ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w৯৯ ১/১ পৃষ্ঠা ১১-২০
  • “তোমালোকৰ প্ৰেম বঢ়াই বঢ়াই উপচাই পেলাওঁক”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “তোমালোকৰ প্ৰেম বঢ়াই বঢ়াই উপচাই পেলাওঁক”
  • ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • অব্ৰাহামৰ বিশ্বাসৰ উদাহৰণ
  • ঈশ্বৰলৈ শুনা
  • ঈশ্বৰৰ সৈতে কথা হোৱা
  • বৰ্তমান সময়ত বিশ্বাসৰ এক ৰেকৰ্ড
  • বৰ্তমান সময়ত বিশ্বাস উন্নত কৰক
  • আশা অতি সোনকালে পূৰ্ণ হব
  • অব্ৰাহামৰ দৰে আপোনাৰো বিশ্বাস আছেনে?
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • ঈশ্বৰৰ দ্বাৰা অব্ৰাহামৰ পৰীক্ষা
    বাইবেলৰ কাহিনী
  • অব্ৰাহাম আৰু চাৰাই ঈশ্বৰৰ কথা মানিলে
    বাইবেলৰ পৰা শিকোঁ আহা
  • আপুনি “ভিত্তিমূল থকা সেই নগৰলৈ” অপেক্ষা কৰিছেনে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
আৰু চাওক
১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
w৯৯ ১/১ পৃষ্ঠা ১১-২০

“তোমালোকৰ প্ৰেম বঢ়াই বঢ়াই উপচাই পেলাওঁক”

“কিয়নো তোমালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পোৱা, এই নিমিত্তে ধৈৰ্য্যত তোমালোকৰ প্ৰয়োজন আছে।”—ইব্ৰী ১০:৩৬.

১, ২. (ক) প্ৰথম শতাব্দীত বহুতো খ্ৰীষ্টানৰ কি হʼল? (খ) বিশ্বাস দুৰ্ব্বল হোৱাতো অতি সহজ কিয়?

বাইবেলৰ কোনো এজন লিখকে পাঁচনি পৌলৰ দৰে বিশ্বাসৰ বিষয়ে বৰ্ণনা কৰা নাই। আৰু তেওঁ যি সকলৰ বিশ্বাস দুৰ্বল আৰু মৃত্যু হৈছে তেওঁলোকৰ বিষয়ে বাৰে বাৰে উল্লেখ কৰিছে। উদাহৰণ স্বৰূপে, হুমনায় আৰু আলেকজেণ্ডাৰৰ “বিশ্বাসৰূপ নৌকা ভগ্ন হল।” (১ তীমথিয় ১:১৯, ২০) দীমাই পৌলক ত্যাগ কৰিছিল কাৰণ তেওঁ ‘এই বৰ্ত্তমান সংসাৰক প্ৰেম কৰিছিল।’ (২ তীমথিয় ৪:৯) কিছুমানে তেওঁলোকৰ অখ্ৰীষ্টান, কাৰ্য্যৰ দ্বাৰা “বিশ্বাস অস্বীকাৰ কৰিলে” অন্য কিছুমানে মিছা জ্ঞানৰ দ্বাৰা ছলনা কৰা হʼল আৰু “বিশ্বাসৰূপ পথাৰ পৰা এফলীয়া হৈ গল।”—১ তীমথিয় ৫:৮; ৬:২০, ২১.

২ কিয় অভিষিক্ত খ্ৰীষ্টানসকলে সেই বিষয়বোৰত পিছ পৰি গʼল? “বিশ্বাস হৈছে, আশা কৰা বিষয়ৰ নিশ্চয়জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ-প্ৰাপ্তি।” (ইব্ৰী ১১:১) যিজনক আমি দেখা নাই তেওঁৰ উপৰত বিশ্বাসৰ অভ্যাস কৰোঁ। আমাক দেখি থকা বস্তুবোৰৰ প্ৰয়োজন নাই। অদৃশ্য আধ্যাত্মিক ঐশ্বৰ্য্যতকৈ দৃশ্যমান ঐশ্বৰ্য্যৰ বাবে কাম কৰিবলৈ সহজ। (মথি ১৯:২১, ২২) বহুতো দৃশ্যমান বস্তু—যেনে “মাংসৰ অভিলাষ, চকুৰ অভিলাষ”—এইবোৰে আমাৰ অসিদ্ধ শৰীৰত দেখা দিয়ে আৰু বিশ্বাস দুৰ্ব্বল কৰে।—১ যোহন ২:১৬.

৩. এজন খ্ৰীষ্টান ব্যক্তিৰ কেনেধৰণৰ বিশ্বাস হোৱা উচিত?

৩ হয়, পৌলে কৈছিল, “ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়।” মোচিৰ এইদৰে বিশ্বাস আছিল। “কিয়নো তেওঁ পুৰস্কাৰ-দানলৈ দৃষ্টি কৰিছিল।” আৰু “অদৃশ্য জনাক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।” (ইব্ৰী ১১:৬, ২৪, ২৬, ২৭) এজন খ্ৰীষ্টানৰ বাবে এনে বিশ্বাসৰ প্ৰয়োজন। যেনেকৈ আগৰ অধ্যয়নত বিবেচনা কৰা হʼল, এই সক্ৰান্তত অব্ৰাহামৰ এটা ভাল উদাহৰণ আছিল।

অব্ৰাহামৰ বিশ্বাসৰ উদাহৰণ

৪. অব্ৰাহামৰ বিশ্বাসে তেওঁৰ জীৱনত কেনেকৈ প্ৰভাৱিত কৰিছিল?

৪ তেওঁৰ বংশৰ দ্বাৰা পৃথিবীৰ সকলো লোকে আৰ্শীব্বাদ প্ৰাপ্ত হব ইয়াৰ বিষয়ে যেতিয়া অব্ৰাহামে ঈশ্বৰৰ পৰা প্ৰতিজ্ঞা পালে সেই সময়ত তেওঁ উৰত আছিল। (আদিপুস্তক ১২:১-৩; পাঁচনিৰ কৰ্ম্ম ৭:২, ৩) এই প্ৰতিজ্ঞাৰ আধাৰত অব্ৰাহামে, প্ৰথমে হাৰণৰ পৰা কনানলৈ যাত্ৰা কৰি যিহোৱাৰ আজ্ঞা পালন কৰিলে। তাত যিহোৱাই অব্ৰাহামৰ বংশক সেই ভূমি দিবলৈ প্ৰতিজ্ঞা কৰিলে। (আদিপুস্তক ১২:৭; নহিমিয়া ৯:৭, ৮) যি কি নহওঁক, যিহোৱাই অব্ৰাহামলৈ কৰা প্ৰতিজ্ঞাৰ বেছিভাগেই তেওঁৰ মৃত্যুৰ পাছত পূৰ্ণ হʼল। উদাহৰণ স্বৰূপে, মক্‌পেলা গুহা মৈদামৰ বাবে লোৱাৰ বাহিৰে—অব্ৰাহামে নিজাকৈ কানানৰ কোনো অংশ লোৱা নাছিল। (আদিপুস্তক ২৩:১-২০) তেতিয়াও তেওঁ যিহোৱাৰ বাক্যৰ উপৰত বিশ্বাস আছিল। যি কি নহওঁক, তেওঁৰ ভৱিষ্যতৰ উপৰত বিশ্বাস আছিল, “কিয়নো যি নগৰৰ স্থাপন আৰু নিৰ্ম্মাণকৰ্ত্তা ঈশ্বৰ, ভিত্তিমূল থকা সেই নগৰলৈ তেওঁ অপেক্ষা কৰিছিল।” (ইব্ৰী ১১:১০) এনে বিশ্বাসে তেওঁক গোটেই জীৱন ধৰি সহায় কৰিছিল।

৫, ৬. যিহোৱাৰ প্ৰতিজ্ঞা অনুসৰি কি কি বিষয়ত অব্ৰাহামৰ বিশ্বাস পৰীক্ষা কৰা হৈছিল?

৫ ই বিশেষকৈ, অব্ৰাহামৰ বংশৰ দ্বাৰা হবলগীয়া বৃহত জাতিৰ প্ৰতিজ্ঞাক সমৰ্থন কৰে। এই আৰ্শীব্বাদবোৰ প্ৰাপ্ত কৰিবলৈ, অব্ৰাহামক এজন পুত্ৰৰ প্ৰয়োজন আছিল আৰু তাৰ বাবে তেওঁ বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল। আমি নাজানো যে কেতিয়া তেওঁ ঈশ্বৰৰ প্ৰতিজ্ঞা প্ৰথম বাৰৰ বাবে শুনিছিল কিন্তু যেতিয়া তেওঁ হাৰণলৈ দীঘলীয়া যাত্ৰা কৰিছিল তেতিয়ালৈকে তেওঁৰ এটাও সন্তান জন্ম হোৱা নাছিল। (আদিপুস্তক ১১:৩০) তেওঁ ‘ভাল আৰু শুদ্ধ আত্মা প্ৰাপ্ত’ কৰাৰ বাবে বহু সময় হাৰণত আছিল, আৰু যেতিয়া তেওঁ কানানলৈ যাত্ৰা কৰিছিল সেই সময়ত তেওঁৰ বয়স ৭৫ বছৰ আৰু চাৰাৰ ৬৫ বছৰ আছিল। সেই সময়লৈকে তেওঁলোকৰ কোনো পুত্ৰ নাছিল। (আদিপুস্তক ১২:৪, ৫) যেতিয়া চাৰা ৭০ বছৰীয়া হʼল, তেতিয়া তাই কৈছিল যে অব্ৰাহামলৈ সন্তান দিবলৈ তাই অসমৰ্থ। এতেকে, সেই সময়ৰ প্ৰথা অনুসৰি চাৰাই তাইৰ দাসী ছোৱালী হাগাৰক অব্ৰাহামলৈ দিলে আৰু তেওঁ তাইৰ দ্বাৰা এটা সন্তান পালে। কিন্তু এইটো প্ৰতিজ্ঞাত সন্তান নাছিল। অৱশেষত হাগাৰ আৰু তাইৰ সন্তান ইশ্মায়েলক পঠিয়াই দিয়া হʼল। যেতিয়া অব্ৰাহামে ইয়াৰ কাৰণ বৰ্ণনা কৰিলে, তেতিয়া যিহোৱাই ইশ্মায়েলক আশীৰ্বাদ কৰিব বুলি প্ৰতিজ্ঞা কৰিলে।—আদিপুস্তক ১৬:১-৪, ১০; ১৭:১৫, ১৬, ১৮-২০; ২১:৮-২১.

৬ ঈশ্বৰৰ নিৰ্দ্ধাৰিত সময়ত—প্ৰথম প্ৰতিজ্ঞাৰ বহু সময়ৰ পিছত—১০০ বছৰীয়া অব্ৰাহাম আৰু ৯০ বছৰীয়া চাৰাই এটা সন্তান পালে আৰু সেইয়া হৈছে ইচ্‌হাক। কিযে আনন্দদায়ক আছিল! এই বৃদ্ধ দম্পতীৰ বাবে, এইটো তেওঁলোকৰ বাবে “মৰাৰ নিচিনা” অৱস্থাৰ পৰা পুনৰুত্থান কৰাৰ দৰে হʼল। (ৰোমীয়া ৪:১৯-২১) বহু সময়ৰ ধৰি অপেক্ষা কৰিছিল কিন্তু যেতিয়া প্ৰতিজ্ঞা পূৰ্ণ হʼল তেতিয়া অপেক্ষাৰ ফলস্বৰূপে পুৰস্কাৰ লাভ কৰিছিল।

৭. বিশ্বাসৰ লগত ধৈৰ্য্যৰ কেনেকৈ সম্পৰ্ক আছে?

৭ অব্ৰাহামৰ উদাহৰণে আমাক মনত পেলাই দিয়ে যে বিশ্বাস মাত্ৰ অলপ সময়ৰ বাবে হোৱা উচিত নহয়। পৌলে বিশ্বাসৰ লগত ধৈৰ্য্য দেখুৱাইছিল, যেতিয়া তেওঁ লিখিছিল: “কিয়নো তোমালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পোৱা, এই নিমিত্তে ধৈৰ্য্যত তোমালোকৰ প্ৰয়োজন আছে।  . . . কিন্তু যিবিলাক সৰ্ব্বনাশলৈ হোঁহকে, আমি তেওঁবিলাকৰ মাজৰ নহওঁ, জীৱত্মাৰ ৰক্ষা লাভ কৰিবৰ কাৰণে বিশ্বাস কৰাবিলাকৰ মাজৰহে হৈছোঁ।” (ইব্ৰী ১০:৩৬-৩৯) বহুতে বহু সময় ধৰি প্ৰতিজ্ঞাৰ পূৰ্ণৰ বাবে অপেক্ষা কৰিব লগীয়া হʼল। কিছুমানে গোটেই জীৱন ধৰি অপেক্ষা কৰিবলগীয়া হʼল। শক্তিশালী বিশ্বাসে তেওঁলোকক সহায় কৰিছিল। অব্ৰাহামৰ দৰে তেওঁলোকেও নিৰ্ধাৰিত সময়ত পুৰস্কাৰ লাভ কৰিব।—হবক্কুক ২:৩.

ঈশ্বৰলৈ শুনা

৮. বৰ্তমান সময়ত আমি ঈশ্বৰৰ কথা কেনেকৈ শুনিব পাৰোঁ আৰু ই কিয় আমাৰ বিশ্বাস দৃঢ় কৰিব পাৰে?

৮ চাৰিটা মুখ্য কাৰণৰ বাবে অব্ৰাহামৰ বিশ্বাস দৃঢ় হৈছিল আৰু সেই একেই বিষয়ে আমাকো সহায় কৰিব পাৰে। প্ৰথমে, যেতিয়া ঈশ্বৰে কথা কয় তালৈ মনোযোগ দিয়াৰ দ্বাৰা তেওঁৰ বিশ্বাস প্ৰৰ্দশন কৰি দেখুৱালে যে ‘ঈশ্বৰ বাস্তৱতে আছে।’ যিহেতু, তেওঁ যিৰিমিয়াৰ সময়ৰ ইহুদী সকলতকৈ পৃথক আছিল, তেওঁলোকে বিশ্বাস কৰিছিল যে যিহোৱা আছে কিন্তু তেওঁৰ বাক্যক বিশ্বাস কৰা নাছিল। (যিৰিমিয়া ৪৪:১৫-১৯) বৰ্তমান, যিহোৱাই বাইবেলৰ দ্বাৰা কথা কয়, তেওঁৰ নিশ্বাসিত বাক্যৰ বিষয়ে পিতৰে এইদৰে কৈছে, “আন্ধাৰময় ঠাইত পোহৰ দিয়া প্ৰদীপৰ সদৃশ সেই বাক্যলৈ যে তোমালোকে মন দিছা, ভাল কৰিছা।” (২ পিতৰ ১:১৯) যেতিয়া আমি মনোযোগৰে বাইবেল পঢ়োঁ, আমি তেতিয়া, ‘বিশ্বাস, আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাই শ্ৰৱণ হওঁ।’ (১ তীমথিয় ৪:৬; ৰোমীয়া ১০:১৭) তদুপৰি, এই শেষ-কালত, “বিশ্বাসী বুদ্ধিমান দাস” সকলে “উচিত সময়ত আহাৰ দিবলৈ” ব্যৱস্থা কৰিছে, বাইবেলৰ মানদণ্ড আৰু ইয়াৰ ভৱিষ্যতবাণী বুজিবলৈ পথ-প্ৰদৰ্শন কৰিছে। (মথি ২৪:৪৫-৪৭) ইয়াৰ যোগেদি যিহোৱাক শুনাৰ অৰ্থ হৈছে বিশ্বাসত দৃঢ় হোৱা।

৯. যদি আমি সঁচাকৈ খ্ৰীষ্টান আশাক বিশ্বাস কৰোঁ তেনেহʼলে ইয়াৰ পৰিণাম কি হব পাৰে?

৯ অব্ৰাহামৰ বিশ্বাস তেওঁৰ আশাৰ সৈতে জড়িত আছিল। “তেওঁ অনেক জাতিৰ পিতৃ হবলৈ, আশা নোহোৱাতো, আশা কৰি বিশ্বাস কৰিলে।” (ৰোমীয়া ৪:১৮) এইয়া হৈছে দ্বিতীয় বিষয়, যিয়ে আমাক সহায় কৰিব। আমি কেতিয়াও পাহৰা উচিত নহয় যে যিহোৱা “তেওঁক আন্তৰিকতাৰে বিচৰাসকলক পুৰস্কাৰ দিওঁতা।” ইয়াৰ বিষয়ে পাঁচনি পৌলে কৈছিল, “যি ঈশ্বৰ সকলো মানুহৰ, বিশেষকৈ বিশ্বাস কৰাবিলাকৰ ত্ৰাণকৰ্ত্তা হব, আমি সেই জীৱনময় ঈশ্বৰত ভাৰসা কৰিলোঁ।” (১ তীমথিয় ৪:১০) যদি আমি সঁচাকৈ খ্ৰীষ্টান আশাক বিশ্বাস কৰোঁ তেনেহʼলে আমাৰ গোটেই জীৱনে আমাৰ বিশ্বাসক প্ৰদৰ্শন কৰিব যেনেকৈ অব্ৰাহামৰ ক্ষেত্ৰত হৈছিল।

ঈশ্বৰৰ সৈতে কথা হোৱা

১০. কেনেধৰণৰ প্ৰাৰ্থনাই আমাৰ বিশ্বাস দৃঢ় কৰিব পাৰে?

১০ অব্ৰাহামে ঈশ্বৰৰ সৈতে কথা হৈছিল আৰু ইয়ে তৃতীয় কাৰণ, যাৰ বাবে তেওঁক বিশ্বাস দৃঢ় হৈছিল। আজি আমিও যীচু খ্ৰীষ্টৰ যোগেদি প্ৰাৰ্থনাৰে যিহোৱাৰ লগত কথা পাতিব পাৰোঁ। (যোহন ১৪:৬; ইফিচীয়া ৬:১৮) যীচুৱে এই দৃষ্টান্ত কোৱাৰ পাছত বাৰে বাৰে প্ৰাৰ্থনা কৰাৰ বিষয়ে গুৰুত্ব দি প্ৰশ্ন কৰিছিল: “যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিবীত বিশ্বাস পাব নে?” (লূক ১৮:৮) বিশ্বাস বৃদ্ধি কৰা প্ৰাৰ্থনা নভৱা-নিচিন্তাকৈ বা আপোনা-আপুনি নহয়। ইয়াত গভীৰ অৰ্থ থাকে। উদাহৰণ স্বৰূপে, যেতিয়া আমি গুৰুত্বপূৰ্ণ নিৰ্ণয় কৰোঁ বা গভীৰ বেদনাৰ মাজত থাকোঁ সেই সময়ত হৃদয়জনক প্ৰাৰ্থনাৰ প্ৰয়োজন।—লূক ৬:১২, ১৩; ২২:৪১-৪৪

১১. (ক) যেতিয়া অব্ৰাহামে হৃদয়ৰে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল তেতিয়া কেনেকৈ তেওঁৰ বিশ্বাস দৃঢ় হৈছিল? (খ) অব্ৰাহামৰ অনুভৱৰ পৰা আমি কি শিকিব পাৰোঁ?

১১ যেতিয়া অব্ৰাহামে বৃদ্ধ হবলৈ ধৰিলে আৰু যিহোৱাই তেতিয়ালৈকে তেওঁক প্ৰতিজ্ঞা কৰা বংশৰ বীজ দিয়া নাছিল, ইয়াৰ বিষয়ে তেওঁ ঈশ্বৰৰ লগত কথা হৈছিল। যিহোৱাই তেওঁক পুনৰ আশা প্ৰদান কৰিছিল। পৰিণামস্বৰূপে কি হʼল? অব্ৰাহামে, “তেতিয়া তেওঁ যিহোৱাত বিশ্বাস কৰিলত, যিহোৱাই তাকেই তেওঁৰ পক্ষে ধাৰ্ম্মিকতা বুলি গণনা কৰিলে।” তেতিয়া, তেওঁৰ নিৰ্ভৰযোগ্য বাক্যৰ ওপৰত দৃঢ় হবলৈ যিহোৱাই এটা প্ৰমাণ দিলে। (আদিপুস্তক ১৫:১-১৮) যদি আমি যিহোৱাক আমাৰ হৃদয়ৰে প্ৰাৰ্থনা কৰোঁ আৰু তেওঁৰ বাক্য বাইবেলত দিয়া প্ৰতিশ্ৰুতিৰ উপৰত নিৰ্ভৰ কৰোঁ আৰু বিশ্বাসেৰে তেওঁৰ আজ্ঞা পালন কৰোঁ তেনেহʼলে যিহোৱাই আমাৰ বিশ্বাস দৃঢ় কৰিব।—মথি ২১:২২; যিহূদা ২০, ২১.

১২, ১৩. (ক) যেতিয়া অব্ৰাহামে ঈশ্বৰৰ আজ্ঞা পালন কৰিলে তেতিয়া তেওঁ কেনেকৈ আৰ্শীব্বাদ প্ৰাপ্ত হৈছিল? (খ) কেনেধৰণৰ অনুভৱে আমাৰ বিশ্বাস দৃঢ় কৰিব?

১২ অব্ৰাহামৰ বিশ্বাস দৃঢ় হোৱাৰ চতুৰ্থ কাৰণ হৈছে যেতিয়া তেওঁ যিহোৱাৰ নিৰ্দ্দেশনা অনুসৰি চলিছিল তেতিয়া ঈশ্বৰে দিয়া সমৰ্থন। যেতিয়া অব্ৰাহামে আক্ৰমণ কৰা ৰজাসকলৰ পৰা লোটক ৰক্ষা কৰিবলৈ গʼল তেতিয়া যিহোৱাই তেওঁক জয়ী হবলৈ সহায় কৰিলে। (আদিপুস্তক ১৪:১৬, ২০) যেতিয়া তেওঁ হবলগীয়া বংশই পাব লগা ভূমিত অস্থায়ী বাসীন্দাৰূপে বাস কৰিছিল তেতিয়া যিহোৱাই তেওঁক ভৌতিকৰূপে সহায় কৰিছিল। (আদিপুস্তক ১৪:২১-২৩ লগত তুলনা কৰক।) যিহোৱাই তেওঁৰ দাসক ইচ্‌হাকৰ বাবে এজনী উপযুক্ত পত্নী বিচাৰি উলিয়াবলৈ সহায় কৰে। (আদিপুস্তক ২৪:১০-২৭) হয়, যিহোৱাই “সকলোতে অব্ৰাহামক আশীৰ্ব্বাদ কৰিছিল।” (আদিপুস্তক ২৪:১) ইয়াৰ পৰিণামস্বৰূপে তেওঁৰ বিশ্বাস দৃঢ় হৈছিল আৰু যিহোৱাৰ লগত তেওঁৰ এক উত্তম সৰ্ম্পক গঢ়ি উঠিছিল, সেইবাবে যিহোৱাই তেওঁক “ঈশ্বৰৰ মিতিৰ” বুলি কৈছিল।—যিচয়া ৪১:৮; যাকোব ২:২৩.

১৩ বৰ্তমান সময়ত আমি এনে দৃঢ় বিশ্বাস গঢ়ি তুলিব পাৰোঁনে? হয়। যদি আমি অব্ৰাহামৰ দৰে পৰীক্ষিত হৈ যিহোৱাৰ আজ্ঞা পালন কৰোঁ তেতিয়া তেওঁ আমাকো আৰ্শীব্বাদ কৰিব আৰু ইয়ে আমাৰ বিশ্বাস দৃঢ় কৰিব। উদাহৰণস্বৰূপে, ১৯৯৮ চনৰ বাৰ্ষিক সেৱা ৰিপৰ্টে দেখুৱাই যে যেতিয়া বহুতে শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ আজ্ঞাক পালন কৰিছে তেতিয়া তেওঁলোকে আৰ্শীব্বাদ প্ৰাপ্ত হৈছে।—মাৰ্ক ১৩:১০.

বৰ্তমান সময়ত বিশ্বাসৰ এক ৰেকৰ্ড

১৪. যিহোৱাই কেনেকৈ ৰাজ্যৰ বাৰ্ত্তা ৩৫-ৰ অভিযানক আৰ্শীব্বাদ কৰে?

১৪ ১৯৯৭ চনৰ অক্টোবৰ মাহলৈ ঘুৰি যাওঁ, গোটেই পৃথিবী জুৰি হোৱা ৰাজ্যৰ বাৰ্ত্তা নং ৩৫ অভিযান এক উল্লেখযোগ্য সফলতা, সেই সকল উৎসাহ আৰু আগ্ৰহী হোৱা লাখ লাখ সাক্ষীসকলক বহুত বহুত ধন্যবাদ। গানাত কি হৈছিল। চাৰিটা ভাষাত প্ৰায় ২৫ লাখ কপি বিতৰণ কৰা হৈছিল আৰু পৰিণামস্বৰূপে প্ৰায় ২,০০০ বাইবেল অধ্যয়নৰ বাবে অনুৰোধ পোৱা গʼল। চাইপ্ৰাচত দুজন সাক্ষীয়ে ৰাজ্যৰ বাৰ্ত্তা বিতৰণ কৰাৰ সময়ত তেওঁলোকে লক্ষ্য কৰিলে যে এজন পাদুৰীয়ে তেওঁলোকক অনুকৰণ কৰিছে। অলপ সময়ৰ পাছত তেওঁলোকে পাদুৰীজনক ৰাজ্যৰ বাৰ্ত্তাৰ এটা কপি দিলে। তেওঁ ইতিমধ্যে ইয়াৰ এটা কপি পালে আৰু কৈছিল: “মই ইমানে ইয়াৰ বাৰ্ত্তাৰ দ্বাৰা আকৰ্ষিত হৈছোঁ যে মই ইয়াক তৈয়াৰ কৰা ব্যক্তি সকলক অভিনন্দন জ্ঞাপন কৰিব বিচাৰো।” ডেনমাৰ্কত ভাল পৰিণামৰে ৰাজ্যৰ বাৰ্ত্তা নং ৩৫, ১৫ লাখ কপি বিতৰণ কৰা হʼল। জনসংযোগ বিভাগত কাম কৰা এগৰাকী মহিলাই এইদৰে কয়: “ট্ৰেক্টখনত সকলোৰে বাবে এটা বাৰ্ত্তা আছে। ইয়াক বুজিবলৈ সহজ, আৰু বেছি জানিবলৈ আগ্ৰহ জন্মায়। ই লক্ষ্যত উপনীত হয়!”

১৫. কি অনুভৱে দেখুৱাইছে যে যিহোৱাই সকলো লোকক লগ পোৱাৰ বাবে কৰা প্ৰচেষ্টাক আৰ্শীব্বাদ কৰে?

১৫ ১৯৯৮ চনত প্ৰচেষ্টা কৰা হয় যে লোকসকলে মাত্ৰ ঘৰে ঘৰে প্ৰচাৰ কৰাই নহয় কিন্তু সকলো ঠাইতে প্ৰচাৰ কৰা। কটি ডেলভয়ৰিট্‌ এটা মিচনেৰী দম্পতীয়ে বন্দৰত থকা ৩২২ খন জাহাজত সাক্ষাত কৰে। তেওঁলোকে ২৪৭ খন কিতাপ, ২,২৮৪ খন আলোচনী, ৫০০ খন ব্ৰচাৰ আৰু বহুতো ট্ৰেক্ট আৰু লগতে ভিডিঅ কেছেট বিতৰণ কৰে যাতে তেওঁলোকে সাগৰত থকাৰ সময়ত চাব পাৰে। কেনেডাত এজন সাক্ষীয়ে গাড়ী বনোৱা গেৰেজত গৈছিল। গৰাকীজন আগ্ৰহী আছিল আৰু ভাইজনে তাত চাৰে চাৰি ঘন্টা সময় অতিবাহিত কৰে কিন্তু গ্ৰাহক বাৰে বাৰে আহি থকাৰ বাবে প্ৰকৃততে এঘন্টাহে মাত্ৰ ৰাজ্যৰ বাৰ্ত্তা কবলৈ সমৰ্থ হয়। অৱশেষত, ৰাতি ১০:০০ বজাত এটা অধ্যয়ন আৰম্ভ হয়। কেতিয়াবা, কেতিয়াবা মাজৰাতি লৈকে অধ্যয়ন আৰম্ভ কৰা সম্ভৱ নহয় আৰু কেতিয়াবা ৰাতিপুৱা দুই বজালৈকে হৈ থাকে। তালিকাখন এটা প্ৰত্যাহ্বাবানজনক আছিল যদিও ভাল ফল পোৱা গʼল। ব্যক্তিজনে সভাত উপস্থিত হবলৈ দেওবাৰে গেৰেজ বন্ধ কৰিবলৈ সিদ্ধান্ত ললে। তেওঁ আৰু তেওঁৰ পৰিয়ালে অতি সোনকালে উন্নতি কৰিবলৈ ধৰিলে।

১৬. কি উদাহৰণে দেখুৱাইছে যে বিচাৰে ব্ৰচাৰ আৰু জ্ঞান পুস্তক প্ৰচাৰ কাৰ্য্যৰ বাবে এক শক্তিশালী সজুলি?

১৬ ব্ৰচাৰ ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? আৰু জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় এই দুয়োখনে প্ৰচাৰ কাৰ্য্য আৰু শিক্ষা দিয়া কাৰ্য্যত এক শক্তিশালী সজুলি ৰূপে কাম কৰি আহিছে। ইটালীত নান এগৰাকীয়ে বাচৰ কাৰণে অপেক্ষা কৰি থাকোঁতে তাই ৰাজ্যৰ বাৰ্ত্তাৰ এটা কপি গ্ৰহণ কৰিলে। দ্বিতীয় দিনা, তাই আকৌ কাষ চাপিলে আৰু বিচাৰে ব্ৰচাৰৰ এটা কপি গ্ৰহণ কৰিলে। তাৰ পাছত প্ৰত্যেক দিনা বাচ ৰখা স্থানত ১০-১৫ মিনিটৰ বাবে বাইবেল অধ্যয়ন আৰম্ভ হʼল। ডেৰ মাহৰ পাছত তাই কনভেন্ট এৰিবলৈ থিৰাং কৰিলে আৰু অধ্যয়ন একেৰাহে চলাই যাবলৈ তাইৰ ঘৰ গোৱেটমালালৈ গুচি গʼল। মালাউইত, এগৰাকী আগ্ৰহী তিৰোতা নিয়মিতৰূপে গীৰ্জালৈ যায় তাইৰ নাম হৈছে লবীনা, তাই তেতিয়া অসন্তুষ্ট হʼল যেতিয়া তাইৰ জীয়েকে যিহোৱাৰ সাক্ষী সকলৰ লগত অধ্যয়ন কৰিবলৈ ধৰিলে। যেতিয়া সম্ভৱ হয় তেতিয়া সেই ছোৱালীজনীয়ে তাই মাকৰ লগত বাইবেলৰ সত্যতাৰ বিষয়ে আলোচনা কৰে। ১৯৯৭ চনৰ জুন মাহত লবীনাই জ্ঞান পুস্তকখন দেখিলে আৰু তাত লিখা “জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়” বাক্যশাৰীক দেখি আকৰ্ষিত হʼল। জুলাই মাহত তাই বাইবেল অধ্যয়নৰ বাবে ৰাজী হʼল। আগষ্ট মাহত তাই জিলা অধিবেশনত উপস্থিত হয় আৰু গোটেই কাৰ্য্যক্ৰমবোৰ মনোযোগেৰে শুনে। সেই মাহৰ শেষৰ ফালে, তাই গীৰ্জা ত্যাগ কৰিলে আৰু বাপ্তিষ্মা নোহোৱা প্ৰকাশক বাবে যোগ্য হʼল। তাই ১৯৯৭ চনৰ নবেম্বৰ মাহত বাপ্তিষ্মা ললে।

১৭, ১৮. কেনেকৈ সংস্থাৰ দ্বাৰা নিৰ্মিত ভিডিঅ কেছেটে প্ৰমাণ কৰিলে যে ব্যক্তিগতভাৱে লোকসকলক আধ্যাত্মিক বিষয়বোৰ “চাবলৈ” সহায় কৰে?

১৭ সংস্থাৰ ভিডিঅবোৰৰ দ্বাৰা বহুতক আধ্যাত্মিক বিষয়বোৰক “চাবলৈ” সহায় কৰিছে। মাউৰিচিউচত একতা নথকাৰ বাবে এজন ব্যক্তিয়ে গীৰ্জা এৰিলে। ঈশ্বৰীয় শিক্ষাৰ দ্বাৰা একত্ৰিত এই ভিডিঅ কেছেট ব্যৱহাৰ কৰি এজন মিচনেৰীয়ে যিহোৱাৰ সাক্ষীসকলৰ মাজত থকা একতাৰ বিষয়ে প্ৰৰ্দশন কৰে। সেই ব্যক্তিজনে আকৰ্ষিত হৈ কৈছিল: “আপোনালোক যিহোৱাৰ সাক্ষীসকল ইতিমধ্যে পৰমদেশত আছে!” তেওঁ বাইবেল অধ্যয়নৰ বাবে মান্তি হʼল। জাপানৰ এজনী ভনীয়ে তাইৰ বিশ্বাসত নথকা স্বামীক যিহোৱাৰ সাক্ষীসকল—নামৰ লগত জড়িত থকা সংগঠন এই ভিডিঅ দেখুৱালে আৰু তেওঁ নিয়মীয়াকৈ বাইবেল অধ্যয়ন কৰিবলৈ সঞ্চালিত হʼল। ঈশ্বৰীয় শিক্ষাৰ দ্বাৰা একত্ৰিত ইয়াক চোৱাৰ পাছত তেওঁ এজন যিহোৱাৰ সাক্ষী হবলৈ বিচাৰিলে। তিনি খণ্ডৰ বাইবেল—সত্য আৰু ভাৱিষ্যতবাণীৰ এখন পুস্তক ইয়াক চোৱাৰ পাছত তেওঁ বাইবেলৰ মানদণ্ডক নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ সহায় পালে। শেষত, নাৰ্জী অত্যাচাৰৰ সময়ত যিহোৱা সাক্ষীসকলৰ স্থিৰ ইয়াৰ দ্বাৰা তেওঁক দেখুৱা হʼল যে কেনেকৈ যিহোৱাই তেওঁৰ লোকসকলক চয়তানৰ আক্ৰমণৰ পৰা শক্তিশালী কৰিছিল। সেই ব্যক্তিজনে ১৯৯৭ চনৰ অক্টোবৰ মাহত বাপ্তিস্মা ললে।

১৮ বিগত সেৱা বছৰত হোৱা বহুতো অনুভৱৰ ভিতৰত এইয়া হৈছে মাত্ৰ কেইটামান। তেওঁলোকে দেখুৱালে যে যিহোৱাৰ সাক্ষীসকলৰ দৃঢ় বিশ্বাস আছে আৰু যিহোৱাই তেওঁলোকৰ কাৰ্য্যৰ বাবে আৰ্শীব্বাদ দি শক্তিশালী কৰে।—যাকোব ২:১৭.

বৰ্তমান সময়ত বিশ্বাস উন্নত কৰক

১৯. (ক) কেনেকৈ আমি অব্ৰাহামতকৈ ভাল অৱস্থাত আছো? (খ) যীচুৰ মৃত্যুৰ দিন উৎযাপন কৰিবলৈ যোৱা বছৰত কিমান জনলোক একত্ৰিত হৈছিল? (গ) যোৱা বছৰত যীচুৰ স্মাৰক সভাত কোনবোৰ দেশত উল্লেখনীয় উপস্থিতি আছিল?

১৯ বহুতো ক্ষেত্ৰত আজি আমি অব্ৰাহামতকৈ ভাল অৱস্থাত আছো। আমি জানো যে যিহোৱাই অব্ৰাহামলৈ কৰা সকলো প্ৰতিজ্ঞা পূৰ্ণ কৰিলে। অব্ৰাহামৰ বংশধৰসকলে কানানৰ অধিকাৰী হʼল আৰু তেওঁলোকৰ দ্বাৰা এক বৃহত জাতি হʼল। (১ ৰাজাৱলি ৪:২০; ইব্ৰী ১১:১২) তদুপৰি, অব্ৰাহামে হাৰণ এৰাৰ প্ৰায় ১,৯৭৫ বছৰৰ পাছত, তেওঁৰ বংশধৰ, যীচু, যোহনৰ দ্বাৰা পানীত বাপ্তিষ্মা ললে আৰু পবিত্ৰ আত্মাৰ যোগেদি যিহোৱাই নিজেই তেওঁক অভিষিক্ত কৰিলে, আধ্যাত্মিকভাৱে অব্ৰাহামৰ বংশ পূৰ্ণ হʼল। (মথি ৩:১৬, ১৭; গালাতীয়া ৩:১৬) নিচান মাহৰ ১৪ তাৰিখ, সা.যু. ৩৩ চনত যীচুৱে যি সকলে তেওঁক বিশ্বাস কৰিব সেই সকলৰ বাবে নিজকে বলিদান ৰূপে আগবঢ়ালে। (মথি ২০:২৮; যোহন ৩:১৬) লাখ লাখ লোক আজি তেওঁৰ দ্বাৰা আৰ্শীব্বাদ প্ৰাপ্ত হৈছে। যোৱা বছৰত, ১৩,৮৯৬,৩১২ জনে নিচান ১৪ তাৰিখে প্ৰেমৰ এই কাৰ্য্য কৰিবলৈ একত্ৰিত হʼল। প্ৰতিজ্ঞাসমূহক পূৰ্ণ কৰি যিহোৱাৰ কি যে দোষ নিবাৰণৰ কাৰ্য্য কৰিলে!

২০, ২১. প্ৰথম শতিকাত কেনেকৈ সকলো ৰাষ্ট্ৰৰ লোকসকলে অব্ৰাহামৰ বংশৰ বীজৰ দ্বাৰা আৰ্শীব্বাদ প্ৰাপ্ত হয় আৰু বৰ্তমান তেওঁলোকে নিজে কেনেকৈ আৰ্শীব্বাদ প্ৰাপ্ত হৈছে?

২০ প্ৰথম শতিকাত, সকলো ৰাষ্ট্ৰৰ পৰা বহুতো—শাৰীৰিক ইস্ৰায়েলৰ পৰা আৰম্ভ—অব্ৰাহামৰ বংশক বিশ্বাস কৰিছে আৰু ঈশ্বৰৰ অভিষিক্ত পুত্ৰৰূপে হʼল আৰু সেই সদস্যসকলে হʼল এক নতুন আত্মিক “ঈশ্বৰৰ ইস্ৰায়েল।” (গালাতীয়া ৩:২৬-২৯; ৬:১৬; পাঁচনিৰ কৰ্ম্ম ৩:২৫, ২৬) স্বৰ্গত আত্মিক ৰূপে ঈশ্বৰৰ ৰাজ্যত সহযোগী শাসনকৰ্ত্তা হিচাবে ৰাজত্ব কৰাৰ বিষয়ে তেওঁলোকৰ এক নিৰ্ভৰযোগ্য আশা আছে। মাত্ৰ ১,৪৪,০০০ হাজাৰ জনহে এই আৰ্শীব্বাদৰ ভাগী হব আৰু তেওঁলোকৰ ভিতৰত মাত্ৰ কেইজন মানহে জীৱিত আছে। (প্ৰকাশিত বাক্য ৫:৯, ১০; ৭:৪) যোৱা বছৰত, ৮,৭৫৬ জনে স্মৰণীয় পৰ্বত ভাগ লোৱাৰ দ্বাৰা তেওঁলোকে নিজৰ বিশ্বাস পৰীক্ষা কৰিলে।

২১ প্ৰকাশিত বাক্যত ৭:৯-১৭ পদত উল্লেখ কৰা “বৰ লোকসমূহ” প্ৰায় হৈছে যিহোৱাৰ সাক্ষীসকল। কাৰণ তেওঁলোকে যীচুৰ দ্বাৰা নিজকে আশীৰ্ব্বাদপ্ৰাপ্ত কৰিলে, হবলগীয়া পৰমদেশ পৃথিবীত অনন্ত জীৱন জীয়াই থাকিবলৈ তেওঁলোকৰ আশা আছে। (প্ৰকাশিত বাক্য ২১:৩-৫) ১৯৯৮ চনত প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা ৫,৮৮৮,৬৫০ জন লোকে প্ৰমাণ কৰিলে যে এই লোকসমূহ সচাঁকৈ “বৰ।” এইটো সঁচাকৈ ৰোমাঞ্চিতজনক যে ৰুচ আৰু ইউক্ৰিনত ১০০,০০০ জন প্ৰচাৰকে প্ৰথম বাৰৰ বাবে ৰিপৰ্ট কৰে। সংযুক্ত যুক্তৰাষ্ট্ৰত আগষ্ট মাহত—১,০৪০,২৩৮ জন প্ৰচাৰকে ৰিপৰ্ট কৰে, এইটোও ৰোমাঞ্চিতজনক! এইবোৰ মাত্ৰ ১৯ খন দেশৰ ভিতৰত ৩ খন দেশে যোৱা বছৰৰ ১০০,০০০ জনতকৈ অধিক প্ৰচাৰকে ৰিপৰ্ট কৰে।

আশা অতি সোনকালে পূৰ্ণ হব

২২, ২৩. (ক) বৰ্তমান সময়ত আমি কিয় আমাৰ হৃদয় স্থিৰ ৰখা উচিত? (খ) পৌলে বৰ্ণনা কৰা অনুসৰি অবিশ্বাসী সকলৰ দৰে নহয়, আমি কেনেকৈ অব্ৰাহামৰ দৰে প্ৰমাণ কৰিব পাৰোঁ?

২২ স্মৰণীয় পৰ্বত উপস্থিত হোৱা সকলক সোঁৱৰাই দিয়া হʼল যে আমি যিহোৱাৰ প্ৰতিজ্ঞাৰ কিমান ওচৰত। ১৯১৪ চনত যীচু ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্য ৰজা হʼল আৰু ৰাজ্যৰ অধিকাৰৰ সৈতে তেওঁৰ উপস্থিতি আৰম্ভ হয়। (মথি ২৪:৩; প্ৰকাশিত বাক্য ১১:১৫) হয়, বৰ্তমান আব্ৰাহামৰ বংশৰ বীজে স্বৰ্গত শাসন কৰিছে! যাকোবে তেওঁৰ সময়ৰ খ্ৰীষ্টানসকলক এইদৰে কৈছিল: “তোমালোকেও সহন কৰা, নিজ নিজ হৃদয় থিৰে ৰাখা; কাৰণ প্ৰভুৰ আগমন ওচৰ পালেহি।” (যাকোব ৫:৮) হয়, বাস্তৱতে এতিয়া উপস্থিতি সময়! আমাৰ হৃদয় স্থিৰ কৰিবলৈ কিমান কাৰণ আছে!

২৩ দৈনন্দিন বাইবেল পাঠ আৰু অৰ্থপূৰ্ণ প্ৰাৰ্থনাৰ দ্বাৰা আমি ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰত নিৰ্ভৰ কৰা উচিত। আমি কেতিয়াও যিহোৱাৰ আৰ্শীবাদৰ পৰা বিৰত থকা উচিত নহয়। পৌলে বৰ্ণনা কৰা অনুসৰি যি সকলৰ বিশ্বাস দুৰ্বল আৰু মৃত্যু হʼল আমি তেওঁলোকৰ দৰে নহয় অব্ৰাহামৰ দৰে হম। একোৱেই আমাক পবিত্ৰ বিশ্বাসৰ পৰা আতঁৰ কৰিব নোৱাৰে। (যিহূদা ২০) আমি প্ৰাৰ্থনা কৰোঁ যে ১৯৯৯ চনৰ সেৱা বছৰ আৰু অনন্ত কালৰ ভৱিষ্যত যেন সকলো যিহোৱাৰ সাক্ষীৰ বাবে সেই একে দৰে সত্য হওঁক।

আপুনি জানেনে?

◻ বৰ্তমান সময়ত আমি কেনেকৈ ঈশ্বৰক শুনিব পাৰোঁ?

◻ ঈশ্বৰলৈ অৰ্থপূৰ্ণ প্ৰাৰ্থনাৰে আমি কেনেকৈ লাভৱান হব পাৰোঁ?

◻ যদি আমি আজ্ঞাকাৰী ৰূপে তেওঁৰ বাক্য পালন কৰোঁ তেনেহʼলে কেনেকৈ আমাৰ বিশ্বাস দৃঢ় হব?

◻ আপুনি বাৰ্ষিক ৰিপৰ্টৰ কি গতিবিধিত বিষেশকৈ আগ্ৰহী হʼল?

[Picture on page 16]

যদি আমি যিহোৱাৰ বাক্য শুনো, তেওঁৰ প্ৰতিজ্ঞাৰ ওপৰত আমাৰ বিশ্বাস দৃঢ় হব

[Picture on page 18]

যেতিয়া প্ৰচাৰ কাৰ্য্যত ভাগ লওঁ তেতিয়া আমাৰ বিশ্বাস দৃঢ় হয়

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক