অধ্যয়নৰ লেখ ৩২
গীত নং ৪৪ দৰিদ্ৰ লোকৰ প্ৰাৰ্থনা
সকলো লোকে অনুতাপ কৰাটো যিহোৱাই বিচাৰে!
“ঈশ্বৰে কোনো এজনো যাতে বিনষ্ট নহয়, কিন্তু সকলোৱে যেন মন-পালটন কৰে সেয়ে তেওঁ আমাৰ কাৰণে ধৈৰ্য্য ধৰি আছে।”—২ পিত. ৩:৯, IRV.
কি শিকিম?
আমি শিকিম যে অনুতাপ কৰাৰ অৰ্থ কি, অনুতাপ কৰাটো কিয় ইমান গুৰুত্বপূৰ্ণ আৰু যিহোৱাই লোকসকলক অনুতাপৰ ফালে লৈ যাবলৈ কি কৰিলে।
১. অনুতাপ কৰাৰ অৰ্থ কি?
যেতিয়া আমি কিবা ভুল কৰোঁ, তেতিয়া অনুতাপ কৰাটো অতি গুৰুত্বপূৰ্ণ। বাইবেলত কোৱা হৈছে যে যিজন ব্যক্তিয়ে অনুতাপ কৰে, তেওঁ নিজৰ ভুলৰ বাবে দুখ অনুভৱ কৰে। তেওঁ বেয়া কাম কৰিবলৈ এৰি দিয়ে আৰু সেই ভুল আকৌ নকৰিম বুলি থিৰাং কৰে।—বাইবেলৰ শব্দাৱলীত (হিন্দী) “অনুতাপ” পঢ়ক।
২. অনুতাপ কি, তাৰ বিষয়ে বুজি পোৱাটো কিয় অতি গুৰুত্বপূৰ্ণ? (নহিমিয়া ৮:৯-১১)
২ অনুতাপ কি, তাৰ বিষয়ে প্ৰতিজন ব্যক্তিয়ে বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ। কিয় বাৰু? কাৰণ আমি প্ৰতিদিনে কিবা নহয় কিবা ভুল কৰোঁ। পাপ আৰু মৃত্যু আমি আদম আৰু হৱাৰ পৰা উত্তৰাধিকাৰী হিচাপে পাইছোঁ। (ৰোম. ৩:২৩; ৫:১২) এনে কোনো ব্যক্তি নাই, যিজনে কেতিয়াও পাপ কৰা নাই। পাঁচনি পৌল আৰু আন বিশ্বাসী লোকসকলেও পাপৰ বিৰোধে যুঁজিবলগীয়া হৈছিল। (ৰোম. ৭:২১-২৪) গতিকে আমাৰ পৰা কিবা নহয় কিবা ভুল হৈ থাকে বুলি ভাবি আমি নিৰাশ হোৱা উচিত নে? নহয়। কাৰণ যিহোৱাই আমাক দয়া দেখুৱায় আৰু আমি আনন্দিত থকাটো তেওঁ বিচাৰে। নহিমিয়াৰ সময়ত তেওঁ যিহূদীসকলক কি কৈছিল, তালৈ মন কৰক। (নহিমিয়া ৮:৯-১১ পঢ়ক।) তেওঁলোকে নিজৰ পাপবোৰ মনত পেলাই দুখ কৰি থকাটো যিহোৱাই বিচৰা নাছিল, তাৰ পৰিৱৰ্তে তেওঁলোকে আনন্দেৰে তেওঁৰ সেৱা কৰাটোহে বিচাৰিছিল। যিহোৱাই জানে যে অনুতাপ কৰিলে আমি আনন্দ পাওঁ। সেইবাবে, আমি ইয়াৰ বিষয়ে জনাটো তেওঁ বিচাৰে। যদি আমি অনুতাপ কৰোঁ, তেনেহʼলে আমি সম্পূৰ্ণ বিশ্বাস ৰাখিব পাৰোঁ যে আমাৰ দয়ালু পিতৃয়ে আমাক নিশ্চয় ক্ষমা কৰিব।
৩. এই লেখত আমি কি শিকিম?
৩ এতিয়া আহক অনুতাপ কৰাৰ বিষয়ে আমি তিনিটা কথাৰ ওপৰত মন কৰোঁ। এই লেখত আমি প্ৰথমতে শিকিম যে যিহোৱাই অনুতাপ কৰাৰ বিষয়ে ইস্ৰায়েলীসকলক কি শিকাইছিল। তাৰ পাছত চাম যে পাপ কৰা লোকসকলক অনুতাপৰ ফালে লৈ যাবলৈ যিহোৱাই কি কৰিলে। অৱশেষত চাম যে যীচুৱে অনুতাপ কৰাৰ বিষয়ে নিজৰ শিষ্যসকলক কি শিকালে।
অনুতাপ কৰাৰ বিষয়ে যিহোৱাই ইস্ৰায়েলীসকলক কি শিকালে?
৪. যিহোৱাই ইস্ৰায়েলীসকলক অনুতাপ কৰাৰ বিষয়ে কি শিকালে?
৪ যেতিয়া যিহোৱাই ইস্ৰায়েলীসকলক এটা ৰাষ্ট্ৰ হিচাপে সংগঠিত কৰিছিল, তেতিয়া তেওঁলোকৰ লগত এটা চুক্তি কৰিছিল। যিহোৱাই কৈছিল যে তেওঁলোকে তেওঁৰ আজ্ঞা পালন কৰিলে যিহোৱাই তেওঁলোকক ৰক্ষা কৰিব আৰু আশীৰ্বাদ দিব। তেওঁ কৈছিল, “মই আজি আপোনালোকক যি আজ্ঞা দিছোঁ, তাক পালন কৰাটো আপোনালোকৰ কাৰণে কঠিন নহয় বা আপোনালোকৰ সাধ্যৰ বাহিৰতো নহয়।” (দ্বিতী. ৩০:১১, ১৬, IRV) কিন্তু ইস্ৰায়েলীসকলে যদি যিহোৱাৰ আজ্ঞা পালন নকৰে, যেনে: তেওঁলোকে যদি মিছা দেৱী-দেৱতাবোৰক উপাসনা কৰি থাকে, তেনেহʼলে যিহোৱাই তেওঁলোকক যি আশীৰ্বাদ দিছিল, সেয়া তেওঁলোকৰ ওপৰৰ পৰা আঁতৰাই দিব আৰু তেওঁলোকে বহুতো সমস্যা সন্মুখীন হʼব লাগিব। কিন্তু ইয়াৰ অৰ্থ এয়া নাছিল যে যিহোৱাই তেওঁলোকক সদায় দিনৰ বাবে এৰি দিব। যদি তেওঁলোকে অনুতাপ কৰে আৰু ‘নিজ ঈশ্বৰ যিহোৱালৈ ঘূৰি, তেওঁৰ বাক্যলৈ কাণ দিয়ে,’ তেনেহʼলে যিহোৱাই তেওঁলোকক আকৌ গ্ৰহণ কৰিব। (দ্বিতী. ৩০:১-৩, ১৭-২০) যিহোৱাই পুনৰ তেওঁলোকৰ কাষ চাপিলেহেঁতেন আৰু তেওঁলোকক আশীৰ্বাদ দিলেহেঁতেন।
৫. যিহোৱাই নিজৰ লোকসকলক এৰি দিয়া নাই বুলি কেনেকৈ দেখুৱালে? (২ ৰাজাৱলি ১৭:১৩, ১৪)
৫ দুখৰ বিষয় যে যিহোৱাৰ লোকসকলে বাৰে বাৰে তেওঁৰ বিৰুদ্ধে গৈছিল। কেতিয়াবা তেওঁলোকে মূৰ্তিপূজা কৰিছিল আৰু কেতিয়াবা আন ধৰণৰ ঘৃণনীয় কামবোৰ কৰিছিল। ইয়াৰ বাবে তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হʼব লাগিছিল। কিন্তু যিহোৱাই তেওঁলোকক এৰি দিয়া নাছিল, তেওঁলোকক সহায় কৰি থাকিল। তেওঁ বাৰে বাৰে নিজৰ ভৱিষ্যবক্তাসকলক তেওঁলোকৰ ওচৰলৈ পঠিয়াইছিল আৰু তেওঁলোকক অনুতাপ কৰিবলৈ আৰু তেওঁৰ ওচৰলৈ উভতি আহিবলৈ অনুৰোধ কৰিছিল।—২ ৰাজাৱলি ১৭:১৩, ১৪ পঢ়ক।
৬. পাপ কৰা লোকসকলে অনুতাপ কৰাটো গুৰুত্বপূৰ্ণ বুলি যিহোৱাই ভৱিষ্যবক্তাসকলৰ যোগেদি কেনেকৈ বুজালে? (ছবিখনো চাওক।)
৬ যিহোৱাই প্ৰায়ে নিজৰ লোকসকলক ভৱিষ্যবক্তাসকলৰ যোগেদি সতৰ্ক কৰিছিল আৰু তেওঁলোকৰ চিন্তাধাৰা শুধৰণি কৰিছিল। যেনে, যিহোৱাই যিৰিমিয়াৰ যোগেদি নিজৰ লোকসকলক কৈছিল, “হে বিপথগামিনী ইস্ৰায়েল, উলটি আহাঁ, মই তোমালৈ আৰু ক্ৰোধ-দৃষ্টি নকৰিম; কিয়নো, যিহোৱাই কৈছে, মই দয়ালু, মই চিৰকাললৈকে ক্ৰোধ নাৰাখোঁ; তুমি যে তোমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অপৰাধ কৰিলা . . . তোমাৰ সেই দোষ কেৱল স্বীকাৰ কৰা।” (যিৰি. ৩:১২, ১৩) যোৱেলৰ যোগেদি যিহোৱাই কৈছিল, ‘তোমালোকে তোমালোকৰ সমস্ত মনেৰে মোলৈ ঘূৰা।’ (যোৱে. ২:১২, ১৩) ভৱিষ্যবক্তা যিচয়াৰ যোগেদি তেওঁ কৈছিল, “তোমালোকে তোমালোকক ধুই শুচি হোৱা; মোৰ চকুৰ আগৰ পৰা নিজ নিজ কৰ্ম্মৰ দুষ্টতা দূৰ কৰা; কদাচৰণ ত্যাগ কৰা।” (যিচ. ১:১৬-১৯) যিহিষ্কেলৰ জৰিয়তে যিহোৱাই কʼলে, “দুষ্টই যে নিজ পথৰ পৰা ঘূৰি জীয়াই থাকিব, ইয়াত সন্তুষ্ট নহৈ তাৰ মৃত্যুত জানো মই কোনো সন্তোষ পাওঁ? . . . কোনো লোক মৰিলে মই তাৰ মৃত্যুত সন্তোষ নাপাওঁ। এই হেতুকে তোমালোক ঘূৰি জীয়াই থাকা।” (যিহি. ১৮:২৩, ৩২) যেতিয়া লোকসকলে অনুতাপ কৰে, তেতিয়া যিহোৱা বৰ আনন্দিত হয়। কাৰণ আমি অনন্ত জীৱন জীয়াই থকাটো তেওঁ বিচাৰে। এজন পাপী ব্যক্তিয়ে যেতিয়া অনুতাপ কৰিব, তেতিয়া তেওঁক সহায় কৰিম বুলি যিহোৱাই বাট চাই নাথাকে। ইয়াক বুজিবলৈ আহক কিছুমান উদাহৰণলৈ মন কৰোঁ।
যেতিয়া যিহোৱাৰ সেৱকসকলে তেওঁৰ পৰা আঁতৰি গৈছিল, তেতিয়া তেওঁ প্ৰায়ে ভৱিষ্যবক্তাসকলৰ যোগেদি তেওঁলোকক অনুতাপ কৰিবলৈ কৈছিল (অনুচ্ছেদ ৬-৭ চাওক)
৭. ভৱিষ্যবক্তা হোচেয়া আৰু গোমৰৰ উদাহৰণৰ পৰা যিহোৱাই নিজৰ লোকসকলক কি শিকালে?
৭ যিহোৱাই ভৱিষ্যবক্তা হোচেয়া আৰু গোমৰৰ উদাহৰণৰ পৰা নিজৰ লোকসকলক কি শিকালে তাৰ বিষয়ে মন কৰক। গোমৰে ব্যভিচাৰ কৰিছিল আৰু হোচেয়াক এৰি আন পুৰুষৰ লগত গুচি গৈছিল। তেতিয়া যিহোৱাই কি কৰিলে? তেওঁ এইদৰে ভাবিছিল নে যে গোমৰৰ ওচৰত এতিয়া কোনো আশা নাই? যিহোৱাই লোকসকলৰ হৃদয় পঢ়িব পাৰে। তেওঁ হোচেয়াক কʼলে, “ইস্ৰায়েলৰ সন্তানবিলাকে ইতৰ দেৱতালৈ মুখ কৰাতো, আৰু শুকান দ্ৰাক্ষাগুটিৰ লদা ভাল পোৱাতো যিহোৱাই তেওঁবিলাকক প্ৰেম কৰাৰ দৰে, তুমি পুনৰায় গৈ উপপতিৰ প্ৰিয়া আৰু ব্যভিচাৰিণী তিৰোতাজনীক প্ৰেম কৰা।” (হোচে. ৩:১; হিতো. ১৬:২) আপুনি মন কৰিলে নে হোচেয়াৰ পত্নীয়ে যেতিয়া বেয়া কাম কৰি আছিল, তেতিয়াই যিহোৱাই হোচেয়াক তাইৰ ওচৰলৈ যাবলৈ, তাইক ক্ষমা কৰিবলৈ আৰু তাইৰ লগত শান্তি স্থাপন কৰিবলৈ কৈছিল।a ঠিক সেইদৰে যিহোৱাই নিজৰ সেই লোকসকলক গ্ৰহণ কৰিবলৈ সাজু আছিল, যিসকলে তেওঁৰ পৰা আঁতৰি গৈছিল। তেওঁলোকে বেয়া কাম কৰি আছিল, তথাপিও যিহোৱাই তেওঁলোকক প্ৰেম কৰিবলৈ এৰি দিয়া নাছিল। তেওঁ ভৱিষ্যবক্তাসকলক তেওঁলোকৰ ওচৰলৈ পঠিয়াইছিল, যাতে তেওঁলোকে অনুতাপ কৰে আৰু বেয়া কাম কৰিবলৈ এৰি দিয়ে। এই উদাহৰণৰ পৰা কি জানিব পাৰি? “হৃদয় পৰীক্ষা কৰোঁতা” ঈশ্বৰে পাপ কৰি থকা লোকসকলকো সহায় কৰেনে আৰু তেওঁক অনুতাপৰ ফালে লৈ যাবলৈ চেষ্টা কৰে নে? (হিতো. ১৭:৩) আহক চাওঁ।
যিহোৱাই পাপ কৰা লোকসকলক কেনেকৈ অনুতাপৰ ফালে লৈ যায়?
৮. যিহোৱাই কয়িনক অনুতাপৰ ফালে লৈ যাবলৈ কি কৰিলে? (আদিপুস্তক ৪:৩-৭) (ছবিখনো চাওক।)
৮ কয়িন, আদম আৰু হৱাৰ প্ৰথম লʼৰা আছিল। তেওঁ নিজৰ মা-দেউতাৰ পৰা উত্তৰাধিকাৰী হিচাপে পাপ পাইছিল। বাইবেলতো লিখা আছে, “তেওঁৰ নিজৰ কৰ্ম্ম মন্দ” আছিল। (১ যোহ. ৩:১২) ইয়াৰ বাবেই হয়তো যিহোৱাই “কয়িনক আৰু তেওঁৰ উপহাৰক হলে, গ্ৰহণ নকৰিলে।” তেতিয়া কয়িনে নিজৰ চিন্তাধাৰা আৰু আচাৰ-ব্যৱহাৰ সলনি কৰাৰ প্ৰয়োজন আছিল। কিন্তু এইদৰে কৰাৰ পৰিৱৰ্তে তেওঁ “অতিশয় ক্ৰোধ হল, আৰু তেওঁৰ মুখো আমন জিমন হল।” তেতিয়া যিহোৱাই কি কৰিলে? (আদিপুস্তক ৪:৩-৭ পঢ়ক।) যিহোৱাই কয়িনক মৰমেৰে বুজালে যে যদি তেওঁ ভাল কাম কৰে, তেনেহʼলে তেওঁ আশীৰ্বাদ লাভ কৰিব। কিন্তু যিহোৱাই কয়িনক সাৱধানো কৰিলে যদি তেওঁ নিজকে সলনি নকৰে, তেনেহʼলে তেওঁ পাপ কৰিব। তেওঁ কয়িনক অনুতাপৰ ফালে লৈ যাবলৈ চেষ্টা কৰিছিল। কিন্তু দুখৰ বিষয় যে কয়িনে যিহোৱাৰ কথা নুশুনিলে। ইয়াৰ পাছত যিহোৱাই পাপ কৰা ব্যক্তিক অনুতাপৰ ফালে লৈ যাবলৈ চেষ্টা নকৰিম বুলি থিৰাং কৰি লৈছিল নে? নহয়।
যিহোৱাই মৰমেৰে কয়িনৰ লগত কথা পাতিলে আৰু তেওঁক অনুতাপৰ ফালে লৈ যাবলৈ চেষ্টা কৰিলে যাতে তেওঁ পাপ কৰাৰ পৰা আঁতৰি থাকিব পাৰে (অনুচ্ছেদ ৮ চাওক)
৯. দায়ূদক অনুতাপৰ ফালে লৈ যাবলৈ যিহোৱাই কি কৰিলে?
৯ যিহোৱাই ৰজা দায়ূদক বহুত প্ৰেম কৰিছিল। তেওঁ দায়ূদৰ বিষয়ে এইদৰে কৈছিল, “তেওঁ মোৰ ইচ্ছাৰ অনুসৰি কাম কৰে।” (পাঁচ. ১৩:২২) কিন্তু পাছত দায়ূদে ডাঙৰ ডাঙৰ ভুল কৰিলে। তেওঁ ব্যভিচাৰ কৰিলে আৰু এজন ব্যক্তিক হত্যা কৰোৱালে। মোচিৰ নিয়মৰ অনুসৰি তেওঁ মৃত্যুদণ্ড পোৱাৰ যোগ্য আছিল। (লেবী. ২০:১০; গণ. ৩৫:৩১) কিন্তু যিহোৱাই তেওঁক অনুতাপৰ ফালে লৈ যাব বিচাৰিছিল।b সেইবাবে, তেওঁ ভৱিষ্যবক্তা নাথনক তেওঁৰ ওচৰলৈ পঠিয়ালে। মন কৰিবলগীয়া কথা যে তেতিয়ালৈকে দায়ূদে নিজৰ পাপ স্বীকাৰ কৰা নাছিল আৰু অনুতাপো কৰা নাছিল। নাথনে দায়ূদক এনে এটা উদাহৰণ দিলে, যিয়ে তেওঁৰ হৃদয় স্পৰ্শ কৰিলে। তেতিয়া দায়ূদৰ অনুভৱ হʼল যে তেওঁ যিহোৱাক বহুত দুখ দিছে আৰু তেওঁ অনুতাপ কৰিলে। (২ চমূ. ১২:১-১৪) আগলৈ গৈ দায়ূদে এটা গীত লিখিলে, যাৰ পৰা জানিব পাৰি যে তেওঁ নিজৰ ভুলৰ বাবে কিমান দুখ অনুভৱ কৰিছিল। (গীত. ৫১, ওপৰৰ লেখ) এই গীত পঢ়ি পাপ কৰা বহুতো লোকে শান্ত্বনা পালে আৰু তেওঁলোকেও অনুতাপ কৰিলে। যিহোৱাই দায়ূদক ইমান প্ৰেমেৰে অনুতাপৰ ফালে লৈ যোৱাৰ কথাটো জানি আনন্দিত নহওঁ নে?
১০. যিহোৱাই আমাৰ লগত কিমান ধৈৰ্য্য ধৰে আৰু আমাক ক্ষমা কৰিবলৈ সাজু থাকে, এয়া জানি আপোনাৰ কেনেকুৱা লাগে?
১০ যিহোৱাই পাপক ঘিণ কৰে। (গীত. ৫:৪, ৫) কিন্তু তেওঁ আমাক বহুত প্ৰেম কৰে। সেইবাবে, আমাৰ মাজৰ কোনোবাই যদি পাপ কৰে, তেনেহʼলে তেওঁ আমাক সহায় কৰিব বিচাৰে। এজন ব্যক্তিয়ে যিমানেই ডাঙৰ পাপ নকৰক কিয়, যিহোৱাই তেওঁক অনুতাপৰ ফালে লৈ যাবলৈ চেষ্টা কৰে আৰু তেওঁ যিহোৱাৰ কাষ চপাটো তেওঁ বিচাৰে। সঁচাকৈ, এয়া জানি আমি বহুত শান্ত্বনা লাভ কৰোঁ! যেতিয়া আমি চিন্তা কৰোঁ যে যিহোৱাই আমাৰ লগত কিমান ধৈৰ্য্য ধৰে আৰু আমাক ক্ষমা কৰিবলৈ সাজু থাকে, তেতিয়া তেওঁৰ বিশ্বাসী হৈ থাকিবলৈ আৰু আমাৰ পৰা ভুল হʼলে যিমান পাৰি সিমান সোনকালে অনুতাপ কৰিবলৈ আমাৰ মন যায়। এতিয়া আহক চাওঁ যে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলক যীচুৱে অনুতাপৰ বিষয়ে কি শিকালে।
অনুতাপ কৰাৰ বিষয়ে যীচুৱে নিজৰ শিষ্যসকলক কি শিকালে?
১১-১২. যিহোৱাই ক্ষমা কৰিবলৈ সাজু থাকে, ইয়াক বুজাবলৈ যীচুৱে কি কৰিলে? (ছবিখন চাওক।)
১১ ইয়াৰ আগৰ লেখত আমি আলোচনা কৰিছিলোঁ যে প্ৰথম শতিকাত যিহোৱাই যোহন বাপ্তিষ্মা দিওঁতা আৰু যীচু খ্ৰীষ্টৰ যোগেদি লোকসকলক জনাইছিল যে অনুতাপ কৰাটো অতি গুৰুত্বপূৰ্ণ।—মথি ৩:১, ২; ৪:১৭.
১২ যীচুৱে পৃথিৱীত থকাৰ সময়ত বহু বাৰ লোকসকলক জনালে যে তেওঁৰ পিতৃয়ে ক্ষমা কৰিবলৈ সাজু থাকে। এয়া বুজাবলৈ তেওঁ হেৰাই যোৱা লʼৰাজনৰ উদাহৰণ দিছিল। সেই লʼৰাজনে ঘৰ এৰি গুচি যায় আৰু বেয়া বেয়া কাম কৰিবলৈ ধৰে। কিন্তু পাছত “সি বুজি পালে” আৰু ঘৰলৈ উভতি আহে। তেতিয়া দেউতাকে কি কৰে? যীচুৱে কৈছিল লʼৰাজন “দূৰত থাকোঁতেই দেউতাকে তাক দেখা পালে আৰু তেওঁৰ হৃদয়খন দয়াৰে ভৰি পৰিল। তেওঁ দৌৰি গৈ লʼৰাজনক সাৱটি লʼলে আৰু মৰমেৰে তাক চুমা খাবলৈ ধৰিলে।” দেউতাকে তেওঁক ক্ষমা কৰি দিব বুলি লʼৰাজনে ভবাই নাছিল। তেওঁ দেউতাকক তেওঁৰ ঘৰত কাম কৰা মানুহ হিচাপে থʼবলৈ কʼম বুলি ভাবিছিল। কিন্তু দেউতাকে তেওঁক নিজৰ “লʼৰা” বুলি কʼলে আৰু তেওঁক গ্ৰহণ কৰিলে। তেওঁ কʼলে, “ই হেৰাই গৈছিল আৰু এতিয়া বিচাৰি পালোঁ।” (লূক ১৫:১১-৩২) পৃথিৱীলৈ অহাৰ আগতে যীচুৱে যেতিয়া স্বৰ্গত আছিল, তেতিয়া তেওঁ হয়তো দেখিছিল যে যিহোৱাই লোকসকলক কিমান প্ৰেম কৰে আৰু যিসকলে অনুতাপ কৰে, তেওঁলোকক ক্ষমা কৰি দিয়ে। এই উদাহৰণৰ পৰা যীচুৱে ভালদৰে বুজালে যে আমাৰ পিতৃ বহুত দয়ালু হয় আৰু আমাক বহুত প্ৰেম কৰে।
হেৰুৱা লʼৰা ঘৰলৈ উভতি আছে আৰু তেওঁৰ দেউতাকে তেওঁক সাৱটি লʼবলৈ তেওঁৰ ফালে দৌৰি গৈছে। (অনুচ্ছেদ ১১-১২ চাওক)
১৩-১৪. (ক) পিতৰে অনুতাপ কৰাৰ বিষয়ে যীচুৰ পৰা কি শিকিলে? (খ) ইয়াৰ বিষয়ে তেওঁ আনক কি শিকালে? (ছবিখনো চাওক।)
১৩ যীচুৱে পিতৰকো শিকালে যে তেওঁৰ পিতৃয়ে অনুতাপ কৰা লোকসকলক ক্ষমা কৰে। পিতৰে বহু বাৰ ভুল কৰিছিল, কিন্তু যীচুৱে তেওঁক অন্তৰৰ পৰা ক্ষমা কৰি দিছিল। মন কৰক, যীচুক চিনি পাবলৈ তিনিবাৰ অস্বীকাৰ কৰাৰ পাছত কি হʼল। পিতৰে নিজৰ ভুল বুজি পালে আৰু হোক-হোকাই কান্দিবলৈ ধৰিলে। (মথি ২৬:৩৪, ৩৫, ৬৯-৭৫) কিন্তু আকৌ জীৱিত হোৱাৰ পাছত যীচুৱে পিতৰক লগ কৰিল, সেই সময়ত পিতৰ হয়তো অকলে আছিল। (লূক ২৪:৩৩, ৩৪; ১ কৰি. ১৫:৩-৫) যীচুৱে জানিছিল যে পিতৰে নিজৰ ভুলৰ বাবে বহুত দুখ কৰি আছে। সেইবাবে, তেওঁ পিতৰক ক্ষমা কৰিলে আৰু তেওঁক এতিয়াও প্ৰেম কৰে বুলি আশ্বাস দিলে।
১৪ অনুতাপ কৰিলে আৰু পাপৰ পৰা ক্ষমা পালে কেনেকুৱা লাগে, তাৰ বিষয়ে পিতৰে ভালদৰে বুজি পাইছিল। সেইবাবে, তেওঁ নিজৰ অনুভৱৰ পৰা ইয়াৰ বিষয়ে আনক শিকাব পাৰিলেহেঁতেন। পেন্টাকোষ্টৰ উৎসৱৰ কিছু সময়ৰ পাছত পিতৰে যিহূদীসকলৰ ওচৰত এটা ভাষণ দিছিল। তেওঁ জনালে যে তেওঁলোকে খ্ৰীষ্টক মাৰি পেলালে। কিন্তু পাছত তেওঁ তেওঁলোকক অনুৰোধ কৰিলে, “অনুতাপ কৰা আৰু ঈশ্বৰৰ ওচৰলৈ উভতি আহা যাতে তোমালোকৰ পাপ মচি দিয়া হয় আৰু এইদৰে যিহোৱাই শান্তিৰ দিন লৈ আহিব।” (পাঁচ. ৩:১৪, ১৫, ১৭, ১৯) পিতৰে জনাইছিল যে এজন ব্যক্তিয়ে নিজৰ পাপ অনুতাপ কৰাৰ পাছত যিহোৱাৰ ওচৰলৈ উভতি আহে। ইয়াৰ অৰ্থ হৈছে তেওঁ নিজৰ চিন্তাধাৰা সলনি কৰে, বেয়া কাম কৰিবলৈ এৰি দিয়ে আৰু এনে জীৱন-যাপন কৰে, যাৰ পৰা যিহোৱা আনন্দিত হয়। পিতৰে এয়াও কৈছিল যে যিহোৱাই যেতিয়া কাৰোবাক ক্ষমা কৰে, তেতিয়া তেওঁ সম্পূৰ্ণৰূপে তাক মচি পেলাই, তেওঁ যেন সেই পাপ কেতিয়াও কৰাই নাছিল। এই ভাষণৰ বহু বছৰৰ পাছত পিতৰে খ্ৰীষ্টানসকললক কৈছিল, “ঈশ্বৰে কোনো এজনো যাতে বিনষ্ট নহয়, কিন্তু সকলোৱে যেন মন-পালটন কৰে সেয়ে তেওঁ আমাৰ কাৰণে ধৈৰ্য্য ধৰি আছে।” (২ পিত. ৩:৯, IRV) কিবা ভুল কৰাৰ পাছত বা কিবা ডাঙৰ পাপ কৰাৰ পাছতো যিহোৱাই আমাক ক্ষমা কৰিবলৈ সাজু থাকে। এয়া জানি সঁচাকৈ আমি বহুত শান্ত্বনা লাভ কৰোঁ।
যেতিয়া পাঁচনি পিতৰে অনুতাপ কৰিলে, তেতিয়া যীচুৱে তেওঁক ক্ষমা কৰিলে বুলি আশ্বাস দিলে (অনুচ্ছেদ ১৩-১৪ চাওক)
১৫-১৬. (ক) পৌলে অনুতাপ আৰু ক্ষমা কৰাৰ বিষয়ে কেনেকৈ শিকিলে? (১ তীমথিয় ১:১২-১৫) (খ) পৰৱৰ্তী লেখত কিহৰ বিষয়ে আলোচনা কৰা হʼব?
১৫ তাৰ্চত থকা চৌলে বহুতো ভুল কৰিছিল। তেওঁ অনুতাপ কৰা আৰু ক্ষমা পোৱা বহুত প্ৰয়োজন আছিল। তেওঁ বৰ নিষ্ঠুৰ আছিল আৰু যীচুৰ শিষ্যসকলক বহুত শাস্তি দিছিল। (পাঁচ. ৭:৫৮–৮:৩) চৌলে নিজকে সলনি কৰি অনুতাপ কৰিব বুলি সেই সময়ৰ খ্ৰীষ্টানসকলে হয়তো সপোনতো ভবা নাছিল। কিন্তু যীচু আৰু তেওঁৰ পিতৃৰ চিন্তাধাৰা মানুহৰ চিন্তাধাৰাতকৈ একেবাৰে বেলেগ আছিল। তেওঁলোকে চৌলৰ ভাল গুণবোৰলৈ ধ্যান দিলে। সেইবাবে, যীচুৱে কʼলে, “মই তেওঁক বাছনি কৰিলোঁ যাতে তেওঁ . . . মোৰ নামৰ বিষয়ে সাক্ষ্য দিয়ে।” (পাঁচ. ৯:১৫) ইয়াৰ উপৰিও চৌলক অনুতাপৰ ফালে লৈ যাবলৈ যীচুৱে এটা চমৎকাৰো কৰিলে। (পাঁচ. ৯:১-৯, ১৭-২০) ইয়াৰ পাছত চৌলে অনুতাপ কৰিলে আৰু এজন খ্ৰীষ্টান হʼল। পাছত তেওঁ পাঁচনি পৌল নামেৰে জনাজাত হʼল। তেওঁ যিহোৱা আৰু যীচুৰ প্ৰতি বহুত কৃতজ্ঞ বুলি বহু বাৰ জনালে। কাৰণ তেওঁলোকে পৌলক দয়া দেখুৱালে আৰু ক্ষমা কৰিলে। (১ তীমথিয় ১:১২-১৫ পঢ়ক।) তেওঁ আন খ্ৰীষ্টানসকলকো শিকালে, “ঈশ্বৰে তোমাৰ ওপৰত কৃপা কৰি তোমাক অনুতাপৰ ফালে লৈ যাবলৈ চেষ্টা কৰি আছে।”—ৰোম. ২:৪.
১৬ এবাৰ পৌলে গʼম পালে যে কৰিন্থী মণ্ডলীৰ এজন ব্যক্তিয়ে অনৈতিক জীৱন-যাপন কৰি আছে। তেতিয়া তেওঁ কি কৰিলে? তেওঁ সেই মণ্ডলীলৈ এখন চিঠি লিখিলে। তেওঁৰ সেই চিঠিৰ পৰা জানিব পাৰি যে যিহোৱাই লোকসকলক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁলোকক শুধৰণি কৰে। যেতিয়া তেওঁলোকে অনুতাপ কৰে, তেতিয়া যিহোৱাই তেওঁলোকৰ ওপৰত দয়া দেখুৱায়। পৌলৰ চিঠিৰ পৰা আমি এয়াও জানিব পাৰোঁ যে আমি কেনেকৈ যিহোৱাৰ দৰে হʼব পাৰোঁ। পৰৱৰ্তী লেখত ইয়াৰ বিষয়েই আলোচনা কৰা হʼব।
গীত নং ৩৩ নিজৰ ভাৰ যিহোৱাৰ ওপৰত পেলাই দিয়া
a এই ঘটনা একেবাৰে বেলেগ আছিল। আজি পতি বা পত্নীৰ মাজত কোনোবাই যদি ব্যভিচাৰ কৰে, তেনেহʼলে নিৰ্দোষী সংগীয়ে যিকোনো পৰিস্থিতিত বিয়াৰ বান্ধোনত বান্ধ খাই থাকিব লাগিব বুলি যিহোৱাই আশা নকৰে। তেওঁ নিজৰ পুত্ৰ যীচুৰ জৰিয়তে নিৰ্দোষী সংগীৰ বাবে ব্যৱস্থা কৰিছে যে যদি বিচাৰে, তেনেহʼলে তেওঁ বিবাহ-বিচ্ছেদ কৰিব পাৰে।—মথি ৫:৩২; ১৯:৯.
b নৱেম্বৰ ১৫, ২০১২ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) “যিহোৱাৰ পৰা পোৱা ক্ষমা আপোনাৰ বাবে কি অৰ্থ ৰাখে?” নামৰ লেখখনৰ পৃষ্ঠা ২১-২৩, অনু. ৩-১০ পঢ়ক।