ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মাৰ্চ পৃষ্ঠা ১৩
  • সকলো সমস্যা নিশ্চয় শেষ হʼব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সকলো সমস্যা নিশ্চয় শেষ হʼব
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • সমস্যাৰ সময়ত যিহোৱাই আমাক সহায় কৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • সদায় ধৈৰ্য্যেৰে কাম কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • যিহোৱালৈ অপেক্ষা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • সমস্যাৰ সময়ত কেনেকৈ আনন্দত থাকিব পাৰি?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মাৰ্চ পৃষ্ঠা ১৩
ছবি: “বিভক্ত জগতত একত্ৰিত লোক” নামৰ ভিডিঅʼখনৰ দৃশ্য। ১. এখন সন্মিলনত কেৱল কʼলা বৰণীয়া ভাই-ভনীসকল আছে। ২. এখন ফটোত কʼলা আৰু বগা বৰণীয়া প্ৰাচীন আৰু তেওঁলোকৰ পত্নীসকল আছে। ৩. বেলেগ বেলেগ বয়স আৰু জাতিৰ দুজনী ভনীয়ে মিলি ৰাজহুৱাভাৱে সাক্ষ্য দিছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

সকলো সমস্যা নিশ্চয় শেষ হʼব

সমস্যা আহিলে আমি নিৰাশ হʼব পাৰোঁ। যেতিয়া এই সমস্যাবোৰ বহুদিনলৈকে থাকে, তেতিয়া আমি বেছিকৈ নিৰাশ হʼব পাৰোঁ। ৰজা চৌলৰ বাবে দায়ূদক বহুদিনলৈকে সমস্যাৰ সন্মুখীন হʼবলগীয়া হʼল। যিহোৱাই তেওঁক ৰজা পতাৰ প্ৰতিজ্ঞা পূৰ কৰিব আৰু তেওঁৰ এই সমস্যা শেষ কৰিব বুলি দায়ূদৰ সম্পূৰ্ণ বিশ্বাস আছিল। (১চমূ ১৬:১৩) সেইবাবে, তেওঁ ধৈৰ্য্য ধৰিব পাৰিলে আৰু যিহোৱালৈ অপেক্ষা কৰিব পাৰিলে।

নিজৰ পৰিস্থিতি সলনি কৰিবলৈ আমি ভাবি-চিন্তি কাম কৰিব পাৰোঁ। (১চমূ ২১:১২-১৪; হিতো ১:৪) কিন্তু এইদৰে কৰাৰ পাছতো আমাৰ সমস্যা দূৰ নহʼবও পাৰে। সেইসময়ত আমি ধৈৰ্য্য ধৰা উচিত আৰু যিহোৱালৈ অপেক্ষা কৰা উচিত। অতি সোনকালে তেওঁ আমাৰ সকলো সমস্যা দূৰ কৰিব আৰু আমাৰ চকুৰপৰা “আটাই চকু-লো মচি গুচাব।” (প্ৰকা ২১:৪) আমাৰ সমস্যা যিহোৱাৰ সহায়ত দূৰ হওক বা আন কোনো উপায়েৰে দূৰ হওক, কিন্তু এটা কথা নিশ্চিত যে “সকলো সমস্যা নিশ্চয় শেষ হʼব।” এই সত্যতাৰপৰা আমি বহুত শান্ত্বনা লাভ কৰিব পাৰোঁ।

বিভক্ত জগতত একত্ৰিত লোক নামৰ ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • আমেৰিকাৰ দক্ষিণফালে থকা কিছুমান সত্য খ্ৰীষ্টানে কি কি সমস্যাৰ সন্মুখীন হৈছিল?

  • তেওঁলোকে কেনেকৈ ধৈৰ্য্য ধৰিলে আৰু প্ৰেম দেখুৱালে?

  • তেওঁলোকে কেনেকৈ “যি যি শ্ৰেষ্ঠ,” তালৈ ধ্যান দিলে?—ফিলি ১:৯.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক