ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০২ ৮/১ পৃষ্ঠা ৩
  • অন্ধবিশ্বাসৰ দ্বাৰা জীৱনটো পৰিচালিত হোৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অন্ধবিশ্বাসৰ দ্বাৰা জীৱনটো পৰিচালিত হোৱা
  • ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মিল থকা বিষয়
  • অন্ধবিশ্বাসৰ দ্বাৰা আপোনাৰ জীৱনটো পৰিচালিত নে?
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০২ ৮/১ পৃষ্ঠা ৩

অন্ধবিশ্বাসৰ দ্বাৰা জীৱনটো পৰিচালিত হোৱা

আপুনি ঘৰখনৰ পৰা ওলাই আহি কোনোবা এজনৰ সৈতে মুখা-মুখী হৈছে। কোনো শিলাখণ্ডত আপুনি উজুটি খাইছে। নিশা কোনো বিশেষধৰণৰ চৰায়ে চিঞৰি উঠিছে। ৰাতি কোনো এটা সপোন বাৰে বাৰে দেখিছে। সাধাৰণভাৱে প্ৰায়ে এনেধৰণৰ অৱস্থাৰ সৈতে সন্মুখীন হৈছে, যিবোৰে কোনো অনিষ্ট নকৰে। কিন্তু পশ্চিম আফ্ৰিকাত বাস কৰা এক প্ৰকাৰৰ জাতিয়ে এইবোৰক এক চিহ্ন, মঙ্গল সূচক চিহ্ন বা আত্মিক জগতৰ পৰা পোৱা কোনো বাৰ্ত্তা বুলি বিবেচনা কৰে। তেওঁলোকে বিশ্বাস কৰে যে কোনো ঘটিবলগীয়া ভাল বা বেয়া পৰিস্থিতি এই চিহ্নবোৰৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়ে হৈছে ইয়াৰ ভাঙনি।

আফ্ৰিকাৰ বাহিৰত থকা লোকসকলেও সেইদৰে অন্ধবিশ্বাসত পতিয়ন হোৱাটো দেখিবলৈ পোৱা যায়। নাস্তিকবাদ চৰকাৰীভাৱে অনুমোদিত হোৱা চীন আৰু পূৰ্বৰ ৰুচ দেশত থকা এছাম লোকে এতিয়াও অন্ধবিশ্বাসত আবদ্ধ হৈ আছে। ইয়াৰ উপৰিও পশ্চিমীয়া দেশবোৰৰ বহুতো সংস্কৃতিত ফেব্ৰুৱাৰী ১৩ তাৰিখ আৰু কʼলা ৰঙৰ মেকুৰীক অমঙ্গলীয়াৰূপে দৃষ্টি কৰে। উত্তৰমেৰু অঞ্চলত থকা কিছুমানে মেৰুজ্যোতিক যুদ্ধ আৰু মহামাৰীৰ পূৰ্ব লক্ষণ বুলি ভাবে। ভাৰতত এইড্‌চ ৰোগত আক্ৰান্ত হোৱা ট্ৰাক চালকসকলে বিশ্বাস কৰিছিল যে গ্ৰীষ্ম দিনত শৰীৰৰ তাপমান কমাবলৈ যৌন সম্বন্ধ ৰখা আৱশ্যক। জাপানত সুৰঙ্গৰ নিৰ্ম্মাণ কৰা কৰ্ম্মীসকলে নিৰ্ম্মাণ কাৰ্য্য শেষ হোৱাৰ পূৰ্বেই কোনো মহিলাই সুৰঙ্গত প্ৰৱেশ কৰাটোক অমঙ্গলীয়া বুলি বিশ্বাস কৰে। পেচাদাৰী ক্ষেত্ৰতো অন্ধবিশ্বাস প্ৰবলভাৱে বৃদ্ধি হোৱা দেখা গৈছে। উদাহৰণস্বৰূপে, এজন ভলীবল খেলুৱৈয়ে বগা মোজাৰ পৰিৱৰ্তে কʼলা ৰঙৰ মোজা পৰিধান কৰাৰ বাবে একেলেথাৰি কেইবাখন খেলত বিজয়ী হোৱা বুলি বিশ্বাস কৰিছিল। লোকসকলে কৰা তেনেধৰণৰ বহুতো অন্ধবিশ্বাস আছে যাৰ কোনো অন্ত নাই।

আপুনিও তেনেদৰে বিশ্বাস কৰেনে? হয়তো আপুনি বৰ্ণনা কৰিব নোৱাৰা তেনে কোনো ভয়ৰ গুপণীয় কাৰণ আছেনে? আপুনিও এটা “বিশ্বাস, অল্প-বিশ্বাস বা পৰম্পৰাগত ৰীতি-নীতিৰ দ্বাৰা প্ৰভাৱিত নে যাৰ কোনো যথাৰ্থ ব্যাখ্যা নাই”? আপুনি দিয়া উত্তৰে প্ৰকাশ কৰিব যে আপোনাৰ জীৱন অন্ধবিশ্বাসৰ দ্বাৰা পৰিচালিত হয় নে নহয়, সেয়েহে এটা অনুসন্ধানে সেই শব্দটোক অন্ধবিশ্বাস বুলি উল্লেখ কৰিছে।

যদি এজন ব্যক্তিৰ নিৰ্ণয়ত আৰু দৈনন্দিন জীৱন-প্ৰণালীত অন্ধবিশ্বাসে প্ৰভাৱিত কৰিছে, তেনেহʼলে তেওঁ এনে এটা বিষয়ৰ দ্বাৰা বশবৰ্তী হৈছে যাৰ সম্বন্ধে তেওঁৰ একোৱেই জ্ঞান নাই। এইটো বুদ্ধিমানৰ কাৰ্য্যনে? আমি নিজকে এনে অনিশ্চিত আৰু সম্ভৱতঃ অপ্ৰীতিকৰ বিষয়সমূহৰ অধীন কৰাটো উচিত হʼবনে? অন্ধবিশ্বাস এটা যুক্তিহীন অহানিকাৰক বা বিপদজনক শঙ্কা নে? (w02 8/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক