ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ৩১
  • ঈশ্বৰৰ ৰাজ্য কি হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ ৰাজ্য কি হয়?
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে আমাক কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্যই কি কৰিব?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ঈশ্বৰৰ ৰাজ্যই শাসন কৰে
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
আৰু চাওক
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ৩১
পাঠ ৩১. স্বৰ্গত যিহোৱাৰ মহিমাৰ সন্মুখত যীচু খ্ৰীষ্ট ৰজা হিচাপে থিয় হৈ আছে।

পাঠ ৩১

ঈশ্বৰৰ ৰাজ্য কি হয়?

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

বাইবেলৰ মুখ্য বিষয় হৈছে ঈশ্বৰৰ ৰাজ্য। আৰম্ভণিতে বিচৰাৰ দৰে ঈশ্বৰে এই ৰাজ্যৰ যোগেদি পৃথিৱীখনক এক সুন্দৰ বাগিচালৈ পৰিৱৰ্তন কৰিব। কিন্তু ঈশ্বৰৰ ৰাজ্য কি হয়? ঈশ্বৰৰ ৰাজ্যই এতিয়া শাসন কৰিছে বুলি আমি কিয় কʼব পাৰোঁ? ঈশ্বৰৰ ৰাজ্যই এতিয়ালৈকে কি কৰিলে আৰু ভৱিষ্যতে কি কৰিব? এই প্ৰশ্নবোৰৰ উত্তৰ এই পাঠত আৰু পৰৱৰ্তী দুটা পাঠত দিয়া হʼব।

১. ঈশ্বৰৰ ৰাজ্য কি হয় আৰু এই ৰাজ্যৰ ৰজা কোন?

যিহোৱা ঈশ্বৰে স্বৰ্গত এখন চৰকাৰ গঠন কৰিছে আৰু ইয়াক ঈশ্বৰৰ ৰাজ্য বুলি কোৱা হয়। যিহোৱা ঈশ্বৰে যীচুক এই ৰাজ্যৰ ৰজা হিচাপে নিযুক্ত কৰিছে। (মথি ৪:১৭; যোহন ১৮:৩৬) বাইবেলত যীচুৰ বিষয়ে এইদৰে কোৱা হৈছে, ‘তেওঁ পিতৃ দায়ুদৰ সিংহাসনত সৰ্ব্বদায় ৰাজত্ব কৰিব।’ (লূক ১:৩২, ৩৩) এজন ৰজা হিচাপে যীচুৱে স্বৰ্গৰপৰা পৃথিৱীত শাসন কৰিব।

২. যীচুৰ লগত কোনে শাসন কৰিব?

যীচুৱে অকলে শাসন নকৰিব। তেওঁৰ লগত ‘সকলো ফৈদ, ভাষা, ৰাজ্য, আৰু জাতিবিলাকে ৰজা আৰু পুৰোহিত হিচাপে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব।’ (প্ৰকাশিত বাক্য ৫:৯, ১০) যীচুৱে পৃথিৱীলৈ অহাৰ সময়ৰপৰা এতিয়ালৈকে লাখ লাখ লোক তেওঁৰ শিষ্য হৈছে। কিন্তু সকলোৱে তেওঁৰ লগত স্বৰ্গৰপৰা শাসন কৰিব নে? নকৰে। কেৱল ১,৪৪,০০০ জন লোকেহে তেওঁৰ লগত শাসন কৰিব। (প্ৰকাশিত বাক্য ১৪:১-৪ পঢ়ক।) বাকী সকলো শিষ্যই এই পৃথিৱীত তেওঁৰ ৰাজ্যৰ প্ৰজা হিচাপে জীয়াই থাকিব।—গীতমালা ৩৭:২৯.

৩. মানুহৰ চৰকাৰতকৈ ঈশ্বৰৰ চৰকাৰ কিয় ভাল?

এজন শাসকে হয়তো লোকসকলৰ ভালৰ বাবে বহুতো কাম কৰিব বিচাৰে। কিন্তু সকলো কাম কৰিবলৈ তেওঁৰ ওচৰত শক্তি নাথাকে। ইয়াৰ উপৰিও, তেওঁ সদায় শাসন কৰিব নোৱাৰে। কিয়নো তেওঁৰ ঠাইত কিছু বছৰৰ পাছত আন এজন শাসক আহে আৰু তেওঁ হয়তো লোকসকলৰ ভালৰ বাবে চিন্তা নকৰে। কিন্তু যীচুৱে সদায় শাসন কৰিব আৰু ঈশ্বৰে “এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহব।” (দানিয়েল ২:৪৪) যীচুৱে গোটেই পৃথিৱীত শাসন কৰিব আৰু কাৰো লগত পক্ষপাত নকৰিব। তেওঁ এজন মৰমিয়াল, দয়ালু আৰু ন্যায়ী ৰজা হয়। তেওঁ এজনে-আনজনক প্ৰেম কৰিবলৈ, দয়া দেখুৱাবলৈ আৰু ন্যায়েৰে ব্যৱহাৰ কৰিবলৈ নিজৰ প্ৰজাসকলক শিক্ষা দিব।—যিচয়া ১১:৯ পঢ়ক।

গভীৰভাৱে ধ্যান কৰক

মানুহৰ চৰকাৰতকৈ ঈশ্বৰৰ চৰকাৰ কিয় ভাল? আহক এই বিষয়ে আলোচনা কৰোঁ।

স্বৰ্গত যীচুৱে সিংহাসনত বহি পৃথিৱীৰ ওপৰত শাসন কৰি আছে। তেওঁৰ লগত শাসন কৰিবলগীয়া লোকসকলে তেওঁৰ পিচফালে বহি আছে। তেওঁলোকৰ পাছত যিহোৱা বহি আছে আৰু তেওঁৰ ৰশ্মি জিলিকি আছে।

৪. ঈশ্বৰৰ ৰাজ্যই গোটেই পৃথিৱীত শাসন কৰিব

যীচুৰ ওচৰত যিমান অধিকাৰ আৰু শক্তি আছে, সিমান আন কোনো শাসকৰ ওচৰত নাই। মথি ২৮:১৮ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • যীচুৰ ওচৰত আন শাসকতকৈ বেছি অধিকাৰ আছে বুলি আমি কিয় কʼব পাৰোঁ?

মানুহৰ চৰকাৰ সলনি হৈয়ে থাকে। ইয়াৰ উপৰিও, প্ৰতিটো চৰকাৰে পৃথিৱীৰ কোনো এক এলেকা বা দেশত শাসন কৰে। কিন্তু মন কৰক, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কি কোৱা হৈছে? দানিয়েল ৭:১৪ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • ঈশ্বৰৰ ৰাজ্য কেতিয়াও শেষ নহʼব, আপুনি কি ভাবে ইয়াৰপৰা আমাৰ কি লাভ হʼব?

  • আপুনি কি ভাবে, যেতিয়া ঈশ্বৰৰ ৰাজ্যই গোটেই পৃথিৱীত শাসন কৰিব, তেতিয়া আমাৰ কি লাভ হʼব?

৫. মানুহৰ চৰকাৰে আমাৰ সমস্যাবোৰ সমাধান কৰিব নোৱাৰে

মানুহৰ চৰকাৰৰ সলনি আমাক ঈশ্বৰৰ ৰাজ্যৰ কিয় প্ৰয়োজন? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

ভিডিঅʼ: ঈশ্বৰৰ ৰাজ্য কি হয়?—এক আভাস (১:৪১)

  • মানুহে শাসন কৰাৰ বাবে কি পৰিণাম হৈছে?

উপদেশক ৮:৯ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • আপুনি কি ভাবে, মানুহৰ চৰকাৰৰ সলনি আমাক ঈশ্বৰৰ ৰাজ্যৰ প্ৰয়োজন আছেনে? আপুনি এইদৰে কিয় ভাবে?

৬. ঈশ্বৰৰ ৰাজ্যৰ ৰজাই আমাক ভালদৰে বুজি পায়

ঈশ্বৰৰ ৰাজ্যৰ ৰজা যীচুৱে মানুহ হিচাপে এই পৃথিৱীত জীয়াই আছিল। সেইবাবে, তেওঁ আমাক ভালদৰে বুজি পায় আৰু ‘আমাৰ দুখত দুঃখিত হʼব পাৰে।’ (ইব্ৰী ৪:১৫) যিহোৱাই যীচুৰ লগত শাসন কৰিবলৈ পৃথিৱীৰপৰা ১,৪৪,০০০ জন লোকক নিযুক্ত কৰিছে। এই বিশ্বাসী পুৰুষ আৰু তিৰোতাসকলক “সকলো ফৈদ, ভাষা, ৰাজ্য, আৰু জাতিবিলাকৰ” মাজৰপৰা লোৱা হৈছে।—প্ৰকাশিত বাক্য ৫:৯.

  • যীচু আৰু তেওঁৰ লগত শাসন কৰিবলগীয়া শাসকসকলে আমাক আৰু আমাৰ সমস্যাবোৰ ভালদৰে বুজি পায়। এই বিষয়ে জানি আপুনি কিয় শান্ত্বনা লাভ কৰে?

বেলেগ বেলেগ সময় আৰু বিভিন্ন পৃষ্ঠভূমিৰপৰা অহা অভিষিক্ত পুৰুষ আৰু তিৰোতা।

যিহোৱাই যীচুৰ লগত শাসন কৰিবলৈ বেলেগ বেলেগ জাতি, ভাষা আৰু দেশৰপৰা পুৰুষ আৰু তিৰোতাসকলক বাছনি কৰিছে

৭. মানুহৰ চৰকাৰৰ তুলনাত ঈশ্বৰৰ চৰকাৰৰ নিয়মবোৰ উত্তম

সাধাৰণতে চৰকাৰে নিজৰ নাগৰিকৰ সুৰক্ষা আৰু লাভৰ বাবে কিছুমান নিয়ম বনায়। ঠিক সেইদৰে, ঈশ্বৰৰ ৰাজ্য বা চৰকাৰেও নিজৰ নাগৰিকৰ বাবে কিছুমান নিয়ম বনাইছে। ১ কৰিন্থীয়া ৬:৯-১১ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যদি ঈশ্বৰে দিয়া নিয়মবোৰ সকলোৱে পালন কৰে, তেনেহʼলে পৃথিৱীৰ পৰিস্থিতি কেনেকুৱা হʼব?a

  • নাগৰিকসকলে যিহোৱাৰ নিয়মবোৰ পালন কৰাটো তেওঁ আশা কৰে। যিহোৱাই এইদৰে আশা কৰাটো উচিত বুলি আপুনি ভাবেনে? আপুনি এইদৰে কিয় ভাবে?

  • যিহোৱাৰ নিয়ম পালন নকৰা লোকসকলেও সলনি হʼব পাৰে বুলি কি কথাৰপৰা জানিব পাৰি?—পদ ১১ চাওক।

এজন পুলিচে ৰাস্তাৰ চাৰি-আলিত যান-বাহন ৰখাই আছে। বিভিন্ন বয়সৰ লোকসকলে ৰাস্তা পাৰ কৰি আছে।

সাধাৰণতে চৰকাৰে নিজৰ নাগৰিকৰ সুৰক্ষা আৰু ভালৰ বাবে নিয়ম বনায়। ঈশ্বৰৰ চৰকাৰেও নিজৰ নাগৰিকৰ সুৰক্ষা আৰু ভালৰ বাবে নিয়ম বনাইছে। কিন্তু এই নিয়ম মানুহৰ নিয়মৰ তুলনাত উত্তম

কোনোবাই সুধিব পাৰে: “ঈশ্বৰৰ ৰাজ্য কি হয়?”

  • আপুনি কি উত্তৰ দিব?

আমি কি শিকিলোঁ

ঈশ্বৰৰ ৰাজ্য এখন চৰকাৰ হয় আৰু এই চৰকাৰে স্বৰ্গৰপৰা গোটেই পৃথিৱীত শাসন কৰিব।

আপুনি কেনেকৈ উত্তৰ দিব?

  • ঈশ্বৰৰ ৰাজ্যৰ ৰজা কোন?

  • মানুহৰ চৰকাৰতকৈ ঈশ্বৰৰ চৰকাৰ কিয় ভাল?

  • যিহোৱাই নিজৰ ৰাজ্যৰ প্ৰজাসকলৰপৰা কি আশা কৰে?

লক্ষ্য

বেছিকৈ জানক

ঈশ্বৰৰ ৰাজ্য কʼত আছে, মন কৰক যে এই বিষয়ে যীচুৱে কি কৈছিল।

“ঈশ্বৰৰ ৰাজ্য আমাৰ হৃদয়ত আছেনে?” (ৱেবছাইটত দিয়া লেখ)

যিহোৱাৰ সাক্ষীসকলে কিয় মানুহৰ চৰকাৰতকৈ বেছি ঈশ্বৰৰ ৰাজ্যৰ বিশ্বাসী হৈ থাকে?

ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি বিশ্বাসী (১:৪৩)

যিহোৱাই যীচুৰ লগত শাসন কৰিবলৈ নিযুক্ত কৰা ১,৪৪,০০০ জন লোকৰ বিষয়ে বাইবেলত কি কোৱা হৈছে, আহক চাওঁ।

“স্বৰ্গলৈ কোন যাব?” (ৱেবছাইটত দিয়া লেখ)

জেলত থকা এগৰাকী তিৰোতাৰ কি কথাৰপৰা সম্পূৰ্ণ বিশ্বাস হʼল যে কেৱল ঈশ্বৰেই জগতৰপৰা অন্যায় নাইকিয়া কৰিব পাৰে।

“মই জানিলোঁ অন্যায় কেনেকৈ শেষ হʼব” (সচেতন থাকক! লেখ)

a ইয়াৰ কিছুমান নিয়মৰ বিষয়ে ভাগ ৩-ত আলোচনা কৰা হʼব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক