অধ্যায় ৭
ঈশ্বৰে ইস্ৰায়েলীসকলক দাসত্বৰপৰা মুক্ত কৰিলে
যিহোৱা ঈশ্বৰে মহামাৰীৰে মিচৰীয়াহঁতক আক্ৰমণ কৰিলে আৰু মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক সেই দেশৰপৰা মুক্ত কৰে। ঈশ্বৰে মোচিৰ দ্বাৰা ইস্ৰায়েলীসকলক নিয়ম ব্যৱস্থা দিছিল
কেইবা দশকজোৰি ইস্ৰায়েলৰ সন্তানসকলে মিচৰত বাস কৰিছিল। তেওঁলোকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে সেই দেশত তেওঁলোক সমৃদ্ধিশালীও হʼবলৈ ধৰিলে। সেই সময়ছোৱাত মিচৰত এজন নতুন শাসকে শাসন কৰিবলৈ আৰম্ভ কৰে। এই শাসকজন হিংস্ৰ আৰু স্বেচ্ছাচাৰী আছিল আৰু তেওঁ যোচেফৰ বিষয়ে নাজানিছিল। দিনক দিনে ইস্ৰায়েলীসকলৰ সংখ্যা বৃদ্ধি হোৱা দেখি এই শাসকজনে ভয় খাইছিল আৰু সেইবাবে তেওঁ ইস্ৰায়েলীসকলক নিজৰ দাস কৰি তুলিছিল। এই শাসকজনে ইস্ৰায়েলীসকলৰ নকৈ জন্মা শিশুবিলাকক নীল নদীৰ পানীত উটোৱাই দিবলৈ আদেশ দিছিল। কিন্তু এগৰাকী সাহসী মাকে এই শাসকৰ আদেশ পালন কৰা নাছিল আৰু তাই নিজৰ শিশুটোক তিনি মাহ লুকোৱাই ৰাখিছিল। তিনি মাহৰ পাছত তাই এই শিশুক নদীৰ কাষৰ নলনিত এটা জপাত থৈ দিলে। সেই নদীত ফৰৌণৰ জীয়েকে গা ধুবলৈ আহোঁতে তাই জপাটো দেখা পালে আৰু শিশুটোক ৰাজ-প্ৰাসাদলৈ লৈ আনিলে। তেওঁলোকে এই শিশুৰ নাম মোচি ৰাখিলে আৰু সি মিচৰৰ ৰাজ-প্ৰাসাদত ডাঙৰ-দীঘল হʼবলৈ ধৰিলে।
কালক্ৰমে, মোচি ৪০ বছৰ বয়সত ভৰি দিলে। এদিনাখন মোচিয়ে, মিচৰীয়া এজনে ইস্ৰায়েলী এজনক মাৰি থকা দেখিলে আৰু সেই ইস্ৰায়েলীক বচাবলৈ যাওঁতে মোচি নিজেই সমস্যাত পৰিল। গতিকে মোচিয়ে মিচৰ ত্যাগ কৰি দূৰ দেশলৈ গুচি গʼল আৰু তাতে বাস কৰিবলৈ ধৰিলে। মোচিৰ বয়স ৮০ বছৰ হোৱাত, যিহোৱাই তেওঁক পুনৰ মিচৰলৈ পঠালে। মিচৰলৈ গৈ তেওঁ কি কৰিব? ঈশ্বৰৰ লোকসকলক মুক্ত কৰিবলৈ ফৰৌণক তেওঁ দাবী কৰিব।
মোচিৰ দাবীক ফৰৌণে একেবাৰেই নুই কৰিলে। গতিকে, ঈশ্বৰে মিচৰৰ ওপৰত দহটা মহামাৰী আনিলে। প্ৰতিটো মহামাৰীৰ পাছত, মোচি ফৰৌণৰ আগত উপস্থিত হৈছিল, যাতে ফৰৌণে পাছৰ মহামাৰীৰপৰা ৰক্ষা পাব পাৰে। মোচি আৰু ঈশ্বৰ যিহোৱাৰ দাবী মানিবলৈ ফৰৌণে অস্বীকাৰ কৰিলে। এটাৰ পাছত এটা মহামাৰী পাৰ হʼবলৈ ধৰিলে আৰু শেষৰ মহামাৰীত মিচৰীয়াসকলে তেওঁলোকৰ জ্যেষ্ঠ সন্তানৰ প্ৰাণ হেৰুৱাবলগীয়া হয়। কিন্তু যিসকলে যিহোৱা ঈশ্বৰৰ আজ্ঞা অনুসৰি এটা ভেৰা পোৱালি বলিদান কৰি তাৰ তেজ দুৱাৰৰ চৌকাঠত লগালে, তেওঁলোকৰ পৰিয়ালৰ কাৰো মৃত্যু নহʼল। ঈশ্বৰৰ স্বৰ্গদূতে মিচৰীয়াসকলৰ জ্যেষ্ঠ সন্তানসকলৰ প্ৰাণ লʼলে। ঈশ্বৰে ইস্ৰায়েলী লোকসকলক এনেকৈ ৰক্ষা কৰাৰ বাবে তেওঁলোকে এই দিনটোক বছৰেকীয়া উৎসৱ হিচাবে পালন কৰে আৰু এই উৎসৱক নিস্তাৰ-পৰ্ব্ব বুলি কোৱা হয়।
ফৰৌণে নিজৰ জ্যেষ্ঠ পুত্ৰৰ মৃত্যু হোৱা দেখি, মোচি আৰু সকলো ইস্ৰায়েলীক মিচৰ দেশ ত্যাগ কৰিবলৈ আদেশ দিলে। এই আদেশ পোৱাৰ লগে লগে ইস্ৰায়েলীসকলে এক সংগঠিতৰূপত মিচৰ দেশ ত্যাগ কৰিবলৈ সাজু হʼল। কিন্তু ফৰৌণৰ আকৌ মন পৰিৱৰ্তন হʼল। ফৰৌণে বহুতো সৈন্য সামন্ত আৰু ৰথ লগত লৈ ইস্ৰায়েলীসকলৰ পিছে পিছে খেদি গʼল। এতিয়া ইস্ৰায়েলীসকলে এক ফান্দত পৰা যেন লাগিল। তেওঁলোকৰ সন্মুখত চূফ সমুদ্ৰ আছিল আৰু এনে লাগিছিল যেন অতি সোনকালে মিচৰীয়াসকলে আকৌ তেওঁলোকক বন্দী কৰিব। সেই সময়ত যিহোৱাই আচৰিতভাৱে চূফ সমুদ্ৰক দুভাগ কৰাৰ ফলত ইস্ৰায়েলৰ সন্তানবিলাকে সাগৰৰ মাজেদি পাৰ হʼবলৈ ধৰিলে। তেওঁবিলাকৰ সোঁহাতে আৰু বাওঁহাতে জলসমূহেই তেওঁবিলাকলৈ গড়স্বৰূপ হʼল। পাছে মিচৰীয়াবিলাক, অৰ্থাৎ ফৰৌণৰ ঘোঁৰা, ৰথ আৰু অশ্বাৰোহীবিলাক তেওঁবিলাকৰ পিছে পিছে সাগৰৰ মাজলৈকে সোমাই গʼল। তেতিয়াই ঈশ্বৰে পুনৰাই জলসমূহ আনিলে আৰু ফৰৌণ আৰু তাৰ সৈন্য সামন্ত তাত ডুব গʼল।
ইয়াৰ পাছত, ইস্ৰায়েলীসকলে চীনয় পৰ্ব্বতত তম্বু তৰিলে আৰু তাত যিহোৱাই তেওঁলোকৰ লগত এক নিয়ম স্থাপন কৰিলে। মোচিক এজন মধ্যস্থতাৰূপে ৰাখি, জীৱনৰ সকলো পৰিস্থিতিৰ বাবে ঈশ্বৰে ইস্ৰায়েলীসকলক নিৰ্দ্দেশনা আৰু সুৰক্ষাৰ বাবে নিয়ম দিয়ে। ইস্ৰায়েলীসকলে যেতিয়ালৈকে যিহোৱাৰ এই নিয়ম ব্যৱস্থা পালন কৰিব, তেতিয়ালৈকে ঈশ্বৰেও তেওঁলোকৰ লগত থাকিব আৰু এই ৰাষ্ট্ৰৰ দ্বাৰা অন্য লোকসকলেও আশীৰ্ব্বাদ পাব পাৰিব।
কিন্তু দুখৰ বিষয় যে বহুতো ইস্ৰায়েলী লোকে ঈশ্বৰৰ নিয়মবোৰ পালন কৰিবলৈ ব্যৰ্থ হʼল আৰু তেওঁলোকে ঈশ্বৰৰ প্ৰতি বিশ্বাস নেদেখুৱালে। সেইবাবে, ঈশ্বৰে সেই সময়ৰ লোকসকলক ৪০ বছৰ কাল অৰণ্যত অনাই-বনাই ঘূৰি থাকিবলৈ দিলে। তাৰ পাছত, যিহোৱাই ধাৰ্ম্মিক ব্যক্তি যিহোচূৱাক উত্তৰাধিকাৰীৰূপে নিযুক্ত কৰিবলৈ মোচিক আজ্ঞা দিলে। সৰ্বশেষত, যিহোৱা ঈশ্বৰে অব্ৰাহামক প্ৰতিজ্ঞা কৰা দেশত প্ৰৱেশ কৰিবলৈ ইস্ৰায়েলী লোকসকল সাজু হʼল।
—এই অংশ যাত্ৰাপুস্তক; লেবীয়া পুস্তক; গণনা পুস্তক; দ্বিতীয় বিবৰণ; গীতমালা ১৩৬:১০-১৫; পাঁচনিৰ কৰ্ম্ম ৭:১৭-৩৬ পদৰ আধাৰত।