খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—পুনৰ সাক্ষাৎ কৰক
কিয় গুৰুত্বপূৰ্ণ: ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰতি আগ্ৰহ দেখুৱা লোকসকলে ঈশ্বৰৰ বিষয়ে সত্য জানিব বিচাৰে। (যিচ ৫৫:৬) সত্যৰ বিষয়ে শিকাবলৈ তেওঁলোকক বাৰে বাৰে আমি সাক্ষাৎ কৰা উচিত। তেওঁলোকে বেলেগ বেলেগ পৰিস্থিতিৰ সন্মুখীন হয়। সেইবাবে আগ্ৰহী কৰি তুলিবলৈ আমি বেলেগ বেলেগ পদ্ধতি ব্যৱহাৰ কৰা উচিত। কিন্তু যদি আমি ভালদৰে প্ৰস্তুতি কৰোঁ আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ উদ্দেশ্যেৰে প্ৰতিটো সাক্ষাৎ কৰোঁ, তেনেহʼলে আমি ভাল ফল লাভ কৰিবলৈ সক্ষম হʼম।
ইয়াক কেনেকৈ কৰিব:
অতি সোনকালে সাক্ষাৎ কৰক, যদি সম্ভৱ হয়, তেনেহʼলে কেইদিনমানৰ ভিতৰত।—মথি ১৩:১৯
প্ৰেম আৰু সন্মানেৰে কথা-বতৰা হওক। চিন্তা নকৰিব
হাঁহিমুখে সম্ভাষণ জনাওক। গৃহস্থৰ নাম ব্যৱহাৰ কৰি কথা-বতৰা হওক। তেওঁক পুনৰ দেখা কৰিবলৈ অহাৰ কাৰণ বৰ্ণনা কৰক। উদাহৰণস্বৰূপে, কোনো প্ৰশ্নৰ উত্তৰ দিবলৈ, নতুনকৈ প্ৰকাশ হোৱা আলোচনীখন দিবলৈ, আমাৰ ৱেবছাইট বা কোনো এটা ভিডিঅ’ দেখুৱাবলৈ অথবা বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়, তাক প্ৰদৰ্শন কৰিবলৈ। যদি গৃহস্থই কোনো আন এক বিষয়ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে, তেনেহʼলে আপোনাৰ আলোচনাৰ বিষয় সলনি কৰক।—ফিলি ২:৪
বাইবেলৰপৰা পদ দেখুৱাওক আৰু এখন প্ৰকাশন দিয়ক। যদি আপুনি এইদৰে কৰে, তেনেহʼলে গৃহস্থৰ হৃদয়ত থকা সত্যৰ বীজত পানী দিয়াৰ নিচিনা হʼব। (১কৰি ৩:৬) গৃহস্থৰ লগত বন্ধুত্ব স্থাপন কৰিবলৈ চেষ্টা কৰক
পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক