জীৱন কাহিনী
আনৰ ভাল উদাহৰণৰপৰা শিকি মই বহুতো আশীৰ্বাদ লাভ কৰিলোঁ
মই সৰু হৈ থাকোঁতে প্ৰচাৰ কৰিবলৈ সংকোচ কৰিছিলোঁ। যেতিয়া ডাঙৰ হ’লো আৰু মই বেছিকৈ যিহোৱাৰ সেৱাত দায়িত্ব লাভ কৰিবলৈ ধৰিলোঁ আৰু মই ভাবিছিলোঁ যে এই দায়িত্বক ভালদৰে পালন কৰিব নোৱাৰিম। কিন্তু কিছুমান লোকৰ বাবে মই নিজৰ ভয়ক নিয়ন্ত্ৰণ কৰিব পাৰিলোঁ। সেইবাবে, মই যোৱা ৫৮ বছৰ ধৰি পূৰ্ণ সময়ৰ সেৱাত বহুতো আশীৰ্বাদ লাভ কৰিলোঁ। মই এতিয়া এনে কিছুমান লোকৰ বিষয়ে কওঁ, যিসকলে মোৰ বাবে ভাল উদাহৰণ ৰাখিছে।
মোৰ জন্ম কানাডাৰ কুইবেক চহৰত হৈছিল আৰু তাত ফ্ৰান্স ভাষা কোৱা হৈছিল। মোৰ পিতৃ লুই আৰু মাতৃ জেলীয়াই মোক বহুত প্ৰেম কৰিছিল। দেউতাই লোকসকলৰ লগত মিলা-মিচা কৰিবলৈ বৰ সংকোচ কৰিছিল আৰু কিতাপ পঢ়াৰ বহুত ৰুচি আছিল। মোৰ লিখাৰ বহুত ৰুচি আছিল আৰু সেইবাবে মই ডাঙৰ হৈ সাংবাদিক হʼব বিচাৰিছিলোঁ।
মই ১২ বছৰ হৈ থাকোঁতে, এদিন মোৰ পিতৃৰ লগত কাম কৰা এজন ব্যক্তিয়ে নিজৰ বন্ধুৰ লগত আমাৰ ঘৰলৈ আহিছিল আৰু তেওঁৰ নাম ৰেদৌল্ফ চুচী আছিল। তেওঁলোক দুয়োজনে যিহোৱাৰ সাক্ষী আছিল। সেইসময়ত মই যিহোৱাৰ সাক্ষীৰ বিষয়ে বেছিকৈ জনা নাছিলোঁ আৰু তেওঁলোকৰ ধৰ্মৰ প্ৰতি মোৰ কোনো আগ্ৰহ নাছিল। কিন্তু মোৰ এটা কথা বৰ ভাল লাগিল যে তেওঁলোকে আমি সোধা সকলো প্ৰশ্নৰ উত্তৰ বাইবেলৰপৰা দিলে আৰু মোৰ মা-দেউতাকো এই কথা ভাল লাগিল। সেইবাবে, আমি সাক্ষীসকলৰ লগত বাইবেলৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰিলোঁ।
যিহোৱাৰ সাক্ষীসকলৰপৰা শিকা কথাবোৰ কেতিয়াবা কেতিয়াবা মই মোৰ শ্ৰেণীৰ লʼৰা-ছোৱালীবিলাকক কৈছিলোঁ। সেইসময়ত মই এখন কেথʼলিক স্কুলত পঢ়িছিলোঁ আৰু সেইখন স্কুলৰ শিক্ষকজন পাদুৰী আছিল। মই লʼৰা-ছোৱালীবিলাকক বাইবেলৰ কথাবোৰ কৈছোঁ বুলি শিক্ষকসকলে লাহে লাহে গʼম পালে। এজন শিক্ষকে মোক সকলোৰে আগত গালি পাৰিলে। কিয়নো তেওঁ বাইবেলৰপৰা মোৰ কথা ভুল বুলি প্ৰমাণ কৰিব নোৱাৰিলে। তেওঁ মোৰ বিষয়ে অভিযোগ কৰিলে যে মই কেথʼলিক ধৰ্মৰ বিৰোধ কৰিছোঁ। সঁচা কথা ক’বলৈ গ’লে সেইসময়ত মোৰ বৰ ভয় লাগিছিল, কিন্তু যি হ’ল ভালেই হ’ল। মই বুজিব পাৰিলোঁ যে সেই স্কুলত শিকোৱা কথাবোৰ বাইবেলৰ সম্পূৰ্ণ বিপৰীত হয়। সেইসময়তেই মই থিৰাং কৰিলোঁ যে মই আৰু এই স্কুলত পঢ়া-শুনা নকৰোঁ। ইয়াৰ পাছত মোৰ পিতৃ-মাতৃৰপৰা পৰামৰ্শ লৈ আন স্কুলত নাম ভৰ্তি কৰিলোঁ।
প্ৰচাৰ কাম কৰিবলৈ মোৰ ভাল লাগিবলৈ ধৰিলে
মই একেলেথাৰিয়ে বাইবলে অধ্যনয় কৰিছিলোঁ, কিন্তু কোনো উন্নতি কৰিব পৰা নাছিলোঁ। কিয়নো ঘৰে ঘৰে প্ৰচাৰ কৰিবলৈ মোৰ ভয় লাগিছিল। আচলতে, সেইসময়ত কেথʼলিক গীৰ্জাৰ বহুত দপ-দপনি আছিল। সেইবাবে, কেথʼলিকবিলাকে প্ৰচাৰ কাৰ্য্যত বিৰোধ কৰিছিল। কুইবেকৰ মুখ্য অধিকাৰী মৌৰিছ ডুপ্লীছিৰ লগত কেথʼলিক গীৰ্জাৰ ঘনিষ্ঠ বন্ধুত্ব আছিল। সেইবাবে, গীৰ্জাৰ লোকসকলৰ সাহস ইমানেই বাঢ়িছিল যে তেওঁলোকে এক ডাঙৰ সমূহ একগোট কৰি সাক্ষীসকলক অত্যাচাৰ কৰিছিল। সেইবাবে, প্ৰচাৰ কাৰ্য্য কৰিবলৈ বহুত সাহসৰ প্ৰয়োজন আছিল।
মোৰ ভয় দূৰ কৰিবলৈ জʼন ৰে নামৰ এজন ভায়ে মোক বহুত সহায় কৰিলে। তেওঁ গিলিয়েদ স্কুলৰ নৱম ক্লাছৰ গ্ৰেজুৱেট আছিল। ভাই জʼনৰ বহুত দক্ষতা আছিল, তথাপিও তেওঁ নম্ৰ আছিল আৰু তেওঁৰ আচাৰ-ব্যৱহাৰ ইমানেই ভাল আছিল যে যি কোনো লোকে কোনো সংকোচ নকৰাকৈ সহজে তেওঁৰ কাষ চাপিব পাৰিছিল। মই কি কৰা উচিত বা কি কৰা অনুচিত, এই বিষয়ে তেওঁ মোক কেতিয়াও কোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁ মোৰ বাবে এটা ভাল উদাহৰণ ৰাখিছিল। ভাই জʼনে ফ্ৰান্স ভাষা ভালদৰে কʼব নোৱাৰিছিল। সেইবাবে, মই তেওঁৰ লগত প্ৰচাৰলৈ গৈছিলোঁ আৰু ফ্ৰান্স কোৱাত সহায় কৰিছিলোঁ। তেওঁৰ সংগতিয়ে মোক ইমানেই সাহস দিলে যে অৱশেষত মই যিহোৱাৰ সাক্ষী হʼবলৈ নিৰ্ণয় লʼলোঁ। সাক্ষীসকলৰ লগত প্ৰথম সাক্ষাৎকাৰ হোৱাৰ ১০ বছৰৰ পাছত ১৯৫১ চনৰ মেʼ মাহৰ ২৬ তাৰিখে মই বাপ্তিষ্মা লʼলোঁ।
