পৰিচালনা কৰা ওভাৰচিয়াৰসকল—মণ্ডলীত পুস্তক অধ্যয়নৰ পৰিচালকসকল
১ এজন যোগ্য প্ৰাচীন বা পৰিচাৰক সেৱকৰ বাবে মণ্ডলীত পুস্তক অধ্যয়নৰ পৰিচালক হোৱাতো এক মহান আশীৰ্ব্বাদ। তেওঁৰ গ্ৰুপত থকা লোকসকলৰ আধ্যাত্মিক আৱশ্যকতাক চোৱা-চিতা কৰাটো এটা গুৰুত্বপূৰ্ণ দায়ীত্ব। তেওঁৰ কাৰ্য্যক তিনিটা ভাগত বিভক্ত কৰিব পাৰি।
২ ভালদৰে শিক্ষা দিয়া: মণ্ডলীত পুস্তক অধ্যয়নৰ পৰিচালকক প্ৰত্যেক সপ্তাহ ভালদৰে তৈয়াৰী কৰি অহাৰ প্ৰয়োজন, যাতে গ্ৰুপৰ সকলোৱে বিষয়টো বুজি পায়। তেওঁ অধ্যয়ন কৰা বিষয়ৰ প্ৰতি মুল্যাঙ্কন বৃদ্ধি কৰিবলৈ চেষ্টা কৰা উচিত। অধ্যয়নৰ সময়ত নিজে বেছিকৈ কোৱাৰ পৰিবৰ্তে, যদি আৱশ্যক হয় তেনেহʼলে তেওঁ এনেধৰণৰ প্ৰশ্ন সোধাৰ প্ৰয়োজন যাতে উত্তৰবোৰৰ পৰা পাঠটোৰ মুখ্য বিষয়বোৰ স্পষ্টকৈ ওলাই পৰে। তেওঁৰ দায়ীত্ব হৈছে অধ্যয়নক আগ্ৰহজনক আৰু জ্ঞানপূৰ্ণ কৰা যাতে সেই আলোচনাত প্ৰত্যেকজনে ভাগ লব পাৰে। ভাই-ভনীসকলক আধ্যাত্মিকৰূপে শক্তিশালী কৰা, শিকা কথাবোৰ নিজৰ জীৱনত প্ৰয়োগ কৰা আৰু এই বিষয়টো যাতে মন আৰু হৃদয় স্পৰ্শ কৰিব পাৰি এইটো হৈছে তেওঁৰ লক্ষ্য।—১ থিচ. ২:১৩.
৩ সহায়কাৰী ৰখীয়া: মণ্ডলীত পুস্তক অধ্যয়নৰ পৰিচালক হৈছে, ‘বতাহৰ পৰা লুকুৱা ঠাই, ধুমুহাৰ পৰা আশ্ৰয় লোৱা ঠাইৰ’ দৰে। (যিচ. ৩২:২) তেওঁ সচাঁকৈ নিজৰ গ্ৰুপত থকা সকলোকে তত্ত্বাবধান লয় আৰু যেতিয়া তেওঁলোকৰ কোনে এজনে নিৰুৎসাহ হয় তেনেহʼলে তেওঁক আধ্যাত্মিকৰূপে সহায় কৰে।—যিহি. ৩৪:১৫, ১৬; ১ থিচ. ২:৭, ৮.
৪ উৎসাহেৰে প্ৰচাৰ কৰে: মণ্ডলীত পুস্তক অধ্যয়নৰ পৰিচালকে প্ৰচাৰৰ বাবে ভাল ব্যৱস্থাৰ প্ৰতি মনোযোগ দিয়ে যাতে তেওঁৰ গ্ৰুপৰ সকলো ব্যক্তিয়ে পৰিচৰ্য্যাত ভাগ লব পাৰে। তেওঁ প্ৰচাৰ কাৰ্য্যক পৰিচালিত কৰে কিয়নো জানে যে যদি তেওঁ নিয়মীয়াকৈ প্ৰচাৰ কাৰ্য্যত ভাগ লয় আৰু তাৰ প্ৰতি উৎসাহ আৰু আগ্ৰহ দেখুৱাই তেনেহʼলে তেওঁৰ গ্ৰুপৰ বাকী লোকসকলেও সেইদৰে কৰিব। (কল. ৪:১৭; ২ থিচ. ৩:৯) সময়ে সময়ে তেওঁ প্ৰচাৰ কাৰ্য্যত নিজৰ গ্ৰুপৰ প্ৰত্যেক সদস্যৰ সৈতে কাম কৰিবলৈ প্ৰচেষ্টা কৰে। যদি আমি পৰিচৰ্য্যা কাৰ্য্যত আমাৰ প্ৰচাৰ কৰা আৰু শিক্ষা দিয়াৰ দক্ষতাক উন্নত কৰিব বিচাৰো তেনেহʼলে আমাৰ মণ্ডলীত পুস্তক অধ্যয়নৰ পৰিচালকে আমাক লক্ষ্যত উপনীত হবলৈ সহায় কৰিব পাৰে।—১ তীম. ৪:১৬; ২ তীম. ৪:৫.
৫ আধ্যাত্মিক সহায় আৰু প্ৰেমেৰে সহাৰ্য্য দিবলৈ সদায় তৈয়াৰ থকা মানুহ ৰূপে দিয়া বৰদানৰ এই পৰিচালকসকল সচাঁকৈ আমাৰ বাবে বহুত মহান আশীৰ্ব্বাদ। (১ থিচ. ৫:১৪) পুস্তক অধ্যয়নত নিয়মীয়াকৈ ভাগ লয় আৰু বিশ্বাসী হয় প্ৰচাৰ কাৰ্য্যত লাগি থাকিবলৈ আহঁক আমি যিহোৱাৰ দ্বাৰা কৰা এই ব্যৱস্থাক মুল্যাঙ্কন কৰোহঁক।—ইব্ৰী ১০:২৫.