ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৭৯
  • সিংহৰ গাঁতত দানিয়েল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সিংহৰ গাঁতত দানিয়েল
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • সিংহৰ গাঁতত দানিয়েল
    বাইবেলৰ পৰা শিকোঁ আহা
  • দানিয়েলৰ উদাহৰণৰ পৰা শিকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
বাইবেলৰ কাহিনী
my কাহিনী ৭৯
সিংহৰ গাঁতত দানিয়েল

কাহিনী ৭৯

সিংহৰ গাঁতত দানিয়েল

ছবিখনলৈ চোৱাচোন। দানিয়েল এক ভয়ংকৰ বিপদত পৰা যেন লাগিছে। কিন্তু সিংহবোৰে তেওঁক আক্ৰমণ কৰা নাই। কিয় বাৰু? দানিয়েলক কোনে এই সিংহৰ গাঁতত পেলালে? আহাঁ আমি ইয়াৰ বিষয়ে শিকোঁ।

বাবিলৰ ৰজাজনৰ নাম হৈছে দাৰিয়াবচ। দানিয়েল এজন নম্ৰ আৰু বুদ্ধিমান ব্যক্তি হোৱাৰ বাবে ৰজাই দানিয়েলক বৰ ভাল পায়। দাৰিয়াবচে দানিয়েলক দেশৰ এজন প্ৰধান ব্যক্তিৰূপে মনোনীত কৰিবলৈ থিৰাং কৰিছিল। ইয়াৰ বাবে ৰাজ্যৰ আন লোকবিলাকে দানিয়েলক ঈৰ্ষা কৰিবলৈ ধৰিলে। তেওঁলোকে কি কৰিলে তোমালোকে জানানে?

তেওঁলোকে ৰজা দাৰিয়াবচৰ ওচৰলৈ গৈ কʼলে: ‘হে মহাৰাজ, ৰাজ্যৰ প্ৰধান বিষয়াসকলে একগোট হৈ আলচ কৰিলে যে আপুনি এনে এক নিয়ম স্থাপন কৰা উচিত যে কোনো মানুহে ৩০ দিন ধৰি আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহক প্ৰাৰ্থনা নকৰক। যদি কোনোবাই এই আজ্ঞা উলংঘন কৰে, তেনেহʼলে তাক সিংহৰ গাঁতত পেলোৱা যাওক।’ প্ৰকৃততে লোকসকলে কিয় এই নিয়মটো স্থাপন কৰিব বিচাৰিছে, তাৰ বিষয়ে ৰজা দাৰিয়াবচে নাজানে। কিন্তু তেওঁক এই কথা ভাল লাগিল আৰু ইয়াক লিখিত ৰূপ দিলে। এতিয়া এই নিয়মটো কোনেও বদলি কৰিব নোৱাৰে।

দানিয়েলে এই নিয়মৰ বিষয়ে গম পালে। প্ৰতিদিনে প্ৰাৰ্থনা কৰাৰ দৰে, দানিয়েলে নিজৰ ঘৰলৈ গৈ সেইদিনাও ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। দুষ্ট লোকসকলে জানিছিল যে দানিয়েলে যিহোৱালৈ প্ৰাৰ্থনা কৰাটো বন্ধ নকৰিব। তেওঁলোক আনন্দিত। কিয়নো তেওঁলোকে দানিয়েলৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ সফল হʼব বুলি ভাবিলে।

দুষ্ট লোকসকলে এই নিয়মটো স্থাপন কৰাৰ প্ৰকৃত কাৰণ ৰজা দাৰিয়াবচে বুজিব পাৰিলে। ইয়াৰ বাবে তেওঁৰ বৰ বেজাৰ লাগিল। কিন্তু তেওঁ এই নিয়মটো বদলি কৰিব নোৱাৰে। ৰজাই দানিয়েলক সিংহৰ গাঁতত পেলাবলৈ আদেশ দিলে। কিন্তু তেওঁ দানিয়েলক কʼলে: ‘তুমি সদায় যিজনাৰ সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে তোমাক ৰক্ষা কৰিব।’

ৰজা দাৰিয়াবচ সিংহৰ গাঁতলৈ লক্ষ্য কৰিছ

ৰজা দাৰিয়াবচে দানিয়েলৰ বাবে বৰ দুখ কৰিলে আৰু সেইৰাতি তেওঁৰ টোপনি নাহিল। পাছদিনাখন তেওঁ ৰাতিপুৱাতে সিংহৰ গাঁতৰ ওচৰলৈ দৌৰি গʼল। তোমালোকে ছবিখনত তেওঁক নিশ্চয় দেখিছা। গাঁতৰ ওপৰৰপৰা ৰজাই চিঞৰি চিঞৰি কʼলে: ‘হে জীৱিত ঈশ্বৰৰ দাস দানিয়েল। তুমি সদায় যিজনাৰ সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে সিংহবোৰৰপৰা তোমাক ৰক্ষা কৰিব পাৰিলেনে?’

দানিয়েলে উত্তৰ দিলে: ‘মোৰ ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে আৰু সিহঁতে মোক আক্ৰমণ কৰা নাই।’

দানিয়েলক জীৱিত দেখি ৰজা বৰ আনন্দিত হʼল। তেওঁ দানিয়েলক সিংহৰ গাঁতৰপৰা উলিয়াই আনিবলৈ আদেশ দিলে। ইয়াৰ পাছত, দানিয়েলক হত্যা কৰিবলৈ বিচৰা দুষ্ট লোকসকলক সিংহৰ গাঁতত পেলাবলৈ ৰজাই আজ্ঞা দিলে। তেওঁলোকক গাঁতত পেলোৱাৰ লগে লগে সিংহবোৰে আক্ৰমণ কৰি তেওঁলোকক খাই শেষ কৰিলে।

ইয়াৰ পাছত ৰজা দাৰিয়াবচে নিজৰ ৰাজ্যৰ সকলো লোকক এই আদেশ দিলে: ‘মই এই আজ্ঞা দিছোঁ যে সকলোৱে দানিয়েলৰ ঈশ্বৰক সন্মান কৰক। কিয়নো তেওঁৰ কাৰ্য্যবোৰ আচৰিত। তেওঁ দানিয়েলক সিংহবোৰৰপৰা ৰক্ষা কৰিলে।’

দানিয়েল ৬:১-২৮.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক