খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“পৌলে . . . ঈশ্বৰৰ স্তুতি কৰি সাহ পালে”
ৰোমৰ ভাই-ভনীসকলে পৌল আহিছে বুলি যেতিয়া শুনে, তেতিয়া বহুতো ভায়ে প্ৰায় ৪০ মাইললৈকে (৬৪ কি.মি.) যাত্ৰা কৰি তেওঁক সাক্ষাৎ কৰিবলৈ আহে। তেওঁলোকৰ নিঃস্বাৰ্থ প্ৰেমে পৌলক কেনেকৈ প্ৰভাৱিত কৰে? “পৌলে তেওঁবিলাকক দেখি ঈশ্বৰৰ স্তুতি কৰি সাহ পালে।” (পাঁচ ২৮:১৫) পৌলে বিভিন্ন মণ্ডলীক সাক্ষাৎ কৰি ভাই-ভনীসকলক উৎসাহিত কৰিছিল। কিন্তু এইবাৰ তেওঁ বন্দী হিচাপে, নিজেই আনৰপৰা উৎসাহ লাভ কৰিছিল।—২কৰি ১৩:১০.
বৰ্তমান সময়ত চাৰ্কিট ওভাৰচিয়াৰসকলে ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ এটা মণ্ডলীৰপৰা আন এটা মণ্ডলীলৈ যাত্ৰা কৰে। আমাৰ দৰে তেওঁলোকেও কেতিয়াবা কেতিয়াবা ভাগৰি পৰে, চিন্তিত হয় অথবা নিৰাশ হʼব পাৰে। চাৰ্কিট ওভাৰচিয়াৰ আৰু তেওঁৰ পত্নীয়ে যেতিয়া আপোনালোকৰ মণ্ডলীলৈ সাক্ষাৎ কৰিবলৈ আহিব, তেতিয়া আপুনি তেওঁলোকক উৎসাহিত কৰিবলৈ কি কৰিব পাৰে, যাতে তেওঁলোকে “নিজেও আশ্বাস” লাভ কৰিব?—ৰোম ১:১১, ১২.
সেৱা সভাৰ বাবে উপস্থিত থাকক। প্ৰচাৰকসকলে যেতিয়া চাৰ্কিট ওভাৰচিয়াৰৰ বিশেষ সপ্তাহৰ কাৰ্য্যক্ৰমৰপৰা উপকৃত হʼবলৈ ত্যাগ কৰে, তেতিয়া তেওঁ উৎসাহিত হয়। (১থিচ ১:২, ৩; ২:২০) তেওঁৰ সাক্ষাতৰ সময়ছোৱাত সহকাৰী অগ্ৰগামী সেৱা কৰাৰ বিষয়ে চিন্তা কৰক। আপুনি তেওঁৰ পত্নী আৰু তেওঁৰ লগত ঘোষণা কৰিবলৈ অথবা তেওঁলোকক আপোনাৰ বাইবেল অধ্যয়নত লৈ যাবলৈ অনুৰোধ কৰিব পাৰে। যিসকল প্ৰচাৰক নতুন অথবা যিসকলক প্ৰচাৰ কৰিবলৈ অসুবিধা হয়, এনে ভাই-ভনীসকলৰ লগত তেওঁলোকে প্ৰচাৰ কৰিবলৈ ভাল পায়।
অতিথি-সৎকাৰ দেখুৱাওক। আপুনি তেওঁলোকক থকাৰ বাবে ব্যৱস্থা কৰিব পাৰেনে অথবা এসাঁজ খোৱাবলৈ ব্যৱস্থা কৰিব পাৰেনে? যদি এইদৰে কৰে, তেনেহʼলে আপুনি দেখুৱায় যে আপুনি চাৰ্কিট ওভাৰচিয়াৰ আৰু তেওঁৰ পত্নীক প্ৰেম কৰে। আপুনি তেওঁলোকৰ বাবে বহু বস্তু আয়োজন কৰাটো তেওঁলোকে আশা নকৰে।—লূক ১০:৩৮-৪২.
তেওঁৰ নিৰ্দেশনা আৰু পৰামৰ্শ মনোযোগেৰে শুনক আৰু পালন কৰক। চাৰ্কিট ওভাৰচিয়াৰে আমাক মৰমেৰে বুজিবলৈ সহায় কৰে যে আমি যিহোৱাৰ সেৱা আৰু ভালকৈ কেনেকৈ কৰিব পাৰোঁ। কেতিয়াবা কেতিয়াবা তেওঁ হয়তো আমাক পোনপটীয়াকৈ পৰামৰ্শ দিব পাৰে। (১কৰি ৫:১-৫) যদি আমি তেওঁৰ পৰামৰ্শ পালন কৰোঁ আৰু অধীনতা দেখুৱাওঁ, তেনেহʼলে তেওঁ আনন্দিত হʼব।—ইব্ৰী ১৩:১৭.
তেওঁলোকক ধন্যবাদ দিয়ক। চাৰ্কিট ওভাৰচিয়াৰ আৰু তেওঁৰ পত্নীক জনাওক যে তেওঁলোকৰ পৰিশ্ৰমৰ বাবে আপুনি কিমান লাভৱান হৈছে। আপুনি কাৰ্ডৰ যোগেদিও এই কথা জনাব পাৰে।—কল ৩:১৫.