খ্ৰীষ্টান হিচাপে জীৱন-যাপন
বিবাহ—জীৱন বাটৰ লগৰী
সফল বিবাহৰ পৰা যিহোৱাৰ মহিমা হয় আৰু স্বামী আৰু পত্নীও আনন্দত থাকে। (মাৰ্ক ১০:৯) কিন্তু বিবাহ সফল কৰিবলৈ হʼলে সত্য খ্ৰীষ্টানে বাইবেলৰ সিদ্ধান্তবোৰ মনত ৰাখি সঠিক জীৱন-সংগী বাছনি কৰাটো অতি প্ৰয়োজন।
আপোনাৰ “ডেকা-কাল [চেঙেলীয়া বয়স] পাৰ হৈ” যোৱাৰ পাছত ডেটিং কৰা উচিত। (১কৰি ৭:৩৬) এই বয়সত যৌন ইচ্ছা বহুত বেছি থাকে, সেইবাবে আপুনি ভুল নিৰ্ণয় লʼব পাৰে। গতিকে কিছু বছৰ অপেক্ষা কৰক। এই সময়ছোৱাত যিহোৱাৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰক আৰু ভাল গুণবোৰ বঢ়াওক। পাছলৈ আপুনি যেতিয়া বিয়া কৰিব, তেতিয়া এজন ভাল স্বামী বা পত্নী হʼব পাৰিব।
কাৰোবাৰ লগত বিয়া কৰাৰ আগতে তেওঁৰ ‘আন্তৰিক মনুষ্যক’ ভালদৰে জানিবলৈ চেষ্টা কৰক। (১পিত ৩:৪) ইয়াৰ পাছত যদি আপুনি ভাবে যে তেওঁৰ কিবা দুৰ্বলতা আছে, যি পাছলৈ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, তেনেহʼলে তেওঁৰ লগত ইয়াৰ বিষয়ে কথা পাতক। কিন্তু মনত ৰাখক, আন সম্পৰ্কৰ নিচিনা বিবাহৰ সম্পৰ্কতো আপুনি নিজতকৈ বেছি আনৰ বিষয়ে চিন্তা কৰা উচিত। (ফিলি ২:৩, ৪) যদি আপুনি বিয়াৰ আগতে বাইবেলৰ সিদ্ধান্ত পালন কৰিব, তেনেহʼলে বিয়াৰ পাছতো বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰিব পাৰিব। এনে কৰিলে আপোনাৰ বিবাহিত জীৱন আনন্দেৰে ভৰি পৰিব।
বিয়াৰ বাবে প্ৰস্তুতি—ভাগ ৩: ‘খৰচৰ গণনা কৰক’ নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
আৰম্ভণিতে ভনী আৰু চেনৰ মাজৰ সম্পৰ্ক কেনেকুৱা আছিল?
যেতিয়া ভনীয়ে চেনক ভালদৰে জানিবলৈ ধৰিলে, তেতিয়া তেওঁ কি দেখিলে?
ভনীজনীৰ মা-দেউতাই তেওঁক কেনেকৈ সহায় কৰিলে? তেওঁ বুদ্ধিমতাৰে কি নিৰ্ণয় লʼলে?