ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • kl পৃষ্ঠা ৬২-৬৯
  • মানৱজাতিক উদ্ধাৰৰ বাবে ঈশ্বৰে কি কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মানৱজাতিক উদ্ধাৰৰ বাবে ঈশ্বৰে কি কৰিলে
  • জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • এক বিশেষ উদ্দেশ্যৰ বাবে মনোনীত
  • মচীহ কিয় মৃত্যুবৰণ কৰে
  • কেনেকৈ মুক্তিপণ দিয়া হৈছিল
  • খ্ৰীষ্টৰ মুক্তিপণ আৰু আপুনি
  • মুক্তিপণ—ঈশ্বৰৰ এক মহান উপহাৰ
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • মুক্তিপণ—ঈশ্বৰৰ এক মহান উপহাৰ
    বাইবেলে আমাক কি শিকায়?
  • খ্ৰীষ্টৰ মুক্তিস্বৰূপ মূল্য হৈছে ঈশ্বৰৰ দ্বাৰা প্ৰবন্ধ কৰা পথ
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • যীচুৰ বলিদানৰ প্ৰতি সদায় কৃতজ্ঞ হওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
আৰু চাওক
জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
kl পৃষ্ঠা ৬২-৬৯

অধ্যায় ৭

মানৱজাতিক উদ্ধাৰৰ বাবে ঈশ্বৰে কি কৰিলে

প্ৰায় ২,০০০বছৰৰ আগতে, বসন্ত কালৰ এক দুপৰীয়া, এজন ৰোমান সেনাপতিয়ে তিনিজন ব্যক্তিৰ লাহে লাহে যন্ত্ৰণাদায়ক মৃত্যু হোৱা দেখিছিল। সেই সেনাপতিয়ে তেওঁলোকৰে এজনক বিশেষভাৱে লক্ষ্য কৰিছিল​—⁠যীচু খ্ৰীষ্টক। যীচুক কাঠত আঁৰি গজালেৰে বিন্ধা হৈছিল। তেওঁৰ মৃত্যুৰ সময়ত ভৰদুপৰীয়া আকাশখন আন্ধাৰ হৈছিল। যেতিয়া তেওঁ মৃত্যু হৈছিল, পৃথিৱীত অতি জোৰেৰে ভূমিকম্প হৈছিল আৰু সেনাপতিজনে আটাহ পাৰি কৈছিল: “এই মানুহজন স্বৰুপেই ঈশ্বৰৰ পুত্ৰ।”​—⁠মাৰ্ক ১৫:⁠৩৯.

২ ঈশ্বৰৰ পুত্ৰ! সেনাপতিজনৰ কথা সত্য আছিল। এইমাত্ৰ তেওঁ পৃথিবীত ওপৰত কেতিয়াবা ঘটিবলগীয়া অতি গুৰুত্বপূৰ্ণ ঘটনাৰ সাক্ষী দিছিল। এই ঘটনাসমূহৰ আগতে, ঈশ্বৰে নিজেই যীচুক তেওঁৰ প্ৰিয় পুত্ৰ বুলি কৈছিল। (মথি ৩:১৭; ১৭:⁠৫) যিহোৱাই কিয় তেওঁৰ পুত্ৰক মৰিবলৈ অনুমতি দিছিল? কাৰণ, এইটোৱেই আছিল মানৱজাতিক পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ ঈশ্বৰৰ ব্যৱস্থা।

এক বিশেষ উদ্দেশ্যৰ বাবে মনোনীত

৩ যীচুৰ মানৱপূৰ্ব্ব অস্তিত্বৰ বিষয়ে আমি এই কিতাপৰ পৰা আগতে শিকিলো। তেওঁক ঈশ্বৰৰ ‘একমাত্ৰ প্ৰিয়-পুত্ৰ’ বুলি কোৱা হয় কিয়নো যিহোৱাই তেওঁক পোনপটীয়াকৈ সৃষ্টি কৰিছিল। তাৰ পাছত ঈশ্বৰে যীচুক অন্য সকলোবোৰ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰিছিল। (যোহন ৩:১৮; কলচীয়া ১:১৬) মানৱজাতিক যীচুৱে বিশেষভাৱে ভাল পাইছিল। (হিতোপদেশ ৮:​৩০, ৩১) আচৰিত হোৱাৰ কোনো কাৰণ নাই যে যেতিয়া মানৱজাতিয়ে মৃত্যুৰ দণ্ডজ্ঞাত পৰিল, যিহোৱাই তেওঁৰ একমাত্ৰ-প্ৰিয় পুত্ৰক এক বিশেষ উদ্দেশ্যৰ বাবে বাছি লৈছিল!

৪ এদন বাগিচাত আদম, হৱা আৰু চয়তানক ন্যায়ৰ দন্ডজ্ঞা ঘোষণাৰ সময়ত, ঈশ্বৰে ভৱিষ্যতৰ উদ্ধাৰকৰ্ত্তাক “বংশ” ৰূপে উল্লেখ কৰিছিল। সেই বংশ বা বংশধৰে, দিয়াবল চয়তান, যি “সেই পুৰণি সাপে” উৎপন্ন কৰা ভয়ঙ্কৰ বেয়া পৰিস্থিতিবোৰক আতঁৰাবলৈ আহিব লগিয়া আছিল। দৰাচলতে, সেই প্ৰতিজ্ঞাত বংশই চয়তান আৰু তাৰ অনুগামীসকলক বিনষ্ট কৰিব।​—⁠আদিপুস্তক ৩:১৫; ১ যোহন ৩:৮; প্ৰকাশিত বাক্য ১২:⁠৯.

৫ বহু শতাব্দী ধৰি, লাহে লাহে ঈশ্বৰে সেই বংশ, যাক মচীহ বুলি কোৱা হয় তাৰ বিষয়ে আৰু বেছি প্ৰকাশ কৰে। যিদৰে ৩৭ পৃষ্ঠাৰ তালিকাত উল্লেখ কৰাৰ দৰে বহুতো ভৱিষ্যতবাণী পৃথিবীত তেওঁৰ জীৱনৰ বিভিন্ন পৰিস্থিতিৰ বিষয়ে বৰ্ণনা দিছিল। উদাহৰণস্বৰূপে, ঈশ্বৰৰ উদ্দেশ্যত তেওঁৰ ভুমিকা সম্পন্ন কৰিবলৈ ভয়াবহ দুৰ্ব্যৱহাৰ সহ্য কৰিব লগীয়া হৈছিল।​—⁠যিচয়া ৫৩:​৩-৫.

মচীহ কিয় মৃত্যুবৰণ কৰে

৬ দানিয়েল ৯:​২৪-২৬ পদৰ লিখিত ভৱিষ্যতবাণীত কোৱা হৈছিল যে সেই মচীহ​—⁠ঈশ্বৰৰ অভিষেক জনাই​—⁠এক মহান উদ্দেশ্য পূৰ্ণ কৰিব। তেওঁ “অপৰাধ মোচন কৰিবলৈ, পাপ অন্ত কৰিবলৈ আৰু অধৰ্ম্মক প্ৰয়াশ্চিত কৰিবলৈ আৰু চিৰকলীয়া ধাৰ্ম্মিকতা স্থাপন কৰাবলৈ” পৃথিবীত আহিব। বিশ্বাসী মানৱজাতিৰ পৰা মচীহে মৃত্যুৰ দন্ডাজ্ঞা গুচাবলৈ আহিছিল। কিন্তু তেওঁ এইটো কেনেকৈ কৰিব? ভৱিষ্যতবাণীয়ে বৰ্ণনা কৰিছিল যে তেওঁক “উচ্ছন্ন কৰা হব,” বা তেওঁৰ মৃত্যু হব।

৭ প্ৰাচীন ইস্ৰায়েলসকলে অপৰাধৰ বাবে প্ৰয়াশ্চিত কৰা ধাৰণাৰ সৈতে পৰিচিত আছিল। ঈশ্বৰে মোচিৰ দ্বাৰাই দিয়া বিধানৰ মতে, তেওঁলোকে উপাসনাত নিয়মিতৰূপে পশু বলিদান উৎৰ্সগ কৰিছিল। এইবোৰে ইস্ৰায়েলজাতিক সোঁৱৰাই দিছিল যে মানুহৰ পাপ সমূহৰ প্ৰয়াশ্চিতৰ কাৰণে আৰু কিছু আৱশ্যক। পাঁচনি পৌলে এই নীতিক এইদৰে বৰ্ণনা কৰিছিল: “তেজ উলিওৱা নহলে, পাপ মোচন নহয়।” (ইব্ৰী ৯:২২) খ্ৰীষ্টীয়ানসকল মোচিৰ বিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা, যেনেকৈ বলিদানৰ অধীন নহয়। (ৰোমীয়া ১০:৪; কলচীয়া ২:​১৬, ১৭) তেওঁলোকে এইটোও জানে যে পশু বলিদানে কেতিয়াও স্থায়ী আৰু সম্পূৰ্ণৰূপে পাপ ক্ষমা কৰিব নোৱাৰে। তাৰ পৰিবৰ্ত্তে, এই বলিদানৰূপী উৎসৰ্গতকৈও অতি মূল্যবান বলিদানৰ পূৰ্বাভাস দিছিল আৰু সেইটো আছিল​—⁠মচীহ বা খ্ৰীষ্টৰ বলিদান। (ইব্ৰী ১০:​৪, ১০; গালাতীয়া ৩:২৪ তুলনা কৰক।) তথাপি, আপুনি সুধিব পাৰে, ‘মচীহ, মৃত্যু হোৱাটো সচাঁকৈ আৱশ্যক আছিল নে?’

৮ হয়, যদি মানৱজাতিক উদ্ধাৰ কৰিবলৈ হয় তেনেহলে মচীহক মৃত্যুবৰণ কৰিব লাগিব। ইয়াৰ কাৰণ বুজিবলৈ আমি এদন বাগিছাক মনত পেলোৱা দৰকাৰ, যেতিয়া আদম আৰু হৱাই ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি যিটো হেৰুৱালে তাৰ গুৰুত্বক উপলব্ধি কৰিব লাগিব। অনন্ত কালৰ জীৱন তেওঁলোকৰ সন্মুখত আছিল! ঈশ্বৰৰ সন্তানৰূপে, তেওঁলোকে তেওঁৰ সৈতে পোনপতীয়া সৰ্ম্পক উপভোগ কৰিছিল। কিন্তু যেতিয়া তেওঁলোকে যিহোৱাৰ শাসনক অমান্য কৰিলে, তেওঁলোকে সেই সকলোবোৰ হেৰুৱালে আৰু মানৱজাতিলৈ পাপ আৰু মৃত্যু আনিছিল।​—⁠ৰোমীয়া ৫:⁠১২.

৯ এইটো এনেদৰে যে আমাৰ প্ৰথম পিতৃ-মাতৃয়ে বহু ধন-সম্পত্তি খৰচ কৰি নিজকে ধাৰত পোত খোৱালে। আদম আৰু হৱায়ে সেই ধাৰ তেওঁলোকৰ সন্তান-সন্ততিবিলাকলৈ হস্থান্তৰিত কৰি দিলে। কাৰণ আমি সিদ্ধ আৰু পাপমুক্ত হৈ জন্মগ্ৰহণ কৰা নাই, যাৰ বাবে আমি প্ৰত্যেকে পাপী আৰু আমাৰ মৃত্যু হয়। যেতিয়া আমাৰ বেমাৰ হয় বা হৃদয়ত দুখ লগা কথা কওঁ, যিটো কেতিয়াবা ইচ্ছা হয় যে পাৰিলে সিবিলাক আমি ঘুৰাই লম, তেতিয়া আমি উত্তৰাধিকাৰী হিচাবে পোৱা ধাৰ​—⁠মানৱজাতি অসিদ্ধতাৰ​—⁠প্ৰভাৱক অনুভৱ কৰো। (ৰোমীয়া ৭:​২১-২৫) আমাৰ একমাত্ৰ আশা যিটো আদমে হেৰুৱালে তাক পুনৰ উদ্ধাৰ কৰা। কিয়নো, আমি সিদ্ধ মানৱ জীৱন লাভ কৰিব নোৱাৰো। যিহেতু সকলো অসিদ্ধ মানৱে পাপ কৰে, সকলোৱে মৃত্যুক লাভ কৰে, জীৱন নহয়।​—⁠ৰোমীয়া ৬:⁠২৩.

১০ তথাপি, জীৱনৰ পৰিবৰ্ত্তে অন্য কিবা বস্তু দিব পৰা গʼলহেঁতেন নে যিটো আদমে হেৰুৱালে? ঈশ্বৰৰ ন্যায় মানদণ্ডৰ ভাৰসাম্যই দাবী কৰে, “প্ৰাণৰ সলনি প্ৰাণ।” (যাত্ৰাপুস্তক ২১:২৩) সেয়েহে জীৱন যিটো হেৰুৱালে তাৰ ঋণ পৰিশোধৰ বাবে আন এটা জীৱনৰ উৎসৰ্গ কৰাৰ প্ৰয়োজন আছিল। কোনো মানৱ জীৱনৰ যথেষ্ট নাছিল। গীতমালা ৪৯:​৭, ৮ পদত অসিদ্ধ মানুহৰ বিষয়ে কৈছে: “সিহঁতৰ ভিতৰৰ কোনো এজনেও নিজ ভাইক কোনো প্ৰকাৰে মুক্ত কৰিব নোৱাৰিব, বা ভাই সদায় জীয়াই থাকিবৰ নিমিত্তে, (নাইবা ক্ষয়ন্থান নেদেখিবৰ নিমিত্তে, তাৰ সলনি প্ৰায়শ্চিত্তৰ মূল্য ঈশ্বৰক দিব নোৱাৰিব)।” তেনেহলে পৰিস্থিতি আশাহীন নে? নিশ্চয় নহয়।

১১ হিব্ৰু ভাষাত, “মুক্তিপণ” শব্দৰ অৰ্থ এটা দাসত্বৰ পৰা মুক্তিৰ বাবে দিয়া কিছু ধনক বুজাই আৰু ইয়াক সমান্তৰাল অৰ্থতো প্ৰকাশ কৰে। আদমে যিটো হেৰুৱালে তাৰ সমমুল্যত একমাত্ৰ এজন সিদ্ধ মানুহে উসৎৰ্গ দিব পাৰে যাৰ সেই মানৱ জীৱন সিদ্ধ। আদমৰ পাছত, একমাত্ৰ সিদ্ধৰূপে পৃথিবীত জন্মগ্ৰহণ কৰা ব্যক্তি হৈছে যীচু খ্ৰীষ্ট। সেইবাবে, বাইবেলে যীচুক “শেষৰ আদম” বুলি কৈছে আৰু আমাক আশ্বাস দিয়ে যে খ্ৰীষ্টই “সকলোৰে নিমিত্তে মুক্তিৰ মূল্যস্বৰূপে নিজকে দান কৰিলে।” (১ কৰিন্থীয়া ১৫:৪৫; ১ তীমথিয় ২:​৫, ৬) যিদৰে আদমে তেওঁৰ সন্তানসকলক মৃত্যু দিলে, তেনেকৈ যীচুৱে অনন্ত জীৱন দিলে। প্ৰথম কৰিন্থীয়া ১৫:২২ পদত ব্যাখ্যা কৰিছে: “আদমত যেনেকৈ সকলো মৰে, তেনেকৈ খ্ৰীষ্টত সকলোকে জীউৱা হব।” উপযুক্তৰূপে, সেয়েহে যীচুক “অনন্তকালস্থায়ী পিতৃ” বুলি কোৱা হয়।​—⁠যিচয়া ৯:​৬, ৭.

কেনেকৈ মুক্তিপণ দিয়া হৈছিল

১২ সাধাৰণ যুগ ২৯ চনৰ শৰৎকালত, যীচুৱে ঈশ্বৰৰ ইচ্ছা মতে নিজকে প্ৰস্তুত কৰিবলৈ তেওঁৰ সম্বন্ধীয় যোহনৰ ওচৰত বাপ্তিস্মা লবলৈ গৈছিল। সেই সময়ত যিহোৱাই যীচুক পবিত্ৰ আত্মাৰে অভিষেক কৰিছিল। তেতিয়া যীচু মচীহ, বা খ্ৰীষ্ট হʼল, অৰ্থাৎ তেওঁ ঈশ্বৰৰ দ্বাৰা অভিষেক জনা হʼল। (মথি ৩:​১৬, ১৭) তেতিয়া যীচুৱে তেওঁৰ চাৰে তিনি বছৰৰ পৰিচাৰ্য্য কাম আৰম্ভ কৰিছিল। তেওঁ স্বদেশ ভ্ৰমণ কৰি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিলে আৰু বিশ্বাসী অনুগামীসকলক একত্ৰিত কৰিলে। যিহেতু, পুৰ্বতে কোৱাৰ দৰে অতি সোনকালে তেওঁৰ প্ৰতি বিৰুদ্ধীকাৰী বাঢ়িবলৈ ধৰিছিল।​—⁠গীতমালা ১১৮:২২; পাঁচনিৰ কৰ্ম্ম ৪:​৮-১১.

১৩ যীচুৱে সাহসৰে ধাৰ্ম্মিক নেতাসকলৰ ভণ্ডামিৰ উদঙাই দিছিল আৰু সিহঁতে তেওঁক মাৰিবলৈ উঠি পৰি লাগিল। শেষত তেওঁলোকে জঘন্য বিশ্বাসঘাতকতাৰে ষড়যন্ত্ৰ কৰি অনুচিতৰূপে আটক, বে-আইনী বিচাৰ আৰু ৰাজদ্ৰোহ বুলি মিছা অভিযোগ ৰচিলে। যীচুক অত্যাচাৰ কৰি থুৱাই, ঠাট্টা কৰা হৈছিল আৰু চাবোকেৰে কোবোৱা হৈছিল যিটো তেওঁৰ দেহৰ মঙহ ফালিবলৈ বিষেশভাৱে বনোৱা হৈছিল। ৰোমান শাসনকৰ্তা পুনতিয়াচ পীলাতে যাতনা স্তম্ভত তেওঁৰ মৃত্যদণ্ড ঘোষণা কৰিছিল। তেওঁক কাঠৰ খুটাত গজালেৰে বিন্ধি আৰু থিয় কৰি অৰাঁ হʼল। প্ৰতিটো উশাহ লওঁতে নিদাৰণ যন্ত্ৰণাদায়ক হৈছিল আৰু তেওঁক মৰিবলৈ কেইবাঘন্টাও লাগিছিল। এই কঠোৰ পৰীক্ষাত যীচুৱে ঈশ্বৰৰ প্ৰতি সিদ্ধ নিষ্ঠা বজাই ৰাখিলে।

১৪ এইদৰে, সা.যু. ৩৩ বছৰৰ নীচান ১৪ তাৰিখে, যীচুৱে “সকলোৰে নিমিত্তে মুক্তিৰ মূল্যস্বৰূপে” নিজকে দান কৰিলে। (মাৰ্ক ১০:৪৫; ১ তীমথিয় ২:​৫, ৬) স্বৰ্গৰ পৰা, যিহোৱাই তেওঁৰ প্ৰিয় পুত্ৰৰ যন্ত্ৰণা আৰু মৃত্যুক চাই আছিল। ঈশ্বৰে কিয় এই ভয়ঙ্কৰ ঘটনা হবলৈ অনুমতি দিছিল? এইটো এইবাবে হবলৈ দিছিল কাৰণ তেওঁ মানৱজাতিক প্ৰেম কৰে। যীচুৱে কৈছিল: “ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়।” (যোহন ৩:১৬) যীচুৰ মৃত্যুৱে আমাক এইটোও শিকাই যে যিহোৱা এজন ন্যায়ী ঈশ্বৰ। (দ্বিতীয় বিবৰণ ৩২:⁠৪) কিছুমানে আচৰিত হব পাৰে যে ঈশ্বৰে তেওঁৰ ন্যাসসঙ্গত নীতি যিটো প্ৰাণৰ সলনি প্ৰাণহে বিচাৰে তাক কিয় ত্যাগ নকৰিলে আৰু আদমৰ পাপপূৰ্ণ পথৰ মূল্যক কিয় অগ্ৰাহ্য নকৰিলে। কাৰণ, যিহোৱাই আনকি অধিক মূল্য দিলেও সদায় নিজৰ বিধানক পালন কৰা আৰু সমৰ্থন কৰাত লাগি থাকে।

১৫ যিহোৱাৰ ন্যায়ে এইটোও বিচাৰে যে যীচুৰ মৃত্যুৰ পৰিণাম সুখী হওঁক। অৱেশেষত, কি সেই ন্যায়ে বিশ্বাসী যীচুক মৃত্যুত সদায় দিনৰ বাবে শুই থাকিবলৈ অনুমতি দিলেনে? কেতিয়াও নিদিলে! ইব্ৰী শাস্ত্ৰৰ ভৱিষ্যতবাণীত কৈছে যে ঈশ্বৰৰ পবিত্ৰ জনাক কেতিয়াও কবৰত থাকিবলৈ নিদিয়ে। (গীতমালা ১৬:১০; পাঁচনিৰ কৰ্ম্ম ১৩:৩৫) তেওঁ মৃত্যুত তিনিদিনৰ এটা অংশ হিচাবে শুই আছিল আৰু যিহোৱা ঈশ্বৰে তেওঁক শক্তিশালী আত্মিক প্ৰাণীৰূপে পুনৰুত্থান কৰিছিল।​—⁠১ পিতৰ ৩:⁠১৮.

১৬ মৃত্যুত, যীচুৱে তেওঁৰ মানৱ জীৱন চিৰদিনৰ বাবে সমৰ্পণ কৰিলে। স্বৰ্গীয় জীৱনৰ বাবে উঠোৱাৰ সময়ত, তেওঁ জীৱন-দায়ী আত্মা হʼল। ইয়াৰ উপৰিও, যেতিয়া যীচুৱে বিশ্বৰ অতি পবিত্ৰ স্থানত উঠি গʼল, তেওঁৰ মৰমীয়াল পিতৃৰ সৈতে আকৌ একত্ৰিক হৈছিল আৰু সিদ্ধ মানৱ জীৱনৰ মূল্য আনুষ্ঠানিকভাৱে তেওঁক প্ৰদান কৰিছিল। (ইব্ৰী ৯:​২৩-২৮) সেই মূল্যবান মহান জীৱন যাতে আজ্ঞাকাৰী মানৱৰ প্ৰতি ব্যৱহাৰ কৰিব পাৰে। ই আপোনাৰ বাবে কি বুজায়?

খ্ৰীষ্টৰ মুক্তিপণ আৰু আপুনি

১৭ তিনি প্ৰকাৰে যীচুৰ মুক্তিপণ বলিদানক বিবেচনা কৰক, যাৰ দ্বাৰা আপুনি এতিয়াও লাভৱান হৈছে। প্ৰথমে, ইয়াৰ দ্বাৰাই পাপ ক্ষমা পাব পাৰি। যীচুৱে দিয়া তেজত বিশ্বাসৰ যোগেদি আমি “তেজৰ দ্বাৰাই মুক্তি” পালো, “অপৰাধবোৰ মোচন” লভিলো। (ইফিচিয়া ১:⁠৭) আমি যদিও গম্ভীৰ পাপ কৰো, যীচুৰ নামেৰে ঈশ্বৰক ক্ষমা বিচাৰিব পাৰো। যদি আমি সচাঁকৈ অনুতাপ কৰো, যিহোৱাই তেওঁৰ পুত্ৰৰ মুক্তিপণ বলিদানৰ মূল্যক আমালৈ প্ৰয়োগ কৰে। ঈশ্বৰে আমাক ক্ষমা কৰে, পাপ কৰা দ্বাৰাই আমি নিজৰ ওপৰত অনা মৃত্যুদণ্ডৰ পৰিবৰ্ত্তে ঈশ্বৰে আমাক ভাল বিবেকৰ বাবে আশীৰ্ব্বাদ কৰে।​—⁠পাঁচনিৰ কৰ্ম্ম ৩:১৯; ১ পিতৰ ৩:⁠২১.

১৮ দ্বিতীয়তে, যীচুৰ মুক্তিপণ বলিদানে আমাৰ ভৱিষ্যতৰ আশাৰ ভিত্তি প্ৰদান কৰে। দৰ্শনত, পাঁচনি যোহনে দেখিছিল যে আহিবলগীয়া মহা-ক্লেশত এই ৰীতি-ব্যৱস্থাৰ অন্তত “কোনেও গণিব নোৱাৰা এক বৰ লোকসমূহ” বাছি যাব। তেওঁলোক কিয় বাচিব যেতিয়া ঈশ্বৰে অন্য বহুত লোকক ধ্বংস কৰিব? স্বৰ্গদূতে যোহনক কৈছিল যে সেই বৰ লোকসমূহে যীচুখ্ৰীষ্টৰ অৰ্থাৎ “মেৰ পোৱালিৰ তেজেৰে নিজ নিজ বস্ত্ৰ ধুই বগা কৰিলে।” (প্ৰকাশিত বাক্য ৭:​৯, ১৪) যেতিয়ালৈকে আমি যীচুৱে দিয়া তেজত বিশ্বাস কৰো আৰু ঐশ্বৰিক শিক্ষাৰ লগত মিল ৰাখি জীৱন ধাৰণ কৰো, আমি ঈশ্বৰৰ দৃষ্টিত শুদ্ধ হয় থাকিব পাৰিম আৰু আমাৰ বাবে অনন্ত জীৱনৰ আশা থাকিব।

১৯ তৃতীয়তে, মুক্তিপণ বলিদানে যিহোৱাৰ প্ৰেমৰ চুড়ান্ত প্ৰমাণ দিয়ে। পৃথিবীৰ বুৰঞ্জীত যীচুৰ মৃত্যুৱে দুটা সৰ্ব্বশ্ৰেষ্ঠ প্ৰেমক বাস্তৱত পৰিণত কৰিলে: (১) ঈশ্বৰৰ প্ৰেমে নিজৰ পুত্ৰক আমাৰ হৈ মৰিব পঠালে; (২) মুক্তিপণৰ বাবে নিজকে স্বইচ্ছাৰে উৎসৰ্গ কৰা যীচুৰ প্ৰেম। (যোহন ১৫:১৩; ৰোমীয়া ৫:⁠৮) যদি আমি সচাঁকৈ বিশ্বাস ৰাখো, এই প্ৰেম আমি প্ৰত্যেকে ইজনে আনজনলৈ দেখাব পাৰো। পাঁচনি পৌলে কৈছিল: “মোক প্ৰেম কৰা আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰা ঈশ্বৰৰ পুত্ৰ।”​—⁠গালাতীয়া ২:২০; ইব্ৰী ২:৯; ১ যোহন ৪:​৯, ১০.

২০ সেইবাবে, আহক আমি যীচুৰ মুক্তিপণ বলিদানত বিশ্বাসৰ দ্বাৰাই ঈশ্বৰে আৰু খ্ৰীষ্টই দেখুৱা প্ৰেমক আমি কৃতজ্ঞতা দেখুৱাওহঁক। এই কাৰ্য্যই আমাক অনন্ত জীৱনলৈ লৈ যাব। (যোহন ৩:৩৬) তথাপি, আমাৰ বাবে উদ্ধাৰৰ এই পৃথিবীত যীচুৰ জীৱন আৰু মৃত্যু সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰণ নহয়। নহয়, তেওঁৰ প্ৰাথমিক চিন্তাৰ আটাইতকৈ মহান বিচাৰ্য্য আছিল সাৰ্বজনিক বিষয়ত। যেনেকৈ আমি পৰবৰ্ত্তী অধ্যায়ত দেখিবলৈ পাম, যি বিষয়ে আমাৰ সকলোৰে সৈতে সম্বন্ধ আছে, কাৰণ ই দেখুৱাই যে ঈশ্বৰে দুষ্টতা আৰু দুখ-কষ্ট এই জগতত ইমান সময়লৈকে কিয় অনুমতি দিছে।

আপোনাৰ জ্ঞান পৰীক্ষা কৰক

মানৱজাতিক উদ্ধাৰ কৰিবলৈ যীচুক কিয় মৃত্যু বৰণ কৰিবলগীয়া হʼল?

কেনেকৈ মুক্তিপণৰ মূল্য দিয়া হʼল?

আপুনি মুক্তিপণৰ পৰা কি ধৰণে লাভবান হব পাৰে?

[Study Questions]

১, ২. (ক) ৰোমান সেনাপতিজনে কেনেকৈ জানিলে যে ঈশ্বৰৰ পুত্ৰ কোন? (খ) যিহোৱাই যীচুক মৰিবলৈ কিয় অনুমতি দিছিল?

৩. এইটো কিয় উপযুক্ত আছিল যে মানৱজাতিৰ সমন্ধে এক বিশেষ উদ্দেশ্যৰ বাবে ঈশ্বৰে তেওঁৰ একমাত্ৰ প্ৰিয় পুত্ৰক বাছি লৈছিল?

৪, ৫. যীচু পৃথিবীত অহাৰ পূৰ্ব্বেই, বাইবেলে মচীহৰ বংশ বিষয়ে কি প্ৰকাশ কৰিছিল?

৬. দানিয়েল ৯:​২৪-২৬ পদৰ মতে, মচীহে কি সম্পন্ন কৰিছিল আৰু কেনেকৈ?

৭. যিহুদীসকলে কিয় পশু বলিদান দিছিল আৰু এইবোৰে কি কথাৰ পূৰ্বাভাস দিছিল?

৮, ৯. কি মূল্যবান বস্তু আদম আৰু হৱায়ে হেৰুৱালে আৰু কেনেকৈ তেওঁলোকৰ কাৰ্য্যই তেওঁলোকৰ বংশত প্ৰভাৱ পেলালে?

১০. যিটো আদমে হেৰুৱালে তাক ওভটাই পাবলৈ কিহৰ প্ৰযোজন আছিল?

১১. (ক) হিব্ৰু ভাষাত “মুক্তিপণ” শব্দৰ অৰ্থ কি? (খ) কোনে একমাত্ৰ মানৱজাতিক মুক্ত কৰিবলৈ পাৰিব আৰু কিয়?

১২. যীচু কেতিয়া মচীহ হৈছিল আৰু তাৰ পাছত তেওঁ কেনেধৰণৰ জীৱন-প্ৰণালী গ্ৰহণ কৰিছিল?

১৩. কি ঘটনাই এজন নিষ্ঠাবান ব্যক্তিৰূপে যীচুক মৃত্যুলৈ লৈ গৈছিল?

১৪. ঈশ্বৰে কিয় তেওঁৰ পুত্ৰক যন্ত্ৰণাত ভুগি মৰিবলৈ অনুমতি দিছিল?

১৫. যিহেতু যীচুৰ অস্তিত্বক স্থায়ীৰূপে শেষ হবলৈ দিয়াটো অন্যায় হলেহেঁতেন ভাবি যিহোৱাই তেওঁক কি কৰিছিল?

১৬. স্বৰ্গলৈ ঘুৰি গৈ যীচুৱে কি কৰিছিল?

১৭. যীচুৰ মুক্তিপণ বলিদানৰ ভিত্তিত আমি কেনেকৈ ক্ষমাৰ সুযোগ গ্ৰহণ কৰিব পাৰো?

১৮. যীচুৰ বলিদানে আমাক কেনে ধৰণৰ আশা প্ৰদান কৰে?

১৯. খ্ৰীষ্টৰ বলিদানে কেনেকৈ প্ৰমাণ কৰে যে তেওঁ আৰু তেওঁৰ পিতৃয়ে আপোনাক প্ৰেম কৰে?

২০. আমি কিয় যীচুৰ মুক্তিস্বৰূপ বলিদানত বিশ্বাস কৰা উচিত?

[Full-page picture on page 67]

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক