ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০৫ পৃষ্ঠা ১
  • প্ৰচাৰ কাৰ্য্যই আমাক সহন কৰিবলৈ সহায় কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰচাৰ কাৰ্য্যই আমাক সহন কৰিবলৈ সহায় কৰে
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • যিহোৱাই ধৈৰ্য্য ধৰিবলৈ আমাক কেনেকৈ সহায় কৰে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০৫ পৃষ্ঠা ১

প্ৰচাৰ কাৰ্য্যই আমাক সহন কৰিবলৈ সহায় কৰে

১ ঈশ্বৰৰ বাক্যই “আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্য্যেৰে” দৌৰি থাকিবলৈ আমাক উৎসাহিত কৰে। (ইব্ৰী ১২:⁠১) যিদৰে এজন দৌৰ মৰা ব্যক্তিয়ে ধৈৰ্য্যেৰে প্ৰতিযোগিতাত সফল হʼব পাৰে, ঠিক সেইদৰে আমিও অনন্তজীৱনৰ পুৰস্কাৰ লাভ কৰিবলৈ ধৈৰ্য্য ধৰা আৱশ্যক। (ইব্ৰী ১০:⁠৩৬) আমাৰ খ্ৰীষ্টান পৰিচৰ্য্যাই শেষলৈকে বিশ্বাসী হৈ থাকিবলৈ কেনেকৈ সহায় কৰিব পাৰে?​—⁠মথি ২৪:⁠১৩.

২ আধ্যাত্মিকৰূপে প্ৰতিৰক্ষা পোৱা: বাইবেলৰ আশ্চৰ্য্যজনক প্ৰতিজ্ঞা অৰ্থাৎ এক ধাৰ্ম্মিক নতুন জগতৰ বিষয়ে ঘোষণা কৰি আমি নিজৰ আশাক অধিক দৃঢ় কৰোঁ। (১ থিচ. ৫:⁠৮) নিয়মীয়াকৈ প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ দ্বাৰা আমি বাইবেলৰ পৰা শিকা সত্যতাৰ বিষয়ে আনক কʼবলৈ সুযোগ পাওঁ। তদুপৰি আমি আমাৰ বিশ্বাসক প্ৰতিৰক্ষা কৰাৰ সুযোগ লাভ কৰোঁ, যি আমাক আধ্যাত্মিকৰূপে ৰক্ষা কৰাত সহায় কৰে।

৩ আনক কাৰ্য্যকাৰীৰূপে শিকাবলৈ আমি স্বয়ং বাইবেলৰ সত্যতাক ভালদৰে বুজি পোৱা আৱশ্যক। ইয়াৰ বাবে আমি বিষয়বোৰৰ অনুসন্ধান আৰু সেইবোৰৰ ওপৰত ধ্যান কৰা প্ৰয়োজন। জ্ঞান বৃদ্ধি কৰিবলৈ কৰা প্ৰচেষ্টাৰ দ্বাৰা আমাৰ বিশ্বাস অধিক শক্তিশালী হʼব আৰু আধ্যাত্মিকৰূপে সতেজতা লাভ কৰিম। (হিতো. ২:⁠৩-⁠৫) এইদৰে আনক সহায় কৰিবলৈ বিচাৰাৰ দ্বাৰা আমি নিজকো শক্তিশালী কৰি তুলিম।​—⁠১ তীম. ৪:⁠১৫, ১৬.

৪ পৰিচৰ্য্যাত উৎসাহিত হৈ ভাগ লোৱাটো হৈছে “ঈশ্বৰৰ আটাই সাজ পিন্ধা,” যাৰ দ্বাৰা আমি চয়তান আৰু তাৰ পিশাচৰ অহিতে দৃঢ়ভাৱে থিয় হʼব পাৰিম। (ইফি. ৬:⁠১০-⁠১৩, ১৫) আমি পবিত্ৰ সেৱাত ব্যস্ত থাকি উন্নতজনক বিষয়বোৰত মনোযোগ দিব পাৰিম আৰু চয়তানৰ জগতৰ অনিষ্টকাৰক বিষয়বোৰৰ পৰা বিৰত থাকিব পাৰিম। (কল. ৩:⁠২) আমি আনক একেৰাহে শিকোৱাৰ দ্বাৰা পবিত্ৰ আচাৰ-ব্যৱহাৰ বজাই ৰাখিবলৈ নিজকে সোঁৱৰাই দিব পাৰিম।​—⁠১ পিত. ২:⁠১২.

৫ ঈশ্বৰৰ দ্বাৰা শক্তিশালী হোৱা: অৱশেষত, আমি পৰিচৰ্য্যা কাৰ্য্যত ভাগ লোৱাৰ দ্বাৰা যিহোৱাৰ ওপৰত ভাৰসা কৰিবলৈ শিকিব পাৰিম। (২ কৰি. ৪:⁠১, ৭) এনেদৰে শিকিবলৈ পোৱাটো কিমান যে এক মহান আশীৰ্ব্বাদ! ঈশ্বৰৰ ওপৰত ৰাখা ভাৰসাই আমাক পৰিচৰ্য্যা কাৰ্য্য সম্পন্ন কৰাতেই যে কেৱল সুসজ্জিত কৰে এনে নহয়, কিন্তু জীৱনত যেনেকুৱাই সমস্যাৰ সম্মুখীন নহওঁ কিয়, সেইবোৰত সফলতা পাব পাৰিম। (ফিলি. ৪:⁠১১-⁠১৩) দৰাচলতে, সহন কৰাৰ মুখ্য মাপকাঠি হৈছে যিহোৱাত সম্পূৰ্ণকৈ ভাৰসা ৰাখা। (গীত ৫৫:⁠২২) প্ৰচাৰ কাৰ্য্যই আমাক বহুতো প্ৰকাৰে সহন কৰিবলৈ সহায় কৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক