ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bhs অধ্যায় ১৯ পৃষ্ঠা ১৯৭-২০৬
  • যিহোৱাৰ কাষত থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ কাষত থাকক
  • বাইবেলে আমাক কি শিকায়?
  • বাইবেল শিকায় পঢ়ক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰৰ প্ৰেমক আদৰ দেখুৱাওক
  • যিহোৱাৰ কাষত থাকক
  • যিহোৱাৰ বিষয়ে আনক জনাওক
  • প্ৰকৃত জীৱন
  • প্ৰেমেৰে নিজকে গঢ়ি তোলক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আমি আমাৰ পিতৃ যিহোৱাক বহুত প্ৰেম কৰোঁ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • যিহোৱাক প্ৰেম কৰিলে আপুনি বাপ্তিষ্মা লʼব
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • প্ৰেম বঢ়াই থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
বাইবেলে আমাক কি শিকায়?
bhs অধ্যায় ১৯ পৃষ্ঠা ১৯৭-২০৬

ঊনৈশ অধ্যায়

যিহোৱাৰ কাষত থাকক

১, ২. এই কঠিন পৰিস্থিতিত আমাক কোনে সহায় কৰিব পাৰে?

কল্পনা কৰক যে আপুনি ৰাস্তাৰ কাষেৰে খোজকাঢ়ি গৈ আছে। চাওঁতে চাওঁতে বতৰ বেয়া হ’বলৈ ধৰে। মেঘে গৰ্জ্জন কৰিবলৈ ধৰিলে আৰু ধাৰাসাৰে বৰষুণ পৰিবলৈ ধৰে। আপুনি বতাহ-বৰষুণৰপৰা ৰক্ষা পাবলৈ আশ্ৰয়স্থান বিচাৰিছে। হঠাতে, এখন ঠাইলৈ আপোনাৰ চকু পৰিল। আপুনি দৌৰি সেই ঠাইলৈ যায় আৰু ধুমুহাৰপৰা ৰক্ষা পায়। এনে পৰিস্থিতিত আপুনি কিমান শান্ত্বনা অনুভৱ কৰিব!

২ আজি জগতৰ পৰিস্থিতিও এইদৰে হৈছে। এই পৰিস্থিতি আৰু বেয়ালৈ ঢাল খাইছে। আপুনি হয়তো চিন্তা কৰিব পাৰে, ‘মই এই সকলোৰপৰা ৰক্ষা পাবলৈ ক’ত যাম?’ গীত ৰচকে এইদৰে কৈছিল: “মই যিহোৱাৰ বিষয়ে কম, “তেওঁ মোৰ আশ্ৰয় আৰু মোৰ কোঁঠ, মই ভাৰসা ৰখা মোৰ ঈশ্বৰ।”” (গীতমালা ৯১:২) হয়, আজি আমি যিমানেই সমস্যাৰ সন্মুখীন নহওঁ কিয়, যিহোৱাই আমাক ৰক্ষা কৰিব পাৰে। এয়াই নহয়, তেওঁ আমাক ভৱিষ্যতৰ বাবে এক ভাল আশাও দিছে।

৩. যিহোৱাৰপৰা সহায় পাবলৈ আমি কি কৰা উচিত?

৩ কিন্তু, যিহোৱাই আমাক কেনেকৈ ৰক্ষা কৰে? তেওঁ আমাক নিজৰ সমস্যাৰ সমাধান কৰিবলৈ সহায় কৰে। তেওঁ আমাৰ সকলো শত্ৰুতকৈ বেছি শক্তিশালী। আজি যদি আমাৰ লগত কিবা বেয়া হয়, তেনেহ’লে আমি বিশ্বাস কৰিব পাৰোঁ যে তেওঁ ভৱিষ্যতে সেই সমস্যাবোৰ ঠিক কৰিব। বাইবেলে আমাক, ‘ঈশ্বৰৰ প্ৰেমত নিজক ৰাখিবলৈ’ উৎসাহ দিছে। (যিহূদা ২০) যদি আমি কঠিন পৰিস্থিতিত যিহোৱাৰপৰা সহায় পাব বিচাৰোঁ, তেনেহ’লে আমি তেওঁৰ কাষত থকা উচিত। আমি তেওঁৰ কাষ কেনেকৈ চাপিব পাৰোঁ?

ঈশ্বৰৰ প্ৰেমক আদৰ দেখুৱাওক

৪, ৫. যিহোৱাই আমাক প্ৰেম কৰে বুলি কেনেকৈ দেখুৱালে?

৪ যিহোৱাৰ কাষত থাকিবলৈ হ’লে তেওঁ দেখুৱা প্ৰেমক আমি চিনাক্ত কৰিব লাগিব। চিন্তা কৰক যে যিহোৱাই আমাৰ বাবে কি কি কৰিছে। তেওঁ আমাক থাকিবলৈ এখন সুন্দৰ পৃথিৱী দিছে। তেওঁ বিভিন্ন ধৰণৰ গছ-গছনি আৰু জীৱ-জন্তু সৃষ্টি কৰিলে, যি দেখি আমি আচৰিত হওঁ। তেওঁ আমাক খাবলৈ ভাল ভাল বস্তু আৰু শুদ্ধ পানী দিছে। তেওঁ বাইবেলৰ জড়িয়তে নিজৰ নাম আৰু ব্যক্তিগত গুণবোৰৰ বিষয়ে আমাক জনালে। ইয়াৰ উপৰিও, তেওঁ নিজৰ একমাত্ৰ পুত্ৰক এই পৃথিৱীলৈ পঠিয়ালে, যাতে তেওঁ আমাৰ বাবে নিজৰ জীৱন বলিদান দিয়ে। (যোহন ৩:১৬) এই বলিদানে আমাক এক সুন্দৰ ভৱিষ্যতৰ বাবে আশা দিয়ে।

৫ যিহোৱাই আমাৰ বাবে স্বৰ্গত এক ৰাজ্য স্থাপন কৰিছে। এই ৰাজ্যই অতি সোনকালে আমাৰ সকলো দুখ-কষ্ট শেষ কৰিব আৰু এই পৃথিৱী এক সুন্দৰ বাগিচালৈ পৰিৱৰ্তন কৰিব। তাত সকলোৱে সুখ আৰু শান্তিৰে অনন্ত জীৱন জীয়াই থাকিব। (গীতমালা ৩৭:২৯) যিহোৱাই আন এক উপায়েৰে দেখুৱালে যে তেওঁ আমাক প্ৰেম কৰে। তেওঁ আমাক শিকায় যে আজি আমি কেনেকৈ এক ভাল জীৱন অতিবাহিত কৰিব পাৰোঁ। তেওঁ আমাক শিকায় যে আমি প্ৰাৰ্থনাৰ যোগেদি তেওঁৰ লগত কথা পাতিব পাৰোঁ আৰু তেওঁ আমাৰ প্ৰাৰ্থনা শুনিবলৈ সদায় সাজু থাকে। যিহোৱাই সকলোকে প্ৰেম কৰে বুলি স্পষ্টকৈ প্ৰকাশ কৰিছে।

৬. যিহোৱাই দেখুৱা প্ৰেমৰ প্ৰতি আমি কেনেকৈ আদৰ দেখুৱাম?

৬ যিহোৱা ঈশ্বৰে দেখুৱা প্ৰেমৰ প্ৰতি আমি কেনেকৈ আদৰ দেখুৱাম? যিহোৱাই আপোনাৰ বাবে যি কৰিছে তাৰ বাবে কৃতজ্ঞতা দেখুৱাওক। দুখৰ বিষয় যে আজি বহুতোলোকে কাৰো প্ৰতি কৃতজ্ঞতা নেদেখুৱাই। যেতিয়া যীচু পৃথিৱীত আছিল, সেইসময়তো লোকসকলে এনে প্ৰতিক্ৰিয়া দেখুৱাইছিল। এসময়ত যেতিয়া যীচুৱে দহজন কুষ্ঠৰোগীক সুস্থ কৰিছিল, তেতিয়া তেওঁলোকৰ মাজত কেৱল এজনেহে তেওঁক ধন্যবাদ দিছিল। (লূক ১৭:১২-১৮) আমি যীচুক ধন্যবাদ কৰা ব্যক্তিজনৰ দৰে হোৱা উচিত। আমি সদায় যিহোৱাৰ প্ৰতি কৃতজ্ঞতা দেখুৱা উচিত।

৭. যিহোৱাৰ প্ৰতি আমাৰ প্ৰেম কিমান গভীৰ হোৱা উচিত?

৭ ইয়াৰ উপৰিও, আমি যিহোৱাক প্ৰেম কৰা উচিত। যীচুৱে নিজৰ শিষ্যসকলক কৈছিল যে তেওঁলোকে সকলো হৃদয়েৰে, প্ৰাণ আৰু চিত্তেৰে যিহোৱাক প্ৰেম কৰা উচিত। (মথি ২২:৩৭ পঢ়ক।) ইয়াৰ অৰ্থ কি বাৰু?

৮, ৯. আমি যিহোৱাক প্ৰেম কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?

৮ আমি যিহোৱাক প্ৰেম কৰোঁ, কেৱল ইমানেই যথেষ্ট নে? নহয়। যদি আমি যিহোৱাক সকলো হৃদয়, সকলো প্ৰাণ আৰু সকলো চিত্তেৰে প্ৰেম কৰোঁ, তেনেহ’লে আমি ইয়াক কামৰ যোগেদি প্ৰকাশ কৰিম। (মথি ৭:১৬-২০) বাইবেলে স্পষ্টকৈ বৰ্ণনা কৰিছে যে যদি আমি যিহোৱাক প্ৰেম কৰোঁ, তেনেহ’লে তেওঁৰ আজ্ঞা পালন কৰিম। এনে কৰাটো কঠিন হয়নে? নহয়, কিয়নো যিহোৱাৰ “আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।”—১ যোহন ৫:৩ পঢ়ক।

৯ যেতিয়া আমি যিহোৱাৰ আজ্ঞা পালন কৰোঁ, তেতিয়া আমি নিজৰ জীৱনত প্ৰকৃত আনন্দ আৰু শান্তি লাভ কৰোঁ। (যিচয়া ৪৮:১৭, ১৮) কিন্তু, যিহোৱাৰ কাষত থাকিবলৈ কি কথাই আমাক সহায় কৰিব? আহক চাওঁ।

যিহোৱাৰ কাষত থাকক

১০. আপুনি কিয় যিহোৱাৰ বিষয়ে শিকি থকাৰ প্ৰয়োজন?

১০ আপুনি যেতিয়া বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰপৰা আপুনি যিহোৱাৰ বিষয়ে শিকিবলৈ ধৰিলে। যেনেকৈ আপুনি তেওঁৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰিলে, তেনেকৈ আপুনি তেওঁৰ বন্ধু হ’বলৈ ধৰিলে। এই বন্ধুত্ব একুৰা জুই দৰে হয়, যাক আপুনি জ্বলাই থকাৰ প্ৰয়োজন। যিদৰে জুইকুৰা জ্বলাই থ’বলৈ খৰিৰ প্ৰয়োজন হয়, ঠিক সেইদৰে যিহোৱাৰ লগত বন্ধুত্ব বজাই ৰাখিবলৈ তেওঁৰ বিষয়ে শিকি থকাৰ প্ৰয়োজন।—হিতোপদেশ ২:১-৫.

এজন ব্যক্তিয়ে জুইৰ ওচৰত বহিছেe

যেনেকৈ জুইৰ বাবে খৰিৰ প্ৰয়োজন হয়, ঠিক সেইদৰে যিহোৱাৰ প্ৰতি নিজৰ প্ৰেম বজাই ৰাখিবলৈ আপুনি শিকি থকা উচিত

১১. বাইবেলৰ শিক্ষাবোৰে আপোনাৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰে?

১১ আপুনি বাইবেল অধ্যয়ন কৰি থাকিলে, আপুনি এনে বিষয় শিকিবলৈ পাব যিয়ে আপোনাৰ হৃদয় স্পৰ্শ কৰিব। মন কৰক, যেতিয়া যীচুৱে নিজৰ দুজন শিষ্যক বাইবেলৰ কিছুমান ভৱিষ্যতবাণীৰ বিষয়ে বুজাই আছিল, তেতিয়া তেওঁলোকে কেনে অনুভৱ কৰিছিল। তেওঁলোকে এইদৰে কৈছিল: “তেওঁ যেতিয়া আমাৰ সৈতে কথোপকথন কৰিলে, আৰু শাস্ত্ৰৰ অৰ্থ বুজাই দিলে, তেতিয়া আমাৰ অন্তৰত হৃদয় প্ৰজ্বলিত নহৈছিল নে?”—লূক ২৪:৩২.

১২, ১৩. (ক) আপুনি কি কৰিবলৈ চেষ্টা কৰা উচিত? (খ) ইয়াৰ বাবে আপুনি কি কৰিব পাৰে?

১২ শাস্ত্ৰৰ বিষয়ে বুজাৰ পাছত যেনেকৈ শিষ্যসকলে উৎসাহিত হৈছিল, তেনেকৈ আপুনিও হয়তো প্ৰথমবাৰ বাইবেলৰ শিক্ষা শুনাৰ পাছত উৎসাহিত হৈছিল। এই উৎসাহৰ বাবে আপুনি যিহোৱাৰ বিষয়ে শিকিলে আৰু আপুনি তেওঁক প্ৰেম কৰিবলৈ ধৰিলে। কিন্তু, আগলৈ আপোনাৰ প্ৰেম চেঁচা হ’ব পাৰে। (মথি ২৪:১২) সেইবাবে, আপুনি সম্পূৰ্ণ চেষ্টা কৰক যাতে আপোনাৰ প্ৰেম কমি নাযায়।

১৩ যিহোৱাৰ লগত আপোনাৰ যেতিয়া বন্ধুত্ব হয়, তেতিয়া সেই বন্ধুত্বক বজাই ৰাখিবলৈ আপুনি পৰিশ্ৰম কৰা উচিত। আপুনি নিয়মীয়াকৈ ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ বিষয়ে শিকি থকা উচিত। তাৰ পাছত, আপুনি শিকা কথাবোৰ গভীৰভাৱে চিন্তা কৰা আৰু সেইবোৰ নিজৰ জীৱনত পালন কৰা উচিত। (যোহন ১৭:৩) বাইবেল পঢ়া বা অধ্যয়ন কৰা সময়ত নিজকে এইদৰে প্ৰশ্ন কৰক: ‘এই অধ্যয়নৰপৰা মই যিহোৱাৰ বিষয়ে কি শিকিলোঁ? মই কিয় সকলো হৃদয়, প্ৰাণ আৰু চিত্তেৰে যিহোৱাক প্ৰেম কৰা উচিত?’—১ তীমথিয় ৪:১৫.

১৪. প্ৰাৰ্থনা কৰিলে যিহোৱাৰ প্ৰতি আমাৰ প্ৰেম সদায় কেনেকৈ গভীৰ হ’ব?

১৪ যদি আপোনাৰ ভাল বন্ধু আছে, তেনেহ’লে আপুনি নিশ্চয় তেওঁৰ লগত সদায় কথা পাতে। আপোনাৰ বন্ধুত্ব বজাই ৰাখিবলৈ এনে কৰাটো প্ৰয়োজন। ঠিক সেইদৰে, যদি আপুনি যিহোৱা ঈশ্বৰক নিয়মীয়াকৈ প্ৰাৰ্থনা কৰে, তেনেহ’লে তেওঁৰ প্ৰতি আপোনাৰ প্ৰেম সদায় গভীৰ হৈ পৰিব। (১ থিচলনীকীয়া ৫:১৭ পঢ়ক।) প্ৰাৰ্থনা হৈছে, স্বৰ্গত থকা আমাৰ পিতৃৰফালৰপৰা এক মূল্যৱান উপহাৰ। যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি হৃদয় মুকলি কৰি প্ৰাৰ্থনা কৰা উচিত। (গীতমালা ৬২:৮) প্ৰাৰ্থনাত একেটা কথা বাৰে বাৰে কোৱা উচিত নহয়, তাৰ পৰিৱৰ্তে আন্তৰিকতাৰে প্ৰাৰ্থনা কৰা উচিত। হয়, যদি আমি নিয়মীয়াকৈ বাইবেল অধ্যয়ন কৰোঁ আৰু আন্তৰিকতাৰে প্ৰাৰ্থনা কৰোঁ, তেনেহ’লে যিহোৱাৰ প্ৰতি আমাৰ প্ৰেম সদায় গভীৰ হ’ব।

যিহোৱাৰ বিষয়ে আনক জনাওক

১৫, ১৬. প্ৰচাৰ কাৰ্য্যৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী কি?

১৫ আমি যদি যিহোৱা ঈশ্বৰৰ কাষত থাকিব বিচাৰোঁ, তেনেহ’লে আমি আন লোকসকলক নিজৰ বিশ্বাসৰ বিষয়ে জনোৱা উচিত। যিহোৱাৰ বিষয়ে আন লোকসকলক জনোৱাটো আমাৰ বাবে এক সন্মানৰ বিষয়! (লূক ১:৭১) আৰু এয়া আমাৰ বাবে এটা দায়িত্ব যি যীচুৱে নিজৰ শিষ্যসকলক দিছিল। সেইবাবে, আমি সকলোৱে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা লোকসকলক জনোৱা উচিত। আপুনি এইদৰে কৰিছেনে?—মথি ২৪:১৪; ২৮:১৯, ২০.

১৬ পাঁচনি পৌলে প্ৰচাৰ কাৰ্য্যক মূল্যৱান বুলি ভাবিছিল। সেইবাবে, তেওঁ ইয়াক “দীপ্তিৰূপ ধন” বুলি কৈছিল। (২ কৰিন্থীয়া ৪:৭) যিহোৱা আৰু তেওঁ উদ্দেশ্যৰ বিষয়ে আনক জনোৱাটো এক উত্তম কাম। এই কামৰ জড়িয়তে আপুনি যিহোৱাৰ সেৱা কৰিব পাৰে আৰু তেওঁ আপোনাৰ এই কাৰ্য্য মূল্যৱান বুলি গণ্য কৰিব। (ইব্ৰী ৬:১০) প্ৰচাৰ কাৰ্য্যৰ যোগেদি আপোনাৰ আৰু যিসকলে আপোনাৰ শুনে, তেওঁলোকেও লাভৱান হ’ব। আপোনালোকে যিহোৱাৰ কাষ চাপিব পাৰে আৰু অনন্ত জীৱন লাভ কৰিব পাৰিব। (১ কৰিন্থীয়া ১৫:৫৮ পঢ়ক।) এই কামৰপৰা আপুনি যি আনন্দ লাভ কৰিব, সেই আনন্দ আৰু কোনো কামৰপৰা লাভ কৰিব নোৱাৰে।

১৭. প্ৰচাৰ কাৰ্য্য কৰা কিয় অতি প্ৰয়োজন?

১৭ আজি প্ৰচাৰ কাৰ্য্য কৰাটো অতি প্ৰয়োজন। সেইবাবে, আমি “বাক্য ঘোষণা” কৰা উচিত আৰু “সময় আৰু অসময়তো” প্ৰচাৰ কাৰ্য্য কৰি থকা উচিত। (২ তীমথিয় ৪:১, ২) লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনোৱাটো অতি প্ৰয়োজন। বাইবেলে এইদৰে উল্লেখ কৰিছে: “যিহোৱাৰ মহাদিন ওচৰ, সেয়ে ওচৰ, অতি বেগেৰে আহিছে।” অন্ত “উচিত সময়তকৈ দেৰি নহব।” (চফনিয়া ১:১৪; হবক্কুক ২:৩) অতি সোনকালে যিহোৱা ঈশ্বৰে চয়তানৰ দুষ্ট জগতক ধ্বংস কৰিব। সেই সময় অহাৰ আগতে লোকসকলক সতৰ্ক কৰা অতি প্ৰয়োজন, যাতে তেওঁলোকে যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় ল’ব পাৰে।

১৮. সত্য খ্ৰীষ্টানসকলৰ লগত আমি একগোট হৈ কিয় যিহোৱাৰ উপাসনা কৰা উচিত?

১৮ যিহোৱা ঈশ্বৰে বিচাৰে যে আমি সত্য খ্ৰীষ্টানসকলৰ লগত একগোট হৈ তেওঁৰ উপাসনা কৰোঁ। বাইবেলত এইদৰে উল্লেখ আছে, “প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হবলৈ আমি পৰস্পৰে মনোযোগ কৰোঁহঁক; আৰু কোনো কোনোৰ দস্তুৰমতে আমি গোট খাবলৈ নেৰি, দিন যিমান ওচৰ হোৱা দেখা, সিমান অধিককৈ পৰস্পৰে উদগাওঁহঁক।” (ইব্ৰী ১০:২৪, ২৫) আমি প্ৰত্যেক সভাবোৰত উপস্থিত থাকিবলৈ চেষ্টা কৰা উচিত। সভাত আমি এজনে-আনজনক উৎসাহিত কৰিবলৈ আৰু এজনে-আনজনৰ বিশ্বাস দৃঢ় কৰিবলৈ সুযোগ পাওঁ।

১৯. নিজৰ ভাই-ভনীসকলক প্ৰেম কৰিবলৈ কিহে আমাক সহায় কৰিব?

১৯ সভাবোৰত উপস্থিতি হৈ আপুনি ভাল বন্ধু বিচাৰি পাব, যিসকলে আপোনাক যিহোৱাৰ উপাসনা কৰিবলৈ সহায় কৰিব। আপুনি বিভিন্ন ধৰণৰ ভাই-ভনীসকলক লগ পাব, যিসকলে আপোনাৰ দৰে যিহোৱাৰ উপাসনা কৰিবলৈ চেষ্টা কৰি আছে। মনত ৰাখিব, আমি সকলোৱে অসিদ্ধ আৰু আমি সকলোৱে ভুল কৰোঁ। সেইবাবে, যদি কোনো ভাই-ভনীয়ে ভুল কৰে আৰু আপোনাক দুখ দিয়ে, তেনেহ’লে তেওঁলোকক ক্ষমা কৰিবলৈ সাজু থাকিব। (কলচীয়া ৩:১৩ পঢ়ক।) সদায় নিজৰ ভাই-ভনীসকলৰ ভাল গুণবোৰ লক্ষ্য কৰক। এইদৰে আপুনি তেওঁলোকক প্ৰেম কৰিব পাৰিব আৰু যিহোৱাৰ কাষ চাপিব পাৰিব।

প্ৰকৃত জীৱন

২০, ২১. “প্ৰকৃত জীৱন” কি?

২০ যিহোৱা ঈশ্বৰৰ বন্ধুসকলে ভাল জীৱন অতিবাহিত কৰাটো তেওঁ বিচাৰে। বাইবেলে শিকায় যে ভৱিষ্যতে আমাৰ জীৱন বৰ্তমান জীৱনতকৈ একেবাৰে বেলেগ হ’ব।

এটা সুখী পৰিয়ালে প্ৰমোদবনত জীৱনৰ আনন্দ উপভোগ কৰিছে

যিহোৱাই বিচাৰে যে আপুনি “প্ৰকৃত জীৱন” লাভ কৰে। আপুনিও এইদৰে বিচাৰেনে?

২১ ভৱিষ্যতে আমি কেৱল ৭০-৮০ বছৰ জীয়াই থাকিম এনে নহয়, তাৰ পৰিৱৰ্তে অনন্ত জীৱন জীয়াই থাকিম আৰু তাত পৰিস্থিতি ভাল থাকিব। এই পৃথিৱীখন ধুনীয়া প্ৰমোদবন হ’ব। চাৰিওফালে সুখ, শান্তি আৰু আমি সকলোৱে সুস্থ হ’ম। বাইবেলে উল্লেখ কৰা অনুসৰি এই জীৱনটোৱে হৈছে “প্ৰকৃত জীৱন।” যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক প্ৰকৃত জীৱন দিব। কিন্তু, সেই জীৱনৰ “ধাৰণ” কৰিবলৈ আজি আমি নিজে চেষ্টা কৰা উচিত।—১ তীমথিয় ৬:১২, ১৯.

২২. (ক) আমি “প্ৰকৃত জীৱন ধাৰণ” কেনেকৈ কৰিব পাৰিম? (খ) কিন্তু অনন্ত জীৱন পোৱা কিহৰ ওপৰত নিৰ্ভয় কৰে?

২২ আমি “প্ৰকৃত জীৱন ধাৰণ” কেনেকৈ কৰিব পাৰিম? আমি “সৎকৰ্ম” কৰা উচিত। (১ তীমথিয় ৬:১৮) ইয়াৰ অৰ্থ হৈছে বাইবেলৰপৰা আমি যি শিকোঁ, তাক পালন কৰাৰ প্ৰয়োজন। কিন্তু আমি কেৱল নিজৰ পৰিশ্ৰমৰ যোগেদি প্ৰকৃত জীৱন লাভ কৰিব নোৱাৰোঁ। আচলতে, আমি অনন্ত জীৱন লাভ কৰাৰ যোগ্য নহওঁ। এয়া যিহোৱাৰ “অনুগ্ৰহ” যে ভৱিষ্যতে তেওঁৰ বিশ্বাসী সেৱকসকলক এই বিনামূলীয়া উপহাৰ দিব। (ৰোমীয়া ৫:১৫) সঁচাকৈ, স্বৰ্গত থকা আমাৰ পিতৃয়ে এই উপহাৰ তেওঁৰ বিশ্বাসী সেৱকসকলক দিবলৈ বিচাৰে।

২৩. আজি আপুনি সঠিক নিৰ্ণয় লোৱাৰ কিয় প্ৰয়োজন?

২৩ নিজকে প্ৰশ্ন সোধক: ‘ঈশ্বৰৰ ইচ্ছা অনুসৰি মই তেওঁৰ উপাসনা কৰি আছোঁনে?’ যদি আপোনাক কিবা পৰিৱৰ্তন কৰিব লগা আছে, তেনেহ’লে লগে লগে পৰিৱৰ্তন কৰক। আমি যেতিয়া যিহোৱাক ভৰসা কৰোঁ আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া যিহোৱা আমাৰ আশ্ৰয়স্থান হ’ব। চয়তানৰ এই জগতৰ শেষ-কালত তেওঁ নিজৰ বিশ্বাসী সেৱকসকলক সুৰক্ষা কৰিব। আমি প্ৰমোদবনত অনন্ত জীৱন জীয়াই থকাৰ যিহোৱাই যি প্ৰতিজ্ঞা কৰিছে, তাক যিহোৱাই ধ্যান দিব। নিশ্চয়, যেতিয়া আপুনি সঠিক নিৰ্ণয় ল’ব, তেতিয়াহে আপুনি প্ৰকৃত জীৱন লাভ কৰিব!

আপুনি কি শিকিলে?

প্ৰথম সত্যতা: যিহোৱাই আপোনাক প্ৰেম কৰে

“ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়”—যোহন ৩:১৬

ঈশ্বৰে কেনেকৈ দেখুৱালে যে তেওঁ আপোনাক প্ৰেম কৰে?

  • গীতমালা ৯১:২

    যিহোৱা আমাৰ আশ্ৰয়স্থান। তেওঁ আজিৰ সমস্যাৰ সন্মুখীন হ’বলৈ আমাক সহায় কৰে।

  • গীতমালা ৩৭:২৯

    তেওঁ আমাক ভৱিষ্যতৰ বাবে এক সুন্দৰ আশা দিছে।

  • ১ তীমথিয় ৬:১২, ১৯

    ঈশ্বৰে এই পৃথিৱীখনক প্ৰমোদবনলৈ পৰিৱৰ্তন কৰিব। চাৰিওফালে সুখ আৰু শান্তি হ’ব। সকলোৱে সুস্থ হ’ব, এই ভাল পৰিস্থিতিত তেওঁ আমাক অনন্ত জীৱন দিব।

দ্বিতীয় সত্যতা: আপুনি যিহোৱা ঈশ্বৰক প্ৰেম কৰাটো তেওঁ বিচাৰে

“তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰ তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা।”—মথি ২২:৩৭

ঈশ্বৰৰ প্ৰেমে কি কৰিবলৈ আপোনাক অনুপ্ৰাণিত কৰে?

  • লূক ১৭:১২-১৭

    ঈশ্বৰে আপোনাৰ বাবে কৰা সকলো কাৰ্য্যৰ প্ৰতি কৃতজ্ঞতা দেখুৱাওক।

  • মথি ৭:১৬-২০

    প্ৰতিদিনে ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি কাম কৰাৰ যোগেদি, তেওঁৰ প্ৰতি থকা প্ৰেমৰ প্ৰমাণ দিয়ক।

  • ১ যোহন ৫:৩

    ঈশ্বৰৰ আজ্ঞা পালন কৰক।

  • ১ তীমথিয় ৬:১৮

    আনৰ বাবে ভাল কাম কৰিবলৈ পৰিশ্ৰম কৰক।

তৃতীয় সত্যতা: যিহোৱা ঈশ্বৰক গভীৰভাৱে প্ৰেম কৰি থাকক

“ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা।”—যিহূদা ২০

যিহোৱাৰ কাষত থাকিবলৈ কিহে আপোনাক সহায় কৰিব?

  • ১ থিচলনীকীয়া ৫:১৭

    নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকক।

  • মথি ২৮:১৯, ২০; ২ তীমথিয় ৪:২

    ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে আনক জনাবলৈ পৰিশ্ৰম কৰক।

  • হিতোপদেশ ২:১-৫

    যিহোৱাৰ বিষয়ে শিকি থাকক।

  • ইব্ৰী ১০:২৪, ২৫

    প্ৰত্যেক সভাত উপস্থিত হওক। আপোনাৰ খ্ৰীষ্টান ভাই-ভনীয়ে আপোনাক যিহোৱাৰ আৰু কাষ চাপিবলৈ সহায় কৰিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক