কাহিনী ১১৬
আমি অনন্ত জীৱন কেনেকৈ জীয়াই থাকিব পাৰোঁ
ছবিখনলৈ চোৱাচোন। তেওঁলোকে কোনখন কিতাপ পঢ়িছে তুমি কʼব পাৰিবানে? তেওঁলোকে পঢ়ি থকা কিতাপখন হৈছে, বাইবেলৰ কাহিনী। তুমিও পঢ়ি থকা কিতাপখনৰ নাম একেই নহয়নে? তেওঁলোকে কোনটো কাহিনী পঢ়িছে তুমি জানানে? তুমি পঢ়ি থকা কাহিনীটোকেই তেওঁলোকে পঢ়িছে। কাহিনীটোৰ বিষয় হৈছে, “আমি অনন্ত জীৱন কেনেকৈ জীয়াই থাকিব পাৰোঁ।”
এই কাহিনীটোৰপৰা তেওঁলোকে কি শিকিছে তুমি কʼব পাৰিবানে? তেওঁলোকে শিকিছে যে অনন্ত জীৱন জীয়াই থাকিবলৈ হʼলে, প্ৰথমে যিহোৱা ঈশ্বৰ আৰু তেওঁৰ পুত্ৰ যীচুৰ বিষয়ে জ্ঞান লʼব লাগিব। ইয়াৰ বিষয়ে বাইবেলে এইদৰে কৈছে: ‘একমাত্ৰ সত্য ঈশ্বৰ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ বিষয়ে জ্ঞান লোৱাৰ যোগেদি অনন্ত জীৱন লাভ কৰিব পাৰি।’
যিহোৱা ঈশ্বৰ আৰু তেওঁৰ পুত্ৰ যীচুৰ বিষয়ে আমি কেনেকৈ জ্ঞান লʼব পাৰোঁ? ইয়াৰ এটা উপায় হৈছে বাইবেলৰ কাহিনী কিতাপখন আৰম্ভণিৰপৰা শেষলৈকে পঢ়া। এই কিতাপখনে যিহোৱা ঈশ্বৰ আৰু যীচুৰ বিষয়ে বহুতো কথা বৰ্ণনা কৰিছে। তেওঁলোকে যিবোৰ কাৰ্য্য কৰিলে আৰু আগলৈ যি কৰিব, তাৰ বিষয়েও এই কিতাপখনে বৰ্ণনা কৰিছে। কিন্তু এই কিতাপখন পঢ়াৰ উপৰিও আমি আৰু কিছু কৰাৰ প্ৰয়োজন আছে।
তেওঁলোকৰ ওচৰত থকা আন এখন কিতাপ তুমি দেখিছানে? এইখন হৈছে বাইবেল। এই কিতাপখনৰ কাহিনীবোৰ বাইবেলৰপৰা লোৱা হৈছে। বাইবেলত উল্লেখ থকা সেই পদবোৰ তোমাক পঢ়ি শুনাবলৈ কাৰোবাক কোৱাচোন। যিহোৱা ঈশ্বৰক সেৱা কৰিবলৈ আৰু অনন্ত জীৱন লাভ কৰিবলৈ বাইবেলে আমাক সম্পূৰ্ণ বিৱৰণ দিয়ে। সেইবাবে আমি সদায় বাইবেল অধ্যয়ন কৰিব লাগে।
কিন্তু যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ বিষয়ে জ্ঞান লোৱাটোৱেই যথেষ্ট নহয়। তেওঁলোকৰ বিষয়ে আমাৰ হয়তো বহুতো জ্ঞান থাকিব পাৰে, কিন্তু মাত্ৰ সেই জ্ঞানে আমাক অনন্ত জীৱন দিব নোৱাৰে। তেনেহʼলে আমাক কি কৰাৰ প্ৰয়োজন আছে তুমি জানানে?
আমি যিবোৰ কথা শিকিছোঁ, সেই অনুসৰি আমি জীৱন অতিবাহিত কৰিব লাগিব। ঈষ্কৰিয়োতীয়া যিহূদাৰ বিষয়ে তোমাৰ মনত আছেনে? বাৰজন পাঁচনিৰ ভিতৰত যিহূদাকো এজন পাঁচনি হিচাপে যীচুয়ে নিৰ্ব্বাচন কৰিছিল। যিহোৱা আৰু যীচুৰ বিষয়ে যিহূদাৰ বহুতো জ্ঞান আছিল। কিন্তু তেওঁৰ কি হʼল বাৰু? নিজ স্বাৰ্থৰ বাবে তেওঁ ৩০টা ৰূপৰ মুদ্ৰাৰ বিনিময়ত যীচুক শত্ৰুবিলাকৰ হাতত শোধাই দিছিল। সেইবাবে যিহূদাই অনন্ত জীৱন লাভ নকৰিব।
গেহজীৰ বিষয়ে তোমাৰ মনত আছেনে? তেওঁৰ বিষয়ে আমি এই কিতাপখনৰ ৬৯ নম্বৰৰ কাহিনীটোত শিকিছিলো। তেওঁ আনৰ কাপোৰ আৰু ধন-সম্পত্তিলৈ লোভ কৰিছিল। এই বস্তুবোৰ পাবলৈ তেওঁ মিছা কথা কৈছিল। ইয়াৰ বাবে যিহোৱাই তেওঁক শাস্তি দিছিল। যদি আমিও যিহোৱা ঈশ্বৰৰ নিয়মবোৰ পালন নকৰোঁ, তেনেহʼলে তেওঁ আমাকো শাস্তি দিব।
ঈশ্বৰক বিশ্বাসেৰে সেৱা কৰা লোকসকলৰ সংখ্যাও কম নহয়। আমিও তেওঁলোকৰ দৰে ঈশ্বৰক বিশ্বাসেৰে সেৱা কৰিব লাগে, নহয়নে বাৰু? কম বয়সৰপৰা ঈশ্বৰক সেৱা কৰা চমূৱেলৰ উদাহৰণ আমি অনুকৰণ কৰিব পাৰোঁ। এই কিতাপখনৰ ৫৫ নম্বৰৰ কাহিনীত আমি শিকিছিলো যে চাৰি বা পাঁচ বছৰৰ বয়সতেই চমূৱেলে যিহোৱাৰ গৃহত সেৱা কৰিবলৈ গৈছিল। গতিকে তোমাৰ বয়স যিমানেই নহওক কিয়, তুমিও যিহোৱাক সেৱা কৰিব পাৰিবা।
আমি সকলোৱে যীচু খ্ৰীষ্টক অনুকৰণ কৰা উচিত। এই কিতাপখনৰ ৮৭ নম্বৰৰ কাহিনীটোত আমি শিকিছিলোঁ যে ১২ বছৰ বয়সত, যীচুয়ে মন্দিৰলৈ গৈ যিহোৱাৰ বিষয়ে আনৰ আগত ঘোষণা কৰিছিল। আমিও তেওঁৰ উদাহৰণ অনুকৰণ কৰিবলৈ চেষ্টা কৰা উচিত। আমি যিমান পাৰোঁ সিমান যিহোৱা ঈশ্বৰ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ বিষয়ে আনক জনোৱা উচিত। যদি আমি এই সকলো কাৰ্য্য কৰোঁ, তেনেহʼলে এই পৃথিৱীত হʼবলগীয়া নতুন প্ৰমোদবনত আমি অনন্ত জীৱন জীয়াই থাকিব পাৰিম।
যোহন ১৭:৩; গীতমালা ১৪৫:১-২১.