পাঠ ৩৭
যিহোৱাই চমূৱেলৰ লগত কথা পাতিলে
মহা-পুৰোহিত এলীৰ দুজন লʼৰা আছিল, যিসকলে পবিত্ৰ তম্বুত পুৰোহিতৰ কাম কৰিছিল। তেওঁলোকৰ নাম আছিল হফনী আৰু পীনহচ। তেওঁলোকে যিহোৱাৰ নিয়ম পালন কৰা নাছিল আৰু লোকসকলৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছিল। যেতিয়া লোকসকলে যিহোৱাৰ কাৰণে বলিদান লৈ আহিছিল, তেতিয়া তেওঁলোকে তাৰ পৰা আটাইতকৈ ভাল মাংস লৈ লৈছিল। তেওঁৰ লʼৰাবিলাকে কি কৰি আছে, সেই বিষয়ে এলীয়ে শুনিছিল, তথাপি তেওঁ একো নকৰিলে। যিহোৱাই এই সকলো হৈ থাকিবলৈ দিলে নে?
হফনী আৰু পীনহচতকৈ চমূৱেল বহুত সৰু আছিল। কিন্তু তেওঁ তেওঁলোকৰ দৰে নহʼল। সেইবাবে, যিহোৱাই তেওঁৰ পৰা আনন্দিত আছিল। এদিনাখন ৰাতি চমূৱেলে শুই আছিল। তেতিয়া কোনোবাই তেওঁৰ নামেৰে মাতি থকা তেওঁ শুনিলে। তেওঁ উঠিলে আৰু দৌৰি এলীৰ ওচৰলৈ গʼল। তেওঁ এলীক কʼলে, ‘আপুনি মোক মাতিছিলে নে?’ এলীয়ে কʼলে, ‘মই তোমাক মতা নাই। যোৱা শুই থাকা।’ চমূৱেলে গৈ শুই থাকিল। তেওঁ আকৌ সেই মাত শুনিবলৈ পালে। তৃতীয়বাৰ যেতিয়া এইদৰে হʼল, তেতিয়া এলীয়ে বুজি পালে যে চমূৱেলক যিহোৱাই মাতি আছে। সেইবাবে, তেওঁ চমূৱেলক কʼলে যে যদি তুমি আকৌ সেই মাত শুনিবলৈ পোৱা, তেনেহʼলে তুমি কʼবা, ‘হে যিহোৱা কোৱা। তোমাৰ সেৱকে শুনি আছে।’
চমূৱেলে গৈ শুই থাকিল। তাৰ পাছত তেওঁ এই মাত শুনিবলৈ পালে, ‘চমূৱেল! চমূৱেল!’ চমূৱেলে কʼলে, ‘কোৱা, তোমাৰ সেৱকে শুনি আছে।’ যিহোৱাই তেওঁক কʼলে, ‘তুমি এলীক কʼবা যে মই তেওঁক আৰু তেওঁৰ পৰিয়ালক শাস্তি দিম। এলীয়ে জানে যে তেওঁৰ লʼৰাবিলাকে মোৰ পবিত্ৰ তম্বুত বেয়া কাম কৰি আছে, তথাপি তেওঁ একো কৰা নাই।’ পাছ দিনাখন ৰাতিপুৱা চমূৱেলে সদায় কৰাৰ দৰে পবিত্ৰ তম্বুৰ দুৱাৰ খুলিলে। তেওঁ মহা-পুৰোহিতক যিহোৱাই কোৱা কথাবোৰ কʼবলৈ ভয় কৰিছিল। কিন্তু এলীয়ে তেওঁক মাতি সুধিলে, ‘চমূৱেল, যিহোৱাই তোমাক কি সুধিলে? মোক সকলো কথা কোৱা।’ তেতিয়া চমূৱেলে এলীক সকলো কথা কʼলে।
চমূৱেল ডাঙৰ হৈ গৈ থাকিল আৰু যিহোৱাই তেওঁক সহায় কৰি থাকিল। দেশৰ সকলো ইস্ৰায়েলীয়ে জানিছিল যে যিহোৱাই চমূৱেলক ভৱিষ্যবক্তা আৰু ন্যায়ী হিচাপে বাছনি কৰিছে।
“তুমি যৌৱন-কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।”—উপদেশক ১২:৭