ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ১০/১ পৃষ্ঠা ১১-১৫
  • ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱা
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যীচুৰ মৃত্যু—বিশ্বাসৰ হিতাৰ্থে প্ৰাণ দিয়া অথবা শ্বহীদ হোৱা?
  • “তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হবা”
  • বিশ্বাসী হৈ সহন কৰাৰ এক বিবৰণী
  • তেওঁলোক কিয় ঘৃণা আৰু তাড়নাৰ সম্মুখীন হʼবলগীয়া হৈছিল?
  • তাড়নাৰ সম্মুখীন হোৱাৰ স্বত্বেও আনন্দিত হোৱা
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • তাড়নাত সহন কৰাই যিহোৱালৈ মহিমা কঢ়িয়াই আনে
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ১০/১ পৃষ্ঠা ১১-১৫

ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱা

“ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱাবিলাক ধন্য।”—মথি ৫:১০.

১. যীচুৱে কিয় পীলাতৰ সম্মুখত থিয় হʼবলগীয়া হৈছিল আৰু তেওঁ পীলাতক কি কৈছিল?

“সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ।” (যোহন ১৮:৩৭) এই বাক্যশাৰী যীচুৱে যিহুদীয়াৰ ৰোমান অধিকাৰী পীলাতৰ সম্মুখত থিয় হৈ থাকোঁতে কৈছিল। যীচুৱে নিজ ইচ্ছাৰে বা পীলাতৰ দ্বাৰা আমন্ত্ৰিত হৈ তাত উপস্থিত হৈছিল, এনে নহয়। ইয়াৰ বিপৰীতে যীচুক মিছা অভিযোগ দি মৃত্যুদণ্ড দিয়াৰ উদ্দেশ্যৰে তালৈ অনা হৈছিল।—যোহন ১৮:২৯-৩১.

২. যীচুৱে কেনে কাৰ্য্য কৰিলে আৰু তাৰ পৰিণামস্বৰূপে কি হʼল?

২ যীচুৱে জানিছিল যে পীলাতৰ ওচৰত তেওঁক মুক্তি বা মৃত্যুদণ্ড দিয়াৰ অধিকাৰ আছে। (যোহন ১৯:১০) কিন্তু ইয়ে তেওঁক সাহসী হৈ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাত বাধা জন্মাব নোৱাৰিলে। যদিও তেওঁৰ জীৱন বিপদপন্ন অৱস্থাত আছিল তথাপিও তেওঁ সেই উচ্চ অধিকাৰীজনক সাক্ষী দিবলৈ পিছহুঁহকা নাছিল। যীচুৱে তেনেদৰে সাক্ষী দিয়াৰ স্বত্ত্বেও তেওঁক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ আজ্ঞা দিলে আৰু পৰিণামস্বৰূপে তেওঁ এক অতি যন্ত্ৰণাদায়কৰূপে মৃত্যুবৰণ কৰিবলগা হʼল।—মথি ২৭:২৪-২৬; মাৰ্ক ১৫:১৫; লূক ২৩:২৪, ২৫; যোহন ১৯:১৩-১৬.

যীচুৰ মৃত্যু—বিশ্বাসৰ হিতাৰ্থে প্ৰাণ দিয়া অথবা শ্বহীদ হোৱা?

৩. বাইবেলৰ সময়ত “শ্বহীদ” শব্দটোৰ অৰ্থ কি আছিল, কিন্তু আজিৰ সময়ত ইয়াক কেনেকৈ বৰ্ণনা কৰা হয়?

৩ বৰ্তমান সময়ত বহুতো লোকৰ বাবে শ্বহীদ শব্দটোৰ সমঅৰ্থযুক্ত শব্দ হৈছে ধৰ্মান্ধ বা চৰমপন্হী। তেনে লোকবিলাকে বিশেষকৈ ধৰ্ম্মীয় বিশ্বাসৰ বাবে নিজৰ প্ৰাণ বিসৰ্জন দিবলৈ আগ্ৰহী, সেয়েহে তেওঁলোকক প্ৰায়ে সন্ত্ৰাসবাদ বা সমাজৰ বাবে বিপদজনক বুলি সন্দেহ কৰা হয়। যিহেতু বাইবেলৰ সময়ছোৱাত উল্লেখ কৰা এই শ্বহীদ শব্দটোৰ অৰ্থ আছিল এজন ব্যক্তিয়ে আদালতত তেওঁ বিশ্বাস কৰা সত্যতাৰ সম্পৰ্কে স্পষ্টকৈ “সাক্ষী” দিয়া। কিন্তু পিছলৈ এই অভিব্যক্তিটোৰ অৰ্থ এইদৰে প্ৰকাশ পাইছিল, “কোনোবাই সত্যৰ বাবে নিজৰ জীৱন উৎসৰ্গ” বা সাক্ষী দিবলৈ নিজৰ প্ৰাণ দিয়া।

৪. বাস্তৱতে যীচুৱে কি অৰ্থত শ্বহীদ হৈছিল?

৪ বাইবেলৰ সময়ত উল্লেখ কৰা অৰ্থৰ অনুসাৰে যীচু শ্বহীদ হৈছিল। এই সন্দৰ্ভত তেওঁ পীলাতক এইদৰে কৈছিল যে, “সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ” তেওঁ আহিল। তেওঁৰ সাক্ষী কাৰ্য্যৰ প্ৰতি লোকসকলে অতিশয়ৰূপে অস্বীকাৰমূলক প্ৰতিক্ৰিয়া দেখুৱাইছিল। কিন্তু কিছুমান সাধাৰণ লোকে যি দেখিছিল বা শুনিছিল তাৰ অনুসাৰে যীচুত বিশ্বাসো কৰিছিল। (যোহন ২:২৩; ৮:৩০) ইয়াৰ বিপৰীতে বেছিভাগ লোক আৰু ধৰ্ম্মগুৰুৱে তেওঁৰ কাৰ্য্যক বিৰোধ কৰিছিল। তদুপৰি যীচুৱে তেওঁক বিশ্বাস নকৰা তেওঁৰ পৰিয়ালৰ আত্মীয়-স্বজনসকলক এইদৰে কৈছিল: “জগতে তোমালোকক ঘিণাব নোৱাৰে; মোকেহে ঘিণ কৰে; কিয়নো তেওঁবিলাকৰ কৰ্ম্ম মন্দ বুলি মই তেওঁবিলাকৰ বিষয়ে সাক্ষ্য দিছোঁ।” (যোহন ৭:৭) সত্যতাৰ পক্ষে সাক্ষী দি যীচুৱে জাতিবিলাকৰ ধৰ্ম্মীয় গুৰুসকলক ক্ৰোধীত কৰি তুলিছিল আৰু তাৰ পৰিণামস্বৰূপে পিছলৈ তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হʼল। প্ৰকৃততে তেওঁ এজন “বিশ্বাসী আৰু সত্য সাক্ষী” (শ্বহীদ) হোৱা বুলি প্ৰমাণ দিলে।—প্ৰকাশিত বাক্য ৩:১৪.

“তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হবা”

৫. যীচুৱে পৰ্ব্বতীয়া উপদেশত তাড়না পোৱাৰ সম্বন্ধে কি কৈছিল?

৫ কেৱল যীচুৱে প্ৰবল তাড়নাৰ সম্মুখীন হʼব এনে নহয়, কিন্তু তেওঁৰ শিষ্যবিলাকৰো একেই অৱস্থা হʼব বুলি তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল। যীচুৱে তেওঁৰ পৰিচৰ্য্যা কাৰ্য্যৰ আৰম্ভণীতে তেওঁৰ পৰ্ব্বতীয়া উপদেশ শুনোতাসকলক এইদৰে কৈছিল: “ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱাবিলাক ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁবিলাকৰ। যেতিয়া মানুহবিলাকে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ, সকলো প্ৰকাৰ কুকথা কব, তেতিয়া তোমালোক ধন্য। আনন্দ কৰা, আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে; কাৰণ তোমালোকৰ পূৰ্ব্বে যি ভাববাদীসকল আছিল, তেওঁলোককো মানুহবিলাকে সেইদৰে তাড়না কৰিছিল।”—মথি ৫:১০-১২.

৬. যীচুৱে ১২ জন শিষ্যক প্ৰচাৰ কাৰ্য্য কৰিবলৈ পঠোৱাৰ সময়ত তেওঁলোকক কেনেদৰে সতৰ্ক কৰিছিল?

৬ পিছলৈ ১২ জন শিষ্যক প্ৰচাৰ কাৰ্য্যৰ বাবে পঠোৱাৰ সময়ত যীচুৱে তেওঁলোকক এইদৰে কৈছিল: “ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৰণলৈ শোধাই দিব; আৰু সন্তানবিলাকে মাক-বাপেকৰ অহিতে উঠি, তেওঁলোকক বধ কৰাব। আৰু মোৰ নামৰ কাৰণে, তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হবা; কিন্তু যি জনে শেষলৈকে সহি থাকে, সেই জনেই পৰিত্ৰাণ পাব।” (মথি ১০:১৭, ১৮, ২১, ২২) এই কথাশাৰী যে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ ক্ষেত্ৰত আখৰে আখৰে সঁচা প্ৰমাণিত হৈছিল সেই বিষয়ে ইতিহাসেও প্ৰমাণ দিছে।

বিশ্বাসী হৈ সহন কৰাৰ এক বিবৰণী

৭ কেনে ঘটনাই স্তিফানক শ্বহীদ হোৱালৈ পৰিচালিত কৰিলে?

৭ যীচুৰ মৃত্যুৰ পিছত সত্যতাৰ পক্ষে সাক্ষী দি মৃত্যুবৰণ কৰা প্ৰথমজন ব্যক্তি আছিল স্তিফান। তেওঁ “অনুগ্ৰহ আৰু শক্তিৰে পৰিপূৰ্ণ হৈ, মানুহবিলাকৰ মাজত নানা অদ্ভুত লক্ষণ আৰু মহৎ চিন দেখুৱাইছিল।” তেওঁৰ ধৰ্ম্মীয় শত্ৰুবিলাকে “তেওঁ যি জ্ঞান আৰু আত্মাৰে কথা কৈছিল, তেওঁবিলাকে তাৰ প্ৰতিৰোধ কৰিব নোৱাৰিলে।” (পাঁচনিৰ কৰ্ম্ম ৬:৮, ১০) তেওঁৰ শত্ৰুবিলাকে চকু চৰহা হৈ তেওঁক মহাসভালৈ টানি নিলে, যʼত তেওঁ মিছা অভিযোগকাৰীৰ সম্মুখত দৃঢ় হৈ সাক্ষী দিছিল। যাৰ পৰিণামস্বৰূপে শত্ৰুসকলে এই বিশ্বাসী সাক্ষীজনক হত্যা কৰিলে।—পাঁচনিৰ কৰ্ম্ম ৭:৫৯, ৬০.

৮. স্তিফানৰ মৃত্যুৰ দিনৰে পৰা অহা তাড়নাৰ প্ৰতি শিষ্যসকলে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

৮ স্তিফানক হত্যা কৰা দিনৰে পৰা “যিৰূচালেমত থকা মণ্ডলীৰ অহিতে বৰ তাড়না হোৱাত, পাঁচনিবিলাকৰ বাহিৰে, সকলো শিষ্য যিহূদিয়া আৰু চমৰিয়া দেশৰ ঠায়ে ঠায়ে গোট গোট হৈ গল।” (পাঁচনিৰ কৰ্ম্ম ৮:১) তাড়নাই খ্ৰীষ্টানসকলক সাক্ষী দিয়াত বাধা জন্মাব পাৰিলেনে? ইয়াৰ বিপৰীতে বৃত্তান্তই কৈছে যে “যিবিলাক গোট গোট হল, তেওঁবিলাকে সকলো ঠাইতে ফুৰি ফুৰি, শুভবাৰ্ত্তাৰ বাক্য প্ৰচাৰ কৰিলে।” (পাঁচনিৰ কৰ্ম্ম ৮:৪) এসময়ত পাঁচনি পিতৰে কৰাৰ দৰে তেওঁলোকেও এইদৰে অনুভৱ কৰিছিল: “মানুহতকৈ আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগে।” (পাঁচনিৰ কৰ্ম্ম ৫:২৯) তেওঁলোকে জানিছিল যে তেওঁলোকৰ এনে পদক্ষেপে অধিক তাড়না আনিব পাৰে তথাপিও সেই বিশ্বাসী আৰু সাহসী শিষ্যসকলে তাড়নাৰ সম্মুখীন হৈও সত্যতাৰ পক্ষে সাক্ষী দিবলৈ নেৰিলে।—পাঁচনিৰ কৰ্ম্ম ১১:১৯-২১.

৯. একেৰাহে যীচুৰ শিষ্যবিলাকৰ ওপৰত কেনেধৰণৰ তাড়না আহিবলৈ ধৰিলে?

৯ অত্যাধিক তাড়নাৰ সম্মুখীন হোৱাৰ স্বত্ত্বেও তেওঁলোকে সাক্ষী দিবলৈ এৰি দিয়া নাছিল। সৰ্ব্বপ্ৰথমে, আমি জানিব পাৰিলোঁ যে স্তিফানক শিল দলিয়াই মাৰিবলৈ আদেশ দিয়া চৌল নামৰ ব্যক্তিজনে “প্ৰভুৰ শিষ্যবিলাকৰ অহিতে ভয় দেখুউৱাৰ আৰু বধ কৰাৰ কথাৰে ফোপাই, মহা-পুৰোহিতৰ আগলৈ গৈ, সেই পথৰ যদি কোনো মুনিহ বা তিৰোতাক পায়, তেন্তে তেওঁলোকক বান্ধি যিৰূচালেমলৈ আনিবলৈ দম্মেচকৰ নগৰত থকা নাম-ঘৰৰ সমাজ সকলোলৈ লিখা পত্ৰ খুজিলে।” (পাঁচনিৰ কৰ্ম্ম ৯:১, ২) তাৰ পিছত সা.যু. ৪৪ চনত “হেৰোদ ৰজাই মণ্ডলীৰ কোনো কোনোক অত্যাচাৰ কৰিবলৈ হাত দিলে আৰু যোহনৰ ককায়েক যাকোবক তৰোৱালেৰে বধ কৰালে।”—পাঁচনিৰ কৰ্ম্ম ১২:১, ২.

১০. আমি পাঁচনিৰ কৰ্ম্ম আৰু প্ৰকাশিত বাক্যৰ অধ্যায়বোৰত তাড়নাৰ সম্পৰ্কে কেনেধৰণৰ বিবৰণী লিপিবদ্ধ থকাটো দেখিবলৈ পাওঁ?

১০ পাঁচনিৰ কৰ্ম্মৰ বাকী থকা অধ্যায়বোৰত এনে বিবৰণীবোৰ লিপিবদ্ধ কৰা হৈছে যʼত সা.যু. ৬৫ চনত ৰোমান সম্ৰাট নেৰুৰ হাতত শ্বহীদ হোৱা পাঁচনি পৌলৰ দৰে বিশ্বাসী লোকসকলে পৰীক্ষা, তাড়না আৰু কাৰাবাস খাটাৰ বিষয়ে সন্মিলিত আছে। (২ কৰিন্থীয়া ১১:২৩-২৭; ২ তীমথিয় ৪:৬-৮) অৱশেষত, প্ৰথম শতিকাৰ সমাপ্তিত লিখা প্ৰকাশিত বাক্য কিতাপতখনৰ লিখক বৃদ্ধ পাঁচনি যোহন “ঈশ্বৰৰ বাক্য আৰু যীচুৰ সাক্ষ্যৰ কাৰণে” পাত্ম নামৰ দ্বীপত বন্দী আছিল। তদুপৰি পৰ্গামত “বিশ্বাসী সাক্ষী আন্তিপাক বধ” কৰাৰ বিষয়েও লিপিবদ্ধ আছে।—প্ৰকাশিত বাক্য ১:৯; ২:১৩.

১১. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে লোৱা পথে কেনেকৈ যীচুৰ বাক্যৰ সত্যতাক প্ৰমাণ কৰিলে?

১১ এই সকলোবোৰ বৃত্তান্তই যীচুৱে নিজৰ শিষ্যবিলাকক কোৱা এই কথাষাৰক সঁচা বুলি প্ৰমাণিত কৰে, যʼত তেওঁ এইদৰে কৈছিল: “তেওঁবিলাকে যদি মোকেই তাড়না কৰিলে, তেন্তে তোমালোককো তাড়না কৰিব।” (যোহন ১৫:২০) প্ৰথম শতিকাৰ বিশ্বাসী খ্ৰীষ্টানসকলে “যিৰূচালেম আদি কৰি গোটেই যিহূদিয়া আৰু চমৰিয়া দেশত, আৰু পৃথিবীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হবা” বুলি কোৱা যীচুৰ নিৰ্দ্দেশনা পালন কৰাৰ বাবে অমানুসিক অত্যাচাৰৰ সম্মুখীন অৰ্থাৎ তেওঁলোকক হিংস্ৰ জন্তুৰ গাঁতত পেলাই দিয়া হৈছিল।—পাঁচনিৰ কৰ্ম্ম ১:৮.

১২. খ্ৰীষ্টানসকলে সম্মুখীন হোৱা তাড়না কিয় এক অতীতৰ বিষয় নহয়?

১২ যদি কোনোবাই ভাবে যে তেনেধৰণৰ নিষ্ঠুৰ অত্যাচাৰ কেৱল অতীততে হৈছিল, তেন্তে তেওঁ ভুল বুজিছে। কিয়নো তাড়না সহন কৰা পাঁচনি পৌলে এইদৰে কৈছিল: “বাস্তৱিক খ্ৰীষ্ট যীচুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাড়না পাব।” (২ তীমথিয় ৩:১২) তদুপৰি পাঁচনি পিতৰে এইদৰে কৈছিল: “এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি ৰাখি গল।” (১ পিতৰ ২:২১) এই ৰীতি-ব্যৱস্থাৰ “শেষ-কালত” যিহোৱাৰ লোকসকলে নিৰন্তৰে বিৰোধ আৰু ঘৃণাৰ পাত্ৰ হʼবলগীয়া হৈছে। (২ তীমথিয় ৩:১) যিবোৰ দেশত স্বেচ্ছাচাৰী আৰু গণতান্ত্ৰিক শাসন আছে তাত যিহোৱাৰ সাক্ষীসকলে এটা বা আনটো সময়ত সমূহীয়াকৈ অথবা ব্যক্তিগতভাৱে তাড়নাৰ সম্মুখীন হʼবলগীয়া হৈছে।

তেওঁলোক কিয় ঘৃণা আৰু তাড়নাৰ সম্মুখীন হʼবলগীয়া হৈছিল?

১৩. তাড়নাৰ সম্বন্ধে বৰ্তমান সময়ৰ যিহোৱাৰ সেৱকসকলে কি মনত ৰাখা উচিত?

১৩ যদিও আমাৰ বহুতে প্ৰচাৰ কাৰ্য্য আৰু একগোট হোৱাত আংশিকভাৱে স্বাধীন আৰু শান্তিৰে ভাগ লৈছোঁ তথাপিও আমি বাইবেলৰ এই পৰামৰ্শক মনত ৰাখা উচিত, যʼত এইদৰে কোৱা হৈছে, “এই সংসাৰৰ আকাৰ-প্ৰকাৰ অতীত হব লাগিছে।” (১ কৰিন্থীয়া ৭:৩১) বাস্তৱতে এই জগতৰ পৰিস্থিতি অনতিপলমে সলনি হʼব পাৰে, যদি আমি মানসিক, আৱেগীক আৰু আধ্যাত্মিকৰূপে সাজু নাথাকোঁ, তেন্তে সহজে বিচলিত হʼব পাৰোঁ। গতিকে নিজকে প্ৰতিৰক্ষা দিবলৈ আমি কি কৰিব পাৰোঁ? শান্তিপ্ৰিয় আৰু আজ্ঞাকাৰী প্ৰকৃত খ্ৰীষ্টানসকলে কিয় তাড়না আৰু ঘৃণাৰ পাত্ৰ হয় তাক মনত ৰাখাটোৱেই হৈছে নিজকে ৰক্ষা কৰাৰ এক প্ৰভাৱকাৰী পদ্ধতি।

১৪. খ্ৰীষ্টানসকলে তাড়নাৰ সম্মুখীন হোৱাৰ সম্বন্ধে পাঁচনি পিতৰে কেনে যুক্তি দাঙি ধৰিছিল?

১৪ পাঁচনি পিতৰে ৰোম দেশৰ সকলো অঞ্চলত খ্ৰীষ্টানসলক উৎপীড়িত কৰাৰ সময়ত অৰ্থাৎ সা.যু. ৬২-৬৪ চনৰ ভিতৰত লিখা তেওঁৰ প্ৰথম পত্ৰখনত এই বিষয়ে উল্লেখ কৰিছিল। তেওঁ এইদৰে লিখিছিল: “হে প্ৰিয়বিলাক, তোমালোকৰ পৰীক্ষাৰ অৰ্থে তোমালোকৰ মাজত যি জুই জ্বলিছে, সেয়ে তোমালোকলৈ অসম্ভৱ ঘটনা ঘটিছে বুলি, তাৰ বিষয়ে তোমালোকে আচৰিত নামানিবা।” তেওঁৰ মনত কি আছিল তাক তেওঁ আগলৈ এইদৰে প্ৰকাশ কৰি কৈছিল: “তোমালোকৰ মাজত কোনেও নৰ-বধী, বা চোৰ, বা কুকৰ্ম্মকাৰী, বা পৰ-চৰ্চ্চাকাৰী বুলি দুখভোগ নকৰক; কিন্তু খ্ৰীষ্টীয়ান হোৱা কাৰণে যদি দুখভোগ কৰে, তেন্তে তেওঁ লজ্জিত নহৈ, সেই নামেৰে ঈশ্বৰক গৌৰৱান্বিত কৰক।” তেওঁলোকে যে কোনো ভুলৰ বাবে নহয় কিন্তু খ্ৰীষ্টান অৰ্থাৎ খ্ৰীষ্টৰ অনুগামী হোৱাৰ বাবেহে দুখভোগ কৰিছে তাক পিতৰে যুক্তি দৰ্শাই দাঙি ধৰিছিল। যদি তেওঁলোকৰ চাৰিওফালে থকা লোকসকলৰ নিচিনাকৈ “একে নষ্টামিৰ উপচয়লৈ ধাৱমান” হোৱা হʼলে তেওঁলোকক নিশ্চই আদৰি লʼলেহেঁতেন। কিন্তু যীচুৰ আৰ্হিৰ অনুসাৰে জীৱন যাপন কৰাৰ বাবে তেওঁলোকে ক্লেশ ভুগীবলগীয়া হৈছিল। বৰ্তমান প্ৰকৃত খ্ৰীষ্টান সকলেও সেই একেই কাৰণৰ বাবে তাড়নাৰ সম্মুখীন হʼবলগীয়া হৈছে।—১ পিতৰ ৪:৪, ১২, ১৫, ১৬.

১৫. বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে উত্তম আচাৰ-ব্যৱহাৰ বজাই ৰাখাৰ স্বত্ত্বেও কেনে পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হৈছে?

১৫ পৃথিৱীৰ বহুতো ঠাইত যিহোৱাৰ সাক্ষীসকলে ঐক্যতাৰে অধিৱেশন গৃহ আৰু আন আন ভৱন নিৰ্ম্মাণ কৰা, সত্যনিষ্ঠা, পৰিশ্ৰমেৰে নৈতিক আচাৰ-ব্যৱহাৰ বজাই ৰাখা আৰু সুখী পৰিয়াল গঢ়ি তুলা, আনকি তেওঁলোকৰ উন্নতিজনক বহিঃৰূপ আৰু আচৰণৰ বাবে প্ৰশংসাৰ পাত্ৰ হৈছে।a আনহাতে এই আলোচনীখনৰ লেখটো লিখাৰ সময়ত প্ৰায় ২৮ খন দেশত যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যৰ ওপৰত ইতিমধ্যেই প্ৰতিবন্ধ লগোৱা হৈছে আৰু বহুতে নিজৰ বিশ্বাসৰ বাবে শাৰীৰিক উৎপীড়ন আৰু মৃত্যুৰ সম্মুখীন হʼবলগীয়া হৈছে। যিহোৱাৰ সাক্ষীসকলে উত্তম আচাৰ-ব্যৱহাৰ বজাই ৰাখাৰ স্বত্ত্বেও কিয় তেনেধৰণৰ উৎপীড়নৰ সম্মুখীন হʼবলগীয়া হৈছে? ঈশ্বৰে কিয় তেনে হʼবলৈ অনুমতি দিছে?

১৬. ঈশ্বৰে তেওঁৰ সেৱকবিলাকক তাড়নাৰ সম্মুখীন হʼবলৈ অনুমতি দিয়াৰ প্ৰমুখ কাৰণটো কি?

১৬ আঁহক আমি সৰ্ব্বপ্ৰথমে হিতোপদেশ ২৭:১১ পদৰ এই বাক্যবোৰ মনত ৰাখোঁ: “মই যেন ধিক্কাৰ দিয়াটোক উত্তৰ দিব পাৰিম, এই নিমিত্তে হে মোৰ বোপা, জ্ঞানৱান হৈ মোৰ মনক আনন্দিত কৰা।” এই পদটোৰ অনুসাৰে বহু সময়ৰ পূৰ্বেই যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ ওপৰত চয়তানে এক বাদ-বিষয় উত্থাপন কৰিছিল। বহুতো বিশ্বাসী ব্যক্তিয়ে যিহোৱাৰ সাৰ্ব্বভৌমত্বক সমৰ্থন কৰি সত্যনিষ্ঠা বজাই ৰখাৰ স্বত্বেও চয়তানে ইয়োবৰ সময়ত কৰাৰ দৰে ঈশ্বৰক নিন্দা কৰিবলৈ ত্যাগ দিয়া নাই। (ইয়োব ১:৯-১১; ২:৪, ৫) বৰ্তমান সময়ত বিশ্বস্ত প্ৰজা আৰু পৃথিৱীত থকা প্ৰতিনিধিসকলৰ সৈতে ঈশ্বৰৰ ৰাজ্য দৃঢ়ভাৱে স্থাপন হʼল, গতিকে ইয়াত কোনো সন্দেহ নাই যে চয়তানে তাৰ এই শেষ প্ৰচেষ্টাত নিজৰ দাবীক সঁচা প্ৰমাণ কৰিবলৈ আগতকৈ উপৰ্যুপৰি চেষ্টা কৰিছে। এই অৱশিষ্ট বিশ্বাসী ব্যক্তিসকলে তাড়না আৰু ক্লেশৰ সম্মুখীন হৈ বিশ্বাসী হৈ থাকিব পাৰিবনে? এই প্ৰশ্নটোৰ উত্তৰ প্ৰত্যেকজন যিহোৱাৰ সেৱকে ব্যক্তিগতভাৱে নিজকে সোধা উচিত।—প্ৰকাশিত বাক্য ১২:১২, ১৭.

১৭. “সাক্ষ্যৰ অৰ্থে এই সকলো কথা তোমালোকলৈ ঘটিব” বুলি যীচুয়ে কোৱা কথাষাৰৰ অৰ্থ কি আছিল?

১৭ “এই জগতৰ শেষ হোৱাৰ” সময়ত ঘটিবলগীয়া ঘটনাবোৰৰ বিষয়ে যীচুৰ শিষ্যসকলে অৱগত হোৱাটোৱে হৈছে যিহোৱাই তেওঁৰ সেৱকসকলৰ ওপৰত তাড়না আহিবলৈ অনুমতি দিয়াৰ আন এটা কাৰণ বুলি যীচুৱে নিৰ্দ্দেশিত কৰিছিল। এই বিষয়ে তেওঁ এইদৰে কৈছিল: “তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হব। সাক্ষ্যৰ অৰ্থে এই সকলো কথা তোমালোকলৈ ঘটিব।” (মথি ২৪:৩, ৯; লূক ২১:১২, ১৩) যীচুয়ে স্বয়ং নিজেই ৰজা হেৰোদ আৰু পীলাতৰ আগত সাক্ষী দিছিল। পাঁচনি পৌলকো “ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া” হৈছিল। তেওঁ যীচুৰ দ্বাৰা নিৰ্দ্দেশিত হৈ শক্তিশালী ৰজাজনক সাক্ষী দিবলৈ এনেদৰে কৈছিল: “মই কৈচৰত আপীল কৰোঁ।” (পাঁচনিৰ কৰ্ম্ম ২৩:১১; পাঁচনিৰ কৰ্ম্ম ২৫:৮-১২) ঠিক সেইদৰে আজিৰ প্ৰত্যাহ্বানজনক পৰিস্থিতিয়ে ৰাইজ আৰু অধিকাৰীবিলাকৰ আগত সাক্ষী দিবলৈ এক সুন্দৰ সুযোগ প্ৰদান কৰে।b

১৮, ১৯. (ক) তাড়নাৰ সম্মুখীন হৈ আমি কেনেকৈ লাভৱান হʼব পাৰিম? (খ) পৰৱৰ্তী লেখত কেনে প্ৰশ্নবোৰৰ আলোচনা কৰা হʼব?

১৮ অৱশেষত, ক্লেশ আৰু তাড়নাত সহন কৰি আমি ব্যক্তিগতভাৱে লাভৱান হʼব পাৰোঁ। আমি কি প্ৰকাৰে লাভৱান হʼব পাৰোঁ? এই বিষয়ে পাঁচনি যাকোবে খ্ৰীষ্টানসকলক এনেদৰে সোঁৱৰাই দিছিল: “হে মোৰ ভাইবিলাক, তোমালোকে যেতিয়া নানাবিধ পৰীক্ষাত পৰা, তেতিয়া তোমালোকৰ বিশ্বাসৰ পৰীক্ষাই যে ধৈৰ্য্য জন্মায়, ইয়াকে জানি, তাক অতি আনন্দৰ বিষয় যেন মানিবা।” বাস্তৱতে উৎপীড়নে আমাৰ বিশ্বাসক নিৰ্ম্মল আৰু ধৈৰ্য্যশক্তিক দৃঢ় কৰিব পাৰে। সেইবাবে ইয়াৰ পৰা মুক্তি পাবলৈ আমি কোনো অশাস্ত্ৰীয় উপায়বোৰৰ আশ্ৰয় নলওঁ। তাৰ পৰিৱৰ্তে আমি যাকোবে কোৱা এই উপদেশক মনত ৰাখোঁ: “তোমালোক যেন একোতে অসম্পূৰ্ণ নহৈ, সিদ্ধ আৰু সম্পূৰ্ণ হোৱা, এই নিমিত্তে সেই ধৈৰ্য্য সিদ্ধ কাৰ্য্যবিশিষ্ট হওক।”—যাকোব ১:২-৪.

১৯ ঈশ্বৰৰ বাক্যই আমাক বুজিবলৈ সহায় কৰে যে তেওঁৰ বিশ্বাসী সেৱকসকলে কিয় তাড়নাৰ সম্মুখীন হৈছে আৰু যিহোৱাই কিয় তেনে হʼবলৈ অনুমতি দিছে। কিন্তু ইয়াক বুজি পোৱাৰ অৰ্থ এইটো নহয় যে আমাৰ তাড়না লঘু আৰু সহনীয় হৈ পৰিব। উৎপীড়নৰ সময়ত কিহে আমাক বিশ্বাসত দৃঢ় হৈ থাকাত সহায় কৰিব? যেতিয়া তাড়নাৰ সম্মুখীন হওঁ তেতিয়া আমি কি কৰিব পাৰোঁ? এই গুৰুত্বপূৰ্ণ বিষয়বোৰৰ সম্পৰ্কে আমি পৰৱৰ্তী লেখত আলোচনা কৰিম। (w03 10/1)

[ফুটনোটবোৰ]

a ডিছেম্বৰ ১৫, ১৯৯৫ চনৰ প্ৰহৰীবুৰুজ, ২৭-৯ পৃষ্ঠা; এপ্ৰিল ১৫, ১৯৯৪ চনৰ প্ৰহৰীবুৰুজ, ১৬-১৭ পৃষ্ঠা আৰু ডিছেম্বৰ ২২, ১৯৯৩ চনৰ সচেতন! ৬-১৩ পৃষ্ঠাত চাওক।

b জানুৱাৰী ৮, ২০০৩ চনৰ সচেতন! ৩-১১ পৃষ্ঠাত চাওক।

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

• যীচুৱে কি অৰ্থত শ্বহীদ হৈছিল?

• প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ ওপৰত তাড়নাই কেনে প্ৰভাৱ পেলাইছিল?

• পাঁচনি পিতৰৰ অনুসাৰে প্ৰাচীন খ্ৰীষ্টানসকলে কিয় তাড়নাৰ সম্মুখীন হৈছিল?

• যিহোৱাই কিয় তেওঁৰ সেৱকবিলাকক তাড়নাৰ সম্মুখীন হʼবলৈ অনুমতি দিয়ে?

[১২, ১৩ পৃষ্ঠাৰ ছবিসমূহ]

প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে কোনো ভুলৰ বাবে নহয় কিন্তু নিজৰ বিশ্বাসৰ নিমিত্তেহে ক্লেশ ভুগীবলগীয়া হৈছিল

পৌল

যাকোব

যোহন

আন্তিপাচ

স্তিফান

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক