ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০৪ পৃষ্ঠা ৬
  • এদিনীয়া বিশেষ সন্মিলনৰ পুনৰ নিৰীক্ষণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এদিনীয়া বিশেষ সন্মিলনৰ পুনৰ নিৰীক্ষণ
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • চাৰ্কিট সন্মিলন কাৰ্য্যক্ৰমৰ পুনৰ নিৰীক্ষণ
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • সন্মিলনৰ কাৰ্য্যক্ৰমসমূহৰ পুনৰ নিৰীক্ষণ কৰাৰ নতুন ব্যৱস্থা
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • এদিনীয়া বিশেষ সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • এদিনীয়া বিশেষ সন্মিলনৰ পুনৰ নিৰীক্ষণ
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০৪ পৃষ্ঠা ৬

এদিনীয়া বিশেষ সন্মিলনৰ পুনৰ নিৰীক্ষণ

২০০৫ চনৰ সেৱা বছৰত হʼবলগীয়া এদিনীয়া বিশেষ সন্মিলনৰ কাৰ্য্যক্ৰমৰ পূৰ্বাভাস হিচাবে এই বিষয়টো ব্যৱহাৰ কৰা হʼব। অন্তপত্ৰ খনৰ ৪ পৃষ্ঠাত দিয়া “সন্মিলনৰ কাৰ্য্যক্ৰমক পুনৰ নিৰীক্ষণ কৰাৰ নতুন ব্যৱস্থা” নামৰ লেখটোত এই ভাগটো কেনেকৈ পৰিচালিত কৰিব পাৰি, সেই বিষয়ে বৰ্ণনা কৰা হৈছে। পৰিচালনা কৰাৰ সময়ত এইদৰে সময় বিভাজন কৰক যাতে সকলোবোৰ প্ৰশ্ন সুধিব পাৰে। এই পুনৰ নিৰীক্ষণ সংবাদবোৰ শুনি আমি কেনেকৈ প্ৰযোজ্য কৰিব পাৰোঁ, সেই বিষয়ে মনোযোগ দিয়া উচিত।

ৰাতিপুৱাৰ কাৰ্য্যক্ৰম

১. যিহোৱাৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়াটো আগতকৈ কিয় অধিক জৰুৰী হৈ পৰিছে? শুনাৰ প্ৰকৃত অৰ্থ কি? (“যিহোৱাৰ পৰামৰ্শ কিয় শুনা আৱশ্যক”)

২. পৰিয়ালে কেনেকৈ এক উত্তম আধ্যাত্মিক কাৰ্য্যৰ তালিকা বজাই ৰাখিব পাৰে? (“বিভ্ৰান্তি নোহোৱাকৈ যিহোৱাৰ বাক্যৰ প্ৰতি মনোযোগ দিয়া পৰিয়ালসমূহ”)

৩. আমাৰ চাৰ্কিটত থকা কিছুমান ভাই-ভনীয়ে কেনেকৈ অনিয়মিতৰূপে সাক্ষী দিয়াৰ সুযোগ লʼলে? (“সকলো কাৰ্য্য ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰা”)

৪. ইব্ৰী ৩ আৰু ৪ অধ্যায়ত উল্লেখ কৰা বিপদসূচক উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ? বৰ্তমান সময়ত যিহোৱাই কি দৰে আমাৰ সৈতে কথোপকথন কৰে? (“ঈশ্বৰৰ বাক্য শুনাৰ দ্বাৰা নিজকে ৰক্ষা কৰা”)

৫. বাপ্তিষ্মাৰ ভাষণৰ পৰা আপুনি কেনেকৈ লাভৱান হʼল? (সমৰ্পণ আৰু বাপ্তিষ্মা”)

আবেলিৰ কাৰ্য্যক্ৰম

৬. এজন কিশোৰ ব্যক্তি হিচাপে যীচুৰ সম্বন্ধে আমি কি বিবেচনা কৰিব পাৰোঁ আৰু আমাৰ চাৰ্কিটত থকা কিশোৰ বয়সৰ ভাই-ভনীসকলে তেওঁৰ আৰ্হিক কেনেকৈ অনুকৰণ কৰিছে? (“ঈশ্বৰৰ বাক্যক মনোযোগেৰে শুনাৰ দ্বাৰা আমাৰ কিশোৰ অৱস্থাক প্ৰতিৰক্ষা দিয়া”)

৭. পিতৃ-মাতৃয়ে নিজৰ নাবালক সন্তান আৰু কিশোৰ-কিশোৰীক যিহোৱাৰ পথত চলিবলৈ প্ৰশিক্ষণ দিয়াৰ কিছুমান পদ্ধতি কি? (“ঈশ্বৰৰ বাক্যক মনোযোগেৰে শুনা আৰু শিকা শিশুসকল”)

৮. কেনে বিশেষ ক্ষেত্ৰবোৰত আমি যিহোৱা, তেওঁৰ পুত্ৰ আৰু ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গৰ’ প্ৰতি মনোযোগ দিয়া আৱশ্যক? (মথি ২৪:⁠৪৫) তেনে কৰাটো কিয় গুৰুত্বপূৰ্ণ? (“ঈশ্বৰীয় নিৰ্দ্দেশনাৰ প্ৰতি একেৰাহে মনোযোগ দিয়া”)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক