ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w৯৯ ৭/১ পৃষ্ঠা ১৩-১৭
  • পৰিয়ালে একেলগে হৈ নিতৌ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিয়ালে একেলগে হৈ নিতৌ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা
  • ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • মনত ৰাখিবলগীয়া বিষয়
  • বুদ্ধিমানেৰে শিক্ষাৰ সঁজুলিবোৰ ব্যৱহাৰ কৰক
  • আপোনাৰ পৰিয়ালৰ আৱশ্যকতাক বৃদ্ধি কৰক
  • প্ৰচেষ্টাৰ ফলত লাভ কৰা আশীৰ্ব্বাদসমূহ
  • পৰিয়াল অধ্যয়নৰ বাবে পৰিয়াল তালিকা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ঈশ্বৰৰ মণ্ডলীৰ এক অংশ হিচাবে পৰিয়ালে তেওঁৰ স্তুতি কৰক
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • আধ্যাত্মিকৰূপে এক শক্তিশালী পৰিয়াল গঢ়ি তোলক
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • পিতৃ-মাতৃৰ উদাহৰণে সন্তানক কি শিক্ষা দিয়ে?
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
w৯৯ ৭/১ পৃষ্ঠা ১৩-১৭

পৰিয়ালে একেলগে হৈ নিতৌ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা

“মানুহে কেৱল পিঠাৰেই নিজীব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যেৰেহে জীব।”—মথি ৪:৪.

১. যিহোৱাৰ পথত লৰা-ছোৱালীক শিক্ষা দিয়াৰ পৰিয়ালৰ মুৰব্বীৰ দায়ীত্বৰ সম্পৰ্কে বাইবেলে কি কৈছে?

যিহোৱা ঈশ্বৰে পৰিয়ালৰ মূৰব্বী সকলক তেওঁলোকৰ লৰা-ছোৱালীক শিক্ষা দিয়া দায়ীত্বৰ সম্পৰ্কে বাৰে বাৰে স্মৰণ কৰাইছে। এইধৰণৰ শিক্ষাই লৰা-ছোৱালীক বৰ্তমান আৰু ভৱিষ্যতে জীৱন নিৰ্বাহ কৰিবলৈ সহায় কৰে। ঈশ্বৰৰ ফালৰ পৰা এজন স্বৰ্গদূতে অব্ৰাহামক কলে যে তেওঁ ঘৰৰ সদস্যসকলক শিক্ষা দিয়া আৱশ্যক যাতে তেওঁলোকে “যিহোৱাৰ পথত” চলি থাকে। (আদিপুস্তক ১৮:১৯) ইস্ৰায়েলসকলক কোৱা হৈছিল, মাক-দেউতাকে তেওঁলোকৰ লৰা-ছোৱালী আগত বহলাই আলোচনা কৰিব লাগে যে যিহোৱাই কেনেকৈ ইস্ৰায়েলক ইজিপ্তৰ দাসত্বৰ বন্ধনৰ পৰা মুকলি কৰি আনিছিল আৰু হোৰেবৰ চীনয় পৰ্ব্বতত কেনেকৈ আজ্ঞা দিছিল। (যাত্ৰাপুস্তক ১৩:৮, ৯; দ্বিতীয় বিবৰণ ৪:৯, ১০; ১১:১৮-২১) খ্ৰীষ্টান পৰিয়ালৰ মুৰব্বীসকলক তেওঁলোকৰ লৰা-ছোৱালীক “প্ৰভুৰ শিক্ষা আৰু চেতনাত” প্ৰতিপালন কৰিবলৈ উপদেশ দিয়া হৈছিল। (ইফিচীয়া ৬:৪) যদিও পিতৃ-মাতৃৰ এজনে যিহোৱাক সেৱা কৰি আছে, তথাপিও তেওঁলোকৰ এজনে যিহোৱাৰ শিক্ষাৰে প্ৰতিপালন কৰা উচিত।—২ তীমথিয় ১:৫; ৩:১৪, ১৫.

২. যি পৰিয়ালত লৰা-ছোৱালী নাই সেই ঘৰত পৰিয়াল অধ্যয়নৰ আৱশ্যক আছেনে?

২ ইয়াৰ মানে এইটো নহয় যে যি ঘৰত লৰা-ছোৱালী আছে তাতে মাথোন পৰিয়ালে ঈশ্বৰৰ বাক্যৰ অধ্যয়ন কৰিব। লৰা-ছোৱালী নথকা ঘৰত স্বামী স্ত্ৰীয়ে পৰিয়াল অধ্যয়ন কৰিলে প্ৰকাশ কৰিব যে আধ্যাত্মিকতাৰ প্ৰতি উপলব্ধতা আছে।—ইফিচীয়া ৫:২৫, ২৬.

৩. কিয় নিতৌ পৰিয়াল অধ্যয়ন কৰা আৱশ্যক?

৩ যদি পৰিয়ালৰ অধ্যয়নৰে সম্পূৰ্ণ লাভ উঠাব বিচাৰে তেতিয়াহলে ইয়াক একেৰাহে কৰিব লাগে। ঠিক সেই ধৰণে কৰিব লাগে, যিদৰে যিহোৱাই অৰণ্যত ইস্ৰায়েল সকলক শিক্ষা দিছিল: “মানুহ কেৱল পিঠাৰে যে নিজীয়ে, কিন্তু যিহোৱাৰ মুখৰ পৰা যি যি ওলায়, তাৰেহে যে জীয়ে।” (দ্বিতীয় বিবৰণ ৮:৩) ঘৰখনৰ পৰিস্থিতি লক্ষ্য কৰি পৰিয়ালে সপ্তাহত এবাৰকৈ অধ্যয়নৰ ব্যৱস্থা কৰিব পাৰে; আনসকলে অধ্যয়নৰ বাবে কম সময় সদায়ে ব্যৱহাৰ কৰিব পাৰে। যেনেকুৱাই ব্যৱস্থা নকৰক কিয় আপুনি অধ্যয়ন কৰিবলৈ নেৰিব। ইয়াৰ বাবে ‘সুসময়ক কিনি লওঁক।’ সময়ক কিনি লবলৈ যিমানে ত্যাগ কৰাৰ প্ৰয়োজন নহওঁক কিয়, তাৰ বাবে কেতিয়াও অনুশোছনা নকৰিব। নহলে আপোনাৰ পৰিয়ালৰ জীৱন বিপদগ্ৰস্তৰ পথত।—ইফিচীয়া ৫:৫-১৭; ফিলিপীয়া ৩:১৬.

মনত ৰাখিবলগীয়া বিষয়

৪, ৫. (ক) লৰা-ছোৱালীক গুৰুত্বপূৰ্ণ বিষয়ে শিকাবলৈ পিতৃ-মাতৃ আগত যিহোৱাই মোচিৰ দ্বাৰা কি ব্যৱস্থা কৰিলে? (খ) আজি আমাৰ সময়ত ই কেনেকৈ জড়িত হৈ আছে?

৪ যেতিয়া আপুনি পৰিয়াল অধ্যায়ন কৰে, আপোনাৰ মনত এইভাবে স্পষ্ট কৰিব যাতে অধিক লাভ আৰ্জন কৰিব পৰা যায়। তাৰে কিছুমান উল্লেখযোগ্য ঘটনাক বিবেচনা কৰক।

৫ প্ৰত্যেক সপ্তাহৰ পৰিয়াল অধ্যয়নত ঈশ্বৰৰ প্ৰতি থকা প্ৰেম বৃদ্ধি কৰক। প্ৰতিজ্ঞা কৰা দেশত যোৱাৰ আগতে ইস্ৰায়েলসকল যেতিয়া মোৱাবত একত্ৰিত হৈছিল, তেতিয়া মোচিয়ে ‘প্ৰধান আজ্ঞাৰ’ সম্পৰ্কে তেওঁলোকৰ ধ্যান কেন্দ্ৰিত কৰাইছিল, পাছলৈ যীচুৱে ইয়াক চিনাক্ত কৰিলে। এইটো কি আছিল? “তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা।” (মথি ২২:৩৬, ৩৭; দ্বিতীয় বিবৰণ ৬:৫) মোচিয়ে তেওঁলোকৰ লৰা-ছোৱালীৰ হৃদয় এনে সাঁচ বহুৱাই শিক্ষা দিবলৈ জোৰ দিছিল। ইয়াৰ কাৰণে বাৰে বাৰে কোৱাৰ আৱশ্যক আছিল, যিহোৱাক প্ৰেম কৰা কাৰণসমূহত ধ্যান দিয়া, এনে মনোবৃত্তি আৰু আচৰণৰ পৰা দূৰত থকা যিয়ে যিহোৱাৰ প্ৰতি থকা তেওঁলোকৰ প্ৰেম হ্ৰাস কৰিব পাৰে, আৰু নিজৰ জীৱনত ঈশ্বৰৰ প্ৰেম প্ৰকাশ কৰা। আমাৰ লৰা-ছোৱালীক সেই একেইধৰণৰ উপদেশ আৱশ্যক নে? হয় অৱশ্যে আৱশ্যক! তেওঁলোককো ঈশ্বৰৰ প্ৰতি থকা প্ৰেমত বাধা নহবলৈ “হৃদয়স্বৰূপ নিজৰ অগ্ৰচৰ্ম্ম ছেদন” কৰাত সহায়ৰ আৱশ্যক। (দ্বিতীয় বিবৰণ ১০:১২, ১৬; যিৰিমিয়া ৪:৪) এইধৰণৰ বাধা জগতৰ প্ৰতি থকা অভিলাষৰ পৰা হব পাৰে আৰু ইয়াৰ কাণ্ড-কাৰখানায়ে আমাক নিম্নগামী কৰিব পাৰে। (১ যোহন ২:১৫, ১৬) যিহোৱাৰ প্ৰতি থকা আমাৰ প্ৰেম সক্ৰিয়, দৃশ্যমান আৰু স্বৰ্গীয় পিতৃক আনন্দিত কৰিবলৈ আমাক পৰিচালিত কৰা উচিত। (১ যোহন ৫:৩) প্ৰত্যেকতো অধ্যয়ন এনেধৰণৰ কৰা হয় যিয়ে প্ৰেমক দৃঢ় কৰে, তেতিয়াহʼলে তেনে পৰিয়াল দীৰ্ঘ দিনলৈকে লাভবান হʼব।

৬. (ক) পৰিপক্ক জ্ঞান আহৰণ কৰিবলৈ কিহৰ আৱশ্যক? (খ) পৰিপক্ক জ্ঞানৰ আৱশ্যকতাৰ বাবে শাস্ত্ৰ বচনে কেনেকৈ উল্লেখ কৰিছে?

৬ ঈশ্বৰৰ পৰিপক্ক জ্ঞানৰ আৱশ্যকতাত আগ্ৰহী হওঁক। ইয়াত কি জড়িত আছে? ইয়াত, মাত্ৰ আলোচনী পঢ়ি উত্তৰ বিচাৰি উলিয়াতকৈ অধিক জড়িত আছে। সাধাৰণতে আলোচনাৰ আৱশ্যক যাতে মুখ্য শব্দ আৰু মূল সিদ্ধান্তক স্পষ্টকৈ বুজিব পাৰে। পৰিপক্ক জ্ঞান দিয়াৰ বহুত আৱশ্যক যাতে আমি নতুন ব্যক্তিত্ব ধাৰণ কৰোঁ, সমস্যাৰ সন্মূখীন হোৱাৰ সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে আমাৰ নিজৰ ধ্যান আতঁৰাব নালাগে আৰু এইদৰে আমি ঈশ্বৰৰ মন আনন্দিত কৰা কাৰ্য্য কৰিব লাগে।—ফিলিপীয়া ১:৯-১১; কলচীয়া ১:৯, ১০; ৩:১০.

৭. (ক) পৰিয়াল অধ্যয়নৰ বিষয়তো কাৰ্য্যকাৰী ৰূপ দিবলৈ কি প্ৰশ্নসমূহে সহায় কৰিব পাৰে? (খ) শাস্ত্ৰ বচনে ইয়াৰ গুৰুত্বৰ বিষয়ে কেনেকৈ উল্লেখ কৰিছে?

৭ যি শিকিলে তাক কাৰ্য্যকাৰীৰূপে ব্যৱহাৰ কৰিবলৈ সহায় কৰক। এই বিষয়ে মনত ৰাখি প্ৰত্যেক পৰিয়াল অধ্যয়নৰ সময়ত প্ৰশ্ন কৰক: ‘এই বিষয়টোৱে আমাৰ জীৱনত কেনে প্ৰভাৱ পেলাব? বৰ্তমানে আমি যি কৰি আছোঁ তাত কোনো পৰিৱৰ্তন কৰাৰ আৱশ্যকতা আছেনে? আমি কিয় সাল-সলনি কৰা উচিত? (হিতোপদেশ ২:১০-১৫; ৯:১০; যিচয়া ৪৮:১৭, ১৮) পৰিয়ালৰ আধ্যাত্মিক বৃদ্ধিৰ কাৰণে জৰুৰী হেতু হৈছে যিটো আমি শিকিছোঁ তাক কাৰ্য্যকাৰী ৰূপ দিবলৈ যথেষ্ট মনযোগ দিয়া।

বুদ্ধিমানেৰে শিক্ষাৰ সঁজুলিবোৰ ব্যৱহাৰ কৰক

৮. দাসবৰ্গই বাইবেল অধ্যয়ন পৰিচলনা কৰিবলৈ কি সঁজুলিৰ উপলব্ধ কৰিছে?

৮ “বিশ্বাসী বুদ্ধিমান দাস” সকলে প্ৰচুৰ মাত্ৰাত অধ্যয়নৰ সঁজুলিসমূহৰ যোগান ধৰে। বাইবেলৰ সৈতে ব্যৱহাৰ কৰিবলৈ ১৩১ ভাষাত প্ৰহৰীদূৰ্গ প্ৰকাশ কৰিছে। বাইবেল অধ্যায়ন চলাবলৈ ১৫৩ ভাষাত কিতাপ, ২৮৪ ভাষাত ব্ৰচাৰ, ৬১ ভাষাত অডিও কেছেট, ৪১ ভাষাত ভিডিও কেছেট, কম্পিউটাৰ প্ৰগেমৰ বাবে ৯ ভাষাত বাইবেলৰ সাহিত্য প্ৰকাশ কৰিছে।—মথি ২৪:৪৫-৪৭.

৯. পৰিয়ালত প্ৰহৰীদূৰ্গ অধ্যায়নৰ সময়ত পৰিচ্ছেদত দিয়া শাস্ত্ৰ বচনসমূহত দিয়া পৰামৰ্শক আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ?

৯ বহুতে পৰিয়াল অধ্যয়নত মণ্ডলীৰ সভাৰ প্ৰস্তুতিৰ বাবে প্ৰহৰীদূৰ্গ ব্যৱহাৰ কৰে। তেনে কৰাটো কিমান যে সহায়ক হʼব! বিশ্বজুৰি যিহোৱাৰ লোকসকলক আধ্যাত্মিকতাত উন্নতি কৰিবলৈ প্ৰহৰীদূৰ্গ-ত মুখ্য আধ্যাত্মিক আহাৰৰ ব্যৱস্থা কৰা হৈছে। যেতিয়া আপুনি পৰিয়ালত প্ৰহৰীদূৰ্গ অধ্যয়ন কৰে তেতিয়া এবাৰতকৈ বেছি বাৰ পৰিচ্ছেদসমূহ পঢ়ক আৰু প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি উলিয়াওক। সঠিককৈ বুজিবলৈ চেষ্টা কৰক। তাত দিয়া শাস্ত্ৰ বচনসমূহ চাবলৈ সময় উলিয়াওক। পৰিচ্ছেদসমূহত বৰ্ণনা কৰা বিষয়বোৰত মন্তব্য দিবলৈ পৰিয়ালৰ সদস্যসকলক আমন্ত্ৰণ দিয়ক। সম্পূৰ্ণ হৃদয়ৰে তাত জড়িত হওঁক।—হিতোপদেশ ৪:৭, ২৩; পাঁচনিৰ কৰ্ম্ম ১৭:১১.

১০. লৰা-ছোৱালীক জড়িত কৰি অধ্যয়নক তেওঁলোকৰ বাবে আনন্দময় কৰি তুলিবলৈ কি কৰিব পৰি?

১০ যদি আপোনাৰ পৰিয়ালত লৰা-ছোৱালী আছে তেতিয়াহʼলে আপোনাৰ অধ্যয়নক কেৱল ৰুটিন হিচাবে নলৈ কিন্তু উন্নত, ৰসলগা আৰু আনন্দিত কৰি তুলিবলৈ আপুনি কি কৰিব পাৰে? সকলোৱে ইয়াত জড়িত হৈ সঠিককৈ মনোযোগ দিবা লাগে যাতে অধ্যয়নৰ বিষয়টোত সকলোৰে মন কেন্দ্ৰিত হয় থাকে। যদি সম্ভৱ, প্ৰত্যেক লৰা-ছোৱালী লগত তেওঁলোকৰ ব্যক্তিগত বাইবেল আৰু অধ্যয়নৰ আলোচনী ৰখাৰ ব্যৱস্থা কৰিব লাগে। যীচুৰ হৃদয় স্পৰ্শী আৰ্হিক অনুকৰণ কৰি পিতৃ-মাতৃ সকলে লৰা-ছোৱালীৰ সৈতে বহি, হয়তো কণমাণি সকলক কোলাত বহুৱাই অধ্যায়ন কৰাব পাৰে। (মাৰ্ক ১০:১৩-১৬ তুলনা কৰক।) এটা পৰিয়ালৰ মুৰব্বীয়ে হয়তো তেওঁলোকৰ কণমাণিক অধ্যয়নৰ লৈতে জড়িত ছবিখনৰ সম্পৰ্কে বৰ্ণনা কৰিব পাৰে। কণ-কণ লৰা-ছোৱালীক অধ্যয়নৰ সময়ত শাস্ত্ৰৰ বচন পঢ়িবলৈ আগতীয়াকৈ কব পাৰে। বয়সস্থসকলক হয়তো অধ্যয়নৰ বিষয়টোত থকা তাৰ ব্যৱহাৰিক বিষয়ৰ সম্পৰ্কে কবলৈ আমন্ত্ৰণ কৰিব পাৰে।

১১. আন কি কি অধ্যয়নৰ সঁজুলি প্ৰস্তুত কৰা হৈছে, আৰু এইবোৰক কʼত পোৱা যাব, আমাৰ পৰিয়াল অধ্যয়নত এইবোৰক ব্যৱহাৰ কৰিলে কেনেকৈ লাভজনক হʼব?

১১ যিহেতু আপুনি আপোনাৰ অধ্যয়নত প্ৰহৰীদূৰ্গ ব্যৱহাৰ কৰিছে, কিন্তু এইটো পাহৰিব নালাগে যে আন অধ্যয়নৰ সঁজুলিবোৰ বিভিন্ন ভাষাত উপলব্ধ আছে। যদি বাইবেলৰ পৃষ্ঠভূমিৰ বৰ্ণনা বা তাৰ বাখ্যা আৱশ্যক তেতিয়াহʼলে শাস্ত্ৰপদসমূহত অন্তদৃষ্টি (ইংৰাজী) আছে তাত এই সকলো বিষয়ে দিয়া হৈছে। আন প্ৰশ্নবোৰৰ উত্তৰ সন্থাই তৈয়াৰ কৰা প্ৰহৰীদূৰ্গ প্ৰকাশন নিৰ্ঘন্ট (ইংৰাজী) বা কম্পিউটাৰ ৰিচাৰ্ছ প্ৰগেমৰ দ্বাৰা বিচাৰি পাব পাৰে। যদি এই সঁজুলিসমূহ আপোনাৰ ভাষাত আছে তেতিয়াহʼলে এইবোৰক ব্যৱহাৰ কৰিবলৈ শিকক, ই আপোনাৰ পৰিয়াল অধ্যায়নৰ বাবে বহুমূলীয়া অংশ হব পাৰে। কণমাণি সকলৰ ভাৱধাৰাক আগ্ৰহী কৰাৰ কথা মনত ৰাখি, আপুনি পৰিয়ালৰ অধ্যয়নত আছুটিয়াকৈ ৰখা সময়ত সন্থাই ব্যৱস্থা কৰা ভিডিও কেছেট চাওক বা নাটকৰ এক অংশ অডিও কেছেটত শুনক আৰু সেইবিলাকক আলোচনা কৰক। এই উত্তম সঁজুলিবোৰে আপোনাৰ পৰিয়াল অধ্যয়নক ৰসলগা আৰু সকলোৰ বাবে লাভজনক কৰি তুলিবলৈ সহায় কৰক।

আপোনাৰ পৰিয়ালৰ আৱশ্যকতাক বৃদ্ধি কৰক

১২. পৰিয়ালৰ আৱশ্যকতাক বহন কৰিবলৈ পৰিয়াল অধ্যয়নে কেনেকৈ এক ভূমিকা আদায় কৰে?

১২ হয়তো, সাধৰণতে আপোনাৰ পৰিয়ালে সপ্তাহটোত হবলগীয়া সভাৰ বাবে প্ৰহৰীদূৰ্গ-ৰ পাঠ অধ্যয়ন কৰিব পাৰে। কিন্তু পৰিয়ালৰ আন আৱশ্যকতাকো পূৰণ কৰিবলৈ সাজু থাকক। যদি মাকে চাকৰি নকৰে, তেনেহʼলে তেওঁ স্কুলৰ পৰা ঘুৰি অহাৰ পাছত লৰা-ছোৱালীৰ সৈতে সময় অতিবাহিত কৰিব পাৰে। তেনে কৰিলে তেওঁলোকৰ কিছু সমস্যা সমাধান কৰিব পাৰে; আনবোৰ ঠিক কৰিবলৈ আৰু মনোযোগ দিব পাৰে। পৰিয়ালত যি আৱশ্যকতা আছে তাৰ প্ৰতি অৱহেলা নকৰিব। (হিতোপদেশ ২৭:১২) ইয়াত মাত্ৰ স্কুলৰ সমস্যাই জড়িত হৈ থকা নাই কিন্তু আন পৰস্থিতিও জড়িত আছে। এটা সঠিক বিষয় বাচঁনি কৰক আৰু পৰিয়ালৰ উন্নতিৰ বাবে কি অধ্যয়ন কৰা আৱশ্যক তাক বিবেচনা কৰক।

১৩. পৰিয়ালে দাৰিদ্ৰতাৰ সৈতে কেনেকৈ সন্মূখীন হব পাৰে এই বিষয়ে আলোচন কৰা কিয় লাভজনক?

১৩ উদাহৰণস্বৰূপে, পৃথিৱীখনৰ বেছি ভাগেই দাৰিদ্ৰতাৰ কৱলত আছে; বহুতো স্থানত এইটো আলোচনা কৰা আৱশ্যক যে কেনেকৈ দাৰিদ্ৰতাৰ সৈতে সন্মূখীন হʼব পৰা যায়। তেতিয়াহʼলে এনে পৰিস্থিতিত পৰিয়ালৰ অধ্যয়নত পোৱা বাইবেলৰ সিদ্ধান্তবিলাক আলোচনা কৰিলে ভাল হবনে যিবিলাক পৰিয়ালত ব্যৱহাৰ কৰিব পৰি?—হিতোপদেশ ২১:৫; উপদেশক ৯:১১; ইব্ৰী ১৩:৫, ৬, ১৮.

১৪. কি কাৰণসমূহৰ বাবে দন্দ-কাজিয়া, যুদ্ধ, আৰু খ্ৰীষ্টান আচৰণৰ সম্পৰ্কে পৰিয়ালে যিহোৱাৰ দৃষ্টিভঙ্গীৰে আলোচনা কৰা আৱশ্যক?

১৪ আলোচনা কৰা আন এটা বিষয় হৈছে অপৰাধ। আমি সকলোৱে নিজ হৃদয় আৰু মনত দৃঢ়ভাৱে যিহোৱাৰ দৃষ্টিভঙ্গী ৰাখিব লাগে। (আদিপুস্তক ৬:১৩; গীতমালা ১১:৫) আমি এই বিষয়বিলাক নিজৰ পৰিয়াল অধ্যয়নত স্পষ্টকৈ আলোচনা কৰিব লাগে যে স্কুলত বলেৰে প্ৰৱেশ কৰা দুষ্ট অঘাইটং লৰাবিলাকৰ সৈতে কেনেকৈ সন্মূখীন হʼম, আমি জুদো-কেৰাটে কিয় শিকিব নালাগে বা কেনেকৈ প্ৰকৃত মনোৰঞ্জৰ বাচঁনি কৰিব পাৰোঁ। বৰ্তমানে দন্দ-কাজিয়া এটা সাধাৰণ বিষয় হৈ পৰিছে; প্ৰায় প্ৰত্যেক দেশতে ঘৰুৱা যুদ্ধ, ৰাজনৈতিক উত্থন-পতন বা জাতীয় বিদ্বেষৰে ভৰি আছে। তাৰবাবে আপোনাৰ পৰিয়ালে আলোচনা কৰা আৱশ্যক যে এই পৰিস্থিতিত তেওঁলোকে কেনেকৈ খ্ৰীষ্টান গুণসমূহ বজাই ৰাখিব পাৰে।—যিচয়া ২:২-৪; যোহন ১৭:১৬.

১৫. যৌন সম্পৰ্ক আৰু বিবাহৰ বিষয়ে লৰা-ছোৱালীক পৰামৰ্শ কেনেকৈ দিয়া উচিত?

১৫ যেনেকৈ লৰা-ছোৱালী ডাঙৰ-দীঘল হয়, তেওঁলোকৰ বয়সৰ অনুসাৰে যৌন সম্পৰ্ক আৰু বিবাহৰ সম্পৰ্কে জনোৱা আৱশ্যকতা হয়। কিছুমানৰ পৰম্পৰাৰ বাবে মাক-দেউতাকে নিজৰ লৰা-ছোৱালীৰ সৈতে যৌন সম্পৰ্কৰ বিষয়ে আলোচনা নকৰে। যদি মাক-দেউতাকে নিজৰ লৰা-ছোৱালীক এই সম্পৰ্কে নকয়, তেতিয়াহʼলে তেওঁলোকে আন লৰা-ছোৱালীৰ পৰা কোনো ভূল পথ শিকিব পাৰে। আৰু ইয়াৰ পৰা বহুত বেয়া পৰিণাম হব পাৰে। সেই বাবে, কি এইটো বেছি উত্তম নহবনে যে তেওঁলোকে যিহোৱাৰ আৰ্হিত চলে, যিজনে এই সংক্ৰান্তত বাইবেলত স্পষ্টকৈ আৰু ভালকৈ পৰামৰ্শ দিছে? যেতিয়া আমি নিজ লৰা-ছোৱালীক এই বিষয়ে থকা ঈশ্বৰৰ দৃষ্টিভঙ্গী বিষয়ে কওঁ, তেতিয়া তেওঁলোকে আত্মা-সন্মান বজাই ৰাখিব আৰু আন লৰা বা ছোৱালীৰ সৈতে সন্মানৰে আচৰণ কৰিব। (হিতোপদেশ ৫:১৮-২০; কলচীয়া ৩:৫; ১ থিচলনীকীয়া ৪:৩-৮) যদি আপুনি এই বিষয়ে আগতে আলোচনা কৰিলে, এই বিষয়ে পুনৰ আলোচনা কৰিবলৈ কুন্ঠাবোধ নকৰিব। যেনেকৈ নতুন পৰিস্থিতি আহে তেনেকৈ তাৰ সৈতে সন্মূখীন হবলৈ সেই বিষয়েবোৰক পুনৰ উল্লেখ কৰিলে লাভদায়ক হʼব।

১৬. (ক) বহুতো পৰিয়ালত, পৰিয়াল অধ্যয়ন কেতিয়া কৰে? (খ) নিতৌ পৰিয়াল অধ্যয়ন কৰিবলৈ আপোনাৰ বাবে যি বাধা আহিছে, তাক আপুনি কেনেকৈ পাৰ কৰিলে?

১৬ পৰিয়াল অধ্যায়ন কেতিয়া কৰিব পাৰি? কিছুমান পৰিয়ালে, বিশ্বজুৰি বেথেল পৰিয়াল দৰে সোমবাৰৰ সন্ধ্যা পৰিয়াল অধ্যয়ন কৰে। আন বহুতে আন সময়ত কৰে। আৰ্জিনটিনাত ১১ জন সদস্য থকা এটা পৰিয়ালৰ ৯ জন লৰা-ছোৱালীয়ে, অৰ্থাত পৰিয়ালৰ সকলো সদস্যই পৰিয়াল অধ্যয়নত ভাগ লবলৈ নিতৌ ৰাতিপুৱা ৫ বজাত উঠে। কাৰ্য্যৰ বিভিন্ন তালিকা থকাৰ বাবে আন সময়ত কৰাটো সম্ভৱ নাছিল। এইটো ইমান সহজ নাছিল, কিন্তু পৰিয়াল অধ্যয়নৰ প্ৰতি থকা গুৰুত্বপূৰ্ণতাই লৰা-ছোৱালীৰ মন আৰু হৃদয় প্ৰভাৱিত কৰিছিল। ফিলিপাইনচত থকা এজন প্ৰাচীনে নিজৰ পত্নী আৰু তিনিজন লৰা-ছোৱালীৰ সৈতে তেওঁলোকে বয়স্থ হোৱালৈকে একেৰাহে পৰিয়াল অধ্যয়ন কৰিছিল। প্ৰত্যেক সপ্তাহত মাক-দেউতাকে লৰা-ছোৱালীৰ সৈতে বহি ব্যক্তিগত অধ্যয়নো কৰিছিল যাতে লৰা-ছোৱালীয়ে সত্যক নিজ হৃদয়ত স্থান দিব পাৰে। আমেৰিকাত থকা এজনী ভনীয়ে যি গৰাকীৰ স্বামী সত্যত নাছিল। তেওঁ প্ৰত্যেক ৰাতিপুৱা নিজৰ লৰা-ছোৱালীক স্কুল বাচত উঠাবলৈ যোৱাৰ সময়ত, বাচৰ বাবে ১০ মিনিট অপেক্ষা কৰিব লাগিছিল, সেই সময়ত তেওঁ বাইবেলৰ কোনো পদ পঢ়িছিল আৰু আলোচনা কৰিছিল। তাৰ পাছত মাকে লৰা-ছোৱালীৰ লগত সৰু প্ৰাৰ্থনা কৰিছিল আৰু লৰা-ছোৱালীয়ে বাচত স্কুলত গুচি গৈছিল। কঙ্গো লোকতান্ত্ৰিক গণৰাজ্যত থকা এজনী ভনীয়ে যিগৰাকীৰ স্বামী সত্যত নাছিল আৰু পাছলৈ ভনী গৰাকীক ত্যাগ দিছিল। এই ভনী গৰাকীয়ে বেছি শিক্ষিত নোহোৱাৰ বাবে অধ্যয়ন কৰিবলৈ বহুত কঠিন হৈছিল। তেওঁৰ ডাঙৰ লʼৰাটোৱে প্ৰত্যেক সপ্তাহ মাকক লগা কৰিবলৈ আহিছিল আৰু মাক আৰু সৰু ভায়েকৰ সৈতে বহি পৰিয়াল অধ্যয়ন কৰিছিল। এই ভনীগৰাকীও অধ্যয়নৰ বাবে বহু পৰিশ্ৰম কৰিছিল আৰু নিজ পৰিয়ালৰ বাবে এক ভাল আৰ্হি ৰাখিছিল। আপোনাৰ পৰিয়ালতো এনে কোনো সমস্যা আছে যাৰ বাবে একেৰাহে পৰিয়াল অধ্যায়ন কৰিবলৈ বহুত কঠিন হয়? যদি সমস্যা আছে তেতিয়াহʼলে নিৰাশ নহব। আপোনাৰ প্ৰচেষ্টাৰ ওপৰত একেৰাহে যিহোৱাৰ ওচৰত নিৱেদন কৰক যাতে আপুনি পৰিয়াল অধ্যয়ন কৰিব পাৰে।—মাৰ্ক ১১:২৩, ২৪.

প্ৰচেষ্টাৰ ফলত লাভ কৰা আশীৰ্ব্বাদসমূহ

১৭. (ক) একেৰাহে পৰিয়াল অধ্যয়ন কৰিবলৈ কিহৰ আৱশ্যক আছে? (খ) কোনটো অনুভৱে দেখুৱাই যে যিহোৱাৰ পথৰে শিকাবলৈ একেৰাহে পৰিয়াল অধ্যয়ন কৰাটো বহুত আৱশ্যক?

১৭ একেৰাহে পৰিয়াল অধ্যয়ন কৰিবলৈ ভাল যোজনা বনোৱা উচিত আৰু প্ৰচেষ্টা কৰা আৱশ্যক। তেতিয়া আপোনাৰ পৰিয়াল অধ্যয়ন বহু লাভৱান হʼব। (হিতোপদেশ ২২:৬; ৩ যোহন ৪) জাৰ্মানীত থকা ফ্ৰান্জ আৰু হিল্ডা ১১ জন লৰা-ছোৱালী থকা এটা পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। বহু বছৰৰ পাছত তেওঁলোকৰ জীয়েকে কৈছিল: “আজি মোৰ বাবে এই কথা বহুত গুৰুত্বভাৱে উপলব্ধি কৰিছোঁ যে আমাৰ এটাও দিন আধ্যাত্মিক কথা নিশিকাকৈ এনেই পাৰ হোৱা নাছিল।” যেতিয়া অডল্ফ হিটলাৰৰ সময়ত জাতীয়তাবাদৰ আত্মা অতিশয় প্ৰবল হৈছিল, তেতিয়া মাগ্দালীনাৰ দেউতাকে অনুভৱ কৰিব পাৰিছিল যে এই সকলোৰ ওপৰত পৰীক্ষা আহিব আছে। সেইবাবে তেওঁ বাইবেলক ব্যৱহাৰ কৰি নিজৰ পৰিয়ালক সেই পৰীক্ষাৰ বাবে শক্তিশালী কৰিছিল। কিছু সময়ৰ পাছত তেওঁলোকৰ পৰিয়ালত কণ-কণ লৰা-ছোৱালীক আটক কৰা হʼল আৰু সংশোধন স্কুলত পঠোৱা হʼল। পৰিয়ালত থকা আন লোকক জেইলত বন্দী কৰা হʼল আৰু যান্ত্ৰনাদায়ক শিবিৰত ৰাখিলে। কিছুমানক হত্যা কৰা হʼল। কিন্তু, তেওঁলোকে অকল মাত্ৰ সঙ্কটজনক পৰিস্থিতিতে নহয় কিন্তু সেই পৰিস্থিতি শেষৰ বহু বছৰৰ পাছতো বিশ্বাসত অটল হৈ থাকিলে।

১৮. এজন পিতৃ বা মাতৃ যিসকলৰ সঙ্গী নাই, তেওঁলোকৰ প্ৰচেষ্টাত যিহোৱাই কেনেকৈ আশীৰ্ব্বাদ দিছে?

১৮ বহুতো একজনক পিতৃ বা মাতৃ, যিসকলৰ সঙ্গী নাই বা যাৰ সঙ্গী সত্যত নাই, তেওঁলোকৰ লৰা-ছোৱালীক সদায় বাইবেলৰ শিক্ষা দি আহিছে। ভাৰতত এগৰাকী বিধৱা মহিলাই নিজৰ দুজন লৰা-ছোৱালীৰ হৃদয়ত যিহোৱা প্ৰতি থকা প্ৰেম স্থাপন কৰিবলৈ বহুত পৰিশ্ৰম কৰিলে। কিন্তু যেতিয়া তেওঁৰ পুতেকে যিহোৱা সাক্ষীসকলৰ সঙ্গ ত্যাগ কৰিলে তেতিয়া তেওঁৰ মনত কিমান যে আঘাত লাগিল আপুনি কল্পনা কৰিব নোৱাৰিব। তেতিয়া তেওঁ যিহোৱাৰ ওচৰত ক্ষমা বিচাৰিলে যে যদি তেওঁ নিজৰ পুতেকক শিকাবলৈ কিবা থাকি গʼল তাৰ বাবে যেন তেওঁক ক্ষমা দান কৰে। কিন্তু পুতেকক যি শিকোৱা হৈছিল সি তাক নিজৰ মনৰ পৰা পাহৰিব নোৱাৰিলে। ১০-১২ বছৰৰ পাছত তেওঁৰ পুতেকে সত্যত উভটি আহিল আৰু সত্যত ভাল প্ৰগতি কৰিব ধৰিলে আৰু মণ্ডলীৰ এজন প্ৰাচীন হৈ পৰিল। এতিয়া তেওঁৰ পুতেক আৰু বোৱাৰী দুয়োজনে পূৰ্ণ সময়ৰ অগ্ৰগামী সেৱা কৰিছে। এই অনুভৱে দেখুৱাইছে যে এনে পিতৃ বা মাতৃ কিমান যে কৃতজ্ঞশীল যিসকলে যিহোৱা আৰু তেওঁৰ সংগঠনৰ পৰামৰ্শ হৃদয়ৰে পালন কৰি একেৰাহে বাইবেলৰ পৰা শিক্ষা দিয়ে! আপুনিও এই পৰামৰ্শক ব্যৱহাৰ কৰিব নে?

আপুনি বাখ্যা কৰিব পাৰিবনে?

◻ একেৰাহে পৰিয়াল অধ্যয়ন কৰাটো কিয় আৱশ্যক?

◻ আমাৰ প্ৰত্যেক পৰিয়ালৰ অধ্যয়নৰ সময়ত, কিয় লক্ষ্য ৰাখি অধ্যয়ন কৰাটো আৱশ্যক?

◻ আমাৰ অধ্যয়নৰ বাবে কি শিক্ষাৰ সঁজুলি ব্যৱস্থা কৰা হৈছে?

◻ পৰিয়াল অধ্যয়নে কেনেকৈ পৰিয়ালৰ আৱশ্যকতাক বঢ়াই তোলে?

[Picture on page 15]

কোনো লক্ষ্য ৰাখি কৰা পৰিয়াল অধ্যয়ন পৰিয়ালৰ বাবে বহু লাভজনক প্ৰমাণিত হয়

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক