ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ১/১ পৃষ্ঠা ৩
  • ‘হে শ্বৰ, আপুনি কিয় এই দুখ-কষ্টৰ অনুমতি দিছে?’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘হে শ্বৰ, আপুনি কিয় এই দুখ-কষ্টৰ অনুমতি দিছে?’
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যেতিয়া কোনো বিপৰ্য্যয় আহে তেতিয়া বহুতো প্ৰশ্ন উত্থাপন হয়
  • পীড়িত লোকৰ বাবে শান্ত্বনা
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • সূচীপত্ৰ
    সচেতন থাকক!—২০১৯
  • ৰিকাৰ্ডো আৰু আন্দ্ৰেছৰ জীৱন কাহিনী
    সচেতন থাকক!—২০১৯
  • ঈশ্বৰে দুখ-কষ্টৰ কিয় অনুমতি দিছে?
    বাইবেলে প্ৰকৃততে কি শিকায়?
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ১/১ পৃষ্ঠা ৩

‘হে শ্বৰ, আপুনি কিয় এই দুখ-কষ্টৰ অনুমতি দিছে?’

ৰিকাৰ্ডে তেওঁ পত্নী মাৰিয়াৰ সৈতে বহি ডাক্টৰলৈ অপেক্ষা কৰি থকাৰ বিষয়ে এতিয়াও মনত আছে।a অলপতে ডাক্টৰে মাৰিয়াক পৰীক্ষা কৰি সেই সম্পৰ্কে দিয়া ৰিপৰ্ট পঢ়িবলৈ তেওঁলোকৰ কোনো এজনেও সাহ কৰিব পৰা নাই। তথাপিও ৰিকাৰ্ডে সেই ৰিপৰ্ট থকা খামটো খুলি কৌতুহলভাৱে চিকিৎসকে দিয়া বিৱৰণীত চকু ফুৰালে। তেওঁলোকে “কেন্সাৰ” বুলি উল্লেখ কৰা এটা শব্দ দেখিবলৈ পালে আৰু সেই শব্দৰ অৰ্থ বুজিব পাৰি দুয়োজনে কান্দিব ধৰিলে।

ৰিকাৰ্ডে স্মৰণ কৰি কয় যে “ডাক্টৰজন অতি দয়ালু আছিল। কিন্তু তেওঁ সম্ভৱতঃ অৱস্থাটোৰ গভীৰতাক বুজি ঈশ্বৰত ভাৰসা কৰক বুলি বাৰে বাৰে কৈছিল।”

বিকিৰণ চিকিৎসা আৰম্ভ কৰাৰ পূৰ্বেই ডাক্টৰে লক্ষ্য কৰিছিল যে মাৰিয়াৰ সোঁ ভৰিখন অনিচ্ছাকৃতভাৱে আলোড়ন হৈছে। পৰীক্ষা কৰাৰ ফলত জানিব পৰা গʼল যে কেন্সাৰ তাইৰ মগজুলৈকে বিয়পিছে। বিকিৰণ চিকিৎসা এসপ্তাহ কৰাৰ পিছত বন্ধ কৰা হʼল। মাৰিয়া কʼমা অৱস্থাত আছিল আৰু দুমাহৰ পিছত তাইৰ মৃত্যু হʼল। ৰিকাৰ্ডে এইদৰে বৰ্ণনা কৰি কয়, “মই সুখী হৈছিলোঁ যে অৱশেষত তাই সকলোবোৰ কষ্টৰ পৰা ৰেহাই পালে, কিন্তু মই তাইক পাহৰিব পৰা নাছিলোঁ আৰু এনে লাগিছিল যেন মোৰ জীৱনো শেষ হৈ যাব। মই প্ৰায়ে কান্দি কান্দি ঈশ্বৰক এইদৰে সুধিছিলোঁ: ‘কিয় আপুনি মোৰ সৈতে এইদৰে ঘটিবলৈ অনুমতি দিলে?’”

যেতিয়া কোনো বিপৰ্য্যয় আহে তেতিয়া বহুতো প্ৰশ্ন উত্থাপন হয়

ৰিকাৰ্ডৰ দৰে বহুতো ব্যক্তিয়ে ভাবে যে জগতখনক বলেৰে দুখ-কষ্টৰ সম্মুখীন হʼবলৈ এৰি দিছে। কিয়নো বেছিভাগ সময়ত নিৰীহ ব্যক্তিসকলে এনে পৰিস্থিতিত বলি হবলগীয়া হয়। মহামাৰীৰ ফলত সৃষ্টি হোৱা হৃদয় বিদাৰক শোকজনক পৰিস্থিতি বা ধৰ্ষণ, লʼৰা-ছোৱালীৰ ওপৰত কৰা দুৰ্ব্যৱহাৰ, ঘৰুৱা অত্যাচাৰ আৰু আন বেয়া কাৰ্য্যত বলি হʼবলগীয়া লোকৰ মানসিক বেদনাৰ বিষয়ে ক্ষন্তেক বিবেচনা কৰক। ইতিহাসজুৰি দেখা গʼল যে অন্যায়ৰ কোনো সীমা নাই আৰু পুৰুষ-স্ত্ৰীসকলে সম্মুখীন হোৱা বেদনাৰ বাবে আনক অত্যাচাৰ কৰিবলৈ ইচ্ছুক হৈছে। (উপদেশক ৪:১-৩) ইয়াৰ উপৰিও প্ৰাকৃতিক দুৰ্য্যোগ বা আৱেগীক, মানসিক আৰু শাৰীৰিক ৰোগত ভোগা ব্যক্তিসকলে যন্ত্ৰণাত কেঁকাই থকা দেখা গৈছে। সেয়েহে লোকসকলে, “কিয় ঈশ্বৰে দুখ-কষ্টৰ অনুমতি দিছে?” বুলি প্ৰশ্ন কৰাটো কোনো আচৰিত হোৱাৰ কাৰণ নহয়।

আনকি ধৰ্ম্মীয় বিশ্বাস থকা লোকসকলেও বেদনাদায়ক পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হৈছে। আপুনি হয়তো আচৰিত হʼব পাৰে যে কেনেকৈ এজন প্ৰেমময়, শক্তিশালী ঈশ্বৰে মানুহক দুখ-কষ্ট ভুগীবলৈ অনুমতি দিছে। এনে বিমোৰত পেলোৱা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সঠিক আৰু সন্তুষ্টিজনক উত্তৰে আমাক মানসিক শান্তি বজাই ৰখাত আৰু ঈশ্বৰৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে বুজাত সহায় কৰে। বাইবেলে এনে প্ৰশ্নৰ উত্তৰ দিছে। অনুগ্ৰহ কৰি পৰৱৰ্তী প্ৰবন্ধটোৱে এই বিষয়ে কি কৈছে তাক বিবেচনা কৰক। (w03 1/1)

[ফুটনোট]

a আচল নামৰ পৰিৱৰ্তে ছদ্মনাম ব্যৱহাৰ কৰা হৈছে।

[৩ পৃষ্ঠাৰ ছবিসমূহ]

আমি ঈশ্বৰত ভাৰসা কৰা আৱশ্যক বুলি ডাক্টৰজনে বাৰে বাৰে কৈছিল

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক