ যিহোৱাই কোৱাৰ দৰে দায়ূদৰ পৰিয়ালত কি কি সমস্যাই দেখা দিলে?

প্ৰথমতে, বৎ-চেবাৰ পুত্ৰৰ মৃত্যু হয়। ইয়াৰ পাছত দায়ূদৰ প্ৰথম সন্তান অম্নোনে, নিজৰ ভনীয়েক তামাৰৰ লগত শয়ন কৰিলে। এই খবৰ শুনি দায়ূদৰ পুত্ৰ অবচালোমৰ বৰ খং উঠিল আৰু তেওঁ অম্নোনক বধ কৰিলে। লাহে লাহে অবচালোমে মানুহবিলাকৰ হৃদয় জয় কৰি নিজকে ৰজা বুলি ঘোষণা কৰিলে। ফলত দায়ূদ আৰু অবচালোমৰ মাজত যুদ্ধ হয় আৰু এই যুদ্ধত অবচালোমৰ মৃত্যু হয়। ঈশ্বৰে কোৱাৰ দৰে দায়ূদে বহুতো সমস্যাৰ সন্মুখীন হৈছিল।

এই ঘটনাবোৰ হৈ থাকোঁতে বৎ-চেবাই আকৌ গৰ্ভধাৰণ কৰে আৰু এটা পুত্ৰ সন্তানৰ জন্ম দিয়ে। তেওঁলোকে এই পুত্ৰৰ নাম চলোমন ৰাখিলে। দায়ূদ বৃদ্ধ আৰু বেমাৰ হোৱাৰ বাবে তেওঁৰ পুত্ৰ অদোনিয়াই নিজকে ৰজা কৰিব বিচাৰিলে। ইয়াৰ বিষয়ে জানিব পাৰি দায়ূদে চাদোক নামৰ পুৰোহিতজনক চলোমনৰ মূৰত তেল ঢালিবলৈ ব্যৱস্থা কৰিলে। তেল ঢলাৰ যোগেদি দায়ূদে দেখুৱাব বিচাৰিছিল যে তেওঁৰ পাছত চলোমনহে ৰজা হʼব। কিছুদিনৰ পাছত দায়ূদৰ মৃত্যু হয় আৰু সেইসময়ত তেওঁৰ বয়স ৭০ বছৰ আছিল। দায়ূদে ৪০ বছৰলৈকে ইস্ৰায়েলক শাসন কৰিছিল। তেওঁৰ পাছত চলোমন ৰজা হয়।

২ চমূৱেল ১১:১-২৭; ১২:১-১৮; ১ ৰাজাৱলি ১:১-৪৮.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক