ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পাঠ ২ পৃষ্ঠা ১০-পৃষ্ঠা ১১ অনু. ১
  • ঈশ্বৰে প্ৰথম পুৰুষ আৰু প্ৰথম তিৰোতাক বনালে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰে প্ৰথম পুৰুষ আৰু প্ৰথম তিৰোতাক বনালে
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • মানৱৰ সৃষ্টি
    বাইবেলৰ কাহিনী
  • প্ৰমোদবনত জীৱন কেনে আছিল?
    ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • তেওঁলোকক এদন বাগিচাৰপৰা কিয় উলিয়াই দিলে
    বাইবেলৰ কাহিনী
  • এক কষ্টকৰ জীৱনৰ আৰম্ভণি
    বাইবেলৰ কাহিনী
বাইবেলৰ পৰা শিকোঁ আহা
lfb পাঠ ২ পৃষ্ঠা ১০-পৃষ্ঠা ১১ অনু. ১
এদন বাগিচাত আদম আৰু হৱা

পাঠ ২

ঈশ্বৰে প্ৰথম পুৰুষ আৰু প্ৰথম তিৰোতাক বনালে

যিহোৱাই এদন নামৰ ঠাইত এখন বাগিচা পাতিলে। সেই বাগিচাত বহুতো ফুল, গছ-গছনি আৰু জীৱ-জন্তু আছিল। তাৰ পাছত যিহোৱাই মাটিৰে প্ৰথম পুৰুষ আদমৰ শৰীৰ বনালে আৰু তেওঁৰ নাকত ফু দিলে। জানা নে ইয়াৰ পাছত কি হʼল? আদম জীৱিত হৈ গʼল! যিহোৱাই তেওঁক এটা কাম দিলে। সেই বাগিচাখনৰ চোৱা-চিতা কৰিবলৈ আৰু সকলো জন্তুৰ নাম থʼবলৈ যিহোৱাই তেওঁক কʼলে।

যিহোৱাই আদমক এটা নিয়ম দিছিল আৰু সেই নিয়ম পালন কৰাটো অতি প্ৰয়োজন আছিল। তেওঁ আদমক কৈছিল, ‘তুমি সকলো গছৰ ফল খাব পাৰা, কিন্তু এজোপা বিশেষ গছৰ ফল খাব নোৱাৰা। যদি তুমি তাৰ ফল খোৱা, তেনেহʼলে মৰি যাবা।’

পাছত যিহোৱাই কʼলে, ‘মই আদমৰ কাৰণে এজন সহায়কৰ্তা বনাম।’ তেওঁ আদমক গভীৰ টোপনিত শুৱাই দিলে আৰু তেওঁৰ এডাল কামিহাড় উলিয়ালে আৰু তাৰ পৰা আদমৰ কাৰণে এজনী পত্নী বনালে। তেওঁৰ নাম হৱা আছিল। আদম আৰু হৱাৰ পৰা প্ৰথম পৰিয়াল হʼল। নিজৰ পত্নীক দেখি আদমৰ কেনেকুৱা লাগিল? তেওঁ ইমানেই আনন্দিত হʼল যে তেওঁ কʼলে, ‘চোৱা, যিহোৱাই মোৰ কামিহাড়ৰ পৰা কি বনালে! মোৰ দৰে এজন মানুহ বনালে!’

সন্তান জন্ম দিবলৈ আৰু পৃথিৱীখন মানুহেৰে পূৰ কৰিবলৈ যিহোৱাই আদম আৰু হৱাক কʼলে। আদম আৰু হৱাই একেলগে মিলি গোটেই পৃথিৱীখন প্ৰমোদবন বনোৱা আৰু এই কাম কৰি আনন্দ পোৱাটো যিহোৱাই বিচাৰিছিল। প্ৰমোদবনৰ অৰ্থ হৈছে সুন্দৰ বাগিচা, যিদৰে এদন বাগিচা আছিল। কিন্তু ঈশ্বৰে যিদৰে বিচাৰিছিল, সেইদৰে নহʼল। কিয় বাৰু? ইয়াৰ বিষয়ে আমি আগৰ অধ্যায়ত শিকিম।

“যিজনে তেওঁলোকক সৃষ্টি কৰিলে, তেওঁ আৰম্ভণিৰে পৰা তেওঁলোকক পুৰুষ আৰু স্ত্ৰী হিচাপে বনাইছিল।”—মথি ১৯:৪

প্ৰশ্ন: যিহোৱাই আদমক কি কাম দিছিল? আদম আৰু হৱাই মানা কৰা গছজোপাৰ ফল খোৱা হʼলে কি হʼলহেঁতেন?

আদিপুস্তক ১:২৭-৩১; ২:৭-৯, ১৫-২৩; গীতমালা ১১৫:১৬; মথি ১৯:৪-৬

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক