কাহিনী ৯০
যীচু আৰু এগৰাকী চমৰীয়া তিৰোতা
চমৰিয়াত উপস্থিত হৈ যীচুয়ে জিৰণিৰ বাবে এটা নাদৰ কাষত ৰʼল। শিষ্যসকলে খাদ্যবস্তু কিনিবলৈ নগৰলৈ গৈছে। সেইসময়ত এগৰাকী তিৰোতাই নাদৰপৰা পানী নিবলৈ আহিল। যীচুয়ে তাইক কʼলে: ‘মোক পানী খাবলৈ দিয়া।’
যীচুয়ে এনেদৰে পানী খোজাৰ বাবে তিৰোতাগৰাকী বৰ আচৰিত হʼল। তাই কিয় আচৰিত হʼল তোমালোকে জানানে? কিয়নো যীচু হৈছে এজন যিহূদী লোক আৰু তিৰোতাগৰাকী হৈছে চমৰীয়া। যিহূদীসকলে চমৰীয়া লোকসকলক ভাল নাপায়। আনকি তেওঁলোকে সিহঁতৰ লগত কথা-বতৰাও নাপাতে। কিন্তু যীচুয়ে সকলো লোকক ভাল পায়। তেওঁ তিৰোতাগৰাকীক কʼলে: ‘তোমাক পানী খোজাজন কোন হয়, ইয়াক তুমি জনা হʼলে, তুমি তেওঁক খুজিলাহেঁতেন আৰু তেওঁ তোমাক জীৱনময় পানী দিলেহেঁতেন।’
তিৰোতাগৰাকীয়ে কʼলে: ‘হে মহাশয়, পানী তুলিবলৈ আপোনাৰ ওচৰত কোনো পাত্ৰ নাই আৰু নাদো দ। তেনেহʼলে সেই জীৱনময় পানী আপুনি কʼৰপৰা পাব?’
এতিয়া যীচুয়ে তাইক বিতংভাৱে বৰ্ণনা কৰিলে: ‘এই নাদৰপৰা পানী খোৱা প্ৰতিজন ব্যক্তিৰ আকৌ পিয়াহ লাগিব। কিন্তু মই যি পানী দিম, তাক কোনোবাই খালে তেওঁ অনন্ত জীৱন জীয়াই থাকিব।’
ইয়াকে শুনি তিৰোতাগৰাকীয়ে যীচুক কʼলে: ‘হে মহাশয়, মোৰ পিয়াহ যেন নালাগে আৰু মই যেন সদায় পানী তুলিবলগীয়া নহয়, এই নিমিত্তে সেই পানী মোক দিয়ক।’
তিৰোতাগৰাকীয়ে ভাবিছে যে যীচুয়ে খোৱা পানীৰ বিষয়ে কথা কৈছে। কিন্তু আচলতে যীচুয়ে ঈশ্বৰ আৰু তেওঁৰ ৰাজ্যৰ সত্যতাৰ বিষয়ে তাইক কৈছিল। এই সত্যতা জীৱনময় পানীৰ লগত তুলনা কৰিব পাৰি। ইয়ে এজন ব্যক্তিক অনন্ত জীৱন দিব পাৰে।
যীচুয়ে তিৰোতাগৰাকীক কʼলে: ‘যোৱা, তোমাৰ স্বামীক ইয়ালৈ মাতি আনা।’
তাই উত্তৰ দিলে: ‘মোৰ স্বামী নাই।’
যীচুয়ে কʼলে: ‘তুমি ঠিকেই কৈছা। কিয়নো তোমাৰ পাঁচজন স্বামী আছিল আৰু এতিয়া যিজনৰ লগত তুমি আছা, তেওঁ তোমাৰ স্বামী নহয়।’
যীচুৰ কথা শুনি তিৰোতাগৰাকীয়ে তবধ মানিলে। যীচুয়ে এই কথাবোৰ কেনেকৈ জানিলে বাৰু? কিয়নো যীচুয়েই হৈছে ঈশ্বৰে প্ৰতিজ্ঞা কৰা ব্যক্তিজন আৰু ঈশ্বৰে তেওঁক এই কথাবোৰ জনালে। যীচুয়ে তিৰোতাগৰাকীৰ লগত কথা পাতি থাকোঁতে, তেওঁৰ শিষ্যসকল নগৰৰপৰা ঘূৰি আহিল। যীচুক এগৰাকী চমৰীয়া তিৰোতাৰ লগত কথা পতা দেখি, তেওঁলোক বৰ আচৰিত হʼল।
এই সকলোবোৰৰপৰা আমি কি শিকোঁ? আমি শিকোঁ যে যীচুয়ে সকলো জাতিৰ লোকক দয়া দেখুৱায়। আমিও তেওঁৰ দৰে আনক দয়া দেখুৱা উচিত। এজন ব্যক্তি বেলেগ জাতিৰ হোৱাৰ বাবে, তেওঁক আমি বেয়া বুলি ভবা উচিত নহয়। সকলো লোকে সত্যৰ বিষয়ে জ্ঞান লোৱাটো যীচুয়ে বিচাৰে। এই জ্ঞানে লোকসকলক অনন্ত জীৱন দিব। আমিও লোকসকলক সত্যৰ বিষয়ে শিকিবলৈ সহায় কৰা উচিত।