ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • rq পাঠ ১৩ পৃষ্ঠা ২৬-২৭
  • আপুনি কেনেকৈ সত্য ধৰ্ম্ম বিচাৰি উলিয়াব পাৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি কেনেকৈ সত্য ধৰ্ম্ম বিচাৰি উলিয়াব পাৰে?
  • ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • মিল থকা বিষয়
  • আপুনি সত্য উপাসনাক কেনেকৈ চিনাক্ত কৰিব?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • ঈশ্বৰে গ্ৰহণ কৰা উপাসনা
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • সত্য খ্ৰীষ্টানসকলক কেনেকৈ চিনাক্ত কৰিব পাৰি?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ঈশ্বৰৰ উপাসনা কৰাৰ সঠিক উপায়
    বাইবেলে আমাক কি শিকায়?
ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
rq পাঠ ১৩ পৃষ্ঠা ২৬-২৭

পাঠ ১৩

আপুনি কেনেকৈ সত্য ধৰ্ম্ম বিচাৰি উলিয়াব পাৰে?

সকলো ধৰ্ম্ময়ে ঈশ্বৰক সন্তুষ্ট কৰে, নে মাত্ৰ এটা ধৰ্ম্ময়ে? (১)

বহুতো ধৰ্ম্ময়ে খ্ৰীষ্টান হোৱাৰ কিয় দাবি কৰে? (২)

সত্য খ্ৰীষ্টানসকলক আপুনি কেনেকৈ চিনাক্ত কৰিব? (৩-৭)

১. যীচুৱে এটা সত্য খ্ৰীষ্টান ধৰ্ম্ম আৰম্ভণি কৰিছিল। গতিকে আজিৰ দিনত যিহোৱাৰ সত্য সেৱকসকলে উচিত ৰূপে এক দেহ, বা দল, হৈছে। (যোহন ৪:২৩, ২৪; ইফিচীয়া ৪:৪, ৫) বাইবেলে শিক্ষা দিছে যে তাকৰ লোকহে জীৱনৰ ঠেক পথত চলে।—মথি ৭:১৩,১৪।

২. বাইবেলত কোৱা হৈছে পাঁচনিবিলাকৰ মৃত্যুৰ পাছত ভুল শিক্ষা আৰু অখ্ৰীষ্টায় অভ্যাসবোৰ ক্ৰমে খ্ৰীষ্টীয় মণ্ডলীত প্ৰবেশ কৰিলে। মানুহবিলাকে বিশ্বাসৰ পৰা আঁতৰি খ্ৰীষ্টৰ পৰিবৰ্ত্তে মানুহক অনুকৰণ কৰিব ধৰিলে। (মথি ৭:১৫,২১-২৩; পাঁচনি কৰ্ম্ম ২০:২৯, ৩০) সেই কাৰণে আমি দেখিবলৈ পাওঁ বহু ধৰণৰ ধৰ্ম্ময়ে খ্ৰীষ্টান হয় বুলি দাবি কৰে। সত্য খ্ৰীষ্টানসকলক আমি কেনেকৈ বাচি উলিয়াব পাৰোঁ?

৩. সত্য খ্ৰীষ্টানসকল সকলোতকৈ প্ৰখ্যাত গুণবোৰ হৈছে যে তেওঁলোকৰ নিজৰ মাজত সচাঁ প্ৰেম প্ৰকাশিত হয়। (যোহন ১৩:৩৪, ৩৫) তেওঁলোক অন্য জাতি বা ছালৰ ৰংতকৈ নিজক ভাল বুলি ভাবিবলৈ শিক্ষা নিদিয়ে। নাইবা অন্য দেশৰ লোক সকলকো ঘৃণা কৰিবলৈ নিশিকায়। (পাঁচনী কৰ্ম্ম ১০:৩৪, ৩৫) গতিকে তেওঁলোকে যুদ্ধতো ভাগ নলয়। সত্য খ্ৰীষ্টান সকলে ইজনে সিজনক ভাই-ভনীৰ নিচনাকৈ ব্যৱহাৰ কৰে।—১যোহন ৪:২০,২১।

৪. আনটো চিন হৈছে সত্য ধৰ্ম্মত থকা সদস্যসকলে বাইবেলৰ প্ৰতি গভীৰ শ্ৰদ্ধা দেখায়। তেওঁলোকে বাইবেলক ঈশ্বৰৰ বাক্য বুলি আৰু তাত যি কয় তাক বিশ্বাস কৰে। (যোহন ১৭:১৭; ২ তীমথিয়৩:১৬, ১৭) তেওঁলোকে ঈশ্বৰৰ বাক্য মানুহৰ ভৱধাৰা বা ৰীতি-নীতিতকৈও বেচি গুৰত্ব দিয়ে। (মথি ১৫:১-৩,৭-৯) তেওঁলোকে দৈনিক জীৱনতো বাইবেলৰ মতে চলিবলৈ চেষ্টা কৰে। গতিকে তেওঁলোকে প্ৰচাৰ এটা আৰু অভ্যাস আন এটা, তেনে নকৰে।—তীত ১:১৫, ১৬।

৫. সত্য ধৰ্ম্মই ঈশ্বৰৰ নামক আদৰ কৰে। (মথি ৬:৯) যীচুৱে আনবিলাকক ঈশ্বৰৰ নাম যিহোৱা বুলি জনাইছিল। তেনেকুৱা সত্য খ্ৰীষ্টানবিলাকো কৰা উচিত। (যোহন ১৭:৬, ২৬; ৰোমীয়া ১০:১৩, ১৪) আপোনাৰ সমাজত কোনবিলাক মানুহে ঈশ্বৰৰ নামৰ বিষয়ে আনক জনায়?

৬. সত্য খ্ৰীষ্টান সকলে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰে। যেনেকুৱা যীচুৱে কৰিছিল। তেওঁ সদায় ৰাজ্যৰ বিষয়ে কথা কৈছিল। (লুক ৮:১) তেওঁ তেওঁৰ শিষ্যসকলক সমূদায় পৃথিবীত এই একে বাৰ্ত্তাটোক প্ৰচাৰ কৰিবলৈ আজ্ঞা দিছিলে। (মথি ২৪:১৪; ২৮:১৯, ২০) সত্য খ্ৰীষ্টানসকলে বিশ্বাস কৰে যে কেৱল ঈশ্বৰৰ ৰাজ্যয়ে এই পৃথিবীত শান্তি আৰু সুৰক্ষা স্থাপিত কৰিব।—গীতমালা ১৪৬:৩-৫।

৭. যীচুৰ শিষ্যসকলে এই দুষ্ট জগতৰ ভাগী হোৱাতো উচিত নহয়। (যোহন ১৭:১৬) তেওঁলোকে জগতৰ ৰাজনীতি কামত আৰু সমাজিক বাদ-বিবাদত জৰিত্ব নহয়। তেওঁলোকে আঘাতজনক ব্যৱহাৰ অভ্যাস আৰু ইচ্ছা যিবিলাক এই পৃথিবীত সাধাৰণ হৈ পৰিছে তাৰ পৰা আঁতৰি থাকে। (যাকোব ১:২৭; ৪:৪) এনে এটা ধাৰ্ম্মিক সমূহক আপোনাৰ সমাজত যʼত সত্য খ্ৰীষ্টানতাৰ গুণ আছে চিনাক্ত কৰিব পাৰিবনে?

[পৃষ্ঠাৰ ক্যাপ্‌শন ২৬, ২৭]

সত্য খ্ৰীষ্টানসকলে পৰস্পৰে ইজনে-সিজনক প্ৰেম কৰে, বাইবেলৰ প্ৰতি শ্ৰদ্ধা আৰু ঈশ্বৰৰ ৰাজ্য বিষয়ে প্ৰচাৰ কৰে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক