ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০২ পৃষ্ঠা ১
  • এক উৎসাহপূৰ্ণ প্ৰত্যুত্তৰ!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এক উৎসাহপূৰ্ণ প্ৰত্যুত্তৰ!
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি যিহোৱাৰ বন্ধু হʼব পাৰে!
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ভাবি-চিন্তি বন্ধু বাছনি কৰক
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ভিডিঅখনৰ চলচিত্ৰই এক প্ৰভাৱকাৰী সাক্ষী দিয়ে
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • যিহোৱাৰ লগত থকা আপোনাৰ বন্ধুত্ব দৃঢ় কৰি থাকক
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আৰু চাওক
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০২ পৃষ্ঠা ১

এক উৎসাহপূৰ্ণ প্ৰত্যুত্তৰ!

১ সকলো ঠাইত থকা খ্ৰীষ্টান পৰিয়ালসমূহে, যুৱক যুৱতীসকলে সোধে​—⁠মই কেনেকৈ প্ৰকৃত বন্ধু বনাব পাৰোঁ? নামৰ ভিডিঅখনৰ বাবে উৎসাহেৰে মূল্যাঙ্কণ কৰিছে। যুক্তৰাষ্ট্ৰত থকা এজন পিতৃয়ে কয় যে সেই ভিডিঅখন চোৱাৰ পিছত তেওঁৰ পুতেকে মৌনভাৱে বহিছিল অৰ্থাৎ সেই ভিডিঅখনক বৰ্ণনা কৰা সকলো বিষয়ক বুজি পাই তাৰ প্ৰতি সঠিককৈ সঁহাৰি জনাইছিল! মালাউইৰ পৰা অহা এখন ৰিপৰ্টৰ অনুসাৰে তাত থকা ডেকা ভাই আৰু ভনীসকলৰ বিষয়ে কʼব পাৰি যে তেওঁলোকেও স্কুলত সহপাঠীসকলৰ হেঁচাৰ অভিজ্ঞতা হৈছে। জাৰ্মানীত থকা এজন পিতৃয়ে সেই ভিডিঅখনৰ বিষয়ে এইদৰে কয়: “মই ইয়াক মোৰ প্ৰাৰ্থনাৰ উত্তৰ হিচাবে বিবেচনা কৰোঁ।” আন এজন যুৱকে কয়: “যিহোৱাই যে মোৰ প্ৰতি যত্ন লয়, তাক স্মৰণ কৰাই দিয়াৰ বাবে মই আপোনালোকক বহুত ধন্যবাদ দিছোঁ।” নিউজিলেণ্ডত থকা এজন প্ৰাচীনে এইদৰে ৰিপৰ্ট দিয়ে: “এই ভিডিঅখনে আমাৰ এজনী কিশোৰীক জীৱনৰ পথলৈ উভটি আহিবলৈ সহায় কৰিলে।” এগৰাকী বিবাহিতা তিৰোতাই ভিডিঅখন চোৱাৰ পিছত এইদৰে কয়: “মই বিচাৰোঁ যে সত্যত থকা সকলো যুৱক-যুৱতীয়ে এই ভিডিঅখন চাই সত্যক যেন আপোন কৰি লয়।” পৰিয়ালৰটোৰ সৈতে ভিডিঅখন কিয় এবাৰ পুনৰাই নাচায়? তাৰ পিছত একেলগে বহি তলত দিয়া প্ৰশ্নসমূহ বিবেচনা কৰক।

২ পাতনি: প্ৰকৃত বন্ধুৰ অৰ্থ কি?​—⁠হিতো. ১৮:⁠২৪.

৩ বন্ধুত্ব স্থাপন কৰাৰ বাধাসমূহ: নিজকে অকলশৰীয়া অনুভৱ কৰাৰ পৰা কেনেকৈ বিৰত থাকিব পাৰি? (ফিলি. ২:⁠৪) আপুনি কিয় নিজৰ ব্যক্তিত্ব উন্নত কৰিবলৈ ইচ্ছুক হোৱা আৱশ্যক আৰু এই বিষয়ে কোনে সহায় কৰিব পাৰে? কিহে সকলোৰে সৈতে বন্ধুত্ব স্থাপন কৰিবলৈ পথ মুকলি কৰিব আৰু সেই ব্যক্তিসকলক কʼত পাব পাৰে?​—⁠২ কৰি. ৬:⁠১৩.

৪ ঈশ্বৰৰ সৈতে বন্ধুত্ব: যিহোৱাৰ সৈতে কেনেকৈ বন্ধুত্ব স্থাপন কৰিব পাৰি আৰু তাৰ বাবে কিয় প্ৰচেষ্টাৰ আৱশ্যক? (গীত. ৩৪:⁠৮) ঈশ্বৰৰ সৈতে স্থাপন কৰা বন্ধুত্বক কিহে দৃঢ় কৰিব পাৰে?

৫ বেয়া ব্যক্তিসকলৰ সৈতে কৰা বন্ধুত্ব: কেনে সঙ্গী সকলক বেয়া বুলিব পাৰি? (১ কৰি. ১৫:⁠৩৩) কেনেকৈ এজন বেয়া বন্ধুৱে আধ্যাত্মিক পতনলৈ পৰিচালিত কৰিব পাৰে? বাইবেলত বৰ্ণনা কৰা দীনাৰ বৃতান্তৰ পৰা কেনে শিক্ষা শিকিব পাৰিলে?​—⁠আদি. ৩৪:⁠১, ২, ৭, ১৯.

৬ এখন আধুনিক সময়ৰ নাটক: কেনেকৈ তাৰা নামৰ যুৱতীগৰাকীক নিঃসঙ্গতাই প্ৰভাৱিত কৰিলে? এই জগতৰ যুৱক-যুৱতীসকলৰ সৈতে কৰা বন্ধুত্বক তাই কি দৰে দৃষ্টি কৰিলে? তেওঁলোকে তাইক কেনে বিপদলৈ ঠেলি দিছিল? তাইৰ পিতৃ-মাতৃয়ে তাইৰ বিপদপন্ন পৰিস্থিতিৰ প্ৰতি দৃষ্টি কৰাত কিয় বিফল হʼল, কিন্তু তেওঁলোকে তাইক আধ্যাত্মিকৰূপে সহায় কৰিবলৈ কেনে মনোবৃত্তি ৰাখিলে? অগ্ৰগামী ভনী এজনীয়ে কেনেকৈ তাৰাৰ প্ৰকৃত বন্ধু হিচাবে প্ৰমাণিত হʼল? খ্ৰীষ্টানসকলে কিয় হিতোপদেশ ১৩:⁠২০ আৰু যিৰিমিয়া ১৭:⁠৯ পদত দিয়া পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়া আৱশ্যক? তাৰাই কেনে গুৰুত্বপূৰ্ণ শিক্ষা পালে?

৭ সামৰণি: এই ভিডিঅখনৰ পৰা আপুনি কেনে শিক্ষা লাভ কৰিলে? আনক সহায় কৰিবলৈ আপুনি সেইবোৰক কেনেকৈ ব্যৱহাৰ কৰিব?​—⁠গীত. ৭১:⁠১৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক