কাহিনী ৮২
মৰ্দখয় আৰু ইষ্টেৰ
ইজ্ৰাই যিৰূচালেমলৈ যোৱাৰ কিছুবছৰৰ আগৰ কথা। পাৰস্য দেশত মৰ্দখয় নামৰ এজন ইস্ৰায়েলী পুৰুষ আৰু ইষ্টেৰ নামৰ এগৰাকী ইস্ৰায়েলী তিৰোতা গুৰুত্বপূৰ্ণ বাবত আছিল। ইষ্টেৰ হৈছে পাৰস্য দেশৰ ৰাণী আৰু মৰ্দখয় হৈছে ইষ্টেৰৰ খুৰাকৰ লʼৰা। তেওঁ পাৰস্য দেশৰ ৰজাৰ এজন গুৰুত্বপূৰ্ণ বিষয়া। তেওঁলোক কেনেকৈ এনে গুৰুত্বপূৰ্ণ বাবত নিযুক্ত হʼল বাৰু? আহাঁ আমি ইয়াৰ বিষয়ে শিকোঁ।
ইষ্টেৰ সৰু হৈ থাকোঁতে তাইৰ মাক-দেউতাক ঢুকাল আৰু মৰ্দখয়ে তাইক ডাঙৰ-দীঘল কৰিলে। পাৰস্য দেশৰ ৰজা হৈছে অহচ্বেৰোচ। তেওঁৰ ৰাজভৱন চূচন নামৰ নগৰখনত আছিল। ৰজা অহচ্বেৰোচৰ অধীনত মৰ্দখয়ে এজন দাস হিচাপে কাম কৰিছিল। অহচ্বেৰোচৰ ৰাণীৰ নাম হৈছে ৱষ্টী। এদিনাখন ৱষ্টী ৰাণীয়ে ৰজাৰ আজ্ঞা পালন নকৰিলে। সেইবাবে অহচ্বেৰোচে আন এগৰাকী তিৰোতাক নিজৰ ৰাণী কৰি তুলিলে। ৰজাই কাক নিৰ্ব্বাচন কৰিলে তোমালোকে জানানে? তেওঁ ইষ্টেৰক নিজৰ ৰাণী কৰি তুলিলে।
লোকসকলে এই মানুহজনক প্ৰণিপাত কৰি থকা দেখিছানে? মানুহজনৰ নাম হৈছে হামন আৰু তেওঁ বৰ অহংকাৰী আছিল। তেওঁ পাৰস্য দেশৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি হয়। আন লোকসকলৰ দৰে মৰ্দখয়েও তেওঁক প্ৰণিপাত কৰাটো হামনে বিচাৰে। কিন্তু মৰ্দখয়ে এনে নকৰিব। এনে দুষ্ট লোকৰ আগত প্ৰণিপাত কৰাটো উচিত নহয় বুলি মৰ্দখয়ে ভাবে। মৰ্দখয়ে প্ৰণিপাত নকৰাৰ বাবে হামন খঙত জ্বলি-পকি উঠে। ইয়াৰ প্ৰতিশোধ লʼবলৈ হামনে কি কৰিলে তোমালোকে জানানে?
হামনে ইস্ৰায়েলীসকলৰ বিষয়ে ৰজাক বহুতো মিছা কথা কয়। তেওঁ ৰজাক অভিযোগ কৰিলে: ‘তেওঁলোক দুষ্ট আৰু তেওঁলোকে আপোনাৰ ব্যৱস্থা পালন নকৰে। এই কাৰণে সিহঁতক বিনষ্ট কৰাই উচিত।’ নিজৰ পত্নী যে এগৰাকী ইস্ৰায়েলী তিৰোতা হয়, তাক ৰজা অহচ্বেৰোচে নাজানে। সেইবাবে তেওঁ হামনৰ কথা শুনি এটা নিয়ম স্থাপন কৰিলে যে এক বিশেষ দিনত সকলো ইস্ৰায়েলীক বধ কৰা হʼব।
এই খবৰ শুনি মৰ্দখয় বৰ চিন্তিত হʼল। তেওঁ ইষ্টেৰলৈ কৈ পঠিয়ালে: ‘তুমি ৰজাৰ ওচৰলৈ গৈ আমাক বধ নকৰিবলৈ তেওঁক অনুৰোধ কৰা।’ পাৰস্য দেশৰ ৰজাৰ অনুমতি অবিহনে তেওঁক দেখা কৰাটো সম্ভৱ নহয়। কিন্তু ইষ্টেৰে ৰজাৰ অনুমতি নোলোৱাকৈ তেওঁক দেখা কৰিবলৈ গʼল। ৰাণী ইষ্টেৰক দেখি ৰজাই নিজৰ সোণৰ ৰাজদণ্ডডাল তাইৰ ফালে দাঙি ধৰিলে। ইয়াৰ অৰ্থ হৈছে যে অনুমতি অবিহনে ৰজাক দেখা কৰিবলৈ অহা ইষ্টেৰক বধ কৰা নহʼব। ইষ্টেৰে ৰজা অহচ্বেৰোচ আৰু হামনক এক ডাঙৰ ভোজৰ বাবে নিমন্ত্ৰণ কৰিলে। আহাৰ খাই থকাৰ সময়ত ৰজা অহচ্বেৰোচে ইষ্টেৰক সুধিলে যে তাই তেওঁৰপৰা কি বিচাৰে। ইষ্টেৰে কʼলে যে যদি ৰজা আৰু হামনে পাছদিনাখনো ভোজলৈ আহে, তেতিয়া তাই ৰজাক নিজৰ মনৰ কথা কʼব।
পাছদিনাখন আহাৰ খাই থকাৰ সময়ত ইষ্টেৰে ৰজাক কʼলে: ‘মোক আৰু মোৰ লোকবিলাকক হত্যা কৰিবলৈ থিৰাং কৰা হৈছে।’ এই কথা শুনি ৰজাৰ বৰ খং উঠিল। তেওঁ সুধিলে: ‘যিজনে নিজ মনত এনে কাৰ্য্য কৰিবলৈ সাহ কৰিছে, সি কোন?’
ইষ্টেৰে কʼলে: ‘সেই বিৰোধী আৰু শত্ৰু হৈছে এই দুষ্ট হামন।’
ইয়াকে শুনি ৰজাই খঙত জ্বলি-পকি উঠিল। তেওঁ হামনক বধ কৰিবলৈ আদেশ দিলে। ইয়াৰ পাছত ৰজাই মৰ্দখয়ক ৰাজ্যৰ প্ৰধান বিষয়া হিচাপে নিযুক্ত কৰিলে। মৰ্দখয়ে এটা নতুন নিয়ম স্থাপন কৰিলে যে যিদিনটোত ইস্ৰায়েলীসকলক বধ কৰিবলৈ নিৰ্দ্ধাৰণ কৰা হৈছিল, সেইদিনটোত তেওঁলোকে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ যুদ্ধ কৰিব পাৰে। যিহেতু মৰ্দখয় এতিয়া এজন গুৰুত্বপূৰ্ণ বিষয়া, সেইবাবে বহুতোলোকে ইস্ৰায়েলীসকলক সহায় কৰে আৰু শত্ৰুবিলাকৰপৰা ইস্ৰায়েলীসকলৰ জীৱন ৰক্ষা পৰিল।
বাইবেলৰ ইষ্টেৰ নামৰ কিতাপ।