পাঠ ১
ঈশ্বৰে আকাশ আৰু পৃথিৱী বনালে
যিহোৱা আমাৰ সৃষ্টিকৰ্তা হয়, অৰ্থাৎ তেৱেঁই সকলো বনালে। আমি যি দেখা পাওঁ আৰু যি দেখা নাপাওঁ, সেই সকলো যিহোৱাই বনালে। তেওঁ আকাশ আৰু পৃথিৱীৰ বস্তুবোৰ বনোৱাৰ আগতে বহুতো স্বৰ্গদূত বনালে। তুমি জানা নে স্বৰ্গদূত কোন হয়? তেওঁলোক যিহোৱাৰ সেৱক হয় আৰু তেওঁলোক দেখাত যিহোৱাৰ দৰে। যিদৰে আমি ঈশ্বৰক দেখা নাপাওঁ, ঠিক সেইদৰে আমি স্বৰ্গদূতসকলকো দেখা নাপাওঁ। যিহোৱাই যিজন স্বৰ্গদূতক সকলোতকৈ প্ৰথমে বনালে, তেওঁ আকাশৰ তৰা, গ্ৰহ আৰু বাকী সকলো বস্তু বনাবলৈ যিহোৱাক সহায় কৰিছিল। সেই গ্ৰহবোৰৰ মাজৰ এটা হৈছে এই ধুনীয়া পৃথিৱীখন, যʼত আমি থাকোঁ।
তাৰ পাছত যিহোৱাই পৃথিৱীক এনেদৰে তৈয়াৰী কৰিলে যাতে তাত মানুহ আৰু জীৱ-জন্তু থাকিব পাৰে। তেওঁ পৃথিৱীত পোহৰ দিবলৈ সূৰ্য বনালে। ইয়াৰ উপৰিও, তেওঁ পাহাৰ, সাগৰ আৰু নদ-নদী বনালে।
তাৰ পাছত কি হʼল? যিহোৱাই কʼলে, ‘মই ঘাঁহ-বন আৰু গছ-গছনি বনাম।’ তেতিয়া বিভিন্ন ধৰণৰ ফল আৰু শাক-পাচলি ওলাবলৈ ধৰিলে আৰু ফুল ফুলিবলৈ ধৰিলে। তাৰ পাছত যিহোৱাই সকলো ধৰণৰ জীৱ-জন্তু বনালে: আকাশত উৰি ফুৰা চৰাই, পানীত থকা মাছ আৰু মাটিত বগাই ফুৰা জন্তু। তেওঁ শহাপহুৰ দৰে সৰু সৰু জন্তুৰ পৰা লৈ হাতীৰ দৰে ডাঙৰ ডাঙৰ জন্তু বনালে। তোমাক কোনটো জন্তু আটাইতকৈ বেছি ভাল লাগে?
ইয়াৰ পাছত যিহোৱাই সকলোতকৈ প্ৰথমে বনোৱা স্বৰ্গদূতজনক কʼলে, ‘আহা আমি মানুহ বনাওঁ।’ মানুহ জীৱ-জন্তুতকৈ একেবাৰে বেলেগ হʼব। মানুহে নতুন নতুন বস্তু বনাব পাৰিব। তেওঁলোকে কথা পাতিব পাৰিব, হাঁহিব পাৰিব আৰু প্ৰাৰ্থনা কৰিব পাৰিব। তেওঁলোকে পৃথিৱী আৰু জীৱ-জন্তুৰ চোৱা-চিতা কৰিব। তুমি জানানে যিহোৱাই বনোৱা প্ৰথম মানুহজন কোন আছিল? আহা চাওঁ।
“আদিতে ঈশ্বৰে আকাশ- মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে।”—আদিপুস্তক ১:১