ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ৪-৫
তেওঁলোকে নিৰ্ভয়ে ঈশ্বৰৰ বাক্য কৈ থাকিল
যীচুৰ পাঁচনিসকলে আনক শিকাবলৈ কেনেকৈ যোগ্য হৈছিল? সাহসেৰে আৰু বিশ্বাসেৰে আনক কʼবলৈ তেওঁলোকক কিহে সক্ষম কৰি তুলিছিল? তেওঁলোকে এই কথা মহান শিক্ষক যীচুৰপৰা শিকিছিল, কিয়নো তেওঁলোকে “যীচুৰ সঙ্গী আছিল।” (পাঁচ ৪:১৩) আমি শিক্ষা দিয়াত নিপুণ হʼবলৈ যীচুৰপৰা কি কি কথা শিকিব পাৰোঁ?