ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 জুন পৃষ্ঠা ২৬-৩১
  • মহান উপদেশকৰ পৰা বহুমূলীয়া কথা শিকি থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মহান উপদেশকৰ পৰা বহুমূলীয়া কথা শিকি থাকক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • মা-দেউতাৰ ভাল উদাহৰণ
  • পূৰ্ণ সময়ৰ সেৱাত প্ৰথম পদক্ষেপ
  • মিচনেৰী সেৱা
  • ইউৰোপৰ পৰা আফ্ৰিকালৈকে
  • মধ্যপূব দেশবোৰত সেৱা
  • আকৌ আফ্ৰিকাত
  • যিহোৱাই মোৰ ‘পথবোৰ সমান কৰিলে’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • যিহোৱাৰ সেৱাত পালোঁ আনন্দ আৰু নতুন শিক্ষা
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • যিহোৱাৰ সেৱাত বহুতো আশীৰ্বাদ পালোঁ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 জুন পৃষ্ঠা ২৬-৩১
ফ্ৰাকʼ ডাগোচটিনি।

জীৱন কাহিনী

মহান উপদেশকৰ পৰা বহুমূলীয়া কথা শিকি থাকক

ফ্ৰাকʼ ডাগোচটিনিৰ বাক্য

ঠায়ে ঠায়ে নাকাবন্দী, অস্ত্ৰ-শস্ত্ৰ লৈ থকা সৈনিক, জ্বলি থকা বেৰিকেড, ধুমুহা, গৃহযুদ্ধ আৰু ঘৰ এৰি পলাই যোৱা। এনেধৰণৰ বিপদজনক পৰিস্থিতি মই আৰু মোৰ পত্নীয়ে অগ্ৰগামী আৰু মিচনেৰী সেৱা কৰাৰ সময়ত সন্মুখীন হৈছিলোঁ। তথাপিও আমি যিদৰে জীৱন-যাপন কৰিলোঁ, তাৰ বাবে আমি অলপো দুখ নকৰোঁ। সেই সময়ছোৱাত যিহোৱাই আমাক চম্ভালিলে আৰু আমাক বহুতো আশীৰ্বাদ দিলে। তেওঁ আমাৰ মহান উপদেশক হয়, সেইবাবে তেওঁ আমাক বহুতো ভাল কথা শিকালে।—ইয়ো. ৩৬:২২; যিচ. ৩০:২০.

মা-দেউতাৰ ভাল উদাহৰণ

মোৰ মা-দেউতাই ১৯৫৭ চনত ইটালীৰ পৰা কানাডালৈ গুচি গʼল আৰু তাত চেচকেচেৱান প্ৰান্তৰ কিণ্ডৰ্জলি চহৰত গৈ থাকিবলৈ লʼলে। কিছু সময়ৰ পাছত তেওঁলোকে বাইবেলৰ পৰা সত্যতা শিকিলে আৰু তেওঁলোকে ইয়াক জীৱনত আটাইতকৈ বেছি গুৰুত্ব দিলে। মই সৰুতে নিজৰ পৰিয়ালৰ লগত গোটেই দিন প্ৰচাৰ কৰিছিলোঁ, সেই কথা মোৰ আজিও মনত আছে। সেইবাবে, মই বহু বাৰ ধেমালিতে কৈছিলোঁ যে মইতো আঠ বছৰ বয়সতে “সহকাৰী অগ্ৰগামী” সেৱা কৰিবলৈ ধৰিলোঁ!

ফ্ৰাকʼৰ সৰু কালৰ ফটো, নিজৰ মা-দেউতা আৰু ভাই-ভনীসকলৰ লগত।

প্ৰায় ১৯৬৬ চনত নিজৰ পৰিয়ালৰ লগত

মা-দেউতাৰ ওচৰত বেছি টকা-পইচা নাছিল। তথাপি তেওঁলোকে যিহোৱাৰ বাবে বহুতো ত্যাগ কৰিলে আৰু আমাৰ বাবে এক ভাল উদাহৰণ ৰাখিলে। যেনে, ১৯৬৩ চনত তেওঁলোকে ঘৰৰ বেছিভাগ বস্তু বেচি দিলে যাতে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় অধিৱেশত যাবলৈ অলপ টকা-পইচা গোটাব পাৰে। এই অধিৱেশন আমেৰিকাৰ কেলিফʼৰ্ণিয়া ৰাজ্যৰ পাছাডিনা চহৰত ৰখা হৈছিল। আমি ১৯৭২ চনত প্ৰায় ১০০০ কিলোমিটাৰ (প্ৰায় ৬২০ মাইল) দূৰত ট্ৰেল চহৰলৈ গʼলোঁ যাতে ইটালবী ভাষা কোৱা লোকসকলক প্ৰচাৰ কৰিব পাৰোঁ। এই চহৰ কানাডাৰ আন এটা প্ৰান্ত ব্ৰিটিছ কলম্বিয়াত আছে। দেউতা এখন ডাঙৰ দোকানত চাপ-চিকুণ আৰু মেৰামতি কাম কৰিছিল। যেতিয়া তেওঁ আৰু টকা-পইচা অৰ্জন কৰাৰ সুযোগ পালে, তেতিয়া তেওঁ এইদৰে কৰিবলৈ মানা কৰি দিলে যাতে তেওঁ যিহোৱাৰ সেৱাত আৰু বেছিকৈ ধ্যান দিব পাৰে।

