পাঠকসকলৰ প্ৰশ্ন
কিছুমান লোকে কয় যে গীতমালা ১২:৭ পদত যিহোৱাই কোৱা কথাৰ বিষয়ে কোৱা হৈছে কিন্তু নতুন জগত অনুবাদত ‘দৰিদ্ৰসকলৰ’ বিষয়ে কোৱা হৈছে। এইদৰে কিয় বাৰু?
আশে-পাশে থকা পদবোৰৰ পৰা জানিব পাৰোঁ যে গীতমালা ১২:৭ পদত লোকসকলৰ বিষয়ে কোৱা হৈছে।
গীতমালা ১২:১-৪ পদত দায়ূদে কয় যে “সাধু লোক লোপ পালে।” পাছত তেওঁ গীতমালা ১২:৫-৭ পদত এইদৰে কৈছে:
“যিহোৱাই কৈছে, ‘দুখীয়াবিলাকৰ উপদ্ৰৱ,
আৰু দৰিদ্ৰবিলাকৰ হুমুনিয়াহৰ
কাৰণে মই এতিয়া উঠিম,
মই পৰিত্ৰাণলৈ হাবিয়াহ কৰা জনক নিৰাপদে ৰাখিম।’
যিহোৱাৰ বাক্যবোৰ নিৰ্ম্মল বাক্য;
সেইবোৰ মাটিত বহোৱা মহিত পৰীক্ষিত হোৱা সাতবাৰ খপা ৰূপৰ নিচিনা।
হে যিহোৱা, তুমি তেওঁবিলাকক ৰক্ষা কৰিবা;
চিৰকাললৈকে এই কালৰ লোকবিলাকৰ পৰা তুমি তেওঁবিলাকক ৰাখিবা।”
“দুখীয়াসকলৰ” বিষয়ে ৫ পদত কোৱা হৈছে যে যিহোৱাই তেওঁবিলাকক ৰক্ষা কৰিব।
আৰু ৬ পদত কোৱা হৈছে যে ‘যিহোৱাৰ বাক্যবোৰ নিৰ্মল বাক্য; যি সাতবাৰ খপা ৰূপৰ নিচিনা।’ যিহোৱাৰ সকলো সেৱক এই কথাত সন্মত।—গীত. ১৮:৩০; ১১৯:১৪০.
কিছুমান বাইবেলত গীতমালা ১২:৭ পদত এইদৰে অনুবাদ কৰা হৈছে “হে যিহোৱা, তুমি তেওঁবিলাকক ৰক্ষা কৰিবা।” যিহেতু ৬ পদত “যিহোৱাৰ বাক্যবোৰ” বুলি কোৱা হৈছে, সেইবাবে, কিছুমান লোকে ভাবে যে ৭ পদত ‘তেওঁবিলাকৰ ৰক্ষা কৰিব’ ইয়াৰ অৰ্থ হৈছে যিহোৱা নিজৰ কথা বা বাক্যক ৰক্ষা কৰিব। এয়া সঁচা যে যিহোৱাই নিজৰ বাক্য বাইবেলক শত্ৰুসকলৰ পৰা ৰক্ষা কৰিলে, কিয়নো তেওঁলোকে ইয়াৰ ওপৰত বাধা আনিব বিচাৰিছিল আৰু ইয়াক নষ্ট কৰিব বিচাৰিছিল।—যিচ. ৪০:৮; ১ পিত. ১:২৫.
কিন্তু যিহোৱাই লোকসকলৰো ৰক্ষা কৰে। যেনে, ৫ পদত কোৱা হৈছে তেওঁ ‘দুখীয়াবিলাকক’ ৰক্ষা কৰে, যিসকলক তাড়না দিয়া হৈছে আৰু আগলৈয়ো ৰক্ষা কৰি থাকিব।—ইয়ো. ৩৬:১৫; গীত. ৬:৪; ৩১:১, ২; ৫৪:৭; ১৪৫:২০.
সেইবাবে এতিয়া প্ৰশ্ন হৈছে ৭ পদত কাক ৰক্ষা কৰাৰ বিষয়ে কোৱা হৈছে, লোক সকলক নে ঈশ্বৰৰ বাক্যৰ?
এই গীতত মন কৰিলে স্পষ্টকৈ জানিব পাৰি যে ইয়াত লোকসকলৰ বিষয়ে কোৱা হৈছে।
গীতমালা ১২-ৰ আৰম্ভণিতে ‘সাধু লোকৰ’ অৰ্থাৎ যিহোৱাৰ বিশ্বাসী লোকসকলৰ বিষয়ে কোৱা হৈছে, যিসকলক দুষ্ট লোকে মিছা কথা কয়। তাৰ পাছত কোৱা হৈছে যে “যিহোৱাই সকলো খুচামুদি ওঁঠ আৰু বৰ কথীয়া জিবা কাটি পেলাব।” যিহোৱাই নিজৰ লোকসকলৰ বাবে নিশ্চয় পদক্ষেপ লʼব, কিয়নো যিহোৱাৰ বাক্য শুদ্ধ।
সেইবাবে আমি কʼব পাৰোঁ যে ৭ পদত লোকসকলক ৰক্ষা কৰাৰ বিষয়ে কোৱা হৈছে, যিসকলক দুষ্টসকলে তাড়না দিয়ে।
গতিকে কিছুমান বাইবেলত ৭ পদৰ অনুবাদ এইদৰে কিয় কৰা হৈছে, “তুমি তেওঁবিলাকক ৰক্ষা কৰিবা।” কাৰণ হীব্ৰু শাস্ত্ৰৰ বিশ্বাসযোগ্য হস্তলিপিত এইদৰে লিখা আছে। কিন্তু গ্ৰীক চেপ্টুআজেন্টত লিখা আছে যে “তেওঁ আমাৰ ৰক্ষা কৰিব” আৰু “আমাক বচাব।” ইয়াৰ অৰ্থ হৈছে, ঈশ্বৰে নিজৰ বিশ্বাসী লোকসকলক যাক তাড়না দিয়া হৈছে, তেওঁলোকক সুৰক্ষা দিব। যিহোৱাই ‘চিৰকাললৈকে এই কালৰ লোকবিলাকৰ পৰা তেওঁবিলাকক ৰক্ষা কৰিব।’ (গীত. ১২:৭, ৮) হীব্ৰু শাস্ত্ৰৰ এখন অৰামী অনুবাদত ৭ পদত এইদৰে লিখা হৈছে, “হে প্ৰভু, তুমি নম্ৰবিলাকক ৰক্ষা কৰিবা; চিৰকাললৈকে এই কালৰ লোকবিলাকৰ পৰা তুমি তেওঁবিলাকক ৰক্ষা কৰিবা।” গীতমালা ১২:৭ পদত ঈশ্বৰৰ কথা বা বাক্যক নহয়, লোকসকলৰ বিষয়ে কোৱা হৈছে বুলি কিয় কʼব পাৰোঁ, এয়া তাৰে আন এটা কাৰণ।
গীতমালা ১২:৭ পদত বিশ্বাসযোগ্য লোকসকলক আশা দিয়া হৈছে যে ঈশ্বৰে তেওঁলোকক ৰক্ষা কৰিব আৰু বচাব।