ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৪ পৃষ্ঠা ৩
  • ‘আঁহক আমি একেলগে তেওঁৰ নামৰ প্ৰশংসা কৰোঁহঁক’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘আঁহক আমি একেলগে তেওঁৰ নামৰ প্ৰশংসা কৰোঁহঁক’
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰৰ নাম প্ৰশংসা কৰা পথসমূহ
  • ◼ আগতিয়াকৈ আয়োজন কৰক
  • বৃহৎ মণ্ডলীত যিহোৱাৰ ধন্যবাদ কৰক
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • যিহোৱাৰ স্তুতি কৰিবলৈ একত্ৰিত হোৱা
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ১৯৯৯ চনৰ “ঈশ্বৰৰ ভাৱিষ্যতসূচক বাক্য” জিলা অধিৱেশন
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৪ পৃষ্ঠা ৩

‘আঁহক আমি একেলগে তেওঁৰ নামৰ প্ৰশংসা কৰোঁহঁক’

১ গীতমালা ৰচোঁতাজনে এইদৰে গীত গাইছিল: “মোৰে সৈতে যিহোৱাৰ মহিমা কীৰ্ত্তন কৰা, আহাঁ, আমি একে-লগে তেওঁৰ নামৰ প্ৰশংসা কৰোহঁক।” (গীত ৩৪:⁠৩) আমাৰ হʼবলগীয়া “ঈশ্বৰৰ অনুসাৰে জীৱন-যাপন কৰা” নামৰ জিলা অধিৱেশনত বিভিন্ন মণ্ডলীৰ ভাই-ভনীসকলৰ সৈতে একেলগে যিহোৱাৰ নাম স্তুতি কৰিবলৈ সুবিধা পোৱা যাব। আপুনি নিজৰ থকা-মেলা, যাতায়ত আৰু চাকৰিৰ পৰা ছুটি লোৱাৰ সকলো ব্যৱস্থা কৰিলেনে? আমি এনেবোৰ ব্যৱস্থা আগতীয়াকৈ কৰিলে বুদ্ধিমানৰ কাৰ্য্য হʼব।​—⁠হিতো. ২১:⁠৫.

২ অধিৱেশন স্থানত উপস্থিত হোৱা: অধিৱেশনত উপস্থিত হʼবলৈ বহুতো বিষয়ে মনোযোগ দিয়া আৱশ্যক। অধিৱেশনত উপস্থিত হʼবলৈ সোনকালে যাত্ৰা কৰিলে অনাৱশ্যকীয়ভাৱে পলম হোৱাৰ পৰা ৰক্ষা পাব আৰু আৰম্ভণীৰ হৃদয়স্পৰ্ষী গীত আৰু প্ৰাৰ্থনাৰ পূৰ্বেই আসন গ্ৰহণ কৰি সম্পূৰ্ণকৈ লাভৱান হʼব পাৰি। (গীত ৬৯:⁠৩০) যিসকলে দুলীয়াজান, নতুন দিল্লী, পোৰ্টব্লেয়াৰ আৰু চিকন্দ্ৰাবাদত হʼবলগীয়া অধিৱেশনত উপস্থিত হʼবলৈ পৰিকল্পনা কৰিছে, তেওঁলোকে নিজৰ সৈতে গীত ব্ৰচাৰখন (sb-29) লোৱা আৱশ্যক যাতে আন্তৰিকতাৰে গীত গোৱাত ভাগ লʼব পাৰে। অধিৱেশনৰ সকলোবোৰ গান এই ব্ৰচাৰখনৰ পৰা বাছি লোৱা হৈছে। অধিৱেশনৰ ৰাতিপুৱা ভাগৰ সভা আৰম্ভ হোৱাৰ কেইমিনিটমান সময়ৰ পূৰ্বে চেয়াৰমেনজনে মঞ্চত আসন গ্ৰহণ কৰি থকাৰ সময়ত আৰম্ভণীৰ কিংডম মিউজিক বজোৱা হʼব। সেই সময়ত আমাৰ সকলোৱে নিজ নিজ আসন গ্ৰহণ কৰা আৱশ্যক যাতে কাৰ্য্যক্ৰম সুশৃঙ্খলাৰে আৰম্ভ কৰিব পাৰি। (১ কৰি. ১৪:⁠৩৩, ৪০) দুলীয়াজান আৰু আইজলত হʼবলগীয়া অধিৱেশনৰ সকলো কাৰ্য্যক্ৰম পুৱা ৮:⁠৩০ বজাত আৰম্ভ হʼব। এইটো এইবাবে কৰা হৈছে, যাতে প্ৰতিনিধিসকলে এন্ধাৰ হোৱাৰ আগতেই তেওঁলোকৰ থকা স্থানত যাব পাৰে।

৩ এই বছৰত আমাৰ ভাই-ভনীসকলৰ সংগঠিত পৰিমাণ বৃদ্ধি কৰিবৰ বাবে অধিৱেশনৰ সংখ্যা হ্ৰাস কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে কিছুমানৰ বাবে যাত্ৰা কৰিবলৈ অধিক খৰচ হʼব। কিন্তু আমি অধিক ভাই-ভনীৰ সৈতে সঙ্গতি কৰি উত্তম কাৰ্য্যক্ৰমৰ আনন্দ লʼবলৈ সুযোগ লাভ কৰিম। তদুপৰি তেনে বৃহৎ অধিৱেশনবোৰে আন লোকৰ সম্প্ৰদায়বিলাকক উত্তমৰূপে সাক্ষী দিব। গতিকে যিহোৱাৰ আশীৰ্ব্বাদৰ বাবে আমি প্ৰাৰ্থনা কৰি তিনিদিনীয়া অধিৱেশনত উপস্থিত থাকিবলৈ এতিয়াৰ পৰা ছুটি আৰু টকা-পইচা সঞ্চিত কৰিবলৈ দৃঢ় নিৰ্ণয় কৰা আৱশ্যক।

৪ ‘আমাৰ সকলো কৰ্ম্ম প্ৰেমেৰে কৰা হওক’ বুলি ঈশ্বৰৰ বাক্যই আমাক আগ্ৰহ কৰিছে। (১ কৰি. ১৬:⁠১৪) যেতিয়া অধিৱেশন ভৱনৰ দুৱাৰ পুৱা ৮:০০ বজাত মুকলি কৰা হয় তেতিয়া মনোযোগ দিয়া আৱশ্যক যে সুবিধাজনক ঠাইত আসন গ্ৰহণ কৰিবলৈ কোনেও যেন ঠেলা-হেঁচা বা খৰ-খেদা নকৰে। একমাত্ৰ আপোনাৰ একেখন ঘৰত বাস কৰা পৰিয়ালৰ সদস্য আৰু নিজৰ বাইবেল বিদ্যাৰ্থীসকলৰ বাবে আসন সংৰক্ষিত কৰিব পাৰে।​—⁠১ কৰি. ১৩:⁠৫; ফিলি. ২:⁠৪.

৫ অনুগ্ৰহ কৰি নিজৰ সৈতে লঘু আহাৰ নিয়ক যাতে দুপৰীয়া সাময়িক বিৰামৰ সময়ত খাবৰ বাবে অধিৱেশন ভৱন এৰি বাহিৰলৈ যাবলগীয়া নহয়। এনে কৰাৰ দ্বাৰা আৰম্ভণীৰ দিনৰ পৰা লৈ শেষৰ দিনৰ বিৰতিত সকলোৱে এক উৎসাহজনক সঙ্গতি কৰিবলৈ পাৰিব। নিজৰ পৰিয়ালৰ সদস্য আৰু আন সকলে অধিৱেশনৰ বাবে দুপৰীয়াৰ গধুৰ আহাৰ প্ৰস্তুতি কৰিবলৈ ভনীসকলৰ পৰা অপেক্ষা কৰাটো এটা প্ৰেমবিহীন কাৰ্য্য হʼব। কিয়নো তেনে কৰাৰ দ্বাৰা অধিৱেশনত উপস্থিত হোৱালৈকে ভনীসকলে ভাগৰি পৰিব আৰু কাৰ্য্যক্ৰমত মনোযোগ দিয়াত কঠিন হʼব। অধিৱেশন ভৱনৰ ভিতৰত কোনো প্ৰকাৰৰ সুৰাসক্ত কৰাটো নিষেধ।

৬ আমালৈ এক আধ্যাত্মিক ভোজ অপেক্ষা কৰিছে: ৰজা যিহোচাফট এজন “ঈশ্বৰক বিচাৰিবলৈ [নিজৰ] মন যুগুত” কৰা ব্যক্তি আছিল। (২ বং. ১৯:⁠৩) অধিৱেশনৰ পূৰ্বে আমি কেনেকৈ নিজৰ মন যুগুত বা সাজু কৰিব পাৰোঁ? মে’ ২২ আৰু জুন ৮ সচেতন! আলোচনীৰ শেষ পৃষ্ঠাত কেনে আধ্যাত্মিক ভোজ দিয়া হʼব সেই বিষয়ে এটা পূৰ্বাভাস দিয়া হৈছে। যিহোৱাই আমাৰ বাবে যি সাঁচি থৈছে সেই বিষয়ে মূল্যাঙ্কন প্ৰকাশ কৰিবলৈ এতিয়াই সেই লেখবোৰ পঢ়িবলৈ সময় নুলিয়াই কিয়? আমি নিজৰ মনটোক সাজু কৰাত আমি লাভ কৰিবলগীয়া নিৰ্দ্দেশনাবোৰ পালন কৰিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰাটোও সন্মিলিত আছে।​—⁠গীত. ২৫:⁠৪, ৫.

৭ ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমি পৰিত্ৰাণলৈ আগবাঢ়ি যাব পাৰিম বুলি জানি আমাৰ সকলোৱে তেওঁৰ বাক্যৰ পৰা অধিককৈ শিকিবলৈ আগ্ৰহী। (১ পিত. ২:⁠২) এতেকে আঁহক আমি সকলোৱে “ঈশ্বৰৰ অনুসাৰে জীৱন-যাপন কৰা” নামৰ জিলা অধিৱেশনত উপস্থিত থাকি ‘একে-লগে যিহোৱা ঈশ্বৰৰ নামৰ প্ৰশংসা কৰোঁহঁক।’​—⁠গীত ৩৪:⁠৩.

[Study Questions]

১. একেলগে ঈশ্বৰৰ নাম প্ৰশংসা কৰিবলৈ কেনে সুবিধাবোৰ পোৱা যাব আৰু আমি এতিয়াৰ পৰা কি ব্যৱস্থা কৰিব পাৰোঁ?

২. অধিৱেশন গৃহত সভা আৰম্ভ হোৱাৰ পূৰ্বে উপস্থিত থাকিবলৈ চেষ্টা কৰাটো কিয় লাভজনক?

৩. এই বছৰত কিয় বৃহৎ অধিৱেশনবোৰৰ আয়োজন কৰা হৈছে?

৪. বহিবলৈ আসন বিচাৰাৰ সময়ত আমি কেনেকৈ আনৰ প্ৰতি বিবেচক হʼব পাৰোঁ?

৫. দুপৰীয়াৰ বিৰতিৰ সময়ত কেনে ব্যৱস্থা কৰিব পাৰি আৰু ই কিয় লাভজনক?

৬. আমি লাভ কৰিবলগীয়া নিৰ্দ্দেশনাবোৰৰ বাবে কেনেকৈ নিজৰ মনটোক সাজু কৰিব পাৰোঁ?

৭. আমি কিহৰ বাবে আগ্ৰহী আৰু কিয়?

[Box on page page 3]

ঈশ্বৰৰ নাম প্ৰশংসা কৰা পথসমূহ

◼ আগতিয়াকৈ আয়োজন কৰক

◼ আনৰ প্ৰতি প্ৰেম দেখুৱাউক

◼ নিজৰ মনটোক সাজু কৰক

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক