ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • rq পাঠ ২ পৃষ্ঠা ৪-৫
  • ঈশ্বৰ কোন?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰ কোন?
  • ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • মিল থকা বিষয়
  • ঈশ্বৰ কোন হয়?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • ঈশ্বৰ কোন?
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • সত্য ঈশ্বৰ কোন?
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • ঈশ্বৰ কোন হয়?
    বাইবেলে আমাক কি শিকায়?
আৰু চাওক
ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
rq পাঠ ২ পৃষ্ঠা ৪-৫

পাঠ ২

ঈশ্বৰ কোন?

সত্য ঈশ্বৰ কোন, আৰু তেওঁৰ নাম কি? (১, ২)

তেওঁৰ কেনে ধৰণৰ শৰীৰ আছে? (৩)

তেওঁৰ প্ৰখ্যাত গুণবোৰ কি কি? (৪)

আমি তেওঁক উপাসনা কৰিবলৈ মুৰ্ত্তি বা চিন্হ ব্যৱহাৰ কৰা উচিত নে? (৫)

কি দুই প্ৰকাৰে আমি ঈশ্বৰৰ বিষয়ে শিকিব পাৰোঁ? (৬)

১. মানুহে বহুতো বস্তুৰ উপাসনা কৰে। কিন্তু বাইবেল আমাক কয় যে কেৱল এজনহে সত্য ঈশ্বৰ আছে। তেওঁ স্বৰ্গত আৰু পৃথিবীত থকা সকলো বস্তু সৃষ্টি কৰিলে। কাৰণ তেৱেই আমাক জীৱন দিলে, কেৱল তেওঁকহে আমি উপাসনা কৰিব লাগে।—১ কৰিন্থীয়া ৮:৫, ৬; প্ৰকাশিত বাক্য ৪:১১।

২. ঈশ্বৰৰ বহুতো উপাধি আছে কিন্তু নাম মাত্ৰ এটাহে। সেই নামটো হৈছে যিহোৱা। বেছিভাগে বাইবেলত ঈশ্বৰৰ নাম সলনি কৰি, তাৰ ঠাইত প্ৰভু বা ঈশ্বৰ ৰাখিছে। কিন্তু যেতিয়া বাইবেল লিখিছিল তেতিয়া যিহোৱাৰ নাম প্ৰায় ৭০০০ বাৰ উল্লেখ কৰা হৈছিল।—যাত্ৰাপুস্তক ৩:১৫; গীতমালা ৮৩:১৮।

৩. যিহোৱাৰ এটা শৰীৰ আছে, কিন্তু আমাৰ নিচিনা নহয়। বাইবেলত কৈছে যে “ঈশ্বৰ আত্মা”। (যোহন ৪:২৪) আত্মা এটা জীৱনৰ আকাৰ আমাতকৈও বহুত উচ্চস্তৰত। কোনো মানুহে ঈশ্বৰক কেতিয়াও দেখা নাই। যিহোৱাই স্বৰ্গত বাস কৰে, কিন্তু তেওঁ সকলো বস্তুৰ ওপৰত দৃষ্টি ৰাখিব পাৰে। (গীতমালা ১১:৪, ৫; যোহন ১ :১৮) পবিত্ৰ আত্মা কি ? ই ঈশ্বৰৰ নিচিনা ব্যক্তি নহয়। বৰঞ্চ, ঈশ্বৰৰ ই এটা সকৰ্ম্মক শক্তি।—গীতমালা ১০৪:৩০।

৪. বাইবেলে আমাক যিহোৱাৰ ব্যত্তিত্বক প্ৰকাশ কৰে। ই আমাক দেখুৱাই যে তেওঁৰ প্ৰখ্যাত গুণবোৰ প্ৰেম, ন্যায়, জ্ঞান, আৰু পৰাক্ৰম। (দ্বিতীয় বিবৰণ ৩২:৪; ইয়োব ১২:১৩; যিচয়া ৪০:২৬; ১ যোহন ৪:৮) বাইবেলে ইয়াকো কৈছে যে তেওঁ কৃপালু, দয়ালু, ক্ষমাশীল, উদাৰ, আৰু সহনশীল। আমি তেওঁৰ আজ্ঞাকাৰী সন্তানৰ নিচিনা, গতিকে তেওঁক অনুকৰণ কৰিবলৈ চেষ্টা কৰিব লাগে।—ইফিচীয়া ৫:১, ২।

৫. আমি উপাসনাত কোনো প্ৰকাৰৰ মূৰ্ত্তি, ফটো বা চিন্হক মূৰ দোঁৱা বা প্ৰাৰ্থনা কৰা উচিত নে? নহয়! (যাত্ৰাপুস্তক ২০:৪, ৫) যিহোৱাই কৈছে যে আমি কেৱল তেওঁকহে উপসনা কৰা উচিত। তেওঁ নিজৰ গৌৰব আনক বা কোনো বস্তুক নিদিয়ে। মূৰ্ত্তিবিলাকৰ আমাক সহায় কৰিবলৈ কোনো শক্তি নাই।—গীতমালা ১১৫:৪-৮; যিচয়া ৪২:৮।

৬. আমি কেনেকৈ ঈশ্বৰক ভালদৰে জানিব পাৰোঁ? একপ্ৰকাৰে তেওঁৰ সৃষ্টিবিলাকক পৰ্য্যবেক্ষন কৰি আৰু সিহঁতে আমালৈ কি কয় এই বিষয়ে দকৈ চিন্তা কৰক। ঈশ্বৰৰ সৃষ্টিবিলাকে আমাক দেখুৱাই যে তেওঁ কিমান পৰাক্ৰমী আৰু বুদ্ধিমান। তেওঁ সৃষ্টি কৰা সকলো বস্তুৰ পৰা তেওঁৰ প্ৰেম আমালৈ প্ৰকাশিত হয়। (গীতমালা ১৯:১-৬; ৰোমীয়া ১:২০) অন্যপ্ৰকাৰে, বাইবেল অধ্যয়নৰ দ্বাৰা আমি ঈশ্বৰৰ বিষয়ে শিকিব পাৰোঁ। ইয়াত তেওঁ বহুবাৰ আমাক কৈছে যে তেওঁ কেনেকুৱা ঈশ্বৰ। তেওঁ এইটোও কৈছে যে তেওঁৰ উদ্দেশ্য কি আৰু তেওঁ আমাৰ পৰা কি বিচাৰে।—আমোচ ৩:৭; ২ তীমথিয় ৩:১৬, ১৭।

[পৃষ্ঠাৰ ক্যাপ্‌শন ৫]

আমি ঈশ্বৰৰ বিষয়ে তেওঁৰ সৃষ্টি আৰু বাইবেলৰ পৰা শিকিব পাৰোঁ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক