ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ২১
  • শুভবাৰ্তা কোনে প্ৰচাৰ কৰিছে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শুভবাৰ্তা কোনে প্ৰচাৰ কৰিছে?
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • ‘মঙ্গলৰ শুভবাৰ্ত্তা অনাজনক কেনে সুন্দৰ দেখা যায়’
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আপুনি কেনেকৈ শুভবাৰ্তা জনাব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • আমাৰ ঘোষণা কৰা কাৰ্য্য কেনেকৈ কৰা হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
  • সত্য খ্ৰীষ্টানসকলক কেনেকৈ চিনাক্ত কৰিব পাৰি?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আৰু চাওক
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ২১
পাঠ ২১. দুজন যিহোৱাৰ সাক্ষীয়ে ৰাস্তাৰ কাষত কাৰ্ট লগাই থিয় হৈ আছে আৰু এজন ব্যক্তিয়ে তেওঁলোকৰ লগত কথা পাতিছে।

পাঠ ২১

শুভবাৰ্তা কোনে প্ৰচাৰ কৰিছে?

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

যিহোৱাই নিজৰ ৰাজ্যৰ যোগেদি অতি সোনকালে আমাৰ সকলো সমস্যা দূৰ কৰিব। এই শুভবাৰ্তা আমি সকলোকে জনাব বিচাৰোঁ আৰু এই বাৰ্তা সকলোকে জনোৱাটো যীচুৱেও বিচাৰে। সেইবাবে, তেওঁ নিজৰ শিষ্যসকলক আজ্ঞা দিছিল। (মথি ২৮:১৯, ২০) যিহোৱাৰ সাক্ষীসকলে যীচুৰ এই আজ্ঞা কেনেকৈ পালন কৰে? আহক চাওঁ।

১. মথি ২৪:১৪ পদত লিখা কথাষাৰ আজি কেনেকৈ পূৰ হৈ আছে?

“ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব” বুলি যীচুৱে আগতেই কৈছিল। (মথি ২৪:১৪) যিহোৱাৰ সাক্ষীসকলে এই গুৰুত্বপূৰ্ণ কাম কৰি আছে আৰু তেওঁলোক বহুত আনন্দিত। আজি ১,০০০-ৰতকৈ বেছি ভাষাত যিহোৱাৰ সাক্ষীসকলে গোটেই পৃথিৱীত শুভবাৰ্তা প্ৰচাৰ কৰি আছে। গোটেই পৃথিৱীত এই কাম কৰিবলৈ সময়, কঠিন পৰিশ্ৰম আৰু ভাল পৰিকল্পনা কৰাৰ প্ৰয়োজন। কিন্তু যিহোৱাৰ সহায়ৰ অবিহনে আমি এই কাম কেতিয়াও কৰিব নোৱাৰোঁ।

২. আমি লোকসকলক কেনেকৈ প্ৰচাৰ কৰোঁ?

আমি লোকসকলক যʼতেই লগ পাওঁ, তাতেই তেওঁলোকক শুভবাৰ্তা জনাওঁ। প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ দৰে আমিও “ঘৰে ঘৰে” গৈ লোকসকলক প্ৰচাৰ কৰোঁ। (পাঁচনিৰ কৰ্ম্ম ৫:৪২) এইদৰে ঘৰে ঘৰে গৈ লোকসকলক প্ৰচাৰ কৰাৰ বাবে প্ৰতিবছৰে আমি লাখ লাখ লোকক শুভবাৰ্তা জনাব পাৰিছোঁ। কেতিয়াবা কেতিয়াবা আমি লোকসকলক ঘৰত লগ নাপাওঁ। সেইবাবে, আমি বজাৰত আৰু আন ঠাইবোৰত প্ৰচাৰ কৰোঁ। আমি সুযোগ বিচাৰি যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে লোকসকলক জনাওঁ।

৩. শুভবাৰ্তা প্ৰচাৰ কৰা কাৰ দায়িত্ব?

প্ৰচাৰ কৰাৰ দায়িত্ব সত্য খ্ৰীষ্টানসকলৰ হয় আৰু এই দায়িত্ব আমি গভীৰভাৱে লওঁ। লোকসকলৰ জীৱন বিপদত আছে, সেইবাবে আমি প্ৰচাৰ কৰিবলৈ কঠিন পৰিশ্ৰম কৰোঁ। (১ তীমথিয় ৪:১৬ পঢ়ক।) এই কামৰ বাবে আমি কোনো টকা-পইচা নলওঁ। কিয়নো বাইবেলত এইদৰে লিখা আছে, “বিনামূল্যে তোমালোকে পালা, বিনামূল্যেই দান কৰিবা।” (মথি ১০:৭, ৮) লোকসকলে শুনক বা নুশুনক আমি প্ৰচাৰ কৰি থাকোঁ। কিয়নো এয়া উপাসনাৰ এটা ভাগ হয় আৰু ইয়াৰপৰা যিহোৱা ঈশ্বৰ আনন্দিত হয়।

গভীৰভাৱে ধ্যান কৰক

গোটেই পৃথিৱীত প্ৰচাৰ কৰিবলৈ যিহোৱাৰ সাক্ষীসকলে কেনেকৈ পৰিশ্ৰম কৰিছে আৰু যিহোৱাই তেওঁলোকক কেনেকৈ সহায় কৰিছে, আহক এই বিষয়ে আলোচনা কৰোঁ।

ক. কʼষ্টাৰিকাৰ সেউজীয়া পাহাৰীয়া এলেকাত দুজন যিহোৱাৰ সাক্ষীয়ে এজন ব্যক্তিক প্ৰচাৰ কৰি আছে। খ. আমেৰিকাত দুহাল দম্পতীয়ে মাছমৰীয়াসকলক প্ৰচাৰ কৰিছে। গ. বেনিনৰ এখন গাঁৱত দুজন যিহোৱাৰ সাক্ষীয়ে এজন ব্যক্তিক প্ৰচাৰ কৰিছে। ঘ. থাইলেণ্ডত পানীত উপঙি থকা এখন বজাৰত (ফ্লʼটিং মাৰ্কেট) এজন সাক্ষীয়ে এগৰাকী তিৰোতাক প্ৰচাৰ কৰি আছে। ঙ. য়াপত দুজন যিহোৱাৰ সাক্ষীয়ে এটা ডাঙৰ শিলৰ ওচৰত এগৰাকী তিৰোতাক প্ৰচাৰ কৰি আছে। চ. ছুইডেনত এখন নগৰৰ ওচৰত বৰফেৰে ভৰা ৰাস্তাত দুজন যিহোৱাৰ সাক্ষীয়ে এগৰাকী তিৰোতাক প্ৰচাৰ কৰিছে।

পৃথিৱীৰ বেলেগ বেলেগ ঠাইত প্ৰচাৰ কৰা হৈছে: (ক) কʼষ্টাৰিকা, (খ) আমেৰিকা যুক্তৰাষ্ট্ৰ, (গ) বেনিন, (ঘ) থাইলেণ্ড, (ঙ) য়াপ, (চ) ছুইডেন

৪. আমি লোকসকলক লগ কৰিবলৈ কঠিন পৰিশ্ৰম কৰোঁ

লোকসকল পৃথিৱীৰ যʼতেই নাথাকক কিয় আমি যিকোনো উপায়েৰে তেওঁলোকক শুভবাৰ্তা জনাবলৈ চেষ্টা কৰোঁ। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

ভিডিঅʼ: “পৃথিৱীৰ সীমালৈকে” প্ৰচাৰ কৰা হʼল (৭:৩৩)

  • যিহোৱাৰ সাক্ষীসকলে লোকসকলক লগ কৰিবলৈ যিদৰে কঠিন পৰিশ্ৰম কৰে, ইয়াৰ বিষয়ে আপুনি কি ভাবে?

মথি ২২:৩৯ আৰু ৰোমীয়া ১০:১৩-১৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আমি লোকসকলক প্ৰেম কৰোঁ বুলি আমাৰ প্ৰচাৰ কাৰ্য্যই কেনেকৈ প্ৰমাণ কৰে?

  • শুভবাৰ্তা জনোৱা লোকসকলৰ বিষয়ে যিহোৱাই কেনে অনুভৱ কৰে?—পদ ১৫ চাওক।

৫. আমি ঈশ্বৰৰ সহকৰ্মী

বহুতো অনুভৱৰপৰা জানিব পাৰি যে যিহোৱাৰ নিৰ্দেশনাত প্ৰচাৰ কাম হৈ আছে। উদাহৰণস্বৰূপে, নিউজিলেণ্ডত থকা ভাই পৌলৰ অনুভৱলৈ মন কৰক। এদিনাখন দুপৰীয়া তেওঁ ঘৰে ঘৰে প্ৰচাৰ কৰি থকাৰ সময়ত এগৰাকী তিৰোতাক লগ পালে। সেই তিৰোতাগৰাকীয়ে ৰাতিপুৱাই যিহোৱালৈ প্ৰাৰ্থনা কৰি কৈছিল যে কোনোবাই আহি তেওঁক যিহোৱাৰ বিষয়ে জনাওক। পৌলে কয়, “তিৰোতাগৰাকীয়ে প্ৰাৰ্থনা কৰাৰ তিনি ঘণ্টাৰ পাছত তেওঁ সেই তিৰোতাগৰাকীৰ ঘৰত উপস্থিত হʼল।”

প্ৰথম কৰিন্থীয়া ৩:৬, ৯ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • পৌলৰ দৰে আৰু বহুতো অনুভৱ আমি ভাই-ভনীসকলৰপৰা শুনিবলৈ পাওঁ। এই অনুভৱবোৰৰপৰা কেনেকৈ জানিব পাৰি যে প্ৰচাৰ কাম যিহোৱাৰ নিৰ্দেশনাত হৈ আছে?

পাঁচনিৰ কৰ্ম্ম ১:৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • প্ৰচাৰ কাম কৰিবলৈ যিহোৱাৰ সহায়ৰ কিয় প্ৰয়োজন?

আপুনি জানেনে?

প্ৰচাৰ কাম কেনেকৈ কৰা হয়, ইয়াৰ বিষয়ে সপ্তাহৰ মাজত হোৱা সভাত শিকোৱা হয়। যদি আপুনি এই সভাত উপস্থিত হৈছে, তেনেহʼলে ইয়াত দিয়া প্ৰশিক্ষণৰ বিষয়ে কি ভাবে?

প্ৰচাৰ কেনেকৈ কৰিব লাগে, তাৰ বিষয়ে সভাৰ সময়ত দুজন যিহোৱাৰ সাক্ষীয়ে প্ৰদৰ্শন আগবঢ়াইছে।

৬. আমি ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ বাবে প্ৰচাৰ কৰোঁ

প্ৰথম শতিকাত যীচুৰ শিষ্যসকলৰ প্ৰচাৰ কৰাৰ অধিকাৰ আছিল। কিন্তু বিৰোধীসকলে তেওঁলোকক প্ৰচাৰ কৰিবলৈ বাধা দিছিল। সেইবাবে, তেওঁলোকে আইনৰ সহায় লʼলে আৰু “শুভবাৰ্তা প্ৰচাৰ কৰাৰ আইনগত অধিকাৰ” লাভ কৰিলে। (ফিলিপীয়া ১:৭, NW) আজি যিহোৱাৰ সাক্ষীসকলেও এইদৰেই কৰে।a

ভিডিঅʼখন চাওক।

ভিডিঅʼ: শুভবাৰ্তাত আইন অনুসৰি অনুমোদন পোৱাৰ প্ৰচেষ্টা (২:২৮)

পাঁচনিৰ কৰ্ম্ম ৫:২৭-৪২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • আমি কিয় প্ৰচাৰ কৰিবলৈ বন্ধ নকৰিম?—পদ ২৯, ৩৮ আৰু ৩৯ চাওক।

কোনোবাই সুধিব পাৰে: “যিহোৱাৰ সাক্ষীসকলে ঘৰে ঘৰে কিয় যায়?”

  • আপুনি কি উত্তৰ দিব?

আমি কি শিকিলোঁ

যীচুৱে নিজৰ শিষ্যসকলক সকলো দেশৰ লোকসকলক শুভবাৰ্তা জনাবলৈ আজ্ঞা দিছে আৰু এই কাম কৰিবলৈ যিহোৱাই তেওঁলোকক সহায় কৰি আছে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আজি গোটেই পৃথিৱীত কেনেকৈ শুভবাৰ্তা জনোৱা হৈছে?

  • আমাৰ প্ৰচাৰ কাৰ্য্যই কেনেকৈ প্ৰমাণ কৰে যে আমি লোকসকলক প্ৰেম কৰোঁ?

  • আমি প্ৰচাৰ কৰিলে আনন্দ লাভ কৰিম নে? আপুনি এইদৰে কিয় ভাবে?

লক্ষ্য

বেছিকৈ জানক

যিহোৱাৰ সাক্ষীসকলে মহানগৰবোৰত কেনেকৈ প্ৰচাৰ কৰিছে, আহক চাওঁ।

পেৰিচত ৰাজহুৱাভাৱে প্ৰচাৰ কৰাৰ এক বিশেষ ব্যৱস্থা (৫:১১)

যিহোৱাৰ সাক্ষীসকলে শৰনাৰ্থীসকলক সহায় কৰিবলৈ কি কৰিলে?

শৰনাৰ্থীসকলক শান্ত্বনা দিয়া হʼল (৫:৫৯)

গোটেই জীৱন যিহোৱাৰ সেৱা কৰাৰ বাবে ভনী মাৰ্গেৰিটাই কিয় আনন্দ লাভ কৰিলে, আহক তাইৰপৰা শুনোঁ।

মই ভাল পথ বাছনি কৰাৰ বাবে আনন্দিত (৬:২৯)

আহক আমি জয়লাভ কৰা কিছুমান গুৰুত্বপূৰ্ণ মোকৰ্দ্দমাৰ বিষয়ে পঢ়োঁ আৰু ইয়াৰ বাবে আমি সহজে প্ৰচাৰ কৰিব পাৰিছোঁ।

“ৰাজ্যৰ প্ৰচাৰকসকলে ন্যায়ালয়ৰ সহায় লয়” (ঈশ্বৰৰ ৰাজ্যই শাসন কৰিছে!-হিন্দী, অধ্যায় ১৩)

a যিহোৱাই আমাক প্ৰচাৰ কৰাৰ অধিকাৰ দিছে। সেইবাবে, আমি প্ৰচাৰ কৰিবলৈ চৰকাৰী অধিকাৰীৰ অনুমতি লোৱাৰ প্ৰয়োজন নাই।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক