ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৭৪
  • এজন সাহিয়াল পুৰুষ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এজন সাহিয়াল পুৰুষ
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • যিৰিমিয়াই যিহোৱাৰ বিষয়ে কʼবলৈ বন্ধ নকৰিলে
    আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • যিহোৱাই যিৰিমিয়াক প্ৰচাৰ কৰিবলৈ পঠালে
    বাইবেলৰ পৰা শিকোঁ আহা
  • যিৰিমিয়াৰ দৰে সাহিয়াল হোৱা
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
বাইবেলৰ কাহিনী
my কাহিনী ৭৪
ভৱিষ্যতবক্তা যিৰিমিয়াই সাহসেৰে ইসায়েলীসকলক আহিবলগীয়া বিনাশৰ বিষয়ে সাৱধান কৰিছ, কিন্তু লোকসকলে তেওঁক ঠাট্টা কৰিছ

কাহিনী ৭৪

এজন সাহিয়াল পুৰুষ

মানুহবিলাকে কেনেকৈ এই ডেকা লʼৰাজনক ঠাট্টা-মস্কৰা কৰিছে চোৱাচোন? এই ডেকা লʼৰাজন কোন হয় তুমি জানানে? তেওঁৰ নাম হৈছে যিৰিমিয়া আৰু তেওঁ ঈশ্বৰৰ এজন ভৱিষ্যতবক্তা হয়।

ৰজা যোচিয়াই দেশৰপৰা মূৰ্ত্তিবোৰ ধ্বংস কৰিবলৈ আৰম্ভ কৰাৰ সময়ত, যিহোৱা ঈশ্বৰে যিৰিমিয়াক এজন ভৱিষ্যতবক্তা হিচাপে নিযুক্ত কৰে। এই কামৰ বাবে যিৰিমিয়াই নিজকে বৰ সৰু বুলি ভাবে। কিন্তু যিহোৱাই তেওঁক সহায় কৰিব বুলি আশ্বাস দিয়ে।

যিৰিমিয়াই ইস্ৰায়েলী লোকসকলক তেওঁলোকৰ বেয়া কাৰ্য্যবোৰ ত্যাগ কৰিবলৈ কʼলে। তেওঁ ঘোষণা কৰিলে: ‘অন্য জাতিবিলাকে উপাসনা কৰা দেৱতাবোৰ মিছা।’ সেইসময়ত বহুতো ইস্ৰায়েলীয়ে সত্য ঈশ্বৰ যিহোৱাক উপাসনা কৰাৰ পৰিৱৰ্তে, মিছা দেৱতাবোৰক উপাসনা কৰিছিল। আহিবলগীয়া বিনাশৰ বিষয়ে সাৱধান কৰাৰ বাবে লোকসকলে তেওঁক ভাল পোৱা নাছিল। তেওঁলোকে যিৰিমিয়াক উপলুঙাও কৰিছিল।

এইদৰে বহুবছৰ পাৰ হʼল। ৰজা যোচিয়াৰ মৃত্যুৰ তিনিমাহৰ পাছত তেওঁৰ পুত্ৰ যিহোয়াকীম ৰজা হয়। যিৰিমিয়াই এতিয়াও লোকসকলৰ আগত ঘোষণা কৰি আছে: ‘যদি তোমালোকে নিজৰ বেয়া কাৰ্য্যবোৰ ত্যাগ নকৰা, তেনেহʼলে যিহোৱাই যিৰূচালেমক ধ্বংস কৰিব।’ যিৰিমিয়াৰ কাৰ্য্য পুৰোহিতবিলাকে ভাল পোৱা নাছিল। তেওঁবিলাকে যিৰিমিয়াক কʼলে: ‘এনেদৰে কোৱাৰ বাবে তুমি নিশ্চয়ে প্ৰাণদণ্ডৰ যোগ্য।’ ইয়াৰ পাছত পুৰোহিতবিলাকে প্ৰধান লোকবিলাকৰ আগত কʼলে: ‘এই মানুহ প্ৰাণদণ্ডৰ যোগ্য। কিয়নো ই এই নগৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰিছে।’

যিৰিমিয়াই এতিয়া কি কৰিব? লোকবিলাকৰ কথাত যিৰিমিয়াই ভয় নাখালে। তেওঁ লোকসকলক কʼলে: ‘এই কথা কʼবলৈ যিহোৱা ঈশ্বৰে মোক পঠাইছে। তোমালোকে যদি নিজ নিজ বেয়া কামবোৰ ত্যাগ নকৰা, তেনেহʼলে যিহোৱাই যিৰূচালেমক ধ্বংস কৰিব। কিন্তু যদি তোমালোকে মোক বধ কৰা, তেনেহʼলে মনত ৰাখিবা যে তোমালোকে এজন নিৰ্দ্দোষী লোকক হত্যা কৰিছা।’

ইস্ৰায়েলৰ প্ৰধান লোকবিলাকে যিৰিমিয়াক বধ নকৰিলে। কিন্তু দুখৰ বিষয় যে ইস্ৰায়েলী লোকসকলে নিজৰ বেয়া পথতেই চলি থাকিল। পাছলৈ বাবিল দেশৰ ৰজা নবূখদ্‌নেচৰে যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল। নবূখদ্‌নেচৰে ইস্ৰায়েলী লোকসকলক নিজৰ দাস কৰিলে। হাজাৰ হাজাৰ লোকক তেওঁ বন্দী কৰি বাবিললৈ লৈ যায়। যদি কোনো অচিনাকি মানুহে তোমাক নিজৰ ঘৰৰপৰা এক অজান দেশলৈ লৈ যায়, তেনেহʼলে তোমাক কেনে লাগিব?

যিৰিমিয়া ১:১-৮; ১০:১-৫; ২৬:১-১৬; ২ ৰাজাৱলি ২৪:১-১৭.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক