মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষসকলে কেনেকৈ ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ কৰিব পাৰে
১ মণ্ডলীৰ পুস্তক অধ্যয়নক এইবাবে ব্যৱস্থা কৰা হৈছে, যাতে “যিমান সম্ভৱ প্ৰত্যেক ব্যক্তিৰ আধ্যাত্মিক উন্নতিৰ হকে মনোযোগ দিয়ে। . . . ইয়াৰ দ্বাৰা যিহোৱাই লোকসকলৰ প্ৰতি নিজৰ দয়া আৰু স্পৰ্শকাতৰ প্ৰকাশ কৰে।” (om পৃ. ৭৫; যিচ. ৪০:১১) পুস্তক অধ্যয়ন অধ্যক্ষই তেনে ব্যক্তিগত আগ্ৰহকতা প্ৰকাশ কৰাত এক মুখ্য ভূমিকা আদায় কৰে।
২ পুস্তক অধ্যয়নৰ দ্বাৰা আগ্ৰহকতা দেখুৱা: যেতিয়াৰ পৰা পুস্তক অধ্যয়নৰ সমূহক এক সীমিত সংখ্যালৈ ৰখা হʼল, পুস্তক অধ্যয়ন অধ্যক্ষই তেওঁৰ সমূহত থকা প্ৰত্যেকজন ব্যক্তিক ভালকৈ জানিব পাৰিছে। (হিতো. ২৭:২৩) সাধাৰণতে প্ৰত্যেক সপ্তাহে হোৱা পুস্তক অধ্যয়নৰ আৰম্ভণি আৰু অন্তত সকলোৰে সৈতে সঙ্গতি কৰিবলৈ সুযোগ পায়। মাহটোৰ ভিতৰত তেওঁ হয়তো তেওঁৰ সমূহত থকা সকলো লোকৰ সৈতে কথা-বতৰা হʼব পাৰে। এনে কৰাৰ দ্বাৰা পুস্তক অধ্যয়ন সমূহত থকা সকলো ব্যক্তিয়ে কোনো অসুবিধা, পৰীক্ষা বা নিৰুৎসাহিত হোৱাৰ সময়ত তেওঁৰ ওচৰলৈ আহিবলৈ সহজ অনুভৱ কৰে।—যিচ. ৩২:২.
৩ পুস্তক অধ্যয়ন অধ্যক্ষই তেওঁৰ সমূহত থকা সকলো ব্যক্তিকে অধ্যয়নৰ সময়ত উত্তৰ বা মন্তব্য দিবলৈ উৎসাহিত কৰে। এনে কৰাৰ এটা পদ্ধতি হৈছে তেওঁ অধ্যয়নক দয়াবান আৰু বিনয়ীভাৱে পৰিচালনা কৰা। (১ থিচ. ২:৭, ৮) তেওঁ আলোচনা কৰাৰ সময়ছোৱাত সৰু বৰ সকলোকে জড়িত কৰিবলৈ সুযোগ বিচাৰে। যদি কোনোবাই উত্তৰ বা মন্তব্য দিবলৈ ভয় কৰে তেনেহʼলে তেওঁক কোনো এটা শাস্ত্ৰ পদ পঢ়িবলৈ বা বিশেষ কোনো অনুচ্ছেদৰ পৰা মন্তব্য দিবলৈ আগতীয়াকৈ প্ৰস্তুত কৰাত ব্যক্তিগতভাৱে সহায় আগবঢ়াব পাৰে। অন্যথা অধ্যক্ষজনে তেওঁলোকক নিজ শব্দত কেনেকৈ মন্তব্য দিব পাৰে তাক প্ৰদৰ্শন কৰি দেখুৱাব পাৰে।
৪ যদি পুস্তক অধ্যয়ন অধ্যক্ষজনৰ সহকাৰী এজন সহায়ক সেৱক তেনেহʼলে অধ্যক্ষজনে দুমাহত এবাৰকৈ পুস্তক অধ্যয়ন পৰিচালনা কৰিবলৈ তেওঁক কʼব পাৰে। এনে কৰাৰ দ্বাৰা অধ্যক্ষজনে তেওঁক নিৰীক্ষণ আৰু সহায়কাৰী পৰামৰ্শ দিব পাৰে। ভাইসকলে তেওঁলোকৰ শিক্ষা দিয়া অৰ্হতাক উন্নতি কৰাত এইটো কিমান যে এক উত্তম ব্যৱস্থা!—তীত ১:৯.
৫ প্ৰচাৰ ক্ষেত্ৰত আগ্ৰহকতা দেখুৱা: পুস্তক অধ্যয়নৰ অধ্যক্ষৰ আন এটা প্ৰধান দায়িত্ব হৈছে প্ৰচাৰ কাৰ্য্যত আগভাগ লোৱা। (গণ. ২৭:১৬, ১৭) অধ্যক্ষজনে তেওঁৰ সমূহত থকা সকলোৱে প্ৰচাৰ কাৰ্য্যত আনন্দিত হʼবলৈ সকলোকে সহায় কৰিবলৈ চেষ্টা আৰু সমূহীয়াকৈ সাক্ষী দিয়া কাৰ্য্য কৰাৰ বাবে ব্যৱহাৰিক ব্যৱস্থা কৰে। (ইফি. ৪:১১, ১২) এই কাৰ্য্যক সফলতাৰে সম্পন্ন কৰিবলৈ তেওঁৰ সমূহত থকা সকলো ব্যক্তিৰ সৈতে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ লক্ষ্য বনোৱা আৱশ্যক। তদুপৰি যিসকলক নিজৰ পৰিচৰ্য্যা কাৰ্য্যৰ কোনো কোনো দিশত উন্নতি কৰাত অনুভৱী প্ৰকাশকৰ সহায়ৰ আৱশ্যক, সেই প্ৰবন্ধ কৰিবলৈ পুস্তক অধ্যয়ন অধক্ষ্যই সেৱা অধক্ষ্যৰ সৈতে কাৰ্য্য কৰে।
৬ এজন মৰমীয়াল ৰখীয়া হিচাপে আগ্ৰহকতা দেখুৱা: যি ব্যক্তিসকলে নিজৰ সীমিত অৱস্থাৰ বাবে প্ৰচাৰ কাৰ্য্যত অধিক ভাগ লʼব নোৱাৰে, পুস্তক অধ্যয়ন অধ্যক্ষই তেওঁলোকৰ প্ৰতি বিশেষভাৱে আগ্ৰহী। তদুপৰি অধ্যক্ষজনে নিশ্চিত কৰে যে কোনসকল অধিক বয়সস্ত বা অসুস্থ আৰু কোনসকল গম্ভীৰ বেমাৰ বা দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাবে অস্থায়ীভাৱে প্ৰচাৰ কাৰ্য্যত ভাগ লʼব পৰা নাই। তেনে ভাই-ভনীসকলে যদি প্ৰচাৰ কাৰ্য্যত সম্পূৰ্ণ এক ঘন্টা সময় অতিবাহিত কৰিব নোৱাৰে তেনেহʼলে মাহটোৰ শেষত ১৫ মিনিট সময় ৰিপৰ্ট দিয়া ব্যৱস্থাৰ বিষয়ে অধ্যক্ষজনে মনত ৰাখা উচিত। (মণ্ডলীৰ সেৱা সমিটিয়ে নিৰ্ণয় কৰিব যে কোনসকল এই ব্যৱস্থাৰ বাবে উপযোগী।) ইয়াৰ উপৰিও পুস্তক অধ্যয়ন অধ্যক্ষই তেওঁৰ সমূহত থকা নিষ্ক্ৰিয় হৈ পৰা ব্যক্তিসকলৰ প্ৰতিও মনোযোগ দিয়ে আৰু মণ্ডলীত তেওঁলোকে পুনৰাই সক্ৰিয় হৈ কাৰ্য্য কৰিবলৈ সহায় আগবঢ়ায়।—লূক ১৫:৪-৭.
৭ পুস্তক অধ্যয়ন অধ্যক্ষসকল তেনেদৰে প্ৰেমপূৰ্বক আগ্ৰহী হোৱাৰ বাবে কিমান যে শলাগ লবলগীয়া! তেওঁলোকে ব্যক্তিগতৰূপে মনোযোগ আৰু সহায় কৰাৰ দ্বাৰা “সকলোৱে . . . ঐক্যত মিলি . . . খ্ৰীষ্টৰ পৰিপূৰ্ণতাৰ . . . শৰীৰ বৃদ্ধি” কৰে।—ইফি. ৪:১১-১২.