মই ঘৰে ঘৰে প্ৰচাৰ কৰিবলৈ ভয় কৰিছিলোঁ। কিন্তু জ’ন ৰেয়ে (ক) মোক (খ) সহায় কৰিলে
কুইবেক চহৰত আমাৰ এখন সৰু মণ্ডলী আছে আৰু তাৰ বেছিভাগ ভাই-ভনীয়ে পূৰ্ণ সময়ৰ সেৱা কৰে। তেওঁলোকৰ ভাল উদাহৰণ দেখি মইয়ো পূৰ্ণ সময়ৰ সেৱা কৰিবলৈ উৎসাহিত হʼলোঁ। সেইসময়ত আমি ঘৰে ঘৰে গৈ লোকসকলক প্ৰকাশন দিয়া নাছিলোঁ, কেৱল বাইবেলৰ পদ পঢ়ি লোকসকলক শুভবাৰ্তা জনাইছিলোঁ। সেইবাবে, আমি বাইবেলৰ পদ ব্যৱহাৰ কৰিবলৈ পাৰ্গত হোৱাৰ প্ৰয়োজন আছিল। মইয়ো বাইবেলৰ কিছুমান পদ মনত ৰাখিবলৈ চেষ্টা কৰিছিলোঁ, যাতে সত্যৰ বিষয়ে আনক জনাব পাৰোঁ। কিন্তু বহুতোলোকে আমাক বাইবেল পঢ়িবলৈ মানা কৰিছিল। তেওঁলোকৰ মতে কেথʼলিক গীৰ্জাই মানা কৰা বাইবেলৰপৰা তেওঁলোকে নপঢ়ে।
১৯৫২ চনত মই আমাৰ মণ্ডলীৰ চীমোন পেট্ৰী নামৰ এজনী ভনীক বিয়া কৰিলোঁ। বিয়াত পাছত আমি মণ্ট্ৰিয়েল নামৰ ঠাইত গৈ বাস কৰিবলৈ ধৰিলোঁ। এবছৰৰ পাছত আমাৰ এজনী ছোৱালীৰ জন্ম হয় আৰু তাইৰ নাম লীজা ৰাখিলোঁ। যদিও আমি বিয়াৰ কিছুসময়ৰ পাছত পূৰ্ণ সময়ৰ সেৱা এৰিলোঁ, তথাপিও মই আৰু চীমোনে আমাৰ জীৱন সৰল কৰিবলৈ চেষ্টা কৰিলোঁ, যাতে পৰিয়ালৰ সকলোৱে প্ৰচাৰ কাৰ্য্য আৰু সভাত বেছিকৈ ভাগ ল’ব পাৰোঁ।
পূৰ্ণ সময়ৰ সেৱা কৰিবলৈ এৰি দিয়াৰ ১০ বছৰৰ পাছত মই পুনৰ পূৰ্ণ সময়ৰ সেৱা কৰিবলৈ চিন্তা কৰিলোঁ। আচলতে মই ১৯৬২ চনত প্ৰাচীনৰ বাবে হোৱা ৰাজ্য পৰিচাৰক স্কুলত ভাগ লʼবলৈ গৈছিলোঁ। এই স্কুল কানাডাৰ বেথেলত হৈছিল আৰু এমাহ ধৰি হৈছিল। তাত মোক কামীল নামৰ এজন ভাইৰ লগত একেটা কোঠাতে থাকিবলৈ দিছিল। প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা ভাইৰ উৎসাহ সঁচাকৈ আকৰ্ষণীয়। তেওঁ এজন বিবাহিত ব্যক্তি আছিল আৰু তেওঁৰ ল’ৰা-ছোৱালীও আছিল, তথাপিও তেওঁ বহু ঘণ্টা ধৰি প্ৰচাৰ কাৰ্য্য কৰিছিল, কিয়নো তেওঁ পূৰ্ণ সময়ৰ সেৱা কৰিব বিচাৰিছিল। সেইসময়ত কুইবেকত ল’ৰা-ছোৱালী চোৱা-চিতা কৰাৰ লগতে পূৰ্ণ সময়ৰ সেৱা কৰা এনে ভাই-ভনীৰ সংখ্যা নিচেই কম আছিল। তেওঁ মোকো পূৰ্ণ সময়ৰ সেৱা কৰিবলৈ উৎসাহিত কৰিলে। সেই স্কুলৰ কিছুমাহৰ পাছত মই ভাবিলোঁ যে মই পুনৰ পূৰ্ণ সময়ৰ সেৱা কৰিব পাৰিম। কিছুমানে ভাবিছিল যে মই পূৰ্ণ সেৱা কৰিবলৈ লোৱা নিৰ্ণয় সঠিক নহয়। কিন্তু মই নিজৰ নিৰ্ণয় সলনি নকৰিলোঁ, কিয়নো মই যিহোৱাৰ সেৱা বেছিকৈ কৰিব বিচাৰিছিলোঁ। মই মোৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱা নিশ্চয় মোক সহায় কৰিব।
বিশেষ পূৰ্ণ সময়ৰ সেৱক হৈ পুনৰ কুইবেকলৈ আহিলোঁ
১৯৬৪ চনত চীমোন আৰু মোক বিশেষ পূৰ্ণ সময়ৰ সেৱক বনাই পুনৰ আমাৰ কুইবেক চহৰলৈ পঠিয়াই দিয়ে। আমি ইয়াত বহুবছৰ ধৰি সেৱা কৰিলোঁ। এতিয়া আগতকৈ ইয়াত প্ৰচাৰ কৰিবলৈ বহুত সহজ হ’।, কিন্তু কেতিয়াবা কেতিয়াবা আমাক বিৰোধৰ সন্মুখীন হ’বলগীয়া হৈছিল।
এদিনাখন শনিবাৰৰ ঘটনা, মই চেণ্ট-ম্যাৰী নামৰ এখন সৰু চহৰত প্ৰচাৰ কৰি আছিলোঁ, যি কুইবেক চহৰৰপৰা কিছু দূৰত আছিল। সেইসময়তে এজন আৰক্ষী অফিচাৰে মোক ধৰি থানালৈ লৈ যায়। মই কোনো পাৰমিট নোহোৱাকৈ ঘৰে ঘৰে প্ৰচাৰ কৰাৰ বাবে মোক জেলত বন্দী কৰা হৈছিল। পাছত মোক বিচাৰৰ্কতাৰ ওচৰলৈ লৈ যায়। বিচাৰকৰ্তাৰ নাম হৈছে বায়ৰ-ছৌন আৰু তেওঁ দেখিবলৈ বৰ ভয়ানক আছিল। তেওঁ মোক সুধিছিল, “তোমাৰ ফলিয়া হৈ কোনে যুঁজিব।” মই ক’লো, “গ্লেন হাওa যুজিব” এই নাম শুনিয়েই বিচাৰকৰ্তাই ভয় খালে। তেওঁ ক’লে “তুমি আৰু কাকো নাপালা?” প্ৰকৃততে গ্লেন হাও আমাৰ এজন ভাই আছিল আৰু বহুত বিখ্যাত উকিল আছিল। তেওঁ যিহোৱাৰ সাক্ষীসকলৰ ফলিয়া হৈ বহুতো কেছত যুঁজ কৰিছিল আৰু জয়লাভ কৰিছিল। কিছুসময়ৰ পাছত ন্যায়লয়ে মোক ক’লে যে মোৰ ওপৰত কৰা সকলো অভিযোগ নাকচ কৰি দিয়া হৈছে।
কুইবেকত বিৰোধৰ বাবে সভাৰ কাৰণে ভাল ঠাই পোৱা নগৈছিল। আমাৰ সৰু মণ্ডলীয়ে এটা পুৰণি গেৰেজ বিচাৰি পাইছিল, য’ত বহুত ঠাণ্ডা হৈছিল। আমি তেলেৰে চলা এটা হিটাৰৰপৰা কাম চলাইছিলোঁ। আমি প্ৰায়ে সভা আৰম্ভ হোৱাৰ কিছু সময়ৰ আগতে আহোঁ আৰু সকলোৱে হিটাৰৰ চাৰিওফালে থিয় হৈ এজনে-আনজনক উৎসাহিত কৰিব পৰা কিছুমান অনুভৱ কৈছিলোঁ।
বিগত বছৰবোৰত প্ৰচাৰ কাৰ্য্যৰ উন্নতি দেখি মই আনন্দিত হওঁ। ১৯৬০ চনৰ সময়ছোৱাত কুইবেক চহৰৰ এলেকা, কʼট নʼৰ ৰাজ্য আৰু গাস্পে প্ৰায়দ্বীপত কেৱল কেইটামানহে মণ্ডলী আছিল আৰু প্ৰতিটো মণ্ডলীত কেইজনমানহে প্ৰচাৰক আছিল। কিন্তু এতিয়া এই এলেকাবোৰতে দুটাতকৈ বেছি চাৰ্কিট হৈ গʼল আৰু ভাই-ভনীসকলে সভাৰ বাবে সুন্দৰ ৰাজ্যগৃহত একত্ৰিত হয়।
চাৰ্কিট কামৰ বাবে নিমন্ত্ৰণ
১৯৭৭ চনত মই টʼৰংটৌত চাৰ্কিট ওভাৰচিয়াৰৰ এটা সভাত উপস্থিত হৈছিলোঁ
১৯৭০ চনত চীমোন আৰু মোক চাৰ্কিট কামৰ দায়িত্ব দিয়ে। তাৰ পাছত ১৯৭৩ চনত জিলা অধ্যক্ষ হিচাপে কাম কৰোঁ। সেই বছৰৰ সময়ছোৱাত মই ভাই লৌৰয়া ছʼময়ুৰb আৰু ভাই ডেভিদ স্প্লেনৰc দৰে যোগ্য ভাইসকলৰপৰা বহুতো কথা শিকিব পাৰিলোঁ। এই দুয়োজন ভায়ে চাৰ্কিটৰ কাম কৰিছিল। প্ৰতিটো সন্মিলনৰ পাছত ভাই ডেভিদ আৰু মই এজনে-আনজনক পৰামৰ্শ দিছিলোঁ যে আমি কেনেকৈ শিকোৱাৰ দক্ষতাক উন্নতি কৰিব পাৰোঁ। মোৰ মনত আছে এবাৰ ভাই ডেভিদে মোক কৈছিল, “লেয়ন্স, তোমাৰ ভাষণ বৰ ভাল আছিল। কিন্তু মই তোমাৰ ঠাইত থকা হʼলে তুমি দিয়া তথ্যৰপৰা মই তিনিটা ভাষণ দিলোঁহেঁতেন।” মই প্ৰায়ে নিজৰ ভাষণত বহুতো তথ্য দিছিলোঁ। ভাই ডেভিদৰ পৰামৰ্শৰপৰা মই শিকিলোঁ যে মই নিজৰ ভাষণ সৰলভাৱে প্ৰস্তুত কৰা উচিত।
মই কানাডাৰ পূবফালৰ বহুতো চহৰত সেৱা কৰিলোঁ
জিলা অধ্যক্ষৰ কাম আছিল, চাৰ্কিট ওভাৰচিয়াৰক উৎসাহিত কৰা। কিন্তু কোনো চাৰ্কিটত সাক্ষাৎ কৰাৰ সময়ত মই চাৰ্কিট ওভাৰচিয়াৰৰ লগত বেছি সময় অতিবাহিত কৰা নাছিলোঁ। মই আন ভাই-ভনীসকলৰ লগত প্ৰচাৰত বেছিকৈ গৈছিলোঁ। কিয়নো কুইবেকত বহুতো প্ৰচাৰকৰ লগত মোৰ ভাল বন্ধুত্ব হৈ পৰিছিল। সেইবাবে, এবাৰ এজন চাৰ্কিট ওভাৰচিয়াৰে মোক মৰমেৰে বুজাইছিল, “ভাই, আপুনি আন ভাই-ভনীসকলৰ লগত সময় অতিবাহিত কৰে, এয়া ভাল কথা। কিন্তু এইবাৰ আপোনাক মোৰ বাবে পঠোৱা হৈছে। মোকো আপোনাৰপৰা উৎসাহৰ প্ৰয়োজন।” এই পৰামৰ্শ পাই মই নিজৰ চিন্তাধাৰা সলনি কৰিলোঁ।
১৯৭৬ চনটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মোৰ মৰমৰ পত্নী হঠাতে অসুস্থ হৈ পৰে আৰু তাইৰ মৃত্যু হয়। চীমোন সদায় আনৰ বিষয়ে চিন্তা কৰিছিল আৰু যিহোৱাক হৃদয়ৰপৰা প্ৰেম কৰিছিল। এনে জীৱন সংগীক হেৰুৱাটো সঁচাকৈ বৰ দুখজনক। কিন্তু প্ৰচাৰ কাৰ্য্যত লাগি থকাৰ বাবে মই নিজৰ দুখ সহন কৰিব পাৰিলোঁ। এই কঠিন পৰিস্থিতিত যিহোৱাই মোক এৰি দিয়া নাছিল আৰু ইয়াৰ বাবে তেওঁৰ প্ৰতি মই কৃতজ্ঞ। কিছু সময়ৰ পাছত মই ভনী কেৰʼলিন এলিয়টক লগ পালোঁ। তাই এগৰাকী উদ্যমী অগ্ৰগামী সেৱক আছিল। তাই ইংৰাজী ভাষা কয় আৰু কুইবেকত সেৱা কৰিবলৈ আহিছিল। কিয়নো তাত প্ৰচাৰকৰ প্ৰয়োজন আছিল। কেৰʼলিন সহজে লোকসকলৰ লগত মিলিব পাৰিছিল। তাই আন লোকসকলৰ বিষয়ে চিন্তা কৰিছিল, বিশেষকৈ যিসকলে নিজকে অকলশৰীয়া অনুভৱ কৰে বা লাজুকীয়া স্বভাৱৰ হয়। আমি দুয়োজনে বিয়া কৰোঁ আৰু চাৰ্কিটৰ কামত তাই মোক সহায় কৰে।
এক গুৰুত্বপূৰ্ণ বছৰ
১৯৭৮ চনৰ জানুৱাৰী মাহত কুইবেকত প্ৰথম বাৰৰ বাবে অগ্ৰগামী সেৱা স্কুল ৰখা হৈছিল আৰু এই স্কুলত শিকোৱাৰ দায়িত্ব মোক দিয়া হৈছিল। মই বৰ চিন্তিত আছিলোঁ, কিয়নো মই নিজে কেতিয়াও অগ্ৰগামী সেৱা স্কুলত ভাগ লোৱা নাছিলোঁ আৰু এই স্কুলৰ কিতাপো মই দেখা নাছিলোঁ। বিদ্যাৰ্থীসকলৰ বাবে এয়া যিমান নতুন আছিল, সিমানেই মোৰ বাবেও নতুন আছিল। কিন্তু এটা কথা ভাল আছিল যে এই স্কুলত বহুতো অভিজ্ঞ অগ্ৰগামী সেৱক আছিল। যদিও মই তেওঁলোকৰ শিক্ষক আছিলোঁ, কিন্তু ময়ো তেওঁলোকৰপৰা বহুতো কথা শিকিলোঁ।
১৯৭৮ চনত কুইবেকত এখন আন্তঃৰাষ্ট্ৰীয় অধিৱেশন ৰখা হৈছিল। এয়া মণ্ট্ৰিয়াল অলিম্পিক ষ্টেডিয়ামত হৈছিল। অধিৱেশনৰ বিষয় আছিল, “বিশ্বাসৰ জয়লাভ।” ই কুইবেকৰ এটা ডাঙৰ অধিৱেশন আছিল। ইয়াত ৮০,০০০ তকৈ বেছি লোক উপস্থিত হৈছিল। অধিৱেশৰ বিষয়ে সাংবাদিকৰ লগত কথা পতাৰ কাম মোক দিয়া হৈছিল। মই বহুতো সাংবাদিকৰ লগত থকা পাতিছিলোঁ আৰু মই আনন্দিত হৈছিলোঁ, কিয়নো তেওঁলোকে বাতৰি কাকতত আমাৰ বিষয়ে ভাল কথাবোৰ লিখিছিল।
বেলেগ ঠাইলৈ পঠিওৱা হৈছিল
১৯৯৬ চনত মোৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন হৈছিল। মোক টʼৰংটৌ এলেকাৰ ইংৰাজী মণ্ডলীবোৰৰ জিলাত সেৱা কৰিবলৈ পঠিওৱা হয়। মোৰ বাপ্তিষ্মা হোৱাৰেপৰা কুইবেকত ফ্ৰান্স ভাষা কোৱা মণ্ডলীবোৰত সেৱা কৰিছিলোঁ। সেইবাবে, মই ভাবিছিলোঁ যে মই ইংৰাজী ভাষা কোৱা মণ্ডলীবোৰত সেৱা কৰিব নোৱাৰিম। মই ভালকৈ ইংৰাজী কʼব নজনাৰ বাবে মই ভাষণ দিবলৈ বৰ ভয় খাইছিলোঁ। মই এতিয়া আগতকৈ বেছি প্ৰাৰ্থনা কৰিব ধৰিলোঁ আৰু যিহোৱাৰ ওপৰত ভৰসা কৰিলোঁ।
যদিও মই আৰম্ভণিতে ভয় খাইছিলোঁ, কিন্তু পাছত তাত সেৱা কৰি মই বৰ আনন্দিত হৈছিলোঁ। মই তাত দুবছৰ আছিলোঁ। কেৰʼলিনে মোক ইংৰাজী কʼবলৈ যথেষ্ট সহায় কৰিছিল। তাত থকা ভাই-ভনীসকলেও মোক সাহস দিছিল। কিছু সময়ৰ ভিতৰতে আমি তাত বহুতো ভাল বন্ধু পাইছিলোঁ।
যেতিয়া কোনো সপ্তাহৰ শেষত সন্মিলন হৈছিল, তেতিয়া মোক বহুতো কাম কৰিবলগীয়া হয়। তথাপি মই কেইবাবাৰো সন্মিলনৰ আগৰ শুক্ৰবাৰে গধুলি ঘৰে ঘৰে প্ৰচাৰ কৰিবলৈ গৈছিলোঁ। কিছুমান লোকে হয়তো ভাবিব পাৰে যে সন্মিলনৰ বাবে বহুতো কাম থাকে। গতিকে, আমি প্ৰচাৰ কৰিবলৈ কিয় যোৱা উচিত। কিন্তু যেতিয়া প্ৰচাৰ কাৰ্য্যত মই এনে কাৰোবাক লগ পাওঁ, যাৰ লগত মোৰ ভাল কথা-বতৰা হয়, তেতিয়া মই আনন্দিত হওঁ। আজিও প্ৰচাৰ কাৰ্য্যত ভাগ লʼলে মই আনন্দিত হওঁ।
১৯৯৮ চনত কেৰʼলিন আৰু মোক বিশেষ অগ্ৰগামী সেৱক বনাই পুনৰ মেণ্ট্ৰিয়েললৈ পঠিয়ায়। কেইবাবছৰলৈকে মোৰ কাম আছিল, বিশেষ সাৰ্বজনীন সেৱাৰ বাবে ব্যৱস্থা কৰা আৰু যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে থকা ভুল ধাৰণাবোৰ দূৰ কৰিবলৈ সাংবাদিকৰ লগত কথা পতা। আজি কেৰʼলিন আৰু মই সেই বিদেশীসকলক প্ৰচাৰ কৰোঁ, যিসকলে কানাডালৈ আহিছে আৰু বাইবেলৰ বিষয়ে বেছিকৈ জানিব বিচাৰে।
মোৰ পত্নী কেৰʼলিনৰ লগত
মই বাপ্তিষ্মা লৈ যিহোৱাৰ সেৱা কৰা ৬৮ বছৰ হৈছে আৰু এই সময়ছোৱাত মই বহুতো আশীৰ্বাদ লাভ কৰিছোঁ। এটা ডাঙৰ আশীৰ্বাদ হৈছে, মই প্ৰচাৰ কাৰ্য্যত আনন্দিত হʼবলৈ শিকিলোঁ আৰু সত্যৰ বিষয়ে জানিবলৈ বহুতোলোকক সহায় কৰিব পাৰিলোঁ। মোৰ ছোৱালী লীজা আৰু তাইৰ স্বামীয়ে নিজৰ সন্তানক প্ৰতিপালন কৰাৰ পাছত অগ্ৰগামী সেৱা আৰম্ভ কৰে। এই দেখি মই আনন্দিত হওঁ যে লীজাই আজিও উৎসাহেৰে সেৱা কৰে। মই সেই ভাই-ভনীসকলৰ বাবে কৃতজ্ঞ, যিসকলে মোৰ বাবে এক ভাল উদাহৰণ ৰাখিছে আৰু মোক ভাল পৰামৰ্শ দিছে। তেওঁলোকৰ সহায়ৰ বাবেহে মই যিহোৱাৰ লগত এক ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিলোঁ আৰু সংগঠনৰ বহুতো দায়িত্ব পালন কৰিব পাৰিলোঁ। মই শিকিলোঁ যে যিহোৱাৰ পবিত্ৰ আত্মাৰ ওপৰত নিৰ্ভৰ থাকিলে আমি সংগঠনত নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰোঁ। (গীত. ৫১:১১) মই সদায় যিহোৱাক ধন্যবাদ কৰোঁ। কিয়নো তেওঁৰ নাম প্ৰশংসা কৰাৰ বাবে মই এক ডাঙৰ সন্মান লাভ কৰিছোঁ।—গীত. ৫৪:৬.
a মে’ ৮, ২০০০ চনৰ সচেতন থাকক! (হিন্দী) প্ৰকাশনত ভাই উইলিয়াম গ্লেন হাওৰ জীৱন কাহিনী পঢ়ক, যাৰ বিষয় হৈছে, “এই যুদ্ধ তোমাৰ নহয়, ঈশ্বৰৰ হয়।”
b নৱেম্বৰ ১৫, ১৯৭৬ চনৰ প্ৰহৰীবুৰুজৰ, (ইংৰাজী) “যুঁজ কৰিবলৈ মই কিবা বিচাৰি পালোঁ” জীৱন কাহিনীটো পঢ়ক।
c ভাই ডেভিদ স্প্লেন যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীৰ সদস্য হয়।