কাহিনী ১০৭
স্তিফানক শিল দলিয়াই মৰা
আঁঠুকাঢ়ি থকা মানুহজনৰ নাম হৈছে স্তিফান আৰু তেওঁ এজন যীচুৰ বিশ্বাসী শিষ্য হয়। কিন্তু তেওঁৰ কি হৈছে তালৈ লক্ষ্য কৰাচোন। কিছুমান লোকে তেওঁক ডাঙৰ ডাঙৰ শিলেৰে মাৰিছে। তেওঁলোকে স্তিফানক খং কৰি কিয় শিলেৰে মাৰিছে বাৰু? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ।
ঈশ্বৰে স্তিফানক আচৰিত কাৰ্য্যবোৰ কৰিবলৈ সহায় কৰিছিল। কিন্তু ছবিখনত দেখুৱা এই লোকসকলে স্তিফানৰ কাৰ্য্যবোৰ ভাল পোৱা নাছিল। সেইবাবে তেওঁলোকে স্তিফানে শিকোৱা শিক্ষাবোৰৰ বিৰুদ্ধে, তেওঁৰ লগত তৰ্ক-বিতৰ্ক কৰিছিল। ঈশ্বৰে কিন্তু স্তিফানক জ্ঞান আৰু বুদ্ধি দিছিল আৰু সেইবাবে তেওঁ এই লোকসকলৰ শিক্ষাবোৰ মিছা বুলি প্ৰমাণ কৰিব পাৰিছিল। ইয়াৰ বাবে তেওঁলোকে খঙত জ্বলি-পকি উঠিছিল। তেওঁলোকে স্তিফানক বন্দী কৰিলে আৰু তেওঁৰ বিৰুদ্ধে মিছা সাক্ষী দিবলৈ কিছুমান লোকৰ ব্যৱস্থা কৰিলে।
মহাপুৰোহিতজনে স্তিফানক সুধিলে: ‘এইবোৰ কথা সঁচানে?’ ইয়াৰ উত্তৰত স্তিফানে শাস্ত্ৰৰপৰা এক ভাষণ দিয়ে। ভাষণৰ অন্তত তেওঁ কয় যে কেনেকৈ অতীতত দুষ্ট লোকসকলে যিহোৱাৰ ভাববাদীসকলক ঘৃণা কৰিছিল। ইয়াৰ পাছত তেওঁ কয়: ‘তোমালোকেও সেই লোকসকলৰ দৰে। তোমালোকে ঈশ্বৰৰ দাস যীচুক বধ কৰিলা আৰু ঈশ্বৰৰ নিয়ম পালন নকৰিলা।’
স্তিফানৰ কথা শুনি ধৰ্ম্মীয় নেতাসকল খঙত জ্বলি উঠিল আৰু দাঁত কৰচিলে। স্তিফানে নিজৰ মূৰ ওপৰলৈ তুলি কʼলে: ‘চোৱা, মই স্বৰ্গৰ দুৱাৰ মুকলি হোৱা আৰু যীচুক ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিছোঁ।’ ইয়াকে শুনি লোকসকলে নিজৰ কাণত সোপা দিয়ে আৰু স্তিফানৰ ওচৰলৈ দৌৰি যায়। তেওঁলোকে স্তিফানক ধৰি নগৰৰ বাহিৰলৈ চোঁচৰাই লৈ যায়।
নগৰৰ বাহিৰলৈ আহি লোকসকলে নিজৰ দীঘল চোলাবোৰ খুলি, চৌল নামৰ মানুহজনক সেইবোৰ চাবলৈ দিলে। ছবিখনত তোমালোকে চৌলক দেখিছানে? ইয়াৰ পাছত, কিছুমান লোকে স্তিফানক শিলেৰে মাৰিবলৈ ধৰে। ছবিখনত দেখুৱাৰ দৰে স্তিফানে আঁঠুকাঢ়ি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে: ‘হে প্ৰভু, এই বেয়া কাৰ্য্যৰ বাবে তেওঁলোকক শাস্তি নিদিব।’ ধৰ্ম্মীয় নেতাসকলে লোকসকলক এই কাৰ্য্য কৰিবলৈ উচটাইছে বুলি স্তিফানে ভালদৰে জানে। ইয়াৰ পাছত স্তিফানে প্ৰাণ ত্যাগ কৰিলে।
কোনোবাই তোমাৰ লগত বেয়া ব্যৱহাৰ কৰিলে, তুমিও তাক বেয়া ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা নেকি? বা তেওঁৰ হানি হʼবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰা নেকি? স্তিফান বা যীচুয়ে তেনে কৰা নাছিল। আনকি তেওঁলোকক বেয়া ব্যৱহাৰ কৰা লোকসকলৰ প্ৰতিও তেওঁলোকে দয়া দেখুৱাইছিল। আমিও তেওঁলোকৰ উদাহৰণ অনুকৰণ কৰা উচিত।