ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ll ভাগ ৮ পৃষ্ঠা ১৮-১৯
  • যীচুৰ মৃত্যুৱে আপোনাৰ বাবে কি অৰ্থ ৰাখে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুৰ মৃত্যুৱে আপোনাৰ বাবে কি অৰ্থ ৰাখে?
  • ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • মিল থকা বিষয়
  • ভাগ ৮
    ঈশ্বৰৰ বাক্য শুনক
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে আমাক কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • মৃত লোকসকলক পুনৰ জীৱিত কৰা হ’ব!
    বাইবেলে আমাক কি শিকায়?
আৰু চাওক
ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
ll ভাগ ৮ পৃষ্ঠা ১৮-১৯

ভাগ ৮

যীচুৰ মৃত্যুৱে আপোনাৰ বাবে কি অৰ্থ ৰাখে?

যীচুৰ মৃত্যুৱে আমাৰ বাবে অনন্ত জীৱনৰ পথ মুকলি কৰিলে। যোহন ৩:১৬

তিৰোতাসকলে যীচুৰ মৃতদেহ ৰখা গুহাটাৰ ভিতৰলৈ জুমি চাইছ

যীচুৰ মৃত্যুৰ পাছত তৃতীয়দিনাখন কেইগৰাকীমান তিৰোতাই যীচুৰ মৃতদেহ ৰখা গুহাটোলৈ যায়। কিন্তু গুহাটোৰ ভিতৰত তেওঁলোকে মৃতদেহটো দেখা নাপালে। যিহোৱা ঈশ্বৰে যীচুক মৃত্যুৰপৰা পুনৰ জীৱিত কৰিলে।

যীচুৱে নিজৰ পাঁচনিসকলক দেখা দিছিল আৰু পাছলৈ স্বৰ্গলৈ উঠি গৈছিল

পুনৰ জীৱিত হোৱাৰ পাছত যীচুয়ে নিজৰ পাঁচনিসকলক দেখা দিলে।

যিহোৱা ঈশ্বৰে যীচুক এক শক্তিশালী আত্মিক প্ৰাণীৰূপে পুনৰ জীৱিত কৰিলে। যীচুৰ শিষ্যসকলে তেওঁক স্বৰ্গলৈ উঠি যোৱা দেখা পাইছিল।

  • পাপৰ “বেচ” কি?—ৰোমীয়া ৬:২৩.

  • যীচুয়ে অনন্ত জীৱনৰ বাবে পথ মুকলি কৰিলে।—ৰোমীয়া ৫:২০.

ঈশ্বৰে যীচুক পুনৰ জীৱিত কৰি, তেওঁক ঈশ্বৰৰ ৰাজ্যৰ ৰজা পাতিলে। দানিয়েল ৭:১৩, ১৪

ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে যীচুৱে, সিংহাসনৰপৰা পৃথিৱীৰ পমোদবনত থকা লোকসকলৰ ওপৰত শাসন কৰিছ

যীচুয়ে নিজৰ জীৱন মুক্তিপণৰূপে মানৱ জাতিৰ বাবে বলিদান কৰিলে। (মথি ২০:২৬) মুক্তিপণৰ যোগেদি ঈশ্বৰে আমাৰ বাবে অনন্ত জীৱন জীয়াই থকাটো সম্ভৱ কৰিলে।

যিহোৱা ঈশ্বৰে পৃথিৱীৰ ওপৰত শাসন কৰিবলৈ যীচুক ৰজা হিচাপে নিযুক্ত কৰিলে। স্বৰ্গত তেওঁৰ লগত শাসন কৰিবলৈ ১,৪৪,০০০জন বিশ্বাসী লোকক, এই পৃথিৱীৰপৰা নিৰ্ব্বাচন কৰা হৈছে। যীচু আৰু পুনৰুত্থান হোৱা ১,৪৪,০০০জন লোকৰ দ্বাৰা স্বৰ্গীয় চৰকাৰখন সংগঠিত আৰু এই চৰকাৰখনক ঈশ্বৰৰ ৰাজ্য বুলি কোৱা হয়।—প্ৰকাশিত বাক্য ১৪:১-৩.

ঈশ্বৰৰ ৰাজ্যই এই পৃথিৱীখনক প্ৰমোদবনলৈ ৰূপান্তৰ কৰিব। এই প্ৰমোদবনত কোনো ধৰণৰ যুদ্ধ, অপৰাধ, দৰিদ্ৰতা আৰু আকাল নহʼব। ইয়াত বাস কৰা লোকসকলে সঁচাকৈ বৰ আনন্দত জীৱন অতিবাহিত কৰিব।—গীতমালা ১৪৫:১৬.

  • ঈশ্বৰৰ ৰাজ্যই কি আশীৰ্ব্বাদ কঢ়িয়াই আনিব?—গীতমালা ৭২.

  • ঈশ্বৰৰ ৰাজ্য আহিবলৈ আমি প্ৰাৰ্থনা কৰা উচিত।—মথি ৬:১০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক