ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ypq প্ৰশ্ন ৭ পৃষ্ঠা ২১-২৩
  • কোনোবাই যৌন কাৰ্য্য কৰিবলৈ প্ৰলোভিত কৰিলে মই কি কৰিম?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কোনোবাই যৌন কাৰ্য্য কৰিবলৈ প্ৰলোভিত কৰিলে মই কি কৰিম?
  • কিশোৰ-কিশোৰীসকলে সোধা ১০ টা প্ৰশ্ন
  • মিল থকা বিষয়
  • মুখ সংগম যৌন সম্পৰ্ক হয়নে?
    যুৱক-যুৱতীসকলে সোধে
কিশোৰ-কিশোৰীসকলে সোধা ১০ টা প্ৰশ্ন
ypq প্ৰশ্ন ৭ পৃষ্ঠা ২১-২৩
এজন কিশোৰে আগবঢ়াৱা পতাৱক, এজনী কিশোৰীয়ে লগে লগে নাকচ কৰিছ

প্ৰশ্ন ৭

কোনোবাই যৌন কাৰ্য্য কৰিবলৈ প্ৰলোভিত কৰিলে মই কি কৰিম?

ইয়াৰ বিষয়ে জনা কিয় গুৰুত্বপূৰ্ণ

আপুনি যি নিৰ্ণয় লʼব তাৰ প্ৰভাৱ আপোনাৰ ভৱিষ্যতৰ ওপৰত পৰিব।

আপুনি কি কৰিব?

কল্পনা কৰক: হেনাই মিতেচক লগ পোৱা কেৱল দুমাহমানহে হৈছে। কিন্তু তাই মিতেচক বহু বছৰৰপৰা চিনি পোৱা যেন অনুভৱ কৰে। তেওঁলোকে সকলো সময়তে এজনে-আনজনক মেচেজ কৰে আৰু ঘন্টাৰ পিছত ঘন্টা ধৰি ফোনত কথা পাতি থাকে। তেওঁলোকে একো নোকোৱাকৈয়ে এজনে-আনজনৰ মনৰ কথা বুজিব পৰা হৈছে। কিন্তু এতিয়া মিতেচে কথা-বতৰাৰ উপৰিও আন কিবা বিচাৰে।

বিগত দুই মাহৰ ভিতৰত হেনা আৰু মিতেচে এজনে-আনজনৰ কেৱল হাত ধৰা-ধৰি কৰিছে আৰু চুমা খাইছে। হেনাই ইয়াতকৈ আৰু আগত যাব বিচৰা নাই। কিন্তু তাই মিতেচক হেৰুৱাবও বিচৰা নাই। মিতেচৰ দৃষ্টিত হেনাই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ধুনীয়া ছোৱালী। তাই নিজকে নিজে কয়, ‘আমি এজনে-আনজনৰ প্ৰেমত পৰিছোঁ . . .’

যদি আপোনাৰ বয়স ডেটিং কৰাৰ বাবে উপযোগী হয় আৰু হেনাৰ ঠাইত হোৱাহেঁতেন, আপুনি কি কৰিলেহেঁতেন?

ক্ষন্তেক ৰওক আৰু চিন্তা কৰক!

এটা সুন্দৰ চালাক পৰিস্কাৰ কৰা কামত ব্যৱহাৰ কৰা হৈছ

যৌন সম্পৰ্ক বিবাহিত লোকসকলৰ বাবে ঈশ্বৰে দিয়া এক উপহাৰ। বিবাহৰ আগতে যৌন সম্পৰ্কত লিপ্ত হৈ, এই উপহাৰক অৱমাননা নকৰিব। যদি আপুনি এইদৰে কৰে, তেনেহʼলে আপোনাক কোনোবাই দিয়া সুন্দৰ চোলাটো, আপুনি আইনা মোচাৰ কামত ব্যৱহাৰ কৰা যেন হʼব

যদি আপুনি মধ্যাকৰ্ষণ শক্তিৰ বিৰুদ্ধে কাম কৰে, তেনেহʼলে তাৰ পৰিণাম ভোগ কৰিব লাগিব। ঠিক সেইদৰে, নৈতিকতাৰ বাবে দিয়া আজ্ঞাক উলংঘন কৰি বিবাহৰ আগতে যৌন কাৰ্য্যত লিপ্ত হয়, তেনেহʼলে তাৰ পৰিণামো ভোগ কৰিব লাগিব।—১ থিচলনীকীয়া ৪:৩.

ঈশ্বৰৰ এই আজ্ঞা উলংঘন কৰাৰ পৰিণাম কি হʼব পাৰে? পবিত্ৰ শাস্ত্ৰই এইদৰে বৰ্ণনা কৰিছে: “যি কোনোৱে ব্যভিচাৰ কৰে, সি নিজৰ শৰীৰৰ বিৰুদ্ধে পাপ কৰে।” (১ কৰিন্থীয়া ৬:১৮) ই কিদৰে সম্ভৱ?

বিশেষজ্ঞসকলে কয় যে যিসকলে বিবাহৰ আগতে যৌন কাৰ্য্যত লিপ্ত হৈছিল, তেওঁলোকৰ জীৱন বিভিন্ন সমস্যাৰ মাজেদি পাৰ হৈছিল।

  • দুখিত হোৱা। বিবাহৰ আগত যৌন কাৰ্য্যত জড়িত হোৱা বহুতো যুৱক-যুৱতীয়ে পাছলৈ অনুশোচনা কৰে।

  • ভৰসা উঠি যোৱা। যৌন সম্পৰ্কৰ পাছত দুয়োজনে এজনে-আনজনৰ ওপৰত এইদৰে সন্দেহ কৰে, ‘মোৰ উপৰিও আন কাৰোবাৰ লগত যৌন সম্পৰ্ক কৰা নাইতো?’

  • নিৰাশ হোৱা। বেছি ভাগ ছোৱালীয়ে এনে এজন ব্যক্তিৰ লগত বিবাহ হʼব বিচাৰে যিয়ে তেওঁলোকৰপৰা সুবিধা লোৱাৰ পৰিৱৰ্তে, তেওঁলোকক সুৰক্ষা দিব। বেছি ভাগ লʼৰাই অনুভৱ কৰে যে যদি কোনো ছোৱালীয়ে বিবাহৰ আগত যৌন কাৰ্য্যত লিপ্ত হৈছে, তেনেহʼলে তেওঁলোকে তাইৰ লগত কোনো সম্পৰ্ক ৰাখিব নিবিচাৰে।

  • মনত ৰাখিব: যদি আপুনি বিবাহৰ আগত যৌন কাৰ্য্যত লিপ্ত হয়, তেনেহʼলে আপুনি কিবা বহুমূলীয়া বস্তু হেৰুৱা যেন হʼব আৰু নিজৰ দৃষ্টিত মূল্যহীন হৈ পৰিব। (ৰোমীয়া ১:২৪) আপোনাৰ শৰীৰ অতি মূল্যৱান, তাক অন্যৰ হাতত সহজে তুলি নিদিব।

আপোনাৰ “ব্যভিচাৰৰ পৰা পৃথকে” থকাৰ যি সাহস আছে তাক প্ৰকাশ কৰক। (১ থিচলনীকীয়া ৪:৩) যেতিয়া আপুনি ভৱিষ্যতে বিবাহ বন্ধনত আৱদ্ধ হʼব, তেতিয়া আপুনি যৌন সম্বন্ধ ৰাখিব পাৰিব। সেইসময়ত আপোনাৰ কোনোধৰণৰ চিন্তা, অনুশোচনা আৰু ভয় নাথাকিব, যি সাধাৰণতে বিবাহৰ আগত যৌন কাৰ্য্যত জড়িত হʼলে উৎপন্ন হয়।—হিতোপদেশ ৭:২২, ২৩; ১ কৰিন্থীয়া ৭:৩.

আপুনি কি ভাবে?

  • আপোনাৰ প্ৰতি যাৰ সঁচা প্ৰেম আছে, তেওঁ আপোনাৰ শৰীৰ আৰু ভাৱনাক আঘাত কৰিবনে?

  • যিয়ে আপোনাক সঁচাকৈ যত্ন লয়, তেওঁ ঈশ্বৰৰ লগত আপোনাৰ সম্পৰ্ক বিচ্ছিন্ন কৰিব পৰা কাৰ্য্য কৰিবলৈ আপোনাক ফুচুলাবনে?—ইব্ৰী ১৩:৪.

কেৱল ছোৱালীৰ বাবে

এজনী কিশোৰীয়ে বহি চিন্তা কৰিছ

বহুতো লʼৰাই এইদৰে কৈছে যে তেওঁলোকে এনে কোনো ছোৱালীক বিয়া নাপাতে, যিসকলৰ লগত তেওঁলোকে যৌন কাৰ্য্যত লিপ্ত হৈছে। এনে কিয় বাৰু? কাৰণ তেওঁলোকে এনে ছোৱালীক বিয়া কৰাব বিচাৰে যিসকলৰ ওপৰত কোনেও প্ৰশ্ন তুলিব নোৱাৰে।

এই কথা শুনি আপুনি আচৰিত হৈছে নেকি? আপোনাৰ খং উঠিছে নেকি? তেনেহʼলে মনত ৰাখিব: চিনেমা আৰু টিভি প্ৰʼগ্ৰামবোৰত কিশোৰ-কিশোৰীসকলৰ মাজত যৌন সম্পৰ্ক এনেদৰে দেখুৱাই যে তেওঁলোকে কৰা এই কাৰ্য্য কোনো বেয়া নহয়। ইয়াৰ অবিহনে জীৱনত কোনো আনন্দ নাই। সত্য প্ৰেমক ব্যক্ত কৰাৰ ই এক উপায় বুলি ভাবে।

অজলা নহʼব! যিসকলে বিবাহৰ আগতে আপোনাক যৌন কাৰ্য্য কৰিবলৈ ফুচুলাই, তেওঁলোকে কেৱল নিজৰ স্বাৰ্থৰ কথাহে চিন্তা কৰে।—১ কৰিন্থীয়া ১৩:৪, ৫.

কেৱল লʼৰাৰ বাবে

এজন কিশোৰে বহি চিন্তা কৰিছ

যদি আপুনি ডেটিং কৰিছে, তেনেহʼলে নিজকে নিজে সোধক: ‘মই নিজৰ গাৰ্লফ্ৰেণ্ডৰ যত্ন লওঁনে?’ যদি আপোনাৰ উত্তৰ লওঁ বুলি হয়, তেনেহʼলে ইয়াক আপুনি কেনেকৈ প্ৰকাশ কৰিব? ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ বাবে দৃঢ় হওক। বুদ্ধিমতাৰে প্ৰলোভনৰপৰা আঁতৰি থাকক আৰু তাইৰ পছন্দক নিজৰ পছন্দ কৰি তোলাৰ যোগেদি আপুনি তাইৰ প্ৰতি যত্ন লয় বুলি প্ৰকাশ কৰিব পাৰিব।

যদি আপোনাৰ এই গুণবোৰ আছে, তেনেহʼলে আপোনাৰ গাৰ্লফ্ৰেণ্ডেও নৈতিকভাৱে শুচি চূলম্মীতৰ দৰে কʼব পাৰিব, “মোৰ প্ৰিয় মোৰেই, আৰু মইও তেওঁৰেই।” (পৰমগীত ২:১৬) অৰ্থাৎ তাই আপোনাক আৰু বেছিকৈ প্ৰেম কৰিব!

কিটিপবোৰ

যদি কোনোবাই আপোনাক যৌন কাৰ্য্য কৰিবলৈ প্ৰলোভিত কৰে আৰু কয়, “যদি তুমি মোক ভালপোৱা, তেনেহʼলে এনেদৰে তুমি নিশ্চয় কৰিবা।” দৃঢ়তাৰে এইদৰে উত্তৰ দিয়ক, “যদি তুমি মোক সঁচাকৈ ভালপোৱা, তেনেহʼলে আৰু কেতিয়াও এনে কথা নকʼবা!”

যেতিয়া আপুনি কোনো বিপৰীত লিংগৰ লগত থাকে, তেতিয়া এই নিয়ম পালন কৰক: “এনে কোনো কাম কৰাৰপৰা দূৰে থাকক, যি সদ্যহতে আপোনাৰ মা-দেউতাৰ আগত আপুনি কেতিয়াও নকৰে।”

আপোনাৰ পৰিকল্পনা

  • কোনোবাই আপোনাক যৌন কাৰ্য্য কৰিবলৈ প্ৰলোভিত কৰিলে, আপুনি কি কৰিব?

  • এনে কিছুমান পৰিস্থিতি কি, যেতিয়া আপোনাক না বুলি কʼবলৈ কঠিন হʼব পাৰে?

  • আপুনি এনে পৰিস্থিতিৰপৰা কেনেকৈ আঁতৰি থাকিব?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক