খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—বাইবেল বিদ্যাৰ্থীসকলক আগতীয়াকৈ প্ৰস্তুতি কৰিবলৈ শিকাওক
কিয় গুৰুত্বপূৰ্ণ: যেতিয়া বাইবেল বিদ্যাৰ্থীসকলে আগতীয়াকৈ প্ৰস্তুতি কৰে, তেতিয়া তেওঁলোকে বেছি ভালকৈ বুজিবলৈ সক্ষম হʼব আৰু আমি শিকোৱা বিষয়বোৰ তেওঁলোকৰ মনত থাকিব। তেওঁলোকে যিমানেই ভালকৈ বুজিব আৰু মনত ৰাখিব, সিমানেই তেওঁলোকে আধ্যাত্মিকভাৱে উন্নতি কৰিব পাৰিব। আনকি বাপ্তিষ্মাৰ পাছতো, তেওঁলোকে সভা আৰু প্ৰচাৰৰ বাবে প্ৰস্তুতি কৰাৰ প্ৰয়োজন হʼব। এনে অভ্যাসে তেওঁলোকক আধ্যাত্মিকভাৱে “পৰ দি” থাকিবলৈ সহায় কৰিব। (মথি ২৫:১৩) গতিকে, যদি বিদ্যাৰ্থীয়ে ভালদৰে অধ্যয়ন কৰাৰ বিষয়ে জানে আৰু অধ্যয়নৰ বাবে এখন তালিকা থাকে, তেনেহʼলে ইয়ে তেওঁক গোটেই জীৱন সহায় কৰিব। আৰম্ভণিৰপৰাই আমাৰ বিদ্যাৰ্থীসকলক আগতীয়াকৈ বাইবেল অধ্যয়নৰ বাবে প্ৰস্তুতি কৰাৰ অভ্যাস গঢ়ি তুলিবলৈ সহায় কৰা উচিত।
ইয়াক কেনেকৈ কৰিব:
আপুনি এটা ভাল উদাহৰণ ৰাখক। (ৰোম ২:২১) বিদ্যাৰ্থীজনক মনত ৰাখি প্ৰতিটো অধ্যয়নৰ বাবে প্ৰস্তুতি কৰক। (km-HI ১১/১৫ ৩) আপুনি দাগ দিয়া নিজৰ প্ৰকাশনখন দেখুৱাওক
বিদ্যাৰ্থীজনক প্ৰস্তুতি কৰিবলৈ উৎসাহিত কৰক। যেতিয়া এজন বিদ্যাৰ্থীয়ে বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে, তেতিয়া বিদ্যাৰ্থীজনক বৰ্ণনা কৰক যে প্ৰস্তুতি কৰাটো অধ্যয়নৰ এক ভাগ আৰু ইয়াৰপৰা উপকৃত হʼব পাৰি। প্ৰস্তুতি কৰিবলৈ কেনেকৈ সময় উলিয়াব পাৰি, তাৰ বিষয়ে ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াওক। কিছুমান ভাই বা ভনীয়ে বিদ্যাৰ্থীজনক প্ৰস্তুতি কৰাত সহায় কৰিবলৈ নিজৰ দাগ দিয়া প্ৰকাশনখন ব্যৱহাৰ কৰিবলৈ দিয়ে। ইয়াৰ ফলত বিদ্যাৰ্থীজনে প্ৰস্তুতি কৰাৰ সুপৰিণাম বুজিবলৈ সক্ষম হʼব। যেতিয়া তেওঁ প্ৰস্তুতি কৰে, তেতিয়া তেওঁক প্ৰশংসা কৰক
অধ্যয়নৰ বাবে কেনেকৈ প্ৰস্তুতি কৰিব পাৰি, তাক দেখুৱাওক। আৰম্ভণিতে কিছুমান ভাই বা ভনীয়ে অধ্যয়নৰ গোটেই সময়ছোৱাত বিদ্যাৰ্থীজনক প্ৰস্তুতি কৰিবলৈ শিকায়