মা-দেউতাই মোৰ বাবে আৰু মোৰ তিনিজন ভাই-ভনীৰ বাবে বৰ ভাল উদাহৰণ ৰাখিলে। ইয়াৰ বাবে মই তেওঁলোকৰ প্ৰতি বহুত কৃতজ্ঞ। যিহোৱাৰ সেৱা কৰাৰ বিষয়ে মই প্ৰথমতে তেওঁলোকৰ পৰাই শিকিলোঁ। তেওঁলোকৰ পৰা মই এটা গুৰুত্বপূৰ্ণ কথা শিকিলোঁ, যি মই আজিলৈকে পাহৰা নাই। সেয়া হৈছে যদি মই ঈশ্বৰৰ ৰাজ্যক নিজৰ জীৱনত প্ৰথম স্থান দিওঁ, তেনেহʼলে যিহোৱাই মোক নিশ্চয় চম্ভালিব।—মথি ৬:৩৩.

পূৰ্ণ সময়ৰ সেৱাত প্ৰথম পদক্ষেপ

মই ১৯৮০ চনত ডেবীক বিয়া পাতিলোঁ, তাই সম্পূৰ্ণ মনেৰে যিহোৱাৰ সেৱাত লাগি আছিল। আমি দুয়োজনে পূৰ্ণ সময়ৰ সেৱা কৰিব বিচাৰিছিলোঁ। সেইবাবে, তাই বিয়াৰ তিনি মাহৰ পাছতেই অগ্ৰগামী সেৱা আৰম্ভ কৰিলে। বিয়াৰ এবছৰৰ পাছত আমি এখন সৰু মণ্ডলীলৈ গৈ যিহোৱাৰ সেৱা কৰিবলৈ ধৰিলোঁ যʼত প্ৰচাৰকসকলৰ বেছি প্ৰয়োজন আছিল। পাছত ময়ো অগ্ৰগামী সেৱা আৰম্ভ কৰিলোঁ।

ফ্ৰাকʼ আৰু ডেবী বিয়াৰ দিনাখন।

চন ১৯৮০-ত আমাৰ বিয়াৰ দিন

কিন্তু ইয়াৰ কিছু সময়ৰ পাছত আমি নিৰাশ হৈ পৰিলোঁ আৰু উভতি যোৱাৰ কথা ভাবিলোঁ। কিন্তু কোনো এটা নিৰ্ণয় লোৱাৰ আগতে চাৰ্কিট ওভাৰচিয়াৰৰ লগত কথা পাতিলোঁ। তেওঁ আমাক স্পষ্টকৈ কিন্তু মৰমেৰে পৰামৰ্শ দিলে। তেওঁ কʼলে, “তোমালোকে কেৱল নিজৰ সমস্যাবোৰৰ বিষয়ে ধ্যান দিছা আৰু নিজেই নিজৰ সমস্যা বঢ়াই লৈছা। যদি তোমালোকে চিন্তা কৰা তেনেহʼলে বহুতো ভাল কথা চাবলৈ পাবা।” সেই সময়ত আমাক এই পৰামৰ্শৰেই প্ৰয়োজন আছিল। (গীত. ১৪১:৫) আমি লগে লগে সেই পৰামৰ্শ পালন কৰিলোঁ আৰু লক্ষ্য কৰিলোঁ যে এনে বহুতো ভাল কথা আছিল যাৰ বাবে আমি আনন্দিত থাকিব পাৰিলোঁহেঁতেন। যেনে, সেই সৰু মণ্ডলীত এনে বহুতো ডেকা আছিল, যিসকলে উৎসাহেৰে যিহোৱাৰ সেৱা কৰিব বিচাৰিছিল, এনে ভনীসকলো যিহোৱাৰ সেৱা উৎসাহেৰে কৰিব বিচাৰিছিল, যিসকলৰ স্বামীসকলে যিহোৱাৰ সেৱা কৰা নাছিল। সেই চাৰ্কিট ওভাৰচিয়াৰৰ পৰামৰ্শৰ পৰা আমি এটা গুৰুত্বপূৰ্ণ কথা শিকিলোঁ। সেয়া হৈছে আমি ভাল কথাবোৰলৈ ধ্যান দিয়া উচিত আৰু যিহোৱাই সঠিক সময়ত সকলো ঠিক কৰিব বুলি ভৰসা ৰখা উচিত। (মীখা ৭:৭) ইয়াৰ পাছত আমি আনন্দেৰে যিহোৱাৰ সেৱা কৰিবলৈ ধৰিলোঁ।

আমাৰ প্ৰথম পাইনিয়াৰ স্কুলৰ শিক্ষকসকলে আন আন দেশত গৈ সেৱা কৰিছিল আৰু সেই ঠাইৰ ফটো দেখুৱাইছিল। তেওঁলোকে আমাক জনালে যে নিজৰ সেৱাৰ সময়ছোৱাত তেওঁলোকে কি কি সমস্যাৰ সন্মুখীন হৈছিল আৰু কি কি আশীৰ্বাদ পাইছিল। তেওঁলোকৰ কথা শুনি আমাৰো মিচনেৰী সেৱা কৰিবলৈ মন গʼল। সেইবাবে, আমি মিচনেৰী সেৱা কৰিম বুলি থিৰাং কৰিলোঁ।

বহুত বৰফ পৰাৰ পাছত ৰাজ্যগৃহৰ গাড়ী পাৰ্কিং কৰা ঠাইত যʼৰ পৰা বৰফ আঁতৰাই দিয়া হৈছে।

চন ১৯৮৩-ত ব্ৰিটিছ কলম্বিয়াৰ এখন ৰাজ্যগৃহৰ বাহিৰত

আমি এই লক্ষ্য পাবলৈ ১৯৮৪ চনত প্ৰথম পদক্ষেপ লʼলোঁ। আমি ব্ৰিটিছ কলম্বিয়াৰ পৰা প্ৰায় ৪,০০০ কিলোমিটাৰ (২,৪৮৫ মাইল) দূৰ কিউবেকলৈ গʼলোঁ যʼত ফ্ৰান্স ভাষা কোৱা হয়। তাৰ ভাষা শিকা আৰু তাত নিজকে খাপ খোৱাটো আমাৰ বাবে ইমান সহজ নাছিল। সেই সময়ত আমাৰ ওচৰত বেছি পইচাও নাথাকিছিল। এবাৰ এনে এটা সময় আহিছিল যেতিয়া আমি এজন খেতিয়কৰ খেতিৰ পৰা আলু বুটলি কাম চলাবলগীয়া হৈছিল। ডেবীয়ে আলুৰে বিভিন্ন ধৰণৰ খোৱা বস্তু বনাবলৈ শিকি লৈছিল। এই সমস্যাৰ সত্ত্বেও আমি আনন্দেৰে যিহোৱাৰ সেৱা কৰি থাকিলোঁ আৰু আমি মন কৰিলোঁ যে যিহোৱাই আমাৰ সম্পূৰ্ণকৈ যত্ন লৈ আছে।—গীত. ৬৪:১০.

এদিন আমাৰ ওচৰত এটা কʼল আহিল আৰু কানাডা বেথেলত সেৱা কৰিবলৈ আমাক মাতা হʼল। আমি ইয়াৰ বাবে একেবাৰে আশা কৰা নাছিলোঁ, কাৰণ আমি গিলিয়াড স্কুলৰ বাবে ফৰ্ম পূৰ কৰিছিলোঁ। সেইবাবে, বেথেললৈ মতাৰ বাবে আমি আনন্দিত আছিলোঁ, কিন্তু গিলিয়াড স্কুললৈ যাবলৈ নোপোৱাৰ বাবে দুখো লাগিছিল। তাত গৈ পোৱাৰ পাছত আমি ভাই কেনেথ লিটিলক লগ পালোঁ, যি শাখা সমিতিৰ সদস্য আছিল। আমি তেওঁক সুধিলোঁ, “ভাই, আমাৰ গিলিয়াড স্কুলৰ ফৰ্মৰ কি হʼব?” তেতিয়া তেওঁ কʼলে, “যেতিয়া সময় আহিব, তেতিয়া চাই লʼম।”

এসপ্তাহৰ পাছতে সেই সময় আহি পৰিল। ডেবী আৰু মোক গিলিয়াডৰ বাবে মতা হʼল। এতিয়া আমি নিৰ্ণয় লʼবলগীয়া আছিল যে আমি কি কৰিম। ভাই লিটিলে আমাক কʼলে, “যিকোনো ৰাস্তা লোৱা কেতিয়াবা নহয় কেতিয়াবা তোমালোকৰ অনুভৱ হʼব যে আন ৰাস্তাটো উত্তম আছিল। কিন্তু দুয়োটা ৰাস্তাই উত্তম হয়, কাৰণ যিহোৱাই সকলোতে আশীৰ্বাদ দিব পাৰে।” আমি গিলিয়াডলৈ যোৱাৰ নিৰ্ণয় লʼলোঁ। বহু বছৰৰ পাছত আমি অনুভৱ কৰিলোঁ যে ভায়ে কিমান সঁচা কথা কৈছিল। আমি ভাইৰ এই পৰামৰ্শ সেই ভাই-ভনীসকলকো জনালোঁ, যিসকলে আমাৰ দৰে যিহোৱাৰ সেৱাত কি কৰিব তাৰ নিৰ্ণয় লʼবলগীয়া আছিল।

মিচনেৰী সেৱা

(বাওঁফালে) ইউলিচিচ গ্লাচ

(সোঁফালে) জেক ৰাডাৰফৰ্ড

এপ্ৰিল ১৯৮৭ চনত গিলিয়াডৰ ৮৩-তম ক্লাচত উপস্থিত হʼবলৈ আমি সুযোগ পালোঁ। আমি খুব আনন্দিত আছিলোঁ। আমি মুঠতে ২৪ জন বিদ্যাৰ্থী আছিলোঁ। এই স্কুল নিউ ইয়ৰ্কৰ ব্ৰুকলিন চহৰত ৰখা হৈছিল। ভাই ইউলিচিচ গ্লাছ আৰু ভাই জেক ৰাডাৰফৰ্ডে আমাৰ বেছিভাগ ক্লাচ লৈছিল। পাঁচ মাহ কেনেকৈ পাৰ হʼল আমি গʼমেই নাপালোঁ। আমি ১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰত গিলিয়াডৰ পৰা গ্ৰেজুৱেট হʼলোঁ। আমাক জʼন আৰু মেৰী গুডৰ লগত হেতীত সেৱা কৰিবলৈ পঠিওৱা হʼল।

ফ্ৰাকʼ আৰু ডেবী প্ৰচাৰ বেগ লৈ হেতীৰ সমুদ্ৰৰ তীৰত।

চন ১৯৮৮-ত হেতীত

হেতীত সেৱা কৰা মিচনেৰীসকলক ১৯৬২ চনত দেশৰ পৰা উলিয়াই দিয়া হৈছিল। তাৰ পাছত আমিয়েই প্ৰথম তাত মিচনেৰী হিচাপে সেৱা কৰিবলৈ গৈছিলোঁ। গ্ৰেজুৱেট হোৱাৰ তিনি সপ্তাহৰ পাছত আমি তাত গৈ পালোঁ আৰু এখন সৰু মণ্ডলীত সেৱা কৰিবলৈ ধৰিলোঁ। এই মণ্ডলী বহুত দূৰ-দূৰণি এলেকাত পাহাৰৰ মাজত আছিল আৰু তাত ৩৫ জন প্ৰচাৰক আছিল। আমি ডেকা আছিলোঁ আৰু এইদৰে সেৱা কৰাৰ আমাৰ কোনো অভিজ্ঞতা নাছিল। মিচনেৰী ঘৰতো আমাৰ দুজনৰ বাহিৰে আৰু কোনো নাছিল। তাৰ লোকসকল বহুত দুখীয়া আছিল আৰু পঢ়া-শুনা নাজানিছিল। সেই সময়ছোৱাত আমি যʼত থাকিছিলোঁ, তাত ৰাজনৈতিক খেলি-মেলি হোৱাৰ বাবে প্ৰতিবাদ হʼবলৈ ধৰিলে, লোকসকলে চৰকাৰৰ বিৰোধে আন্দোলন কৰিলৈ ধৰিলে, জুই আৰু বেৰিকেড আদি জ্বলাবলৈ ধৰিলে। ইয়াৰ উপৰিও তাত ধুমুহাও হʼবলৈ ধৰিলে।

আমি হেতীৰ ভাই-ভনীসকলৰ পৰা বহুতো কথা শিকিলোঁ। ইমান সমস্যাৰ সত্ত্বেও তেওঁলোকে স্থিৰ হৈ আছিল আৰু আনন্দিত আছিল। বহুতো ভাই-ভনীৰ জীৱনত বহুতো সমস্যা আছিল, তথাপিও তেওঁলোকে যিহোৱাক বহুত প্ৰেম কৰিছিল আৰু উৎসাহেৰে তেওঁৰ সেৱা কৰিছিল। যেনে, এগৰাকী বৃদ্ধ ভনী, যিগৰাকীয়ে একেবাৰে পঢ়া-শুনা নাজানিছিল তাইৰ বাইবেলৰ ১৫০ টা পদ মুখস্ত আছিল। আমি প্ৰতিদিনে যিবোৰ সমস্যাৰ সন্মুখীন হৈ আছিলোঁ, তাৰ বাবে আমি থিৰাং কৰিলোঁ যে আমি ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰি থাকিম। কাৰণ ইয়ে লোকসকলৰ সমস্যাৰ সমাধান হয়। আমি আনন্দিত যে আমি যিসকল লোকৰ লগত বাইবেল অধ্যয়ন কৰিছিলোঁ, তেওঁলোকৰ মাজৰ কিছুমানে অগ্ৰগামী সেৱা, আন কিছুমানে বিশেষ অগ্ৰগামী সেৱা আৰু কিছুমানে প্ৰাচীন হিচাপে সেৱা কৰিবলৈ ধৰিলে।

যেতিয়া আমি হেতীত আছিলোঁ, তেতিয়া মই ট্ৰেবৰ নামৰ এজন লʼৰাক লগ পাইছিলোঁ। তেওঁ এখন গীৰ্জাৰ ফালৰ পৰা মিচনেৰী সেৱা কৰিছিল। তেওঁৰ লগত আমি বহুবাৰ বাইবেলৰ পৰা আলোচনা কৰিলোঁ। বহু বছৰৰ পাছত যেতিয়া আমি তেওঁৰ পৰা এখন চিঠি পালোঁ, তেতিয়া আমি বৰ আচৰিত হʼলোঁ। তেওঁ চিঠিত লিখিছিল, “আহিবলগীয়া অধিৱেশনত মই বাপ্তিষ্মা লʼম আৰু মই হেতীত গীৰ্জাৰ ফালৰ পৰা যʼত মিচনেৰী সেৱা কৰিছিলোঁ, তালৈ গৈ বিশেষ অগ্ৰগামী সেৱা কৰিব বিচাৰোঁ।” বহু বছৰলৈকে তেওঁ আৰু তেওঁৰ পত্নীয়ে এইদৰেই কৰি থাকিল।

ইউৰোপৰ পৰা আফ্ৰিকালৈকে

ফ্ৰাকʼ অফিচত কাম কৰি থকাৰ সময়ত।

চন ১৯৯৪-ত শ্লোবিনিয়াত কাম কৰাৰ সময়ত

আমাক ইউৰোপৰ এনে এলেকাবোৰত সেৱা কৰিবলৈ পঠিওৱা হʼল যʼত আগতে আমাৰ কিছুমান কামক নিষেধ কৰা হৈছিল। কিন্তু পৰিস্থিতি লাহে লাহে ভাল হʼবলৈ ধৰিলে। আমি ১৯৯২ চনত শ্লোবিনিয়াৰ লুবিয়ানা চহৰত গৈ পালোঁ। আচলতে মোৰ মা-দেউতা এই চহৰৰ ওচৰতে ডাঙৰ-দীঘল হৈছিল। যেতিয়া আমি লুবিয়ানা গৈ পালোঁ, তেতিয়া ইউগʼছলাবিয়াৰ কিছুমান এলেকাত যুদ্ধ চলি আছিল। সেই সময়ত সেই গোটেই এলেকাৰ প্ৰচাৰ কামৰ চোৱা-চিতা বিয়েনা শাখা কাৰ্য্যালয়ে কৰিছিল, যি অষ্ট্ৰিয়াত আছে। ইয়াৰ লগতে ক্ৰয়েচিয়াৰ জাগ্ৰেব আৰু ছৰ্বিয়াৰ বেলগ্ৰডত যি অফিচ আছিল, সেইবোৰেও প্ৰচাৰ কামৰ চোৱা-চিতা কৰিবলৈ সহায় কৰিছিল। এই গোটেই এলেকা বেলেগ বেলেগ দেশত ভাগ হৈ গৈছিল। সেইবাবে, প্ৰতিখন দেশত বেথেলৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন আছিল।

এতিয়া আমি আকৌ এবাৰ নতুন ভাষা শিকিবলগীয়া আছিল আৰু নতুন পৰিস্থিতিত নিজকে খাপ খোৱাব লাগিছিল। তাৰ লোকসকলে প্ৰায়ে কৈছিল, “এজেক এ তেজেক” যাৰ অৰ্থ হৈছে, “আমাৰ ভাষা বহুত কঠিন।” সঁচাকৈ, সেই ভাষা শিকাটো বৰ কঠিন আছিল। আমি এয়া চাই বৰ আনন্দিত আছিলোঁ যে সেই সময়ত সংগঠনে যি সাল-সলনি কৰিছিল, তাক ভাই-ভনীসকলে সম্পূৰ্ণৰূপে সহযোগ কৰিছিল। ইয়াৰ বাবে যিহোৱাই তেওঁলোকক আশীৰ্বাদ দিলে। আমি আকৌ মন কৰিলোঁ যে যিহোৱাই মৰমেৰে আৰু সঠিক সময়ত শুধৰণি কৰে। আমি আগতে যিবোৰ কথা শিকিছিলোঁ, তাৰ পৰা শ্লোবিনিয়াত সেৱা কৰাৰ সময়ত আমি সমস্যাবোৰৰ সন্মুখীন হʼবলৈ বহুত সহায় পালোঁ। তাত সেৱা কৰাৰ সময়তো আমি বহুতো নতুন কথা শিকিলোঁ।

আমাৰ জীৱনত আৰু বহুতো সাল-সলনি হʼল। আমাক ২০০০ চনত পশ্চিম আফ্ৰিকাৰ কʼটে ডি আইবৰী দেশলৈ পঠিওৱা হʼল। কিন্তু গৃহযুদ্ধ আৰম্ভ হোৱাৰ বাবে ২০০২ চনৰ নম্বেৱৰ মাহত আমি সেই দেশৰ পৰা পলাবলগীয়া হʼল। আমি চিয়েৰা লিয়নলৈ গʼলোঁ যʼত ১১ বছৰৰ পৰা যুদ্ধ চলি আছিল, যি অলপতে শেষ হৈছিল। হঠাতে সকলোবোৰ এৰি পলাই যোৱাটো আমাৰ বাবে সহজ নাছিল। কিন্তু আমি ইয়াত যি শিকিছিলোঁ, তাৰ বাবে নিজৰ আনন্দ বজাই ৰাখিব পাৰিলোঁ।

চিয়েৰা লিয়নত বহুতো লোকে সত্য শিকিব বিচাৰিছিল। আমি সেই লোকসকলৰ ওপৰত ধ্যান দিলোঁ আৰু সেই ভাই-ভনীসকলৰ ওপৰতো ধ্যান দিলোঁ, যিসকলে বহু বছৰৰ পৰা যুদ্ধৰ বাবে সমস্যাৰ সন্মুখীন হৈ আছিল। তেওঁলোকৰ ওচৰত বহুত কিছু নাছিল, কিন্তু যি আছিল সেয়া তেওঁলোকে আনন্দেৰে আনৰ লগত ভগাবলৈ সাজু আছিল। এবাৰ এগৰাকী ভনীয়ে ডেবীক কিছুমান কাপোৰ দিলে, কিন্তু ডেবীয়ে সেই কাপোৰ লʼবলৈ সংকোচ কৰিছিল। তেতিয়া সেই ভনীগৰাকীয়ে কʼলে, “যুদ্ধৰ সময়ছোৱাত আমাক আন দেশৰ ভাই-ভনীসকলে বহুত সহায় কৰিলে। এতিয়া আমি সহায় কৰিব বিচাৰোঁ।” আমি ভাবিলোঁ আমিও সেই ভাই-ভনীসকলৰ দৰে হʼম আৰু আনক সহায় কৰিম।

কিছু সময়ৰ পাছত আমি কʼটে ডি আইবৰীলৈ উভতি গʼলোঁ। কিন্তু তাত ৰাজনৈতিক খেলি-মেলি হোৱাৰ বাবে আকৌ প্ৰতিবাদ হʼবলৈ ধৰিলে। সেইবাবে, ২০০৪ চনৰ নৱেম্বৰ মাহত আমাক তাৰ পৰা সুৰক্ষিতভাৱে উলিওৱা হʼল। তাৰ পাছত এখন হেলিকপ্তাৰেৰে ফ্ৰান্সৰ সেনাৰ বেছলৈ আমাক লৈ যোৱা হʼল। আমি নিজৰ লগত কেৱল ১০ কিলোৰ (২২ পউণ্ড) বেগ লৈ যাব পাৰিলোঁহেঁতেন। তাত আমি মাটিত শুলোঁ। তাৰ পাছদিনা আমাক উৰাজাহাজেৰে ছুইজাৰলেণ্ডলৈ লৈ যোৱা হʼল। আমি প্ৰায়ে আধা ৰাতিত শাখা কাৰ্য্যালয়ত গৈ পালোঁ। তাত শাখা সমিতি ভাইসকলে আৰু মিনিছট্ৰিয়েল ট্ৰেইনিং স্কুলৰ শিক্ষকসকলে আৰু তেওঁলোকৰ পত্নীসকলে আমাক মৰমেৰে আদৰণি জনালে। তেওঁলোকে বহু বাৰ আমাক সাৱটি ধৰিলে, গৰম গৰম আহাৰ দিলে আৰু তাৰ বহুত চকলেট দিলে। তেওঁলোকৰ সেই মৰমে আমাৰ অন্তৰ চুই গʼল।

ফ্ৰাকʼই কʼটে ডি আইবৰীৰ ৰাজ্যগৃহত ভাষণ দিয়াৰ সময়ত।

চন ২০০৫-ত কʼটে ডি আইবৰীত শৰণাৰ্থীসকলক ভাষণ দিয়াৰ সময়ত

আমাক কিছু সময়ৰ বাবে ঘানাত সেৱা কৰিবলৈ কোৱা হʼল। পাছত যেতিয়া কʼটে ডি আইবৰীৰ পৰিস্থিতি অলপ ভাল হʼল, তেতিয়া আমাক আকৌ তালৈ পঠিওৱা হʼল। হঠাতে ঘৰ এৰি যোৱা আৰু যʼতে তʼতে সেৱা কৰি থকাটো আমাৰ বাবে ইমান সহজ নাছিল। কিন্তু ভাই-ভনীসকলে আমাক যিদৰে মৰমেৰে সহায় কৰিলে, তাৰ বাবে আমি নিজৰ আনন্দ বজাই ৰাখিব পাৰিলোঁ। মই আৰু ডেবীয়ে প্ৰায়ে কথা পাতিছিলোঁ যে যিহোৱাৰ সংগঠনত ভাই-ভনীসকলৰ মাজত বহুত প্ৰেম আছে, কিন্তু এই প্ৰেমৰ প্ৰতি আমি নিজৰ কৃতজ্ঞতা কেতিয়াও কʼম হʼবলৈ দিয়া উচিত নহয়। যদিও সেই সময়ছোৱাত পৰিস্থিতি বহুত বেয়া আছিল, তথাপি আমি বহুতো গুৰুত্বপূৰ্ণ কথা শিকিলোঁ।

মধ্যপূব দেশবোৰত সেৱা

ফ্ৰাকʼ আৰু ডেবীয়ে এখন মধ্যপূব দেশত প্ৰাচীন সময়ৰ ধ্বংসাৱশেষ চাবলৈ গৈছে।

চন ২০০৭-ত এখন মধ্যপূব দেশত

আমি ২০০৬ চনত মুখ্য কাৰ্য্যালয়ৰ পৰা এখন চিঠি পালোঁ আৰু আমাক এখন মধ্যপূব দেশত সেৱা কৰিবলৈ কোৱা হʼল। আমাৰ জীৱন আকৌ এবাৰ সলনি হʼবলগীয়া আছিল। আমাৰ ওচৰত নতুন সমস্যা আছিল, আমি নতুন ভাষা আৰু নতুন সংস্কৃতি শিকিবলগীয়া আছিল। আমি ইয়াত বহুতো কথা শিকিবলগীয়া আছিল। কাৰণ ইয়াৰ লোকসকলৰ ধৰ্ম আৰু ৰাজনীতিৰ ওপৰত বহুত বিশ্বাস আছে। যেতিয়া আমি চাইছিলো যে মণ্ডলীত বেলেগ বেলেগ ভাষাৰ ভাই-ভনীসকল আছে, তথাপিও সংগঠনৰ পৰা পোৱা নিৰ্দেশনা পালন কৰাৰ বাবে তেওঁলোকৰ মাজত বহুত একতা আছে, তেতিয়া আমাক বহুত ভাল লাগিছিল। তাত বেছিভাগ এনে ভাই-ভনীসকল আছে, যিসকলৰ পৰিয়ালৰ লোকসকলে, সহপাঠী, সহকৰ্মী আৰু ওচৰ-চুবুৰীয়াই বিৰোধ কৰিছিল। কিন্তু তেওঁলোকে সাহসেৰে এই সকলোবোৰ সন্মুখীন হৈছিল। সেইবাবে, আমি তেওঁলোকক বহুত সন্মান কৰিছিলোঁ।

ইস্ৰায়েলৰ টেল অবীব চহৰত ২০১২ চনত এখন বিশেষ অধিৱেশন ৰখা হৈছিল আৰু তাত উপস্থিত হʼবলৈ আমিও সুযোগ পাইছিলোঁ। ৩৩ খ্ৰীষ্টাব্দ পেন্টাকোষ্টৰ দিনাৰ পাছত এয়া প্ৰথমবাৰ আছিল, যেতিয়া এই এলেকাত ইমান বেছি পৰিমাণত যিহোৱাৰ লোকসকল একত্ৰিত হৈছিল। এয়া সঁচাকৈ বৰ স্মৰণীয় আছিল।

সেই বছৰবোৰৰ সময়ছোৱাত আমাক এনে দেশত সাক্ষাৎ কৰিবলৈ পঠিওৱা হʼল, যʼত আমাৰ কাম নিষেধ কৰা হৈছিল। আমি তাত নিজৰ লগত কিছুমান কিতাপ-পত্ৰিকাও লৈ গʼলোঁ। আমি তাত প্ৰচাৰ কৰিলোঁ আৰু কিছুমান সৰু সৰু সন্মিলনতো উপস্থিত হʼলোঁ। আমি বহুত সাৱধানেৰে সৰু সৰু সমূহত আন প্ৰচাৰকৰ লগত ইফালে-সিফালে গৈছিলোঁ। সকলো ঠাইতে সৈনিকসকলে অস্ত্ৰ-শস্ত্ৰ লৈ ঘূৰি ফুৰিছিল আৰু ঠায়ে ঠায়ে নাকাবন্দী আছিল। কিন্তু আমাৰ ভয় লগা নাছিল।

আকৌ আফ্ৰিকাত

ফ্ৰাকʼ লেপটপত টাইপ কৰি থকাৰ সময়ত।

চন ২০১৪-ত কংগোত এটা ভাষণৰ তৈয়াৰী কৰি থকাৰ সময়ত

আমি ২০১৩ চনত এটা নতুন দায়িত্ব পালোঁ। এয়া একেবাৰে বেলেগ আছিল। কংগোৰ কিনছাচা শাখা কাৰ্য্যালয়ত সেৱা কৰিবলৈ আমাক কোৱা হʼল। এই দেশ বহুত ডাঙৰ আৰু ধুনীয়া। কিন্তু ইয়াৰ লোকসকলে দৰিদ্ৰতা আৰু যুদ্ধৰ বাবে বহুতো সমস্যাৰ সন্মুখীন হৈছিল। আৰম্ভণিতে আমি ভাবিলোঁ, “আগতেতো আমি আফ্ৰিকাত আছিলোঁ, গতিকে যি হʼব আমি চম্ভালি লʼম।” কিন্তু এতিয়াও আমি বহুত কিছু শিকিবলগীয়া আছিল, বিশেষকৈ এনে এটা এলেকাত যাত্ৰা কৰাৰ বিষয়ে যʼত ৰাস্তাও নাই আৰু দলঙো নাই। কিন্তু বহুতো ভাল কথাও আছিল আমি তালৈ মন কৰিলোঁ। যেনে, টকা-পইচাৰ অভাৱ হোৱাৰ সত্ত্বেও তাৰ ভাই-ভনীসকলে আনন্দেৰে যিহোৱাৰ সেৱাত লাগি আছিল। তেওঁলোকে উৎসাহেৰে প্ৰচাৰ কৰিছিল আৰু সভা আৰু সন্মিলনত যাবলৈ বহুত পৰিশ্ৰম কৰিছিল। আমি নিজ চকুৰে চালোঁ যে যিহোৱাৰ আশীৰ্বাদত ৰাজ্যৰ কাম বেগেৰে আগবাঢ়ি গৈ আছে। কংগোত সেৱা কৰাৰ সময়ত আমি বহুতো নতুন কথা শিকিলোঁ আৰু তাত আমি বহুতো বন্ধু পালোঁ, যিসকল আমাৰ পৰিয়াল হৈ পৰিল।

ফ্ৰেকʼ প্ৰচাৰ কৰিবলৈ কিছুমান ভাই-ভনীৰ লগত গাৱৰ ফালে গৈ আছে।

চন ২০২৩-ত দক্ষিণ আফ্ৰিকাত প্ৰচাৰলৈ যোৱাৰ সময়ত

আমাক ২০১৭ চনৰ শেষত দক্ষিণ আফ্ৰিকাৰ শাখা কাৰ্য্যালয়ত সেৱা কৰিবলৈ পঠিওৱা হʼল। এতিয়ালৈকে আমি যি যি ঠাইত সেৱা কৰিছিলোঁ, তাৰ তুলনাত এই শাখা কাৰ্য্যালয় সকলোতকৈ ডাঙৰ হয়। বেথেলত আমাক যি কাম কৰিবলৈ দিয়া হৈছিল, সেয়া আমাৰ বাবে একেবাৰে নতুন আছিল। আমি আকৌ বহুতো নতুন কথা শিকিবলগীয়া আছিল। কিন্তু আমি যি শিকিছিলোঁ তাৰ পৰা আমি বহুত সহায় পালোঁ। ইয়াত বহুতো ভাই-ভনী আছে, যিসকলে বহু বছৰৰ পৰা বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰি আছে। আমি তেওঁলোকক বহুত মৰম কৰোঁ। এয়া বহুত আচৰিত কথা যে বেথেল পৰিয়ালত বেলেগ বেলেগ জাতি, ৰং আৰু সংস্কৃতিৰ ভাই-ভনীসকল আছে, কিন্তু তেওঁলোকে একেলগে মিলি যিহোৱাৰ সেৱা কৰি আছে। যিহোৱাৰ লোকসকলে নতুন ব্যক্তিত্ব পিন্ধিবলৈ আৰু বাইবেলৰ সিদ্ধান্তৰ অনুসৰি চলিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰি আছে আৰু যিহোৱাই তেওঁলোকৰ পৰিশ্ৰমৰ ওপৰত আশীৰ্বাদ দি আছে। সেইবাবে, তেওঁলোকৰ মাজত এক ভাল সম্পৰ্ক আৰু শান্তি আছে।

মই আৰু ডেবীয়ে বেলেগ বেলেগ ঠাইত বহু বছৰ সেৱা কৰিলোঁ। আমি বেলেগ বেলেগ পৰিস্থিতিত নিজকে খাপ খুৱালোঁ আৰু নতুন ভাষা শিকিলোঁ। এইবোৰ কৰাটো আমাৰ বাবে সহজ নাছিল, কিন্তু আমি কেতিয়াও অকলশৰীয়া অনুভৱ কৰা নাছিলোঁ। যিহোৱাই নিজৰ সংগঠন আৰু ভাই-ভনীসকলৰ যোগেদি আমাক চম্ভালিলে আৰু নিজৰ প্ৰেমৰ অনুভৱ কৰালে। (গীত. ১৪৪:২) পূৰ্ণ সময়ৰ সেৱা কৰাৰ সময়ত আমি যি যি ট্ৰেইনিং পালোঁ আৰু যি কথা শিকিলোঁ, তাৰ পৰা আমি যিহোৱাৰ আৰু ভাল সেৱক হʼব পাৰিছোঁ।

মোৰ মা-দেউতাই মোক ভাল শিক্ষা দিলে, মোৰ পত্নীয়ে মোক সদায় সহযোগ কৰিলে আৰু বেলেগ বেলেগ ঠাইৰ ভাই-ভনীসকলে আমাৰ বাবে এক ভাল উদাহৰণ ৰাখিলে, তাৰ বাবে মই বহুত কৃতজ্ঞ। আগলৈ যিয়েই নহওক কিয় আমি নিজৰ মহান উপদেশক যিহোৱাৰ পৰা শিকি থাকিম বুলি মই আৰু ডেবীয়ে থিৰাং কৰিছোঁ।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক