ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 অক্টোবৰ পৃষ্ঠা ২-৫
  • ১৯২৫—এশ বছৰৰ আগত

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ১৯২৫—এশ বছৰৰ আগত
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আশা পূৰ হোৱাত দেৰি
  • ৰেডিঅʼৰ মাত পালে দূৰ-দৰণি এলেকাত
  • বুজা-বুজিত হʼল সাল-সলনি
  • যিহোৱাৰ সাক্ষী হোৱাৰ অনুভৱ
  • আগ্ৰহী লোকসকলক আকৌ লগ কৰা
  • আগলৈ চাওঁ
  • ১৯২৪—এশ বছৰৰ আগত
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • ১৯২২—এশ বছৰৰ আগত
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 অক্টোবৰ পৃষ্ঠা ২-৫
১৯২৫ চনত ইণ্ডিয়ানা ৰাজ্যৰ ইণ্ডিয়ানাপʼলিছ চহৰত হোৱা অধিৱেশনত বহুতো ভাই-ভনীয়ে একেলগে ফটো তুলি আছে।

১৯২৫ চনত ইণ্ডিয়ানা ৰাজ্যৰ ইণ্ডিয়ানাপʼলিছ চহৰত হোৱা অধিৱেশন

১৯২৫—এশ বছৰৰ আগত

“আমি খ্ৰীষ্টানসকলে এই বছৰৰ আগ্ৰহেৰে বাট চাই আছিলোঁ,” এই কথা জানুৱাৰী ১, ১৯২৫ চনৰ প্ৰহৰীদুৰ্গত লিখা হৈছিল। তাত এয়াও লিখা হৈছিল, “সেই বছৰত কি কি হʼব, এই বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে আমাৰ ধ্যান প্ৰভুৰ সেৱাত কি কি কৰিব পাৰোঁ, তাৰ ওপৰত লগোৱা উচিত।” বাইবেল বিদ্যাৰ্থীসকলে ১৯২৫ চনৰ কিয় আগ্ৰহেৰে বাট চাই আছিল? যেতিয়া তেওঁলোকৰ আশা পূৰ নহʼল, তেতিয়াও তেওঁলোকে কেনেকৈ উৎসাহেৰে প্ৰচাৰ কাম কৰি থাকিল?

আশা পূৰ হোৱাত দেৰি

বহুতো বাইবেলত বিদ্যাৰ্থীয়ে বিশ্বাস কৰিছিল যে ১৯২৫ চনত পৃথিৱীখন প্ৰমোদবন হৈ পৰিব। কিয় বাৰু? ভাই এলবাৰ্ট শ্ৰোডাৰে যি আগলৈ গৈ প্ৰশাসন গোষ্ঠীৰ সদস্য হʼল, এইদৰে কৈছে, “আমি ভাবিছিলোঁ যে ১৯২৫ চনত অভিষিক্ত খ্ৰীষ্টানসকলে স্বৰ্গলৈ গুচি যাব আৰু অব্ৰাহাম আৰু দায়ূদৰ নিচিনা বিশ্বাসী লোকসকলক আকৌ জীয়াই তোলা হʼব আৰু তেওঁলোকে পৃথিৱীত বিচাৰকৰ্তা হিচাপে সেৱা কৰিব। কিন্তু যেতিয়া এইদৰে নহʼল, তেতিয়া বহুতো ভাই-ভনী নিৰাশ হৈ পৰিল।—হিতো. ১৩:১২.

তথাপিও বেছিভাগ বাইবেল বিদ্যাৰ্থীয়ে উৎসাহেৰে প্ৰচাৰ কামত লাগি থাকিল। তেওঁলোকে অনুভৱ কৰিলে যে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে যিহোৱাৰ বিষয়ে সাক্ষ্য দিয়া। তেওঁলোকে সত্যক দূৰ-দূৰণি ঠাইলৈকে বিয়পাবলৈ কি কৰিলে আহক চাওঁ।

ৰেডিঅʼৰ মাত পালে দূৰ-দৰণি এলেকাত

ইয়াৰ আগৰ বছৰ অৰ্থাৎ ১৯২৪ চনৰ সময়ছোৱাত বহুতো লোকে ডাব্লিউ.বী.বী.আৰ. ৰেডিঅʼ ষ্টেচনত প্ৰচাৰিত আমাৰ কাৰ্য্যক্ৰম শুনিছিল। সেইবাবে, বাইবেলত বিদ্যাৰ্থীসকলে আৰু এটা ডাঙৰ ষ্টেচন নিৰ্মাণ কৰিবলৈ নিৰ্ণয় লʼলে। এই নতুন ষ্টেচন ইলিনয় ৰাজ্যৰ চিকাগো চহৰৰ ওচৰতে বনোৱা হʼল, যাৰ নাম ডাব্লিউ.অ.আৰ.ডি. (অৰ্থাৎ “ৱৰ্ড” যাৰ অৰ্থ হৈছে, “বাক্য”) ৰখা হʼল। ৰাল্ফ লেফ্লাৰ নামৰ এজন ভায়ে এই ষ্টেচন বনাবলৈ সহায় কৰিছিল, তেওঁ কৈছে, “ঠাণ্ডাৰ সময়ত গধূলি দূৰ-দূৰণি এলেকাৰ লোকসকলে ৰেডিঅʼত আমাৰ কাৰ্য্যক্ৰম শুনিছিল।” যেনে, সেই সময়ত এটা পৰিয়ালে আমাৰ কাৰ্য্যক্ৰম শুনিছিল, যিসকলে ষ্টেচনৰ পৰা প্ৰায় ৫০০০ কি.মি. (৩০০০ মাইল) দূৰত আলাস্কাৰ পাইলট ষ্টেচন চহৰত থাকিছিল। এই কাৰ্য্যক্ৰম তেওঁলোকৰ ইমানে ভাল লাগিল যে তেওঁলোকে ভাইসকললৈ এখন চিঠি লিখি তেওঁলোকক ধন্যবাদ জনালে। তেওঁলোকে কʼলে যে এই কাৰ্য্যক্ৰমৰ পৰা তেওঁলোকে বহুত উৎসাহিত হৈছে আৰু ঈশ্বৰ আৰু বাইবেলৰ বিষয়ে বহুতো কথা জানিব পাৰিলে।

বাওঁফালে: ইলিনয় ৰাজ্যৰ বটেবিয়া চহৰত ডাব্লিউ.অ.আৰ.ডি. ট্ৰান্সমিটাৰ টাৱাৰ

সোঁফালে: ৰাল্ফ লেফ্লাৰ ৰেডিঅʼ ষ্টেচনত কাম কৰি থকাৰ সময়ত

এই ৰেডিঅʼ ষ্টেচনৰ বিষয়ে ডিচেম্বৰ ১, ১৯২৫ চনৰ প্ৰহৰীদুৰ্গত এইদৰে কোৱা হৈছিল, “ডাব্লিউ.অ.আৰ.ডি. আমেৰিকাৰ আটাইতকৈ ভাল ৰেডিঅʼ ষ্টেচনবোৰৰ মাজৰ এটা হয়। ইয়াত ৫০০০ ৱাটৰ ট্ৰান্সমিটাৰ লগোৱা হৈছে। সেইবাবে, এয়া আমেৰিকাৰ পশ্চিম আৰু পূব এলেকাৰ উপৰিও, কিউবা দেশৰ আৰু আলাস্কা ৰাজ্যৰ উত্তৰ ভাগতো স্পষ্টকৈ শুনিবলৈ পোৱা গৈছিল। বহুতো লোকে এই ৰেডিঅʼ ষ্টেচনত সত্য প্ৰথমবাৰ শুনিছিল। সেইবাবে, তেওঁলোকে ইয়াৰ বিষয়ে আৰু বেছিকৈ জানিব বিচাৰিছিল।”

জৰ্জ নেচ

সেই সময়ছোৱাত কানাডাতো বাইবেল বিদ্যাৰ্থীসকলে ৰেডিঅʼৰ যোগেদি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি আছিল। ১৯২৪ চনত চেচকেচেৱান প্ৰান্তৰ চেচকটুন চহৰৰ ভাইসকলে চি.এইচ.ইউ.চি. নামৰ ৰেডিঅʼ নিৰ্মাণ কৰিলে। এয়া কানাডাৰ সেই ৰেডিঅʼ ষ্টেচনৰ মাজৰ এটা আছিল যাৰ যোগেদি ধাৰ্মিক কাৰ্য্যক্ৰমবোৰ প্ৰচাৰিত কৰা হৈছিল। কিন্তু ১৯২৫ চন অহালৈকে এই ৰেডিঅʼ ষ্টেচন সৰু হʼবলৈ ধৰিলে। সেইবাবে, ৱাচটাৱাৰ চʼছাইটিয়ে চেচকটুনতে ৰিজেন্ট নামৰ এখন থিয়েটাৰ কিনিলে আৰু তাক ৰেডিঅʼ ষ্টেচন হিচাপে তৈয়াৰ কৰিলে। পাছত তাৰ পৰাই আমাৰ কাৰ্য্যক্ৰমবোৰ প্ৰচাৰিত কৰা হʼল।

চেচকেচেৱান প্ৰান্তৰ এলেকা দূৰ-দূৰণি ঠাইলৈকে বিয়পি আছে আৰু তাত বহুতো সৰু সৰু গাঁও আছে, যʼত বহুত কম লোক থাকে। কিন্তু এই ষ্টেচনৰ বাবে সেই দূৰ-দূৰণি এলেকাত থকা লোকসকলে সত্যৰ বিষয়ে জানিবলৈ সুযোগ পালে। যেনে, এখন সৰু গাৱত থকা গ্ৰাহাম পৰিয়ালৰ এগৰাকী তিৰোতাই আমালৈ এখন চিটি লিখিলে। তেওঁ আমাৰ কাৰ্য্যক্ৰম ৰেডিঅʼৰ যোগেদি শুনিছিল আৰু তেওঁ আমাৰ পৰা বাইবেল আধাৰিত প্ৰকাশনবোৰ খুজিব বিচাৰিছিল। ভাই জৰ্জ নেচে কৈছে, “তেওঁ নিজৰ চিঠিত যেন আমাক অনুৰোধ কৰি আছিল ‘প্লিছ আমাক শিকাওক।’ সেইবাবে, আমি ভাবিলোঁ তেওঁক শাস্ত্ৰৰ অধ্যয়ন কিতাপখনৰ সকলো খণ্ড পঠাব লাগিব।” সময় পাৰ হোৱাৰ লগে লগে তাই আৰু দূৰ-দূৰণিত থকা এলেকাবোৰত প্ৰচাৰ কৰিবলৈ ধৰিলে।

বুজা-বুজিত হʼল সাল-সলনি

মাৰ্চ ১, ১৯২৫ চনৰ প্ৰহৰীদুৰ্গত এখন লেখ প্ৰকাশিত কৰা হৈছিল, যাৰ বিষয় আছিল “নিৰ্দিষ্ট জাতিৰ জন্ম।” এই লেখ কিয় ইমান বিশেষ আছিল? বাইবেল বিদ্যাৰ্থীসকলে কিছু সময়ৰ পৰা জানিছিল যে চয়তানৰ এটা সংগঠন আছে, যʼত দুষ্ট স্বৰ্গদূত, মিছা ধৰ্ম, চৰকাৰবোৰ আৰু ব্যৱসায় জগত জড়িত হৈ আছে। এই লেখৰ যোগেদি ‘বিশ্বাসী আৰু বুদ্ধিমান দাসে’ ভাইসকলক বুজালে যে যিহোৱাৰো এটা সংগঠন আছে। (মথি ২৪:৪৫) ইয়াত স্বৰ্গদূতসকল আৰু পৃথিৱীৰ লোকসকল সন্মিলিত আছে। তেওঁলোকে নিজকে চয়তানৰ সংগঠনৰ পৰা বেলেগ কৰি ৰাখে। তেওঁলোকে একেলগে মিলি কাম কৰে আৰু যিহোৱাৰ ৰাজ্যক সহযোগ কৰে। তেওঁলোকে চয়তান আৰু তাক সহযোগ কৰা সকলক বিৰোধ কৰে। এই লেখত বুজোৱা হৈছিল যে ১৯১৪ চনত ঈশ্বৰৰ ৰাজ্যই শাসন কৰিবলৈ আৰম্ভ কৰিলে আৰু “স্বৰ্গত যুদ্ধ আৰম্ভ হʼল” আৰু দুষ্ট স্বৰ্গদূত বিলাকক স্বৰ্গৰ পৰা পৃথিৱীলৈ পেলাই দিয়া হʼল।—প্ৰকা. ১২:৭-৯.

কিছুমান ভাই-ভনীৰ বাবে এই নতুন বুজা-বুজি মানিবলৈ কঠিন হৈছিল। কিন্তু সেই লেখত এয়াও লিখা হৈছিল যে “যদি প্ৰহৰীদুৰ্গৰ কিছুমান পাঠকে এই কথাৰ লগত সন্মত নহয়, তেনেহʼলে তেওঁলোকক প্ৰভুৰ সময়ৰ বাট চাই থাকিবলৈ আৰু উৎসাহেৰে প্ৰভুৰ সেৱাত লাগি থাকিবলৈ অনুৰোধ কৰা হৈছে।”

বেছিভাগ বাইবেল বিদ্যাৰ্থীয়ে এই লেখ পঢ়ি কেনে অনুভৱ কৰিলে? ব্ৰিটেইনৰ এজন কʼলপʼৰ্টাৰ (যাক আজি অগ্ৰগামী সেৱক বুলি কোৱা হয়) ভাই টʼম এয়ৰে কয়, “প্ৰকাশিত বাক্য ১২ অধ্যায়ৰ নতুন বুজা-বুজি পোৱাৰ বাবে ভাইসকলে বহুত আনন্দিত হʼল আৰু আমি উৎসাহেৰে ভৰি পৰিলোঁ। যেতিয়া আমি গʼম পালোঁ যে ঈশ্বৰৰ ৰাজ্য আৰম্ভ হৈ গৈছে, তেতিয়া আমি এই শুভবাৰ্তা সকলোকে জনাব বিচাৰিছিলোঁ। আমি স্পষ্টকৈ চাব পাৰিছিলোঁ যে যিহোৱাই আৰু ডাঙৰ ডাঙৰ কাম কৰিব আৰু আমি তেওঁৰ সেৱা আৰু উৎসাহেৰে কৰিম বুলি ভাবি লৈছিলোঁ।”

যিহোৱাৰ সাক্ষী হোৱাৰ অনুভৱ

আজি যিহোৱাৰ সাক্ষীসকলে প্ৰায়ে যিচয়া ৪৩:১০ পদত লিখা কথাৰ ওপৰত আলোচনা কৰে। যʼত লিখা আছে, ‘যিহোৱাই কৈছে, তোমালোকেই মোৰ সাক্ষী আৰু মনোনীত দাস।’ কিন্তু ১৯২৫ চনৰ আগত আমাৰ কিতাপ-পত্ৰিকাবোৰত এই কথাৰ ওপৰত বহুত কম আলোচনা কৰা হৈছিল। কিন্তু ১৯২৫ চনৰ পাছত কিবা সাল-সলনি হʼল নে? এই বছৰত যিচয়া ৪৩:১০ আৰু ১২ পদত লিখা কথা প্ৰহৰীদুৰ্গৰ ১১ টা খণ্ডত আলোচনা কৰা হৈছিল।

আগষ্ট ১৯২৫ চনত বাইবেল বিদ্যাৰ্থীসকলৰ এটা ডাঙৰ অধিৱেশন হৈছিল। এই আঠ দিনৰ অধিৱেশন ইণ্ডিয়ানা ৰাজ্যৰ ইণ্ডিয়ানাপʼলিছ চহৰত ৰখা হৈছিল। কাৰ্য্যক্ৰমত যোচেফ এফ. ৰাডাৰফৰ্ডৰ বাৰ্তা লিখা হৈছিল, “আমি এই অধিৱেশনলৈ আহিছোঁ যাতে আমি . . . প্ৰভুৰ পৰা শক্তি পাওঁ যাতে ইয়াৰ পৰা যেতিয়া উভতি যাম, তেতিয়া নতুন উৎসাহেৰে তেওঁৰ বিষয়ে সাক্ষ্য দিম।” অধিৱেশনৰ প্ৰতিদিনে লোকসকলক উপস্থিত হʼবলৈ উৎসাহিত কৰা হʼল, যাতে যিহোৱাৰ বিষয়ে সাক্ষ্য দিবলৈ কোনো এটা সুযোগ তেওঁলোকে হাতৰ পৰা যাবলৈ নিদিয়ে।

আগষ্ট ২৯, শনিবাৰে ভাই ৰাডাৰফৰ্ডে এটা ভাষণ দিলে। যাৰ বিষয় আছিল, “ককাল বান্ধি লোৱা।” ভায়ে বুজালে যে সাক্ষ্য দিয়াটো কিমান গুৰুত্বপূৰ্ণ। তেওঁ কৈছিল, “যিহোৱাই নিজৰ লোকসকলক কৈ আছে ‘তোমালোকেই মোৰ সাক্ষী আৰু ময়েই ঈশ্বৰ।’” ইয়াৰ পাছত তেওঁ স্পষ্টকৈ আজ্ঞা দিয়ে, “জাতিবিলাকৰ নিমিতে পতকা তোলা। পৃথিৱীত এনে কোনো নাই যি লোকসকলৰ বাবে পতকা তোলিব পাৰে। যিহোৱাৰ বিষয়ে সাক্ষ্য দিব পাৰে। কেৱল যিহোৱাৰ লোকসকলেহে এইদৰে কৰিব পাৰে। যাৰ ওপৰত প্ৰভুৰ পবিত্ৰ শক্তি আছে।”—যিচ. ৪৩:১৩; ৬২:১১, IRV.

সেই ট্ৰেক্ট, যʼত “আশাৰ বাৰ্তা” প্ৰস্তাৱনা ছপা কৰা হৈছিল।

আশাৰ বাৰ্তা ট্ৰেক্ট

ভাই ৰাডাৰফৰ্ডে ভাষণৰ পাছত এটা প্ৰস্তাৱ ৰাখিলে। যাৰ বিষয় আছিল “আশাৰ বাৰ্তা।” তাত লিখা আছিল, “ঈশ্বৰৰ ৰাজ্যৰ বাবে আমি আশা ৰাখিব পাৰোঁ যে আমি শান্তি, ভাল স্বাস্থ্য, স্বাধীনতা আৰু অনন্ত জীৱন পাম, যি আনন্দময় হʼব। সকলো লোকে একমত হৈ উচ্চ স্বৰেৰে হয় বুলি কʼলে।” আগলৈ গৈ এই প্ৰস্তাৱনাক বহুতো ভাষাত অনুবাদ কৰা হʼল আৰু ট্ৰেক্ট হিচাপে চপা কৰা হʼল। এই ট্ৰেক্টৰ প্ৰায় ৪ কোটি কপি বিতৰণ কৰা হʼল।

যদিও বাইবেল বিদ্যাৰ্থীসকলে কিছু বছৰলৈকে যিহোৱাৰ সাক্ষী নামটো আঁকোৱালি লোৱা নাছিল, কিন্তু তেওঁলোকে এই কথা বুজি পাইছিল যে যিহোৱাৰ বিষয়ে সাক্ষ্য দিয়াটো তেওঁলোকৰ দায়িত্ব।

আগ্ৰহী লোকসকলক আকৌ লগ কৰা

গোটেই পৃথিৱীত বাইবেল বিদ্যাৰ্থীসকলে উৎসাহেৰে প্ৰচাৰ কৰি আছিল আৰু তেওঁলোকৰ সংখ্যা বাঢ়ি গৈ আছিল। সংগঠনে তেওঁলোকক কিতাপ-পত্ৰিকা দিয়াৰ উপৰিও যিসকলে বেছিকৈ জানিব বিচাৰে তেওঁলোকক আকৌ লগ কৰিবলৈ উৎসাহিত কৰিলে। আশাৰ বাৰ্তা ট্ৰেক্টৰ অভিযানৰ পাছত, মন কৰক বুলেটিনত a কি কথাৰ বাবে উৎসাহিত কৰা হৈছিল, “সেই লোকসকলক আকৌ লগ কৰিবলৈ যাওক, যিসকলক আপুনি আশাৰ বাৰ্তা ট্ৰেক্ট দিছিল। যদিও তেওঁলোকে কোনো কিতাপ লোৱা নাছিল।”

জানুৱাৰী ১৯২৫ চনৰ বুলেটিনত টেক্সাছ ৰাজ্যৰ প্লেনো চহৰৰ এজন বাইবেল বিদ্যাৰ্থীৰ অনুভৱ কোৱা হৈছিল। তেওঁ কৈছিল, “যেতিয়া আমি এনে এটা এলেকাত যাওঁ যʼত আগতেও প্ৰচাৰ কৰা হৈছিল, তেতিয়া আমি তাত বহুত ভাল পৰিণাম পাওঁ। এয়া চাই আমি বৰ আচৰিত হওঁ। আমাৰ চহৰত এনে এটা এলেকা আছে যʼত যোৱা দহ বছৰত প্ৰায় পাঁচ বাৰ প্ৰচাৰ কৰা হৈছে। . . . অলপতে ভনী হেন্দ্ৰিক্স আৰু মোৰ মা সেই এলেকাত গʼল আৰু তাত ইমানে কিতাপ পত্ৰিকা দিলে যিমান আগতে কেতিয়াও দিয়া নাছিল।”

পানামা দেশৰ এজন কʼলপʼৰ্টাৰে এখন চিঠিত এইদৰে লিখিলে, “মই মন কৰিলোঁ যে বহুবাৰ যিসকল লোকে আমাক ঘৰৰ পৰা খেদি পঠিয়াইছিল , তেওঁলোকে দ্বিতীয় বা তৃতীয় বাৰত আমাৰ কথা শুনিবলৈ সাজু হৈছিল। যোৱা বছৰ মই বিশেষকৈ সেই লোকসকলক প্ৰচাৰ কৰিলোঁ, যিসকলক মই আগতে লগ কৰিছিলোঁ আৰু ইয়াৰ বহুত ভাল পৰিণাম পালোঁ।”

আগলৈ চাওঁ

অৱশেষত ভাই ৰাডাৰফৰ্ডে ১৯২৫ চনৰ শেষত কʼলপʼৰ্টাৰ ভাই-ভনীসকলক এখন চিঠি লিখিলে। সেই চিঠিত তেওঁ সেই বছৰত হোৱা প্ৰচাৰ কামৰ বিষয়ে কʼলে আৰু আহিবলগীয়া বছৰত উৎসাহেৰে প্ৰচাৰ কৰি থাকিবলৈ উৎসাহিত কৰিলে। তেওঁ লিখিলে, “বিগত বছৰত আপোনালোকে বহুতো লোকক শান্ত্বনা দিলে। এই কামত ভাগ লোৱাটো বহুত সন্মান আৰু আনন্দৰ কথা। আহিবলগীয়া বছৰত যিহোৱাৰ বিষয়ে আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে সাক্ষ্য দিবলৈ আৰু বহুতো সুযোগ পাব। এইদৰে লোকসকলে জানিব পাৰিব যে কোন যিহোৱাৰ সত্য উপাসক হয়। আহক আমি একেলগে মিলি আমাৰ ঈশ্বৰ আৰু মহান ৰজা যিহোৱাৰ মহিমা কৰি থাকোঁ।”

ভাইসকলে ১৯২৫ চন শেষ হোৱাৰ লগে লগে ব্ৰুকলিন বেথেলৰ নিৰ্মাণ কাম আৰম্ভ কৰাৰ তৈয়াৰি কৰিবলৈ ধৰিলে। ইয়াৰ আগৰ বছৰ অৰ্থাৎ ১৯২৬ চনত আমাৰ সংগঠনে ইমানে ডাঙৰ নিৰ্মাণ কাম কৰিবলৈ গৈ আছিল, যিমান আগতে কেতিয়াও হোৱা নাছিল।

এটা নতুন বিল্ডিঙৰ নিৰ্মাণ কাম আৰম্ভ হৈছে আৰু তাত বহুতো ভায়ে কাম কৰি আছে।

১৯২৬ চনত নিউ ইয়ৰ্কৰ ব্ৰুকলিন চহৰত এডমছ ষ্ট্ৰীটত চলি থকা নিৰ্মাণ কাৰ্য্য

a এতিয়া ইয়াক আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা বুলি কোৱা হয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক