বিদ্যাৰ্থীসকলৰ হৃদয়স্পৰ্ষ কৰক
১ যীচুৱে স্বৰ্গাৰোহণ কৰাৰ পূৰ্বে শিষ্যসকলক তেওঁৰ আজ্ঞাক “পালন” কৰিবলৈ শিক্ষা দিয়াৰ যোগেদি আনক সহায় কৰিবলৈ কৈছিল। (মথি ২৮:১৯, ২০) যদি এজন ব্যক্তিয়ে যীচুৰ আদেশ “পালন” কৰিব বিচাৰে তেন্তে সেই সংবাদবোৰে তেওঁৰ হৃদয়স্পৰ্ষ কৰা আৱশ্যক। (গীত. ১১৯:১১২) আপুনি কেনেকৈ বাইবেল অধ্যয়ন কৰা বিদ্যাৰ্থীজনৰ হৃদয়স্পৰ্ষ কৰিব পাৰে?
২ যিহোৱাৰ নিৰ্দ্দেশনাৰ বাবে প্ৰাৰ্থনা কৰক: শিষ্য বনোৱাটো হৈছে ঈশ্বৰৰ কাৰ্য্য। সেয়েহে এই সফলতা আমি নিজৰ সামৰ্থ্যৰে নহয়, কিন্তু যিহোৱাৰ আশীৰ্ব্বাদৰ দ্বাৰাহে সম্ভৱ হʼব। (পাঁচ. ১৬:১৪; ১ কৰি. ৩:৭) সেইবাবে আনক সত্য শিকোৱা কাৰ্য্যত যিহোৱাৰ নিৰ্দ্দেশনাৰ বাবে প্ৰাৰ্থনা কৰাতো অতি গুৰুত্বপূৰ্ণ।—যিচ. ৫০:৪.
৩ বিদ্যাৰ্থীয়ে কি বিশ্বাস কৰে তাক জানিবলৈ চেষ্টা কৰক: আমি লোকসকলে কি আৰু কিয় বিশ্বাস কৰে, তাৰ কাৰণসমূহ জনাৰ দ্বাৰা তেওঁলোকৰ হৃদয়স্পৰ্ষ কৰিবলৈ কি কৰা আৱশ্যক এই বিষয়ে অন্তৰ্দৃষ্টি লাভ কৰিব পাৰিম। এজন বিদ্যাৰ্থীয়ে কিয় কাৰ্য্যকাৰী পদ্ধতিৰে শিক্ষা দিয়াৰ যোগেদি অধিক আগ্ৰহী হʼব পাৰে? কিহে তেওঁক ইয়াৰ ওপৰত বিশ্বাস জন্মাব? এনেধৰণৰ প্ৰশ্নসমূহ বিবেচনা কৰি পোৱা জ্ঞানে আমাক যুক্তিসহকাৰে বিদ্যাৰ্থীজনক সত্যৰ বিষয়ে বৰ্ণনা কৰিবলৈ সহায় কৰিব।—পাঁচ. ১৭:২২, ২৩.
৪ এক যুক্তিপূৰ্ণ শাস্ত্ৰীয় কাৰণ দাঙি ধৰক: বিদ্যাৰ্থীজনৰ বাবে আমি বৰ্ণনা কৰা সত্যৰ বিষয়সমূহ অৰ্থপূৰ্ণ হোৱা আৱশ্যক। (পাঁচ. ১৭:২৪-৩১) আমাৰ আশাৰ বিষয়ে বিদ্যাৰ্থীজনক কোৱাৰ সময়ত যুক্তি দৰ্শাই কাৰণ দাঙি ধৰা প্ৰয়োজন যে আমি কিয় তেনে আশা ৰাখোঁ। (১ পিত. ৩:১৫) তেনে কৰোঁতে সদায়ে দয়ালু আৰু ধৈৰ্য্যশীলেৰে আচৰণ কৰা উচিত।
৫ দৃষ্টান্তবোৰৰ সৈতে বুজাবলৈ চেষ্টা কৰক: আপুনি ব্যৱহাৰ কৰা দৃষ্টান্তবোৰে কেৱল তেওঁক বুজিবলৈ নহয় কিন্তু তেওঁৰ ভাৱনাকো উত্তেজিত কৰিব। সেই দৃষ্টান্তবোৰে তেওঁৰ মন আৰু হৃদয়, এই উভয়তে প্ৰভাৱিত কৰিব। সেইবাবে যীচুৱেও প্ৰায়ে দৃষ্টান্ত ব্যৱহাৰ কৰি শিক্ষা দিছিল। (মাৰ্ক ৪:৩৩, ৩৪) অৱশ্যে, দাঙি ধৰা দৃষ্টান্তবোৰ তেতিয়াহে কাৰ্য্যকাৰী হʼব যেতিয়া সেইবোৰ আপুনি আলোচনা কৰা বিষয়টোৰ লগত নিবিড়ভাৱে মিল খাব আৰু বিদ্যাৰ্থীজনৰ জীৱনৰ সৈতে সম্পৰ্কে থাকিব।
৬ সত্যক গ্ৰহণ কৰি পোৱা লাভসমূহৰ বিষয়ে উল্লেখ কৰক: সকলোৱে, তেওঁলোকে লাভ কৰা শিক্ষা আৰু তাৰ অনুসাৰে জীৱন-যাপন কৰি পোৱা লাভসমূহৰ বিষয়ে জানিবলৈ বিচাৰে। গতিকে আপোনাৰ বিদ্যাৰ্থীজনক পাঁচনি পৌলে ২ তীমথিয় ৩:১৪-১৭ পদত উল্লেখ কৰা জ্ঞানৰ বিষয়ে জানিবলৈ সহায় কৰক।
৭ যদি কোনোবাই আপোনাৰ শিক্ষাৰ প্ৰতি সঠিক মনোবৃত্তি নেদেখুৱাই তেন্তে নিৰুৎসাহিত নহʼব। কিয়নো সকলোৰ হৃদয়ে যে সত্যক গ্ৰহণ কৰিব এনে নহয়। (মথি ১৩:১৫) কিন্তু কিছুমানেহে ঈশ্বৰৰ সেৱক হʼবলৈ পদক্ষেপ লʼব। (পাঁচ. ১৭:৩২-৩৪) এতেকে অধিক লোকে যেন যীচুৰ আজ্ঞাক “পালন” কৰে, তাৰ বাবে আপুনি তেওঁলোকৰ হৃদয়স্পৰ্ষ কৰিবলৈ সম্পূৰ্ণকৈ চেষ্টা কৰক।