ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • rq পাঠ ৬ পৃষ্ঠা ১২-১৩
  • ঈশ্বৰৰ ৰাজ্য কি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ ৰাজ্য কি?
  • ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • মিল থকা বিষয়
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে আমাক কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • ঈশ্বৰৰ ৰাজ্যই শাসন কৰে
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
আৰু চাওক
ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
rq পাঠ ৬ পৃষ্ঠা ১২-১৩

পাঠ ৬

ঈশ্বৰৰ ৰাজ্য কি?

ঈশ্বৰৰ ৰাজ্য কʼত অৱস্থিত? (১) ইয়াৰ ৰজা কোন? (২)

ৰজাৰ সৈতে শাসন কৰিবলৈ আনবিলাকেও ভাগ লব নে? যদি লব কিমান জনে? (৩)

কিহে দেখায় যে আমি শেষ কালত জীয়াই আছোঁ? (৪)

ভবিষ্যতে ঈশ্বৰৰ ৰাজ্যই মানৱজাতিৰ কাৰণে কি কৰিব? (৫-৭)

১. যেতিয়া যীচুৱে পৃথিবীত আছিল, তেওঁ অনুকৰণ কৰাবিলাকক ঈশ্বৰৰ ৰাজ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। এখন ৰাজ্য মানে এটা চৰকাৰ যাৰ মূৰবী এজন ৰজাৰ দ্বাৰাই হয়। ঈশ্বৰৰ ৰাজ্য এক বিশেষ চৰকাৰ। ইয়াক স্বৰ্গত স্থাপিত কৰা হৈছে আৰু ই সমূদায় পৃথিবীৰ ওপৰত শাসন কৰিব। ই ঈশ্বৰৰ নাম পবিত্ৰকৰণ বা শুদ্ধ কৰিব। ই যেনেদৰে স্বৰ্গত তেনেকুৱা পৃথিবীতো ঈশ্বৰৰ ইচ্ছা পূৰ্ণ কৰিব।—মথি ৬:৯, ১০।

২. ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে তেওঁৰ ৰাজ্যত যীচু খ্ৰীষ্ট ৰজা হব। (লুক১:৩০-৩৩) পৃথিবীত থকা সময়ত যীচুৱে প্ৰমাণ কৰি দেখুৱালে যে তেওঁ এজন দয়ালু ধাৰ্ম্মিক আৰু নিপুণ শাসনকৰ্তা হব পাৰিব। যেতিয়া তেওঁ স্বৰ্গলৈ উভতি গʼল, ঠিক তেতিয়াই তেওঁক ঈশ্বৰৰ ৰাজ্যৰ ৰজা নিয়ুক্তি কৰা নাছিল। (ইব্ৰী ১০:১২, ১৩) ১৯১৪ চনত, যিহোৱাই তেওঁক ক্ষমতা ভাৰ দিলে যেনেকৈ তেওঁ প্ৰতিজ্ঞা কৰিছিল। তেতিয়াৰ পৰা যীচুৱে যিহোৱাৰ নিযুক্তি ৰজা হিচাপে স্বৰ্গত শাসন কৰিব ধৰিলে।—দানিয়েল ৭:১৩, ১৪।

৩. পৃথিবীৰ পৰাও যিহোৱাই কিছুমান বিশ্বাসী পুৰুষ আৰু তিৰোতা স্বৰ্গত যাবলৈ বাচি লৈছে। তেওঁলোক যীচুৰ সৈতে ৰজা, বিচাৰকৰ্তা, আৰু পুৰোহিত হিচাবে মানুহৰ ওপৰত ৰাজত্ব কৰিব। (লুক ২২:২৮-৩০; প্ৰকাশিত বাক্য ৫:৯,১০) যীচুৱে তেওঁ ৰাজ্যৰ সহ-শাসনকৰ্তা বিলাকক “সৰু জাক” বুলি কৈছিল। তেওঁলোকৰ সংখ্যা ১,৪৪০০০।—লূক ১২:৩২; প্ৰকাশিত বাক্য ১৪:১-৩।

৪. যীচু ৰজা হোৱাৰ লগে লগে, তেওঁ চয়তান আৰু তাৰ দূত বিলাকক স্বৰ্গৰ পৰা বাহিৰ কৰিলে আৰু পৃথিবীলৈ পেলাই দিলে। সেইহেতুকে ১৯১৪ চনৰ পৰা পৃথিবীখন বহুত বেয়ালৈ পৰিণত হʼল। (প্ৰকাশিত বাক্য ১২:৯,১২) যুদ্ধ, আকাল, মহামাৰী, অন্যায়ৰ বৃদ্ধি পালে​—⁠এইবোৰ এটা “চিন্হ” অংশ ইয়াৰ পৰা এইটোৱে বুজাইছে যে যীচু খ্ৰীষ্টয়ে শাসন কৰিছে আৰু এই ৰীতি ব্যবস্থা শেষ কালত আছে।—মথি ২৪:৩,৭,৮,১২; লুক ২১:১০,১১; ২ তীমথিয় ৩:১-৫।

৫. অতিসোনকালে যীচুৱে সোধ-বিচাৰ কৰিব, যেনেকৈ ভেৰা ৰখীয়াই ভেৰা আৰু ছাগলীক পৃথক কৰে তেনেকৈ তেওঁলোককো পৃথক কৰিব। “ভেৰা” সেইসকল, যিবিলাকে নিজকে তেওঁৰ আজ্ঞাধীন হৈ চলি যাবলৈ প্ৰমাণ কৰিলে। তেওঁলোক এই পৃথিবীত অনন্ত কাল জীৱন প্ৰাপ্ত কৰিব। “ছাগলী” সেই সকল যিবিলাকে ঈশ্বৰৰ ৰাজ্যক অগ্ৰাহ্য কৰিলে। (মথি ২৫:৩১-৩৪,৪৬) ভবিষ্যতে যীচুৱে সকলো ছাগলী বৰ্গৰ লোকক ধ্বংস কৰিব। (২ থিচলনীকীয়া ১:৬-৯) যদি আপুনি যীচুৰ এজন ভেৰা বৰ্গৰ লোক হব বিচাৰে তেন্তে ৰাজ্যৰ বাৰ্ত্তা শুনি আৰু যি শিকিলে, সেইদৰে কৰ্ম্ম কৰা উচিত।—মথি ২৪: ১৪।

৬. বৰ্ত্তমান পৃথিবীখন বহুতো ভাগত বিভক্ত কৰা হৈছে। প্ৰত্যেকৰে নিজৰ চৰকাৰ আছে। এই ৰাষ্ট্ৰবিলাক প্ৰায়ে ইজনে সিজনৰ বিৰুদ্ধে যুদ্ধ কৰি আছে। কিন্তু ঈশ্বৰৰ ৰাজ্যই সকলো মানব চৰকাৰক গুচাই পেলাব। ই একমাত্ৰ চৰকাৰ হিচাবে গোটেই পৃথিবীত শাসন কৰিব। (দানিয়েল ২:৪৪) তেতিয়া কোনো প্ৰকাৰৰ যুদ্ধ, হিংসা, আৰু অপৰাধ নথাকিব। সকলে মানুহে শান্তি আৰু ঐকাতাৰে জীয়াই থাকিব।—মীখা ৪:৩,৪।

৭. যীচুৰ হাজাৰ বছৰৰ ৰাজত্ব কালত বিশ্বাসী মানব জাতিক সিদ্ধ আৰু সমূদায় পৃথিবীখন পৰমদেশলৈ পৰিণত কৰা হব। হাজাৰ বছৰৰ শেষতেই যীচুৱে সকলোবোৰ কাম শেষ কৰিব যিবোৰ যিহোৱাই তেওঁক কৰিবলৈ কৈছিল। তাৰ পাছত তেওঁ ৰাজ্য ভাৰ তেওঁৰ পিতৃৰ হাতত গতাই দিব। (১ কৰিন্থীয়া ১৫:২৪) আপোনাৰ বন্ধু আৰু ভাল পোৱাসকলক ঈশ্বৰৰ ৰাজ্যই কি কৰিব এই বিষয়ে নকয় কিয়?

[পৃষ্ঠাৰ ক্যাপ্‌শন ১৩]

যীচুৰ শাসনত কোনো ঘৃণা বা অন্যায় নাথাকিব

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক