ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp21 নং ১ পৃষ্ঠা ৩-৪
  • লোকসকলে কি কয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • লোকসকলে কি কয়?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
  • মিল থকা বিষয়
  • প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপক
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • প্ৰাৰ্থনা—এটা ডাঙৰ সন্মান
    বাইবেলে আমাক কি শিকায়?
  • প্ৰাৰ্থনাই ঈশ্বৰৰ কাষ চাপিবলৈ আপোনাক সহায় কৰিব
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • আপুনি ঈশ্বৰৰ কাষ কেনেকৈ চাপিব পাৰে
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
wp21 নং ১ পৃষ্ঠা ৩-৪
বেলেগ বেলেগ ঠাইত থকা লোকসকলে নিৰ্দেশনা বিচাৰি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি আছে।

লোকসকলে কি কয়?

মাৰিয়াই কৈছে, “যেতিয়া মই প্ৰাৰ্থনা কৰোঁ, তেতিয়া অনুভৱ কৰোঁ যে ঈশ্বৰ মোৰ লগত আছে, তেওঁ মোৰ হাত ধৰি আছে আৰু সঠিক পথ দেখুৱাইছে।”

ৰাহুলে কৈছে, “মোৰ পত্নীয়ে ১৩ বছৰলৈকে কেন্সাৰৰ লগত যুঁজিলে আৰু তাৰ পাছত তাইৰ মৃত্যু হʼল। এই সময়ছোৱাত মই সদায় ঈশ্বৰক মোৰ মনৰ সকলো কথা জনাইছিলোঁ। এইদৰে কৰাৰ বাবে মই মনৰ শান্তি লাভ কৰিলোঁ।”

আৰ্নে কৈছে, “এয়া কিমান ডাঙৰ কথা যে আমি ঈশ্বৰক নিজৰ মনৰ সকলো কথা খুলি কʼব পাৰোঁ।”

বহুতো লোকে বিশ্বাস কৰে যে ঈশ্বৰৰ লগত কথা পাতিবলৈ পোৱাটো এক উপহাৰ হয়। তেওঁলোকে প্ৰাৰ্থনাত ঈশ্বৰৰ লগত কথা পাতে, তেওঁক ধন্যবাদ দিয়ে আৰু সহায় বিচাৰে। ‘তেওঁলোকৰ সম্পূৰ্ণ ভৰসা আছে যে যদি তেওঁলোকে ঈশ্বৰৰ ইচ্ছাৰ দৰে কিবা যাচনা কৰে, তেন্তে তেওঁ তেওঁলোকৰ যাচনা শুনিব।’—১ যোহন ৫:১৪.

আন কিছুমানে ভাবে যে প্ৰাৰ্থনা কৰাৰ একো লাভ নাই। ষ্টীব নামৰ এজন ব্যক্তিও এইদৰে ভাবিছিল। তেওঁ কৈছে, “যেতিয়া মোৰ বয়স ১৭ বছৰ আছিল, তেতিয়া মোৰ তিনিজন বন্ধুৰ মৃত্যু হʼল। এজনৰ পথ দুৰ্ঘটনাত আৰু দুজনৰ সাগৰত ডুবি মৃত্যু হʼল। মই ভগৱানক বাৰে বাৰে সুধিছিলোঁ, ‘তুমি কিয় এইদৰে হʼবলৈ দিলা?’ কিন্তু মই কোনো উত্তৰ নাপালোঁ। মই ভাবিলোঁ, ‘যদি কোনোৱে শুনাই নাই, তেনেহʼলে প্ৰাৰ্থনা কৰাৰ কি লাভ?’” ষ্টীবৰ দৰে যেতিয়া বহুতো লোকে প্ৰাৰ্থনাৰ উত্তৰ নাপায়, তেতিয়া প্ৰাৰ্থনা কৰিবলৈ এৰি দিয়ে।

আকৌ বহুতো লোকে ভাবে যে ঈশ্বৰে দেখোন সকলো কথা জানে, সেইবাবে তেওঁলোকে প্ৰাৰ্থনা নকৰে। তেওঁলোকে কয় ঈশ্বৰে জানে যে আমাৰ জীৱনত কি চলি আছে, আমাৰ কিহৰ প্ৰয়োজন আছে, তেনেহʼলে সকলো কথাৰ বাবে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন নাই।

কিছুমান লোকে প্ৰাৰ্থনা কৰিবলৈ সংকোচ কৰে। কিয়নো তেওঁলোকে আগতে বহুতো ভুল কৰিছিল। তেওঁলোকে ভাবে যে ঈশ্বৰে পাপী লোকসকলৰ কথা নুশুনে। জেনী নামৰ এগৰাকী তিৰোতাই কৈছে, “মই ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ যোগ্য নহয়। মই বহুতো ভুল কৰিলোঁ, সেইবাবে হয়তো ঈশ্বৰে মোৰ প্ৰাৰ্থনা নুশুনিব।”

এগৰাকী তিৰোতাই ওপৰ ফালে চাই প্ৰাৰ্থনা কৰি আছে, কিন্তু আন লোকসকলে মূৰ তল কৰি প্ৰাৰ্থনা কৰি আছে।

আপুনি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰে নে আপুনিও ভাবে যে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ কোনো লাভ নাই? পবিত্ৰ শাস্ত্ৰ বাইবেলত এই সকলো প্ৰশ্নৰ উত্তৰ দিয়া হৈছে আৰু ইয়াত লিখা কথাবোৰৰ ওপৰত আমি সম্পূৰ্ণ ভৰসা কৰিব পাৰোঁ।a প্ৰাৰ্থনাৰ বিষয়ে আপোনাৰ মনতো কিবা প্ৰশ্ন হʼব পাৰে, যেনে:

  • ঈশ্বৰে সঁচাকৈ আমাৰ প্ৰাৰ্থনা শুনেনে?

  • ঈশ্বৰে কিছুমান প্ৰাৰ্থনা কিয় নুশুনে?

  • আমি কেনেকৈ প্ৰাৰ্থনা কৰা উচিত?

  • প্ৰাৰ্থনা কৰিলে আমাৰ কি লাভ হʼব পাৰে?

a বাইবেলত ঈশ্বৰৰ বহুতো উপাসকৰ প্ৰাৰ্থনা উল্লেখ আছে। যেনে, যীচু খ্ৰীষ্টৰ প্ৰাৰ্থনা। ইয়াৰ এটা ভাগত (যাক পুৰণি নিয়ম বুলিও কোৱা হয়) ১৫০ টা প্ৰাৰ্থনা লিখা আছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক