অধ্যায় ৬
ইয়োবে নিষ্ঠা বজাই ৰাখিলে
ইয়োবৰ নিষ্ঠাৰ বিষয়ে চয়তানে ঈশ্বৰক প্ৰশ্ন কৰিলে, কিন্তু ইয়োব যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থাকিল
কোনো ব্যক্তিয়ে কঠিন পৰীক্ষাৰ সময়ত ঈশ্বৰৰ বিশ্বাসী হৈ থাকিব পাৰিবনে? আৰু বিশ্বাসী হৈ থাকিও যদি কোনো ভৌতিক লাভ নহয়, তেতিয়ানো কি? ইয়োব নামৰ এই ব্যক্তিজনৰ বিষয়ে এনে ধৰণৰ প্ৰশ্ন কৰা হৈছিল আৰু ইয়োবে ইয়াৰ উত্তৰ ভালদৰে দিছিল।
ইয়োব হৈছে অব্ৰাহামৰ এজন সম্বন্ধীয়লোক। ইস্ৰায়েলীসকলে মিচৰত বাস কৰাৰ সময়ত, বৰ্তমানে আৰব নামেৰে জনাজাত দেশখনত ইয়োবে বাস কৰিছিল। সেই সময়ছোৱাত স্বৰ্গত এখন সভা হৈছিল আৰু তাত স্বৰ্গদূতসকল ঈশ্বৰৰ সন্মুখত উপস্থিত হয়। সেই সভাত চয়তানো উপস্থিত আছিল। স্বৰ্গত হোৱা এই সভাত যিহোৱা ঈশ্বৰে তেওঁৰ দাস ইয়োবৰ ওপৰত নিজৰ বিশ্বাস ব্যক্ত কৰে। যিহোৱাই ইয়াকো কৈছিল যে ইয়োবৰ দৰে নিষ্ঠা বজাই ৰখা লোক কোনো নাই। তেতিয়া চয়তানে দাবী কৰিছিল যে ঈশ্বৰে ইয়োবক সুৰক্ষা আৰু আশীৰ্ব্বাদ দিয়াৰ বাবে তেওঁ ঈশ্বৰক সেৱা কৰিছে। চয়তানে ইয়াকো দাবী কৰিছিল যে যদি ঈশ্বৰে তেওঁৰপৰা সকলো বস্তু লৈ লয়, তেনেহʼলে ইয়োবে ঈশ্বৰক সেৱা কৰিবলৈ বাদ দিব।
চয়তানৰ এই দাবী প্ৰমাণ কৰিবলৈ ঈশ্বৰে তাক অনুমতি দিলে। প্ৰথমতে, চয়তানে ইয়োবৰ ধন-সম্পত্তিলৈ বিনাশ আনিলে। তাৰ পাছত ইয়োবৰ লʼৰা-ছোৱালীৰ মৃত্যু ঘটিল আৰু শেষত এক ভয়ঙ্কৰ বেমাৰে তেওঁক আক্ৰমণ কৰিলে। এইবোৰৰ বাবে চয়তান যে দায়ী হয়, তাক ইয়োবে নাজানিছিল। ঈশ্বৰে কিয় এনেদৰে তেওঁৰ জীৱনত পৰীক্ষা হʼবলৈ অনুমতি দিছে, তাৰ বিষয়েও ইয়োবে বুজি পোৱা নাছিল। এইবোৰ হোৱাৰ সত্ত্বেও ইয়োবে ঈশ্বৰক ত্যাগ নকৰিলে।
ইয়াৰ পাছত, ইয়োবৰ তিনিজন বন্ধুৱে তেওঁক দেখা কৰিবলৈ আহিল। তেওঁলোকৰ মাজত হোৱা কথা-বতৰাৰ বিষয়ে ইয়োব নামৰ কিতাপখনত ভালকৈ উল্লেখ কৰা আছে। এই বন্ধু কেইজনে ইয়োবক বুজাবলৈ চেষ্টা কৰিলে যে গোপনে কৰা কিবা পাপৰ বাবেহে ঈশ্বৰে তেওঁক শাস্তি দিছে। তেওঁলোকে ইয়াকো দাবী কৰিলে যে ঈশ্বৰে তেওঁৰ দাসসকলৰ লগত কোনো সম্পৰ্ক নাৰাখে আৰু তেওঁলোকৰ ওপৰত কোনো বিশ্বাস নকৰে। তিনিজন বন্ধুৰ এনে মিছা যুক্তিক ইয়োবে প্ৰত্যাখ্যান কৰিলে। সম্পূৰ্ণ বিশ্বাসেৰে ইয়োবে সদৰি কৰিলে যে মৃত্যুলৈকে তেওঁ ঈশ্বৰৰ বিশ্বাসী হৈ থাকিব।
কিন্তু ইয়াতে ইয়োবে এটা ভুল কৰিলে আৰু সেই ভুল হৈছে ইয়োবে নিজকে নিৰ্দ্দোষী প্ৰমাণ কৰিবলৈ চেষ্টা কৰিলে। ইয়োব আৰু তেওঁৰ তিনিজন বন্ধুৰ মাজত হোৱা আলোচনা ইলীহূ নামৰ এজন ডেকা লʼৰাই শুনি আছিল। তাৰ পাছত লাহেকৈ এই ডেকাজনে তেওঁলোকক কʼবলৈ আৰম্ভ কৰিলে। ইলীহূৱে প্ৰথমতে ইয়োবক সমালোচনা কৰিলে আৰু কʼলে যে ইয়োবে নিজৰ নিৰ্দ্দোষীৰ প্ৰমাণ কৰিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে, ঈশ্বৰৰ সাৰ্ব্বভৌমত্বক প্ৰশংসা কৰা উচিত। ইয়াৰ পাছত ইলীহূৱে ইয়োবৰ তিনিজন বন্ধুকো ককৰ্থনা কৰিলে।
ইয়াৰ পাছত যিহোৱাই ইয়োবৰ লগত কথা পাতিলে আৰু ইয়োবৰ ভাব-ধাৰাক শুধৰালে। যিহোৱাই ইয়োবক সৃষ্টিৰ আশ্চৰ্য্যজনক বিষয়বোৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰালে আৰু ইয়োবক এক শিক্ষা দিলে যে ঈশ্বৰৰ তুলনাত মানুহ একেবাৰেই নগণ্য। ইয়োবে ঈশ্বৰৰ অনুশাসন গ্ৰহণ কৰিলে। যিহোৱা ঈশ্বৰ “অতি স্নেহৱান আৰু দয়ালু” হোৱাৰ বাবে তেওঁ ইয়োবৰ শৰীৰ সুস্থ কৰিলে। (যাকোব ৫:১১) ইয়োবে হেৰুৱা সকলো ধন-সম্পত্তি ঈশ্বৰে দুগুণ কৰিলে আৰু দহটা লʼৰা-ছোৱালীৰে তেওঁক আশীৰ্ব্বাদ কৰিলে। পৰীক্ষাৰ সময়ত কোনো লোকে ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ নাথাকে বুলি কৰা চয়তানৰ প্ৰত্যাহ্বানক, ইয়োবে যিহোৱাৰ প্ৰতি নিজৰ নিষ্ঠা বজাই ৰাখি ইয়াৰ উত্তৰ দিলে।
—এই অংশ ইয়োব কিতাপৰ আধাৰাত।