কাহিনী ৭১
ঈশ্বৰে প্ৰতিজ্ঞা কৰা প্ৰমোদবন
এই ছবিখনত প্ৰমোদবনক চিত্ৰিত কৰা হৈছে। এনে এখন প্ৰমোদবনৰ বিষয়ে হয়তো যিহোৱা ঈশ্বৰে তেওঁৰ ভাববাদী যিচয়াক দেখুৱাইছিল। যিচয়া হৈছে যোনাৰ পাছত বাস কৰা ইস্ৰায়েলৰ এজন ভাববাদী।
প্ৰমোদবনৰ অৰ্থ হৈছে “বাগিচা” বা “পাৰ্ক।” প্ৰমোদবন বুলি কওঁতে, এই কিতাপখনত আৰম্ভণিতে দেখুৱা ছবিখনলৈ তোমাৰ মনত নপৰেনে? এই বাগিচাখন যিহোৱা ঈশ্বৰে আদম আৰু হৱাক থাকিবলৈ দিয়া, সেই সুন্দৰ বাগিচাখনৰ দৰে লগা নাইনে? কিন্তু গোটেই পৃথিৱীখন কেতিয়াবা এক সুন্দৰ প্ৰমোদবনলৈ ৰূপান্তৰ হʼবনে?
হʼবলগীয়া প্ৰমোদবনৰ বিষয়ে লিখিবলৈ, যিহোৱা ঈশ্বৰে যিচয়াক এইদৰে কৈছিল: ‘সেইদিনা ৰাংকুকুৰে ভেড়া পোৱালিৰ লগত বাস কৰিব। দামুৰি আৰু যুৱা সিংহই একেলগে চৰিব। এটি সৰু লʼৰাই সিহঁতক চোৱা-চিতা কৰিব। পিয়াহ খোৱা কেঁচুৱাই ফেটী-সাপৰ লগত ধেমালি কৰিলেও তাৰ কোনো অনিষ্ট নহʼব।’
বহুতে আকৌ কʼব: ‘এনে হোৱাটো অসম্ভৱ। আজি আমাৰ চাৰিওফালে সমস্যাৰে ভৰি আছে আৰু ভৱিষ্যতেও এনেকৈ থাকিব।’ কিন্তু এখন্তেক চিন্তা কৰাচোন: ঈশ্বৰে আদম আৰু হৱাক কʼত থাকিবলৈ দিছিল?
ঈশ্বৰে আদম আৰু হৱাক প্ৰমোদবনত থাকিবলৈ দিছিল। কিন্তু তেওঁলোকে ঈশ্বৰৰ বাক্য অমান্য কৰাৰ বাবে তাক হেৰুৱালে আৰু ক্ৰমান্বয়ে বৃদ্ধ হৈ মৃত্যু হʼল। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে যি লোকসকলে তেওঁৰ আজ্ঞা পালন কৰিব, তেওঁলোকে হʼবলগীয়া প্ৰমোদবনত থাকিবলৈ সুযোগ পাব।
আহিবলগীয়া প্ৰমোদবনত কোনেও এজনে-আনজনক অনিষ্ট নকৰিব। চাৰিওফালে শান্তিয়ে বিৰাজমান কৰিব। লোকসকলৰ বেমাৰ-আজাৰ নহʼব আৰু সকলোৱে আনন্দত থাকিব। ঈশ্বৰে যেনেকৈ আৰম্ভণিতে বিচাৰিছিল, ঠিক সেইদৰে আহিবলগীয়া প্ৰমোদবনৰ পৰিস্থিতি হʼব। কিন্তু ঈশ্বৰে এইবোৰ কেনেকৈ কৰিব তাৰ বিষয়ে আমি আগলৈ শিকিবলৈ পাম।
যিচয়া ১১:৬-৯; প্ৰকাশিত বাক্য ২১:৩, ৪.